অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেপ্টিক আলচাৰ, হিমাট’ইমেচিচ আৰু মেলিনা

চমু বিৱৰণ

আমাৰ দেশতেই নহয় গোটেই বিশ্বতেই পেপ্টিক আলচাৰৰ অসংখ্য ভুক্তভোগী আছে ৷ হিমাট’ইমেচিচ হ'ল তেজ বমি হোৱা অৱস্থা আৰু মেলিনা হ'ল ক'লা বৰণৰ পাইখানা হোৱা অৱস্থা ৷ ১৯শতিকাত গ্ৰীক ভাষাৰ পৰা মেলিনা শব্দটো আহিল- যাৰ অৰ্থ হ'ল ক'লা বৰণৰ ৷ পেপ্টিক আলচাৰ অৰ্থাৎ পাকস্থলীৰ ঘাৰ পৰা হোৱা ৰক্তক্ষৰণৰ ফলত ৰোগীৰ হিমাট’ইমেচিচ নহলে মেলিনা নাইবা দুয়োটাই একেলগে হব পাৰে ৷ সহজ ভাষাত কবলৈ হলে পেপ্টিক আলচাৰ ৰোগৰ সঠিক চিকিৎসা নহলে তাৰ জটিলতাস্বৰূপে পৰৱৰ্তী পৰ্য্যায়ত ৰোগীৰ হিমাট’ইমেচিচ আৰু মেলিনা হব পাৰে ৷ পেপ্টিক আলচাৰক অৱস্থিতি অনুসৰি ইচোফেজিয়েল আলচাৰ (খাদ্যনলীত হলে), পাকস্থলীত হলে গেষ্ট্ৰিক আলচাৰ আৰু ডিয়োডিনামত হলে ডিয়ডিনেল আলচাৰ আখ্যা দিয়া হয় ৷

পুৰণি কালত পেপ্টিক আলচাৰ ৰোগ জীৱনশৈলীৰ বিসংগতিৰ পৰা হোৱা বুলি ভবা হৈছিল ৷ মানসিক -শাৰীৰিক চাপ (ষ্ট্ৰেচ) আৰু খাদ্যৰ অনিয়মকেই ৰোগৰ উৎপত্তিৰ ঘাই কাৰক বুলি ভবা হৈছিল ৷ ১৯৫৮ চনত গ্ৰীক চিকিৎসক জন লাইকৌডিচে (John Lykoudis) পেপ্টিক আলচাৰৰ ৰোগীক এন্টিবায়টিকৰে চিকিৎসা কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁ ভাবিছিল নিশ্চয় বেক্টৰিয়াৰ সংক্ৰমণৰ ফলতহে পেপ্টিক আলচাৰ হয় ৷ ১৬৭০চনত পেপ্টিক আলচাৰে পাকস্থলীত ফুটা (Perforation )কৰি জীৱন সংকটাপূৰ্ণ কৰাৰ কথা ইংলণ্ডৰ চিকিৎসক মহলত চিনাক্ত হয় ৷

১৯৮২চনত দুজন অষ্ট্ৰেলিয়াৰ বিজ্ঞানী ৰবিন ৱাৰেন আৰু বেৰী জে মাৰ্শ্বেলে (Robin Warren and Barry J. Marshall) হেলিক’বেক্টৰ পাইল'ৰি নামৰ এবিধ বেক্টেৰিয়া চিনাক্ত কৰে -যাৰ উপস্থিতিয়ে মানুহৰ পাকস্থলীত গেষ্ট্ৰাইটিচ আৰু গেষ্ট্ৰিক আলচাৰ কৰিব পাৰে ৷ এই চাঞ্চল্যকৰ আবিষ্কাৰৰ বাবে এই দুই বিজ্ঞানীয়ে ২০০৫চনত ন'বেল বঁটা লাভ কৰে ৷

সমসাময়িকভাবে মধ্যপ্ৰাচ্যত Pistacia lentiscus নামৰ জোপোহা গছৰ পৰা নিৰ্গত হোৱা ৰস আৰু আঠাক (Resin) অনেক গুণসম্পন্ন বুলি চিনাক্ত কৰা হৈছিল ৷ ইয়াৰ দ্বাৰা হেলিক'বেক্টৰ পাইলৰি বেক্টেৰিয়া আৰু ভেঁকুৰ বিনাশ হয় বুলি গবেষণাত প্ৰমাণিত হ'ল ৷ কিন্তু আশ্চৰ্যজনকভাবে ভূমধ্য সাগৰীয় উপকুলৰ লোকে কেইবা হাজাৰ বছৰৰ আগৰ পৰাই এই গছৰ ৰেজিন পেটৰ নানাবিধ ব্যাধিৰ থলুৱা দৰব হিচাবে ব্যৱহাৰ কৰি আহিছিল ৷

হেলিক'বেক্টৰ পাইলৰিৰ ওপৰিও

পেপ্টিক আলচাৰ ডিজিজ কৰিব পৰা আন আন কাৰকসমূহ হ'ল : -


বিষৰ দৰব যেনে এচপ্ৰিন, আইব্ৰোপ্ৰফেন, নেপ্ৰ'স্কেন, ডাইক্লফেনেক, নিমুচুলাইড আৰু বজাৰত সহজলব্ধ এচপ্ৰ, এনাচিন, চেৰিডন জাতীয় প্ৰচলিত দৰব ৷ এইখিনিতে পাঠকক জনাওঁ যে তুলনামুলকভাবে পেৰাচিটামল (পেৰাচেফ, ক্ৰচিন, মেটাচিন, পেনাডল আদি ব্ৰেণ্ড নামেৰ উপলব্ধ) মূৰৰ বিষৰ বাবে আটাইতকৈ কম বিপদজনক ঔষধ ৷

মদ্যপান আৰু ধূম্ৰপান - কিমান বিপদজনক সেয়া সময়ে সময়ে সুকীয়াকৈ আলোচনা কৰি অহা হৈছে ৷

যি কোনো গুৰুতৰ ৰোগৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে পেপ্টিক আলচাৰ ৰোগ হব পাৰে ৷

ষ্টেৰইড - ষ্টেৰইড হ'ল এবিধ অতি লাগতিয়াল জীৱন-ৰক্ষাকাৰী আৰু নানাবিধ ৰোগ নিৰাময়ৰ মহৌষধ ৷ কিন্তু ইয়াৰ অনেক বিপদজনক পাৰ্শ্বক্ৰিয়াৰ ভিতৰত পেপ্টিক আলচাৰ হ'ল উল্লেখযোগ্য ৷ ষ্টেৰইডৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে বহলাই আলোচনা কৰাৰ প্ৰয়োজন আছে ৷ বিশেষকৈ সেইসকল লোকৰ বাবে যি ডাক্তৰৰ একেখন প্ৰেচক্ৰিকচনকে বাৰম্বাৰ ব্যৱহাৰ কৰি থাকে ৷

অতিমাত্ৰা চাহ, কফি – পেপ্টিক আচাৰৰ কাৰক হব পাৰে ৷ গতিকে আপোনাৰ প্ৰিয় পানীয় বিধ অসীমিত ভাবে পান নকৰিব ৷

ৰেডিয়েচন থিৰাপিৰ ফলত পেপ্টিক আলচাৰ হব পাৰে ৷

পেপ্টিক আলচাৰ ডিজিজৰ লক্ষণসমূহ : -

বুকু জ্বলাপোৰা কৰা, ওপৰ পেটত বিষ হোৱা - ঘাইকৈ পেট খালি হলে যেনে পুৱতি নিশা ৷
উগাৰ, বমি আৰু ওকালি অহা ৷
মুখলৈ টেঙাপানী অহা,আভোক হোৱা, ক্ষীণাই যোৱা আদি ৷
ৰোগ গুৰুতৰ হলে তেজ বমি, ক'লা পাইখানা হোৱা ৷ পেটৰ ভিতৰত থকা এচিড, এনজাইম আৰু আন ৰাসায়নিক পদাৰ্থই তেজত ক্ৰিয়া কৰাৰ ফলত বমিত ওলোৱা তেজ ৰঙ ডাঠ কফিৰ বৰণৰ হয় ৷ মেলিনাত হোৱা পাইখানাৰ ৰঙক আলকাটৰাৰ দৰে ক'লা হোৱা বাবে 'টাৰি কালাৰ'ৰ পাইখানা হোৱা বুলি কোৱা হয় ৷

বহুসময়ত লক্ষণ অনুযায়ী ইয়াক 'গেষ্ট্ৰইচফেজিয়েল ৰিফ্লাস্ক ডিজিজ' নামাকৰণো কৰা হয় ৷

পেপ্টিক আলচাৰ ডিজিজৰ পৰা হব পৰা জটিলতাসমূহ : -
ৰক্তক্ষৰণহৈ হিমাট’ইমেচিচ, মেলিনা কৰি জীৱন সংকটপূৰ্ণ কৰা ;
পেপ্টিক আলচাৰৰ ফুটা (পাৰফোৰেচন) হোৱা – পেৰিটনাইিচ;
পাইলোৰিক ষ্টেনচিচ অৰ্থাৎ পাকস্থলীৰপৰা ক্ষু্দ্ৰ আন্ত্ৰলৈ যোৱা পথ বন্ধহৈ যোৱা আৰু
ৰক্তহীনতা (এনিমিয়া) - এইকেইটা হ'ল উল্লেখযোগ্য জটিলতা ৷

পেপ্টিক আলচাৰৰ চিনাক্তকৰণ : –

ৰোগীৰ অসুখৰ হিষ্ট্ৰী আৰু প্ৰাথমিক পৰীক্ষা ৰোগ চিনিবৰ বাবে যথেষ্ট ৷ কিন্তু নানান কাৰণত ৰোগীৰ আৰু কিছুমান পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনহৈ পৰে ৷ সেইবিলাকৰ কিছুমান হ'ল-
এণ্ডোস্কোপি ( Upper GI endoscopy বা Gastro- esophageo-duodenoscopy) - এণ্ডোস্কোপিৰ সহায়ত বায়স্পি লব পাৰি, ৰক্তক্ষৰণ থাকিলে সেয়া বন্ধ কৰিব পাৰি- ফটো তুলি ৰোগৰ অৱস্থাৰ বুজ লব পাৰি ৷
বেৰিয়াম মিল এক্সৰে কৰিও ৰোগৰ গভীৰতা চিনাক্ত কৰিব পাৰি ৷

তেজ পৰীক্ষা- এনিমিয়া, হেলিক'বেক্টৰপাইলোৰিৰ এন্টিবডি ৰ পৰীক্ষা ৷
নিশ্বাসত হেলিক'বেক্টৰ পাইলোৰিয়ে নিৰ্গত কৰা ইউৰিৱেজ ( Urease) এনজাইম চিনাক্ত কৰা ৷
শৌচত হেলিক'বেক্টৰপাইলোৰি চিনাক্ত কৰা ৷
শৌচ পৰীক্ষাত মেলিনা ধৰা পেলোৱা (Occult Blood Test) ৷

মনত ৰাখিবলগীয়া কথা - এন্টিকোএগোলেন্ট দৰব (যেনে ৱাৰফেৰিন) সেৱন কৰা লোকৰ দৰবৰ মাত্ৰা অধিক হলে পাকস্থলীৰ পৰা ৰক্তক্ষৰণ হৈ হিমাট’ইমেচিচ আৰু মেলিনা হব পাৰে ৷
তেজৰ বিকাৰ থকা লোক ৰ (যেনে হিম'ফিলিয়া, পাৰপুৰা) সহজে হিমাট’ইমেচিচ আৰু মেলিনা হব পাৰে ৷

পাকস্থলীৰ টিউমাৰ হিমাট’ইমেচিচ আৰু মেলিনাৰ অন্যতম কাৰক হব পাৰে ৷

লৌহ পদাৰ্থযুক্ত (আইৰণ টনিক, টেবলেট বা কেপচুল) ঔষধি খোৱাৰ ফলত হোৱা পাইখানাৰ ৰঙ মেলিনাৰ পাইখানাৰ ৰঙতকৈ ভিন্ন ৷

কিছুমান ৰোগীৰ নাকৰ পৰা বহুসময়ত ৰক্তক্ষৰণ হয় ৷ তেনে তেজ গিলিলেও তেজ বমি আৰু ক'লা পাইখানা হব পাৰে ৷ গতিকে ৰোগীৰ হিস্ত্ৰী আৰু শৰীৰৰ পুংখানুপুখ পৰীক্ষা চিকিৎসকৰ বাবে বৰ লাগতিয়াল ৷

আকৌ হিমাট'চেজিয়া (hematochezia) কি তাকো জানি লওক – বৃহৎআন্ত্ৰৰ (Large intestine) পৰা টিউমাৰ বা আন ৰোগৰ ফলত কেঁচা তেজ শৌচদ্বাৰেদি নিৰ্গত হলে তাক হিমাট'চেজিয়া বুলে ৷

চিকিৎসাৰ চমু আভাস : -


এন্টিবায়টিক - প্ৰটন পাম্প ইনহিবিটৰ ঔষধৰ (যেনে পেন্টপ্ৰাজল ) সৈতে একেলগে ব্যৱহাৰ কৰা এন্টিবায়টিক কিছুমান হ'ল- ক্লেৰিথ্ৰমাইচিন, মেট্ৰনিডাজল,এমক্সিচিলিন, মক্সিফ্লক্সাচিন, টেট্ৰাচাইক্লিন, বিচমাথ আদি ৷

প্ৰটিনপাম্প ইনহিবটৰ - সততে ব্যৱহৃত এই গোটৰ দৰব কিছুমান হ'ল -পেন্টপ্ৰাজল, লেন্সপ্ৰাজল, অমিপ্ৰাজল, ইচমোপ্ৰজল আদি ৷

এইচ-২ এন্টাগনিষ্ট - ৰেনিটিডিন, ফেমটিডিন, নিজাটিডিন, চিমেটডিন হ'ল এই গোটৰ কেইবিধমান দৰবৰ নাম ৷

সানমিহলি ঔষধ- চুক্ৰেলফেট, এন্টাচিড আদি ৷

চাৰ্জিকেল চিকিৎসা : -

যিবিলাক পাকস্থলীৰ ঘা নিয়মীয়া দৰবৰ চিকিৎসাত উপকৃত নহয়; পেপ্টিক আলচাৰৰ জটিলতা স্বৰূপে ফুটা টা বা পাৰফোৰেন হ'লে; পাইল'ৰিক ষ্টেনচিচ বা অৱষ্ট্ৰকচন হ'লে - তেনে ৰোগীক অপাৰেচনৰ বাবে বাচি লোৱা হয় ৷ এটা কথা ৰোগীৰ অভিভাৱকে মনত ৰখা ভাল - পৰৱৰ্তী সময়ত সাবধানে নচলিলে পেপ্টিক আলচাৰৰ পুনৰাবৃতি ঘটিব পাৰে ৷

হিমাট’ইমেচিচ আৰু মেলিনাৰ চিকিৎসা যথেষ্ট সতৰ্কতাৰে আৰু গুৰুতব সহকাৰে কৰাৰ আৱশ্যক৷ চেলাইন, বেজীৰ ওপৰিও প্ৰয়োজন সাপেক্ষে ৰক্তদানৰ আৱশ্যক৷

সাধাৰণসতৰ্কতা মূলক ব্যৱস্থা সমূহ : -

কম কম খাদ্য কম সময়ৰ ব্যৱধান খাব ৷ চিকিৎসকৰ লগত পৰামৰ্শ কৰি খাদ্যসমূহ বাচি লব ৷ বেছি জলা,বেছি টেঙা,বেছি তিতা,বেছি মছলা,বেছি তেলত ভজা খাদ্য পৰিহাৰ কৰিব ৷

সম্ভৱহলে বইল আঞ্জা আৰু তৰকাৰী খাব ৷ শাক পাচলি, ফলমূল ৰুচিঅনুসৰি গ্ৰহণ কৰিলেও বেছি টেঙা নাখাব ৷ পিঠাগুৰি,ভীমকল, ডালিয়া, চাটুগুৰি উপযুক্ত খাদ্য ৷

সপ্তাহত সম্পূৰ্ণ বয়ল কণী ৫দিন খাব ৷ জীয়া মাছ সপ্তাহত ৪৷ ৫সাজ খাব ৷
মাংস সপ্তাহত এসাজ মাত্ৰ জুতি লবলৈ খাব ৷

নিয়মীয়া ব্যায়াম কৰিব ৷ দিনটোত ৭৷ ৮ঘন্টা টোপনি যাব ৷
মদ,চিগাৰেট,গুটখা,চাদা সমূলি বাদ দিব ৷

যি কোনো আন অসুখ হলে চিকিৎসকৰ পৰামৰ্শ নোলৱাকৈ কোনো ঔষধ নাখাব ৷
এক শৃঙ্খলিত সহজ-সৰল জীৱন যাপনকৰিবলৈ প্ৰয়াস কৰক আৰু সুস্থ থাকক ৷
লিখক:ডা০ ভূপেন শইকীয়া

উৎস: অসমীয়াত কথা বতৰা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate