অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰৰ বিষ মানেই মাইগ্রেন নহয়

মূৰৰ বিষ মানেই মাইগ্রেন নহয়

 

ভাৰতত মাইগ্রেনত ভোগা ৰোগীৰ সংখ্যা অতি বেছি। মাইগ্রেন হ’লে অসহ্য মূৰৰ বিষ হয়, কিন্তু সুশ্ৰূষাৰ জৰিয়তে ইয়াক নিৰাময় কৰিব পাৰি। বয়স্ক লোকৰ লগতে সৰু ল’ৰা-ছোৱালীও এই ৰোগত ভুগিব পাৰে।

সচৰাচৰ গৰমকালি বহুতো লোকে অতিমাত্রা উষ্ণতাৰ বাবে মূৰৰ বিষত ভোগে। তাৰে ১ৰ পৰা ২ শতাংশ ৰোগী মাইগ্রেনৰ ভুক্তিভোগী হয়। ছিমছ হস্পিটেলৰ স্নায়ু ৰোগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভি নাগৰাজনে কয়— বহু লোকে মাইগ্রেনৰ বিষক সাধাৰণ মূৰৰ বিষ বুলি ভাবি সময়োপযোগী চিকিৎসা নকৰায়; যি পিছলৈ এক ভীষণ ৰূপ ধাৰণ কৰে।

মাইগ্রেন আৰু চাইনাচৰ লক্ষণসমূহ পৃথক পৃথক। মাইগ্রেনৰ লক্ষণ, যেনে— নাকৰ পৰা পানী ওলোৱা, বিষ, জ্বৰ আৰু ঘ্ৰাণ শক্তি দুর্বল হোৱা। চাইনাচ হ’লে বেছি পোহৰ সহ্য কৰিব নোৱৰা, ওকালি অহা আৰু লগতে বমি হোৱা আদি। বিভিন্ন কাৰণত মাইগ্রেন হ’ব পাৰে। সেয়েহে ইয়াৰ কাৰকসমূহ জ্ঞাত হোৱাৰ প্রয়োজন। শিশু স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ কে লক্ষ্মী নাৰায়ণনে কয়— এই ৰোগ বহু দিনৰ পাছত বা সঘনাই হ’ব পাৰে। ইয়াৰ কাৰকসমূহ— টোপনিত ব্যাঘাত, কামৰ হেঁচা, শীত বা গ্রীষ্মকালৰ অসহনীয় উত্তাপ, চাহ কফিৰ প্ৰতি আসক্তি, উগ্ৰ গোন্ধ ইত্যাদি মাইগ্রেনৰ এক কাৰক| কেতিয়াবা পৰিয়াল বা সম্বন্ধীয় লোকৰ মাইগ্রেন থাকিলেও হোৱাৰ সম্ভাৱনা থাকে|

ডাঃ কে লক্ষ্মী নাৰায়ণনৰ মতে মহিলাৰ মাহেকীয়া ঋতুৰ বাবে বা অন্য কোনা কাৰণত হোৱা হৰম’নৰ পৰিৱর্তনৰ বাবেও মাইগ্রেন হ’ব পাৰে। যিসকলে সঘনাই মাইগ্রেনত ভোগে তেওঁলোকৰ পৰিত্ৰাণৰ বাবে পেৰাচিটামল বা ইবোপ্রভেন জাতীয় ঔষধে সুফল দিয়ে। কিছুমানৰ আকৌ বেছিকৈ বিষৰ দৰৱ সেৱন কৰাৰ বাবেও এই ৰোগে আক্রমণ কৰিব পাৰে। ইয়াৰ উপশমৰ বাবে প্রয়োগ কৰা ঔষধৰ সহায়ত ৩ৰ পৰা ৬ মাহৰ ভিতৰত ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।

চিকিৎসকৰ মতে, এই ৰোগৰ লক্ষণসমূহৰ পৰা আঁতৰি থাকি ইয়াক প্রতিৰোধ কৰাই মূল অস্ত্ৰ হিচাপে গ্রহণ কৰা উচিত। যেনে, যদিহে উৎকট গৰমৰ বাবে মাইগ্রেন হয়, তেনেহ’লে ৰ’দৰ তাপৰ পৰা নিজকে আঁতৰাই ৰখা; কিছুমান খাদ্য, যেনে— চকলেট, অতিৰিক্ত চাহ বা কফি সেৱন নকৰা ইত্যাদি।

 

উৎস: দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate