অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভয়াৱহ ফ্লুৰ'ছিছ

উচ্চ পৰিমাণৰ ফ্ল’ৰাইডযুক্ত খোৱাপানী দীৰ্ঘকালৰ বাবে ব্যৱহাৰৰ ফলত হোৱা শাৰীৰিক অপৰাধসমূহক সামগ্ৰিকভাৱে ফ্লুৰ’ছিছ বুলি কোৱা হয়। ফ্লুৰ’ছিছৰ পৰিমাণ হ’ল অকাল বাৰ্ধক্য। কৃষিকাৰ্য্য আৰু উদ্যোগত শাৰীৰিক পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া শ্ৰমজীৱী সমাজখনৰ ওপৰত এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক পৰা দেখা যায়।

 

ফ্ল’ৰাইড কি?

ফ্ল’ৰিন হ’ল প্ৰকৃতিত উপলব্ধ এক গেছীয় মৌল। উচ্চ ৰসায়নিক বিক্ৰিয়া গুণবিশিষ্ট হোৱা বাবে ইয়াক কেতিয়াও ইয়াৰ প্ৰাকৃতিক গেছীয় অৱস্থাত পোৱা নাযায়। ইয়াক আন ধাতুৰ লগত যুক্ত হৈ ফ্ল’ৰাইড (যেনে-কেলচিয়াম ফ্ল’ৰাইড আদি) হিচাপেহে পোৱা যায়।

ফ্ল’ৰাইডৰ উৎস

মানুহৰ বাবে ফ্ল’ৰাইডৰ মুখ্য উৎস হ’ল খোৱাপানী। কোমল পানীত ফ্ল’ৰাইড অতি নগণ্য পৰিমাণে থাকে। কিন্তু কঠিন পানীত ই বেছিকৈ থাকে। ভাৰতবৰ্ষত প্ৰতি লিটাৰ খোৱাপানীত ০.৫ মিলিগ্ৰামৰ পৰা ০.৮ মিলিগ্ৰাম ফ্ল’ৰাইড গ্ৰহণযোগ্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে খোৱাপানী প্ৰতিলিটাৰত এক মিলিগ্ৰামতকৈ কম ফ্ল’ৰাইড থকা উচিত। ১.১ মিলিগ্ৰামৰ পৰা ২.০ মিলিগ্ৰাম থাকিলে সেই পৰিমাণ উচ্চ বুলি গণ্য কৰা হয়। ২.১ মিলিগ্ৰামৰ পৰা ফ্ল’ৰাইড খোৱাপানীত থাকিলে, সেই পৰিমাণ অতি উচ্চ বুলি গণ্য কৰা হয়। ৫.০ মিলিগ্ৰামতকৈ অধিক থাকিলে সেয়া অতি বিপজ্জনকভাৱে উচ্চ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি কিছুমান খাদ্যত (যেনে- সাগৰীয় মাছ, মাখন আৰু চাহ আদি) কিছু পৰিমাণে ফ্ল’ৰাইড পোৱা যায়। তদুপৰি কিছুমান ঔদ্যোগিক প্ৰদূষণেও ফ্ল’ৰাইড নিৰ্গত কৰে। এনে উদ্যোগৰ ভিতৰত এলুমিনিয়াম গোলোৱা উদ্যোগ মূখ্যতঃ দায়ী।

মানৱ শৰীৰত ফ্ল’ৰাইডৰ আৱশ্যকতা

মানৱ শৰীৰৰ প্ৰায় ৯৬ শতাংশ ফ’ৰাইড হাড আৰু দাঁতত থাকে। ফ্ল’ৰাইডে হাড় আৰু দাঁতৰ সঠিক গঠনত অৰিহণা যোগায়। দাঁতৰ ওপৰত এচিডৰ আক্ৰমণ ব্যৰ্থ কৰি ফ্ল’ৰাইডে দাঁতৰ ক্ষয় ৰোধ কৰে। স্থায়ী দাঁত গজাৰ আগতে নিৰ্দিষ্ট পৰিমাণৰ ফ্ল’ৰাইড ব্যৱহাৰ কৰিলে ইয়াৰ সুফল অধিকভাৱে পোৱা যায়। আজিকালি ফ্ল’ৰাইডযুক্ত টুথপেষ্ট বজাৰত পোৱা যায়। ফ্ল’ৰাইড যিহেতু হাড়ৰ কোষবৰ্ধক, সেয়েহে আজিকালি অষ্টিঅ’পোৰোছিছৰ চিকিৎসাৰ বাবেও কম পৰিমাণে ফ্ল’ৰাইড ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰীয় একাডেমী অব ছায়েন্স, মেডিচিনৰ খাদ্য আৰু পুষ্টি বোৰ্ডে ২০০২ চনত বয়স অনুযায়ী প্ৰতিদিনে গ্ৰহণ কৰিব লগা ফ্ল’ৰাইডৰ মান নিৰ্ধাৰণ কৰি দিছে। এই অনুযায়ী প্ৰতিদিনে কেঁচুৱা এটাই ০.৫ মিলিগ্ৰাম, আঠ বছৰৰ তলৰ শিশু এটাই এক মিলিগ্ৰাম, ওঠৰ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে তিনি মিলিগ্ৰাম আৰু তিৰোতা মানুহ, গৰ্ভৱতী মাতৃ আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃয়ে তিনি মিলিগ্ৰাম ফ্ল’ৰাইড গ্ৰহণ কৰিব লাগে। আজিকালি খোৱাপানীত কম পৰিমাণে ফ্ল’ৰাইড মিহলাই যোগান ধৰা হয়। এনে হিচাপত যদি প্ৰতিলিটাৰ খোৱাপানীত এক মিলিগ্ৰাম ফ্ল’ৰাইড থাকে, তেন্তে প্ৰতিগৰাকী বয়স্ক ব্যক্তি আৰু আঠ বছৰৰ ল’ৰা-ছোৱালীয়ে প্ৰতিদিনে দুইৰ পৰা তিনি লিটাৰ পানী খালেই প্ৰয়োজনীয় ফ্ল’ৰাইড পাব পাৰে। সঠিক পৰিমাণৰ ফ্ল’ৰাইড যেনেকৈ মানৱ শৰীৰৰ বাবে উপকাৰী, ঠিক তেনেকৈ অত্যধিক ফ্ল’ৰাইডে ফ্লুৰ’ছিছ ৰোগ সৃষ্টি কৰি মানুহৰ ক্ষতি কৰিব পাৰে। সেয়েহে বহুতে ফ্ল’ৰাইডক দুয়োপিনে কাটিব পৰা তৰোৱাল বুলি কয়।

ফ্লুৰ’ছিছ ৰোগৰ উৎপত্তিৰ কাৰণ

  • বহুদিন ধৰি উচ্চ পৰিমাণৰ ফ্ল’ৰাইডযুক্ত খোৱাপানী ব্যৱহাৰ কৰিলে।
  • পৰিপাৰ্শ্বত উৎপন্ন হোৱা ফ্ল’ৰাইড উচ্চ হাৰত গ্ৰহণ কৰিলে।
  • ঔদ্যোগিক প্ৰদূষণে নিৰ্গত কৰা ফ্ল’ৰাইড উচ্চ হাৰত গ্ৰহণ কৰিলে।
  • ঔদ্যোতিক প্ৰদূষণে নিৰ্গত কৰা ফ্ল’ৰাইড উচ্চ হাৰত গ্ৰহণ কৰিলে।
  • ব্যৱহাৰ কৰা টুথপেষ্টত অধিক ফ্ল’ৰাইড থাকিলে।
  • উচ্চ ফ্ল’ৰাইডযুক্ত খাদ্য।
  • শীতল পানীয় বহুদিন ধৰি গ্ৰহণ কৰিলে আৰু অষ্টিঅ’পোৰোছিছ চিকিৎসাত ব্যৱহৃত ফ্ল’ৰাইড বেছি হ’লে মানৱ শৰীৰত ফ্ল’ৰাইডৰ পৰিমাণ বাঢ়ি যায়।
  • এই বৰ্ধিত ফ্ল’ৰাইড হাড়, দাঁত, মাংসপেশী আৰু খাদ্যতন্ত্ৰৰ মিউকোচত জমা হ’বলৈ আৰম্ভ কৰে। তেতিয়াই ফ্লুৰ’ছিছ ৰোগৰ উৎপত্তি আৰম্ভ হয়। শিশুসকল জীৱনৰ প্ৰথম দহ বছৰ বয়সত ফ্লুৰ’ছিছ ৰোগত সহজে আক্ৰান্ত হয়।
  • পুষ্টিহীনতাত ভোগা মাতৃৰ সন্তান ফ্লুৰ’ছিছ ৰোগত বেছিকৈ আক্ৰান্ত হয়।

ফ্লুৰ’ছিছ ৰোগৰ প্ৰকাৰ আৰু লক্ষণ

ফ্লুৰ’ছিছ ৰোগৰ লক্ষণসমূহ আমি তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰো-

    ডেণ্টেল ফ্লুৰ’ছিছ-

    এই শ্ৰেণীৰ ফ্লুৰ’ছিছ পোনতে দাঁতত হালধীয়া, মুগা অথবা ক’লা ৰং ধৰিবলৈ আৰম্ভ কৰে। লাগে দন্তক্ষয় আৰম্ভ হয় আৰু দাঁতত গাঁত হ’বলৈ আৰম্ভ হয় আৰু দাঁতত গাঁত হ’বলৈ আৰম্ভ কৰে।

     

    স্কেলিটেল ফ্লুৰ’ছিছ-

  • এই শ্ৰেণীৰ ফ্লুৰ’ছিছ হাত-ভৰিৰ বিষ, গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ আৰম্ভ হয়। প্ৰাৰম্ভিক অৱস্থাত বহুতে ইয়াক বাতবিষ বুলি অৱজ্ঞা কৰা দেখা যায়। লক্ষণহীন ফ্লুৰ’ছিছ থিৰাং কৰাৰ বাবে হাড়ৰ এক্স-ৰে কৰিলেই, প্ৰাৰম্ভিক অৱস্থাত হাড়ৰ বিসংগতি ধৰিব পাৰি। লাহে লাহে হাড়ৰ গঠন আৰু আকৃতিৰ বিসংগতি হ’বলৈ আৰম্ভ কৰে। আঁঠুৰ হাড়, ৰাজহাড়, কিলাকুটি বেঁকা হ’বলৈ আৰম্ভ কৰে। এক্স-ৰে কৰিলে দেখা যায় যে হাত বা ভৰিৰ কোনো কোনো অংশৰ হাড় অস্বাভাৱিকভাৱে বাঢ়িবলৈ আৰম্ভ কৰিছে। হাড়বোৰ ঠুনুকা হয় বাবে হাত-ভৰি লৰাব নোৱাৰা অৱস্থা হ’ব পাৰে। ৰাজহাড় আৰু বুকুৰ হাড়ৰ বিসংগতি হ’লে মানুহ কুঁজা হৈ শ্বাস-প্ৰশ্বাসত দিগদাৰী পাব পাৰে।
  • নন স্কেলিটেল ফ্লুৰ’ছিছ-

  • চকুত ছানি পৰা ৰোগ, দৃষ্টিশক্তি হ্ৰাস পোৱা, গৰ্ভপাত সন্তানহীনতা আদিও ফ্লুৰ’ছিছৰ ফলত হ’ব পাৰে। এইবিধ ফ্লুৰ’ছিছ হ’লে পেটৰ বিষ, বমি, শৌচ টান আৰু ঢিলা হৈ তাৰতম্য হোৱা আৰু পেটত প্ৰচুৰ গেছ জমা হয়। ফ্লুৰ’ছিছ ৰোগীৰ ৰক্ত পৰীক্ষা কৰিলে এলকালাইন ফছফেট, পেৰাথ’ৰমন আৰু ফ্ল’ৰিনৰ পৰিমাণ বেছি পোৱা যায়। ৰোগীৰ প্ৰস্ৰাৱ আৰু খোৱাপানীতো ফ্ল’ৰাইড বেছি দেখা যায়।

ফ্লুৰ’ছিছ ৰোগৰ ভয়াবহতা

ভাৰতবৰ্ষকে ধৰি বিশ্বৰ প্ৰায় ২৩খন দেশত ফ্লুৰ’ছিছ ৰোগ হোৱা দেখা যায়। এক তথ্য মতে অসমকে ধৰি ভাৰতৰ ১৬খন প্ৰদেশত প্ৰায় ৬২ লাখ ফ্লুৰ’ছিছ ৰোগৰ ভুক্তভোগী আছে। ইয়াৰ অধিকসংখ্যকে শিশু। আমাৰ্ দেশৰ প্ৰায় ৫০ শতাংশ ভূগৰ্ভৰ জলত থকা ফ্ল’ৰাইডৰ পৰিমাণ বিপদসীমাৰ ওপৰত। কোনো কোনো ঠাইত প্ৰতি লিটাৰ পানীত ৪৮ মিলিগ্ৰাম পৰ্যন্ত ফ্ল’ৰাইড পোৱা গৈছে। অসমৰ নগাঁও, কাৰ্বি আংলং আৰু ধেমাজি জিলাৰ কিছুমান অঞ্চলৰ পানীত ফ্ল’ৰাইডৰ পৰিমাণ প্ৰতিলিটাৰ পানীত ২৫ মিলিগ্ৰাম পোৱা গৈছে। এই অঞ্চলবোৰ ফ্লুৰ’ছিছ অধ্যুষিক অঞ্চল। বৰ্তমান সময়ত হোজাই অঞ্চলত এই ৰোগ অধিক হোৱা বুলি প্ৰ্কাশ পাই আহিছে। অনুমান মতে অসমত ফ্লুৰ’ছিছ ৰোগত আক্ৰান্তৰ সংখ্যা এক লাখ। ইয়াৰ বেছিভাগেই মহিলা আৰু শিশু।

ফ্লুৰ’ছিছ ৰোগৰ চিকিৎসা

ফ্লুৰ’ছিছ ৰোগৰ চিকিৎসাতকৈ এই ৰোগৰ প্ৰতি ল’বলগীয়া সতৰ্কতাৰ বেছি প্ৰয়োজন। এবাৰ পংগুত্বক সাবটি লোৱা বা দাঁতবিলাক নষ্ট হোৱাৰ পাছত কোনো চিকিৎসাই আৰোগ্য প্ৰদান কৰিব নোৱাৰে। অতি সাধাৰণভাৱে এই ৰোগত আক্ৰান্ত ব্যক্তিক কেলচিয়াম, ভিটামিন ‘ডি’ আৰু ভিটামিন ‘চি’, এণ্টি অক্সিডেণ্ট দিয়াৰ লগতে দাঁতৰ ৰং লুকুওৱাৰ চিকিৎসা প্ৰদান কৰিব পাৰি।

ফ্লুৰ’ছিছ ৰোগ প্ৰতিৰোধৰ উপায়

ফ্লুৰ’ছিছ ৰোগ নোহোৱাকৈ থাকিবলৈ হ’লে ফ্ল’ৰাইডযুক্ত পানী ডিফ্ল’ৰাইডেচন কৰি খাব লাগিব। ফ্ল’ৰাইডহীন পানী খাবলৈ ঘৰুৱাভাৱে অথবা ৰাজহুৱাভাৱে ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰি। ব’ন চাৰকোল আৰু নালগোডা এক্টিভেটেড এলুমিনিয়াম ছালফেট এনে দুবিধ ফিল্টাৰ। উচ্চ ফ্ল’ৰাইডযুক্ত পানী থকা ঠাইবোৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে আন ঠাইৰ পৰা নি বিশুদ্ধ খোৱাপানীৰ বাবে যোগান ধৰিব লাগে। ফ্লুৰ’ছিছ অধ্যুষিত অঞ্চলবোৰত মাতৃসকলে শিশু সন্তানক উচ্চ ফ্ল’ৰাইডযুক্ত পানীৰ সলনি অধিকভাৱে মাতৃদুগ্ধ পান কৰাব লাগে। বয়সিয়ালসকলে পানী কমকৈ খাই ৰসাল ফল অধিক খাব লাগে। উচ্চ ফ্ল’ৰাইডযুক্ত খাদ্য-সম্ভাৰ, শীতল পানীয় আৰু টুথপেষ্ট ব্যৱহাৰ কৰিব নালাগে। ফ্ল’ৰাইড নিৰ্গমনকাৰী উদ্যোগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি বন্ধ কৰিব লাগে। আন উপায় নহ’লে ফ্ল’ৰাইড ফ্লুৰ’ছিছ অধ্যুষিত অঞ্চলৰ লোকসকলক কম ফ্লু’ৰাইড থকা ঠাইলৈ স্থানান্তৰ কৰিব লাগে। মুখ্যতঃ জনস্বাস্থ্য কাৰিকৰী আৰু স্বাস্থ্য বিভাগৰ অধিক কৰণীয় আছে।

লিখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate