অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰ্ধক্যৰ ৰোগ

আমাৰ দেশৰ মানুহ সোনকালেই বয়সতকৈ বেছি বুঢ়া হৈ পৰে। চুলি পকিবলৈ ধৰিলেই, দুই এটা দাঁত সৰিলেই নিজকে বুঢ়া বুলি ভাবে। এইয়া বৰ বেয়া কথা। দুই চাৰি বছৰৰ পিছতেই অৱসৰৰ সময় আহি পায়। অৱসৰ ল’লেতো কথাই নাই। নিজকে সঁচাকৈ বৃদ্ধ বুলি ভাবে। এই ভাবনাই মানুহজনক ৰোগগ্ৰস্ত কৰি তোলে। তেওঁ ভাবে এই পৃথিৱীত তেওঁৰ প্ৰয়োজন নাই। ই এক ধৰণৰ হীনমন্যতা। সাধাৰণ মানুহে ভাবে যে বয়স বাঢ়িলেই কৰ্মক্ষমতা হ্ৰাস পায়। মানুহ অকৰ্মণ্য হৈ পৰে। কথাটো জানো সঁচা? বিজ্ঞানে কি কয়? বিজ্ঞানৰ মতে ৩০ বছৰীয়া মানুহ এজনৰ তুলনাত ৬৫ বছৰীয়া মানুহ এজনৰ মস্তিস্কৰ কোষ মাত্ৰ তিনি শতাংশ আৰু দেহৰ ওজনত সাত শতাংশ কমে। ডেকা মানুহৰ লগত বৃদ্ধ মানুহৰ পাৰ্থক্য দেখোন বৰ বেছি নহয়।

আমি সৰুতে শুনিছিলো আমাৰ দেশৰ মানুহৰ গড় আয়ুস ৩২ বছৰ। কিন্তু এতিয়া এই গড় আয়ুস বাঢ়ি ৬২ বছৰ হৈছে। এফালে আকৌ জন্ম হাৰ কমিছে, আনফালে গড় আয়ু বাঢ়িছে। বৰ্তমান বিশ্বত বৃদ্ধ মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে।

বাৰ্ধকটো বাৰু কি বস্তু?

গোটেই পৃথিৱীতেই এই সমস্যাটো লৈ চিন্তা-চৰ্চা চলিছে। বিভিন্ন জনে বিভিন্ন মতামত দাঙি ধৰিছে। তেওঁলোকে অৱশেষত দুটা কাৰণৰ ওপৰত বিশেষ গুৰুত্ব দিছে।

১) আমি সৰুৰে পৰা বৃদ্ধ অৱস্থালৈকে অবিৰত নানা ধৰণৰ শ্ৰম কৰো। এই শ্ৰমৰ কাৰণে শৰীৰৰ নানা অংগ জড়িত হ’ব লগা হয়। শ্ৰমৰ কাৰণে শৰীৰৰ মাজত কিছুমান দূষিত পদাৰ্থৰ শৰীৰৰ স্বাভাৱিক সুস্থ কোষ বিলাকক নষ্ট কৰে। কিন্তু ডেকা বয়সত শৰীৰত থকা প্ৰতিৰোধ শক্তিয়ে এই দূষিত পদাৰ্থবোৰৰ ক্ৰিয়া নষ্ট কৰিব পাৰে। কিন্তু বৃদ্ধ অৱস্থাত বা বয়সৰ লগে লগে শৰীৰৰ প্ৰতিৰোধ শক্তি কমি যায় বা শৰীৰত সৃষ্টি হোৱা বিষাক্ত দ্ৰব্যবোৰ বিনষ্ট কৰিব নোৱাৰা হয়।

২) দেহৰ গ্লুক’জে বিভিন্ন প্ৰ’টিনৰ লগ লাগি এবিধ হালধীয়া পদাৰ্থ সৃষ্টি কৰে। যাক ইংৰাজীত AGE বোলে। এই হালধীয়া পদাৰ্থইও দেহৰ স্বাভাৱিক কোষ বিলাক ধ্বংস কৰে। ইয়াৰোপৰি শৰীৰত থকা দুটা জিনৰ সংমিশ্ৰণতো কোষবিলাক নষ্ট হয়। বাৰ্ধক্য আহি পদূলি মুখত থিয় দিয়ে।

বাৰ্ধক্যৰ আমনিবোৰ দৃষ্টি শক্তি কমি যায়-

১) অস্বচ্ছ লেন্স: চকু দুটাৰ মাজত থকা স্বচ্ছ টান পদাৰ্থক লেন্স বোলে। বয়সৰ লগে লগে বা আন বহুতো কাৰণে ইয়াত স্বচ্ছতা নোহোৱা হৈ অন্ধ হৈ পৰে।

২) গ্লু’কমা: ৪০ বছৰৰ পিছত অধিকাংশ লোকৰ চকুত এই ৰোগে দেখা দিয়ে। এই ৰোগত চকুৰ মাজত টেনচন বাঢ়ি দৃষ্টিহানিৰ সম্ভাৱনাৰ সৃষ্টি কৰে। কিন্তু সকলোৰে ক্ষেত্ৰত এনে নহয়।

৩) দাঁত ল’ৰা: এই বয়সত দাঁতে আমনি কৰে। দাঁতবিলাক দুৰ্বল হৈ সৰি পৰে। দাঁতৰ নানা ৰোগে দেখা দিয়ে।

৪) কাণৰ দুৰ্বলতা: কাণেৰে সাধাৰণতে কমকৈ শুনে। কিছু লোকৰ এখন কাণেৰে সম্পূৰ্ণ নুশুনা হয়। সাধাৰণতে এই ৰোগ কাণৰ স্নায়ুতন্ত্ৰৰ দুৰ্বলতাৰ কাৰণে হয়।

৫) প্ৰোষ্টেট গ্ৰন্থি বৃদ্ধি: ই একমাত্ৰ পুৰুষৰ ৰোগ। বয়সৰ লগে লগে প্ৰোষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰম্ভ হয়। বৰ আমনি লগা ৰোগ। লক্ষণ হিচাপে ঘনাই পেচাব হয় বা পেচাব বন্ধ হয়। পেচাব লাগিলে কাপোৰ-কানিয়ে যোৱা অৱস্থা হয়।

৬) বাত ৰোগ: বয়সৰ লগে লগে নানা ধৰণৰ বাত বিষে আগুৰি ধৰে। আঁঠু, শৰীৰ বিভিন্ন গাঁঠি, ককালৰ বিষ আদি বৃদ্ধি পায়। ইয়াৰ বাবে হয়তো আধুনিকতাই দায়ী। ওপৰত কৈ অহা সকলো ধৰণৰ ৰোগৰে হোমিঅ’পেথিকত চিকিৎসা আছে।

৭) স্মৃতি লোপ: বয়সৰ লগে লগে স্মৃতি শক্তি কমি যায়। ঔষধ খালে স্মৃতি শক্তি বাঢ়ে।

নিদ্ৰাহীনতা: বৃদ্ধ বয়সত টোপনি কম হয়। কম হ’লেও চিন্তাৰ কাৰণ নাই। দুঘন্টাৰ ভাল টোপনিয়েই যথেষ্ট।

৮) শৌচ টান হোৱা: বুঢ়া বয়সত খাদ্য গ্ৰহণৰ ইচ্ছা হ্ৰা পায় আৰু তাৰ ফলত পৰিমাণ এনেয়েও কমি যায়। আঁহযুক্ত খাদ্যও কমকৈ খোৱা হয়। তাৰোপৰি পাচন তন্ত্ৰৰ পাচন ক্ষমতাও কমি যায়। সেয়ে সুষম খাদ্য, বিশেষকৈ আঁহযুক্ত খাদ্য, শাক-পাচলি আদি সদায়ে খোৱা উচিত। হোমিঅ’ত শৌচ কচাৰ ভাল ঔষধ আছে।

আন কিছুমান টান বেমাৰেও দেখা দিয়ে। যিবোৰ চিকিৎসা সঁচাকৈ টান। আলঝেইমাৰ, পাৰকিনচনচ ডিজিজ, পুৰুষৰ এণ্ড্ৰোপ’জ, তিৰোতাৰ মেনো’প’জ, হাড়ৰ অষ্টিও পেৰোচিচ, নিজৰ অজ্ঞাতসাৰে পেচাব নিৰ্গমন ইত্যাদি।

বাৰ্ধক্যত মানসিক অৱস্থা

এই বয়সত সাধাৰণতে বেছি ভাগ লোকেই চাকৰিৰ পৰা অৱসৰ লয়। নাৰীৰ ক্ষেত্ৰত ল’ৰা-ছোৱালীৰ বিয়া আদি দিয়াৰ বাবে এওঁলোকে নিজকে অকলশৰীয়া অনুভৱ কৰে। ল’ৰা-ছোৱালীয়ে নিজ নিজ কাম-কাজত ওলাই যায় বা ব্যস্ত হৈ পৰে। নাতী-নাতিনীহঁতেও নিজৰ লিখা-পঢ়াত ব্যস্ত থাকে। সন্ধিয়া এওঁলোকে ভাগৰত বা নিজকলৈ ব্যস্ত হৈ পৰাত, বৃদ্ধসকলৰ খা-খবৰ লোৱাৰ সময় নেথাকে। আনহাতে, উপাৰ্জন বন্ধ হোৱাৰ কাৰণে হীনমন্যতাতো ভোগে। নিজকে আনৰ বোজা বুলি ভাবে। যৌন ক্ষমতা হ্ৰাস হোৱাটো হীনমন্যতাৰ আন এটা কাৰণ। চেহেৰাপাতি সলনি হৈ অহাটো এটা সমস্যা। পকা চুলি, সোঁতোৰা-সোতোঁৰ কোঁচখোৱা ছাল, দাঁত নথকা সোলা মুখ, কাণ-কলা, কুঁজা হৈ খোজ কঢ়া, লাঠি হাতত লোৱা ইত্যাদিবোৰো হীনমন্যতাৰ অন্যতম কাৰণ হৈ পৰে।

বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰি নেকি?

এবাৰ মই জেমছ হাউলি ছেচৰ ডিটেকটিভ কিতাপ এখন পঢ়ি আছিলো। দুজন ভদ্ৰলোকৰ এজনে কিতাপখন দেখা পাই সুধিছিল-‘ডাক্তৰ, কিতাপখন কোন চনৰ চাওকচোন।’ মই চাই কৈছিলো, ১৯৪৩ চনৰ। ভদ্ৰলোকে কৈছিল-‘অ’ এইখন মই বি এ দি থকা অৱস্থাত পঢ়িছিলো। মই তেওঁলৈ অব্যক হৈ চাওঁতে পিচফালে থকাজনে ক’লে-‘ই মোতকৈ তিনি বছৰে সৰু’। কিন্তু অবাক হৈ মই কি ভাবিছিলো জানে? কাৰণ মোৰ জন্ম ১৯৪৩ চনত। এওঁলোক আছিল পৰিপাটি, স্বাস্থ্যবান আৰু দেখাত কম বয়সৰ যেন।

নিয়মিত ব্যায়াম, আহাৰ, এন্টি অক্সিডেন্ট যুক্ত আহাৰ গ্ৰহণ, চেলিলিয়াম, দস্তা, তাম, মেংগানিজ, দৰকাৰী ভিটামিন আদিয়ে বৃদ্ধ অৱস্থাতো মানুহক সুস্থ-সবল কৰি ৰাখে। যিবোৰ কাৰণত হীনমন্যতা আহে, সেইবিলাকৰ পৰা পৰাপক্ষত আঁতৰত থকাৰ চেষ্টা কৰা উচিত। কিতাপ পঢ়া, ঘৰত পাচলিৰ বাগান কৰা, নানা ধৰণৰ সৰু-সুৰা কাম কাজ কৰা, এক দুই কিলোমিটাৰ প্ৰাত:ভ্ৰমণ কৰিলে সুস্থ জীৱন এটা পৰিচালনা কৰিব পাৰিব। বাৰ্ধক্য অভিশাপ নহয়, ই হ’ল এক শক্তিৰ জীৱন, পিচলৈ উভতি চোৱাৰ সময়।

লিখক: ডা: মহম্মদ ইউচুফ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate