অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰস্ৰাৱত নিয়ন্ত্ৰণহীনতা

প্ৰস্ৰাৱত নিয়ন্ত্ৰণহীনতা

হাঁচি, কাঁহ বা সামান্য জোকাৰণিতে প্ৰস্ৰাৱ নিৰ্গত হোৱা লোকৰ সংখ্যা কম নহয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ই হৈছে ‘ষ্ট্ৰেছ ইনকন্টিনেঞ্চ’। ৪০ ৰ পৰা ৫০ শতাংশ মহিলাই এই সমস্যাত যিসকল তীব্ৰভাৱে আক্ৰান্ত, মূত্ৰথলীত সামান্য চাপতেই তেওঁলোকৰ প্ৰস্ৰাৱ ওলাই যায়। আনহাতে যিসকলৰ ক্ষেত্ৰত সমস্যাটো গুৰুতৰ নহয় তেওঁলোকৰো মূত্ৰথলীত সামান্য চাপ পৰিলেই অসুবিধা হয় আৰু প্ৰস্ৰাৱ নিৰ্গত হোৱাৰ ভয়ত তেওঁলোকৰ জীৱন বিপৰ্যস্ত হৈ পৰে। এওঁলোকৰ বহুতেই ঘনে ঘনে টয়লেটলৈ গৈ পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হয়, অনেক আকৌ পেড ব্যৱহাৰ কৰে। মুঠতে তেওঁলোকে শাৰিৰীক আৰু মানসিকভাৱে বিধ্বস্ত হৈ এটা দু:সহ জীৱন কটাবলগীয়া হয়।

কিয় হয়?

প্ৰধানকৈ দুটা সমস্যাৰ সন্মিলিত প্ৰভাৱত ষ্ট্ৰেছ ইনকন্টিনেঞ্চ সমস্যাৰ সৃষ্টি হয়। প্ৰথমতে, মূত্ৰথলীত মুখ দুৰ্বল হৈ পৰা। দ্বিতীয়তে, মূত্ৰথলীৰ মুখৰ অৱস্থান পৰিৱৰ্তন হোৱা। এই সমস্যা দুটা বিভিন্ন কাৰণত হ’ব পাৰে। যেনে-গৰ্ভ সঞ্চাৰ বা ঋতু নিবৃত্তিকালীন হৰম’নজনিত পৰিৱৰ্তন, সন্তান জন্মৰ সময়ত হোৱা ক্ষতি, প্ৰচণ্ড কাহ বা ক্ৰমিক কোষ্ঠকাঠিন্য ইত্যাদি।

মূত্ৰথলীৰ ভিতৰত থকা মূত্ৰৰ কাৰণে থলীৰ মুখত চাপ পৰিলে সি সংকুচিত হৈ মূত্ৰ নিৰ্গত হ’বলৈ নিদিয়ে। সেইবাবে কাঁহ, হাঁচি বা বা হাঁহিৰ বাবে সৃষ্টি হোৱা বাহিৰৰ চাপৰ বাবে মুত্ৰ যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে তাৰ বাবে থলীমুখ টানকৈ বন্ধ থকা দৰকাৰ। সাধাৰণতে থলীমুখৰ অৱস্থান এনেকুৱা যে বাহিৰৰ যিকোনো চাপে মূত্ৰথলী আৰু মূত্ৰথলীত সমান প্ৰভাৱ পেলায়। কিন্তু থলীমুখ স্বাভাৱিক অৱস্থানৰ পৰা নামি গ’লে বৰ্দ্ধিত চাপৰ বাবে অজানিতে প্ৰস্ৰাৱ ওলাই আহে।

এই সমস্যাৰ উপশমৰ নানা উপায় আছে। সমস্যা সৃষ্টিৰ সময়কাল, কাৰণ আৰু ৰোগীৰ প্ৰয়োজন বিবেচনা কৰি চিকিৎসকে ফিজিঅ’থেৰাপী, ঔষধ বা অস্ত্ৰোপচাৰৰ পৰামৰ্শ প্ৰদান কৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate