আপোনাৰ সন্তানে পেলুৰ সমস্যাত ভুগি আছে নেকি? ইয়াৰ অৰ্থটো হ’ল আপোনাৰ সন্তানৰ অন্ত্ৰত পেলু বাস কৰি আছে। আপোনাৰ সন্তানটো যদি খালী ভৰিৰে লেতেৰা মাটিত খোজ কাঢ়িছে বা যদি লেতেৰা পানীৰে খেলিছে বা অপৰিষ্কাৰ খাদ্য খাইছে, তেন্তে পেলু তাৰ দেহত সোমাইছে। দেহত পেলুৰ কণী সোমোৱাৰ পিছত ই কণীৰ পৰা ওলাই পূৰ্ণ পেলুৰ ৰূপ লয় আৰু হাজাৰ হাজাৰ কণী দিয়ে। গোটেই বিশ্বতে সৰু সৰু ল’ৰা-ছোৱালী পেলুৰ সমস্যাত ভুগি আছে আৰু ই অতি সহজে বিয়পি পৰে। কিন্তু আপুনি চিন্তা কৰাৰ দৰকাৰ নাই। চিকিৎসা কৰিলে অতি সহজে আপোনাৰ সন্তানক ইয়াৰ পৰা ৰক্ষা কৰিব পাৰি। পেলু হ’লে কি কি লক্ষণ দেখা দিয়ে? পেলু হ’লে সাধাৰণতে কোনো লক্ষণ দেখা নিদিয়ে বা লক্ষণবিলাক ইমানেই কম আৰু লাহে লাহে হয় যে আমি তাক গুৰুত্ব নিদিওঁ। কিন্তু যেতিয়া আপোনাৰ সন্তানৰ পেটৰ বিষ, ওজন কমি যোৱা বা অত্যন্ত খিংখিঙীয়া হয়, তেতিয়া আপুনি গুৰুত্ব দিবলৈ বাধ্য হয়। লক্ষণবিলাক এনেধৰণৰ হ’ব পাৰে- সদায় বা মাজে মাজে পেটৰ বিষ, ভোক কমি যোৱা। দেহত তেজ কমি যোৱা (হুক ৱৰ্ম হ’লে)। ছালত ৰঙাপৰা হোৱা আৰু খজুৱা। বমি বমি ভাব বা বমি হোৱা। গুহ্যদ্বাৰৰ চাৰিওপিনে খজুৱা বা বিষোৱা। খজুৱতিৰ কাৰণে টোপনিৰ সমস্যা হোৱা। অনবৰতে কাহি থকা। সৰু সৰু ছোৱালীৰ ক্ষেত্ৰত ঘন ঘন প্ৰস্ৰাৱ হোৱা বা প্ৰস্ৰাৱৰ সময়ত বিষোৱা। মলত তেজ যোৱা। মুখেৰে পেলু বমি কৰা, পাতল পায়খানা আদি। সূতা কৃমিৰ দ্বাৰাই সৰু সৰু ল’ৰা-ছোৱালী আটাইতকৈ বেছি সংক্ৰমিত হয়। আপোনাৰ সন্তান যদি সূতা কৃমিৰ দ্বাৰা সংক্ৰমিত, তেন্তে আপুনি হয়তো আপোনাৰ সন্তানৰ গাত কোনো লক্ষণ নেদেখিবও পাৰে। ৰাতি আপোনাৰ সন্তান শোৱাৰ পিছত তাৰ গুহ্যদ্বাৰ পৰীক্ষা কৰিলে সৰু সৰু সূতাৰ নিচিনা পেলু গুহ্যদ্বাৰৰ চাৰিওপিনে পাব পাৰে। বা তাৰ মল পৰীক্ষা কৰিলে পেলু পাব পাৰে। পেলু দেখা দিলে লগে লগে চিকিত্সকৰ পৰামৰ্শ লওক। আপোনাৰ সন্তান পেলুৰ দ্বাৰা সংক্ৰমিত হ’ল কেনেকৈ? পেলুৰ কণী থকা সংক্ৰমিত মাটি লেতেৰা আৰু ভিজা মাটিত সাধাৰণতে পেলুৰ কণী থাকে। এনে মাটিত খালী ভৰিৰে খোজ কাঢ়িলে এই মাটি লগা হাত ভালকৈ নোধোৱাকৈ আহাৰ গ্ৰহণ কৰিলে বা এনে মাটিত পৰি থকা কোনো বস্তু নোধোৱাকৈ মুখত দিলে অতি সহজে পেলুৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। সূতা কৃমি, হুক ৱৰ্ম, ফিতা কৃমি, ৰাউণ্ড ৱৰ্ম আদি পেলুৰ কণী এনে মাটিত পোৱা যায়। পেলুৰ কণী থকা সংক্ৰমিত লেতেৰা পানী কিছুমান পেলু লেতেৰা পুখুৰী বা তেনে ধৰণৰ জলাশয়বোৰত থাকে। তেনে পুখুৰীত গা ধুলে বা পানী খালে পেলু হয়। শিশুৰ জীৱনীশক্তি প্ৰাপ্তবয়স্কসকলতকৈ দুৰ্বল বাবে শিশু অতি সহজে সংক্ৰমিত হয়। পেলুৰ কণী সংক্ৰমিত আহাৰ আমি খোৱা শাক-পাচলিবোৰত পেলুৰ কণী থাকিব পাৰে। এনে খাদ্য ভালকৈ নাখালে পেলু হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি মাছ, মাংস আদি ভালকৈ সিজাই নাখালেও পেলুৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। পেলুৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা পেলু নখৰ তলত বা ভালকৈ নোধোৱা হাতত থাকিব পাৰে আৰু এনে ব্যক্তিৰ দ্বাৰাও পেলু বিয়পে। শিশুৰ বিকাশত পেলুৰ প্ৰভাৱ পেলুৱে কেতিয়াবা আপোনাৰ সন্তানৰ প্ৰতি সাংঘাতিক ভাবুকিৰ সৃষ্টি কৰিব পাৰে, কিয়নো ই আপোনাৰ সন্তানৰ দেহৰ পৰাই ভিটামিন আৰু আন আন প্ৰয়োজনীয় উপাদান শুহি শুহি খাই থাকে। ফলত আপোনাৰ সন্তানৰ শাৰীৰিকভাৱে দুৰ্বল, ওজন কমি যোৱা আৰু এনিমিয়া হ’ব পাৰে। পেলুৰ দ্বাৰা সংক্ৰমিত শিশুৰ জীৱনীশক্তি দুৰ্বল হয় আৰু অতি সহজে আন আন বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। ইয়াৰ উপৰি পেলু সংক্ৰমিত হ’লে শিশুৰ ভৱিষ্যত্ শাৰীৰিক বা মানসিক উন্নতিত বাধা দিয়ে, বিশেষকৈ লৌহ অভাৱযুক্ত এনিমিয়া যদি হয়। পেলুৰ বিষয়ে পৰীক্ষা পেলুৰ লক্ষণ দেখা দিলে লগে লগে আপুনি চিকিৎসকক লগ কৰিব লাগে। চিকিত্সকে তলত দিয়া পৰীক্ষাকেইটা কৰিব পাৰে। (১) Sticky Tape Test- সাধাৰণতে সূতা কৃমিৰ বাবে এই পৰীক্ষা কৰা হয়। (২) শিশুৰ হাতৰ নখৰ তল ভালদৰে পৰীক্ষা কৰা হয় আৰু পেলুৰ কণী সাধাৰণতে বিচাৰি পোৱা যায়। (৩) Cotton-bud swab- শিশুৰ গুহ্যদ্বাৰ আৰু ইয়াৰ আশে-পাশে পেলুৰ কণী বিচাৰি এই পৰীক্ষা কৰা হয়। (৪) মল পৰীক্ষা- পেলুৰ বিষয়ে সবিশেষ জানিবলৈ মলৰ পৰীক্ষা কৰা হয়। (৫) আলট্ৰা-ছাউণ্ড টেষ্ট- পৰিস্থিত জটিল হ’লে আলট্ৰা-ছাউণ্ড কৰা হয়। আপুনি সন্তানক কেনেধৰণৰ বা কি চিকিৎসা দিব? আপোনাৰ কাৰণে থকা ভাল খবৰটো হ’ল- পেলুজনিত সমস্যাৰ চিকিৎসা কেৱল খোৱা ঔষধৰ দ্বাৰা সঠিকভাৱে কৰিব পৰা যায়। আপোনাৰ সন্তান কি ধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হৈছে সেয়া চিনাক্ত হোৱা পিছত চিকিত্সকে সঠিক ঔষধ দিয়ে। আপুনি ফাৰ্মাচীৰ পৰা যিকোনো পেলুনাশক ঔষধ কিনি সন্তানক নুখুৱাব, কিয়নো দুই বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত সেয়া সঠিক নহ’ব পাৰে। ঘৰুৱা বা হাৰ্বেল ঔষধ নিজে নিদিব। সঠিক চিকিৎসাৰ বাবে চিকিৎসকৰ কাষ চাপক। পেলু নাশ কৰাটো যিমান সহজ, সিমানেই সহজ হ’ল পেলুৰ দ্বাৰা পুনৰ আক্ৰান্ত হোৱা। বিশেষকৈ বিদ্যালয়ত যোৱা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত। গতিকে বিদ্যালয় পৰ্যায়ত বা পৰিয়ালত সকলোৱে একেলগে পেলুৰ ঔষধ খোৱাটো জৰুৰী হয়। আপুনি সন্তানক পেলুৰ আক্ৰমণৰ পৰা দূৰত ৰাখিব পাৰিবনে? আপোনাৰ সন্তানে খোজ কাঢ়িবলৈ শিকাৰ লগে লগে সি পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তলত উল্লেখ কৰা কথাকেইটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে আপুনি সন্তানক পেলুৰ আক্ৰমণৰ পৰা দূৰত ৰাখিব পাৰে। আপোনাৰ সন্তানৰ বয়স দুই বছৰ হোৱাৰ লগে লগে পেলুনাশক চিকিৎসা দিয়ক। কেঁচুৱাৰ নেপি নিয়মিতভাৱে সলনি কৰক। বীজাণুনাশকেৰে আপোনাৰ ঘৰৰ ভিতৰ আৰু বাহিৰ পৰিষ্কাৰ কৰি ৰাখক। খোজ কাঢ়িবলৈ শিকাৰ লগে লগে তাক জোতা পিন্ধাই ৰাখিব। লেতেৰা জলাশয়, সেমেকা মাটি আদিৰ ওচৰত শিশুক খেলিবলৈ নিদিব। সদায় পৰিষ্কাৰ আৰু শুকান ঠাইত খেলিবলৈ দিয়ক। সদায় চকু ৰাখিব, যাতে আপোনাৰ সন্তান পৰিষ্কাৰ পায়খানালৈ যায়। নিজৰ পায়খানা পৰিষ্কাৰ কৰি ৰাখক। চকু ৰাখক, যাতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই আহাৰৰ আগত আৰু পায়খানাৰ পিছত চাবোনেৰে হাত ভালদৰে ধুৱে। সন্তানৰ হাতৰ নখ চুটি আৰু পৰিষ্কাৰ কৰি ৰাখক, কিয়নো নখৰ তলত পেলুৰ কণী লাগি থাকিব পাৰে আৰু ঘৰৰ আন সদস্যও ইয়াৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। সিজোৱা বা ফিল্টাৰ কৰা পানী খাওক। ফল আৰু শাক-পাচলি পৰিষ্কাৰ পানীৰে ধোৱক। সতেজ মাছ আৰু মাংস খাব লাগে। মাছ আৰু মাংস সম্পূৰ্ণ সিজোৱাৰ পিছতহে খাব লাগে। ঘৰত বনকৰা ল’ৰা-ছোৱালী থাকিলে তাকো পৰিষ্কাৰ হৈ থাকিবলৈ শিকাওক। লেখকঃ ডাঃ আৰ আলম, জিএনআৰচি স্বাস্থ্য।