অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বদহজম

বদহজম

বদহজম এক সাধাৰণ বিকাৰ, যি অথন্তৰত নোভোগা লোক আজিকালি নাই বুলিয়েই ক’ব পাৰি; কিয়নো প্ৰতিজন লোকে মাহেকত অন্তত: দুবাৰ এই বিসংগতিত আক্ৰান্ত নোহোৱাকৈ নাথাকে। জীৱন শৈলী তথা খাদ্যাভাষৰ সাংঘাতিক পৰিৱৰ্তন ঘটাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক কালত এই সাধাৰণ অথন্তৰে সকলোকে কাবু কৰে আৰু ধাৰণা কৰা মতে দহজন লোকে একেলগে একেধৰণৰ ভোজন সমাপ্ত কৰিলে তাৰে কম পক্ষেও দুজন বদহজমৰ বলি নোহোৱাকৈ নাথাকে। খাদ্য গ্ৰহণত অতিশয় সাৱধানতা অৱলম্বন নকৰি ভূৰি ভোজনৰ বশৱৰ্তী হ’লে মানুহ এই বিকাৰৰ কবলত পৰাটো খাটাং বুলি ক’ব পাৰি। এই অথন্তৰৰ পৰা উপশম লাভ কৰিবলৈ বহুতো লোকে প্ৰাথমিক চিকিৎসা হিচাপে প্ৰত্যম্ল অথবা উৎসেচক জনিত বড়ি সততে লগত ৰখাটো অভ্যাসত পৰিণত কৰিছে। যদিও এইবোৰ দৰবে তাৎক্ষণিকভাৱে বদহজমৰ পৰা সাময়িক সকাহ দিব পাৰে, তথাপি এই বিকাৰ সমূলি নিৰ্মূল কৰাৰ বেলিকা এইবোৰৰ ভূমিকা শূণ্য বুলি ক’ব পাৰি। কিয়নো কম সময়ৰ ভিতৰতে এই অথন্তৰে উক দি বেমাৰীক পৰম অস্বস্তিত ভোগাব পাৰে। অৱশ্যে দৈনন্দিন জীৱনত এই বিসংগতিৰ পৰা সমূলি পৰিত্ৰাণ পাবলৈ কেতবোৰ উপায় নথকা নহয়।

খাদ্য গ্ৰহণত অতিশয় সাৱধানতা অৱলম্বন সাৱধানতা অৱলম্বন কৰি বদহজমক দূৰ কৰিব পাৰি। ইয়াক পূৰাপূৰি নিৰ্মূল কৰিবলৈ হ’লে কেতবোৰ বিষয়ত অত্যন্ত মনোযোগী হোৱাৰ প্ৰয়োজন। সঘনে অজীৰ্ণতাত ভোগা লোকসকল খাদ্য গ্ৰহণত মুঠেই সাৱধান নহয়। তেওঁলোকে য’তে যি পায় তাকে ভক্ষণ কৰি ভোক নিবাৰণৰ প্ৰয়াস কৰে। জিভাৰ জুতি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে সমূলি অক্ষম হোৱা হেতুকে দোকান-পোহাৰত পোৱা খৰখেদা খাদ্য, মছলাৰে ভৰপুৰ আহাৰ গ্ৰহণ কৰিবলৈ কেতিয়াও কুন্ঠাবোধ নকৰে। কঢ়া চাহ, কফি অথবা আন পানীয় সঘনে গ্ৰহণ কৰি থকাৰ ফলতো তেওঁলোকৰ পাকস্থলীয়ে সঠিকভাৱে কাৰ্যক্ষম হৈ নাথাকে, অথচ তেনে লোকে বদহজম হোৱাৰ কোনো কাৰণ বিচাৰি নাপায়। কেতবোৰ লোকে আকৌ ঘন্টাৰ পিছত ঘন্টা ধৰি একো মুখত নিদিয়ে আৰু পৰৱৰ্তী কালত ঘাঁহে-মাহে গোগ্ৰাসে গিলি পেট ঠাহি ভৰায়, যিটো সু-স্বাস্থ্যৰ পৰিপন্থী। খাদ্যগ্ৰহণ কৰোতে সদায় পাকস্থলীৰ প্ৰয়োজন পূৰাবলৈহে প্ৰয়াস কৰা উচিত আৰু সুষম খাদ্য সঠিক পৰিমাণে সময়মতে গ্ৰহণৰ জৰিয়তে সদাসচেতন হৈ থাকিলে অজীৰ্ণতাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

পেটৰ বিকাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে পাকস্থলীৰ ভাষা বুজি পাবলৈ প্ৰয়াস কৰি সেইমতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো, অতীৱ প্ৰয়োজন। ভোক লাগিলেহে খোৱাৰ অভ্যাস কৰিব, কাৰোবাৰ কথা অথবা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যিকোনো পৰতে খাদ্য গ্ৰহণ কৰাটো সুস্বাস্থ্যৰ পৰিপন্থী বুলি প্ৰতিপন্ন হৈছে। ভোক লগা-নলগাৰ বিচাৰ নকৰি বহুতো লোকে যিহকে-তিহকে খাই পেট পূৰ কৰে, যি কাম স্বাস্থ্যৰ বাবে মুঠেই উপযোগী নহয়। জুতি লগা খাদ্য পালে বহুতো লোকে ঠাহি সুমুৱাই পেট ওফন্দাই পেলায়, যি কাম পাকস্থলীৰ বাবে অসহ্যকৰ। কম পৰিমাণে, সঘনাই খাদ্যগ্ৰহণ কৰাৰ অভ্যাস কৰিলে বদহজমৰ ভয় নাই।

প্ৰাপ্তবয়স্ক লোকৰ দাঁত বত্ৰিশটা আৰু সুস্বাস্থ্যৰ ৰক্ষাৰ নীতি অনুসৰি খাদ্য বত্ৰিশবাৰ চোৱোৰা পিছতহে গলাধ:কৰণ কৰা উচিত। যি ধৰণৰ অভ্যাসে খাদ্য খোৱাত লেহেমীয়া কৰে। ভালদৰে নোচোৱাকৈ ততাতৈয়াকৈ খাদ্যগ্ৰহণ কৰা লোকে পাকস্থলীৰ বিষত তত নাপায়। দৌৰাদৌৰিকৈ আহাৰ গ্ৰহণ কৰিলে বদহজম তথা পেটৰ বিষে জলাকলা কৰে। নাকে-মুখে গুঁজি খাদ্য খোৱা লোকে ব্যঞ্জনৰ সোৱাদ নাপায় আৰু সদায় ভূৰি ভোজন কৰি যন্ত্ৰণা ভোগ কৰে। গম পোৱাৰ লগতে অজীৰ্ণতা আঁতৰে। খাদ্য ভালদৰে চোবাই নাখালে মুখ গহবৰত লালটি গ্ৰন্থিৰপৰা ওলোৱা লালটি খাদ্যৰ লগত মিহলি নহয়, যি পৰিপ্ৰেক্ষিতত এই ৰসত থকা পাচক ৰসে সঠিকভাৱে কাম কৰিবলৈ অপাৰগ হৈ বদহজমৰ সৃষ্টি কৰে। খোৱা খাদ্য কম পৰিমাণে মুখত ভৰাই, দৌৰাদৌৰি সমূলি পৰিহাৰ কৰি ভালদৰে চোবাই খালে লালটিত থকা উৎসেচকে খাদ্য জীণ নিয়াবলৈ সুবিধা পায় আৰু বদহজম দূৰতে বিদূৰ হয়।

খাদ্য গ্ৰহণত সদায় নিয়মীয়া নহ’লে নানা অথন্তৰত ভুগিব লগা হয়। অথচ সদ অভ্যাস গঢ়ি তুলিলে সময়ত ভোক লাগে আৰু তেতিয়া পাকস্থলী ৰস নি:সৰণ হয়, যি পৰিপ্ৰেক্ষিতত হাইড্ৰ’ক্লৰিক অম্ল তথা খাদ্য জীণ নিওৱা পাচক ৰস ওলাই আহে। সেই সময়ত খাদ্য পাকস্থলীত নপৰিলে হিতে বিপৰীত হয়, কিয়নো অম্ল তথা উৎসেচকে পাকস্থলীৰ বেৰতে আঘাত হানে। বহুদিন এনে অনিয়ম চলি থাকিলে পাকস্থলীত ঘা হয় আৰু যন্ত্ৰণা ভোগায়। ভোজনৰ অন্তৰ জিৰণিৰ প্ৰয়োজন, যাতে পাকস্থলীয়ে প্ৰাৰম্ভিক কাৰ্য সু-সম্পন্ন কৰিবলৈ অকণো অসুবিধা নাপায়। এই ক্ষেত্ৰত খাপ খোৱা ইংৰাজী প্ৰবচনৰ মৰ্মাৰ্থ হ’ল- দুপৰীয়া ভোজনৰ পিছত খন্তেক শোৱা আৰু ৰাতিৰ ভোজনৰ পিছত এমাইল খোজকাঢ়া।

খাদ্য ভেদে মানুহৰ পাচন ক্ষমতা ভিন ভিন। গাখীৰ এবিধ পুষ্টিকৰ খাদ্য অথচ ইয়াক খালে কেতবোৰ লোকৰ পেট ওফন্দে; কিয়নো ইয়াত থকা লেক্ট’জ নামৰ শৰ্কৰা জীণ নিয়াবলৈ তেওঁলোক অক্ষম। সেইবাবে কি খাদ্য খালে সমূলি পৰিহাৰ কৰা উচিত। সাধাৰণতে ভজা ঘাইকৈ বনস্পতিৰে, বুৰবুৰণি উঠা পানীয়, চৰ্বিযুক্ত তথা মছলাৰে ৰন্ধা খাদ্য, নপকা, ফল, অতি গৰম তথা অতিশয় চেঁচা খাদ্য, কঢ়া চাহ বা কফি, সুৰা, শুকান ফল চোবাবলৈ টান খাদ্য আদি বদহজমৰ কাৰক। ধূমপানে পাকস্থলীৰ বেৰত কুপ্ৰভাৱ পেলায়, যাৰ পৰিণতি অজীৰ্ণতা আৰু ধূমপান বৰ্জন কৰি ইয়াৰ হাত সাৰিব পাৰি। অজীৰ্ণতাৰ অন্যতম কাৰক মানসিক উদ্বেগ, যিয়ে অধিক অম্ল নি:সৰণ কৰিবলৈ পাকস্থলীক বাধ্য কৰে আৰু পেটৰ বিষত ভোগায়।

সঘনে বদহজমত ভুগিলে অভিজ্ঞ চিকিৎসকৰ কাষ চপা উচিত। এই ক্ষেত্ৰত দৰব বিশেষজ্ঞ অথবা পিত্তশূল বিশেষজ্ঞৰ ওচৰ চপাটো অতিশয় ফলপ্ৰসূ।

লিখক: আনন্দ দেব গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate