অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা বয়োজ্যেষ্ঠ নাগৰিকসকলে সঘনাই সন্মুখীন হোৱা এক অতি অস্বস্তিকৰ স্বাস্থ্যসম্পৰ্কীয় সমস্যা। ব্যক্তিগত স্তৰত অসুবিধা কৰাৰ উপৰি পৰিয়ালত তথা সামাজিকভাৱেও ই নানা দুৰ্বলতা, স্মৃতিবিভ্ৰমজনিত যতনহীনতা, মূত্ৰনলীতন্ত্ৰৰ সংক্ৰমণ, চাপজনিত বা বাধাজনিত নিয়ন্ত্ৰণহীনতা, মূত্ৰাশয়ৰ সংকোচনহীনতা, প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি আদি বিভিন্ন কাৰণৰ বাবে বয়োজ্যেষ্ঠসকল প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাৰ নিচিনা নিতান্তই অস্বস্তিকৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

 

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাত ভোগা জ্যেষ্ঠসকলৰ ক্ষেত্ৰত পৰিয়ালৰ আন সদস্যসকল সহৃদয় আৰু যত্নপৰ হ’ব লাগে। প্ৰস্ৰাৱ সম্পৰ্কীয় ঘটনা-পৰিঘটনাৰ এক লিখিত অভিলেখ পৰিয়ালৰ কোনো সদস্যই নিয়মীয়াকৈ ৰাখিব লাগে। বয়োজ্যেষ্ঠসকল নিজে সাধাৰণতে এনে অভিলেখ শুদ্ধভাৱে ৰখাত সক্ষম নহয়। চিকিৎসকৰ ওচৰলৈ যাওঁতে এনে অভিলেখৰ এক বিৱৰণ প্ৰস্তুত কৰি নিব লাগে। এই বিৱৰণত সংশ্লিষ্ট সময়ছোৱাত নিয়ন্ত্ৰণহীন প্ৰস্ৰাৱ কেইবাৰ হ’ল আৰু কেনেকুৱা পৰিৱেশত হ’ল, প্ৰতিবাৰতে ত্যাগ কৰা মূত্ৰৰ পৰিমাণসহ উল্লেখ থাকিব লাগে। ব্যক্তিগৰাকী কেনে অৱস্থানত থাকোতে প্ৰস্ৰাৱ হ’ল, অৰ্থাৎ থিয় হৈ থাকোতে, শুই থাকোতে, কিবা কাম কৰি থাকোতে, কাহ বা হাঁচি মাৰোতে নে প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে আদবাটতে হ’ল সেয়াও লিপিবদ্ধ থাকিব লাগে।

আমাৰ শৰীৰে মূত্ৰাশয়ত প্ৰস্ৰাৱ জমা কৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত মূত্ৰাশয়ৰ মাংসপেশীবোৰ সংকুচিত হয় আৰু প্ৰস্ৰাৱ মূত্ৰথলীলৈ আহে। এই সংকেত মূত্ৰনলীৰ চাৰিওকাষে থকা মাংসপেশীলৈ যোৱাত সংশ্লিষ্ট মাংসপেশীবোৰ কিবা কাৰণত ঢিলা হ’বলৈ ল’লে প্ৰস্ৰাৱ নিয়ন্ত্ৰণহীনতা হয়।

 

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা কেবাধৰণৰো হ’ব পাৰে। শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, কাহ, হাঁচি, হাঁচি বা ওজন দঙা আদি কৰোতে মূত্ৰাশয়ৰ পৰা অতিৰিক্ত চাপৰ বাবে প্ৰস্ৰাৱ নিজে নিজে বাহিৰ হৈ আহিব পাৰে। ইয়াক চাপজনিত নিয়ন্ত্ৰণহীনতা বুলি কোৱা হয়। ৰজোনিবৃত্তিৰ সময়ত সহিলাসকলে সাধাৰণতে এনে নিয়ন্ত্ৰণহীনতাত আক্ৰান্ত হ’ব পাৰে।

প্ৰস্ৰাৱ লাগিলে অলপ সময়ো নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰাক ইচ্ছাজনিত নিয়ন্ত্ৰণহীনতা বোলে। মধুমেহ, আলঝিমাৰ্‌ছ ৰোগ, পাৰ্কিন্‌ছন্‌ছ ৰোগ, ষ্ট্ৰ’ক আক্ৰান্ত ব্যক্তিসকলৰ ক্ষেত্ৰত এনে নিয়ন্ত্ৰণহীনতা দেখা যায়।

মূত্ৰাশয় পূৰ হৈ থকা অৱস্থাত কিছু পৰিমাণৰ মূত্ৰ নিজে নিজে বাহিৰ হৈ থাকিলে তাক অতিপূৰ্ণ নিয়ন্ত্ৰণহীনতা বোলা হয়। বয়োজ্যেষ্ঠ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি হোৱাৰ ফলত মূত্ৰাশয়ৰ ভিতৰৰ ঠাই কম হোৱাৰ লগতে মূত্ৰনলীত পৰা হেঁচাৰ বাবে মূত্ৰাশয় ভালদৰে খালী নোহোৱা বাবে এনে নিয়ন্ত্ৰণহীনতা হয়।

 

আনহাতে এচাম বয়োজ্যেষ্ঠৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ স্বাভাৱিক হোৱা সত্ত্বেও মূত্ৰতন্ত্ৰৰ স’তে জড়িত নোহোৱা কোনো ধৰণৰ হেতু প্ৰস্ৰাৱ নকৰিবলগীয়া ঠাইতো প্ৰস্ৰাৱ হোৱা দেখা যায়- এই প্ৰকাৰৰ নিয়ন্ত্ৰণহীনতাক সংক্ৰিয়াজনিত নিয়ন্ত্ৰণহীনতা বোলে। আঁঠুৰ বিষ আদি কাৰণত সঠিকভাৱে চলাচল বা অৱস্থান কৰিব নোৱাৰা বাবে এনে হয়।

চিকিৎসকৰ পৰামৰ্শৰ উপৰি প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাত ভুগি থকা বয়োজ্যেষ্ঠসকলে ইয়াৰ উপশমৰ বাবে নিজাকৈয়ো কিছু প্ৰচেষ্টা হাতত ল’ব পাৰে।

পোনতে, বিশেষধৰণৰ ব্যায়ামৰ জৰিয়তে মূত্ৰত্যাগ প্ৰক্ৰিয়াত জড়িত মাংসপেশীবোৰ যথাযথভাৱে শক্তিশালী কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগে। এনে ব্যায়ামক ‘কেজেল কচৰৎ’ বোলে। কেজেল কচৰতৰ বাবে পোনত প্ৰস্ৰাৱ কৰি থকাৰ মাজতে হঠাতে প্ৰস্ৰাৱ বন্ধ কৰি নিৰ্দিষ্ট মাংসপেশীবোৰ চিনাক্ত কৰি ল’ব লাগে। তাৰ পিছত পিঠি পেলাই শুই সেই মাংসপেশী চেপি ধৰি ‘এক দুই তিনি’ গণিব লাগে, চেপা এৰি দি পুনৰ ‘এক দুই তিনি’ গণিব লাগে। এনেকৈ এটা কচৰতত মুঠতে দহবাৰকৈ চেপি ধৰা- এৰি দিয়া কৰি দিনটোত তিনিবাৰকৈ কচৰৎ কৰিব লাগে।

 

এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে (যেনে প্ৰতি এঘণ্টা বা দুঘণ্টাত) নিয়মীয়াকৈ মূত্ৰত্যাগৰ অভ্যাস কৰিলেও কেতিয়াবা সকাহ পোৱা যায়। অভ্যাস বা আচৰণৰ পৰিৱৰ্তন যেনে ওজন বেছি হ’লে ওজন কমোৱা, ধূমপান ত্যাগ, সুৰাপান ত্যাগ চাহ-কফি আদি কেফেইনযুক্ত খাদ্য ত্যাগ বা কমোৱা, শৌচ নিয়মীয়া ৰখা, বেছি ওজন দাঙিবলৈ চেষ্টা নকৰা আদিৰ দ্বাৰাও সুফল পোৱা যায়।

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাৰ সমস্যাত ভুগি থকা বয়োজ্যেষ্ঠসকলে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকৰ ওচৰলৈ যাওঁতে পৰিয়ালৰ কোনো সদস্যৰ স’তে আগতে উল্লেখ কৰি অহা ধৰণে প্ৰস্ৰাৱ সংক্ৰান্ত ঘটনাসমূহৰ এক অভিলেখ লগত লৈ যাব লাগে। ঔষধ বা শল্য-চিকিৎসাৰ দ্বাৰা এনে অস্বস্তিকৰ সমস্যাৰপৰা সকাহ লাভ কৰা সম্ভৱ। প্ৰায় ত্ৰিশ শতাংশ আক্ৰান্ত বয়োজ্যেষ্ঠৰ ক্ষেত্ৰত কেইসপ্তাহমানৰ ভিতৰত আপোনা-আপুনি এই সমস্যা আঁতৰা দেখা যায়। উপলব্ধ চিকিৎসাৰ দ্বাৰা সুফল নাপালে পানী শুহি ল’ব পৰা ‘পেড’, এনে জলশোষী পেডযুক্ত প্লাষ্টিকৰ বিশেষ ঠেঙা (পেণ্ট), লগাই ৰখা কৃত্ৰিম মূত্ৰনলী আদি ব্যৱস্থাৰে সম্ভাব্য অস্বস্তিৰপৰা সাময়িক সকাহ পাব পৰা যায়।

লিখকঃ ডাঃ ৰমেন কুমাৰ কাকতি, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate