অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা

আজিকালি অধিক সংখ্যক লোকেই অধিক ওজনৰ সমস্যাত আক্ৰান্ত হয়। ইয়াৰে বহু সংখ্যকেই ওজন কমাবলৈ গৈ খোৱা বোৱা নিয়ন্ত্ৰণ কৰি অসুস্থ হৈ পৰে। কিন্তু ইয়াৰ বহুবোৰ উপায় আছে। যি উপায়সমূহ গ্ৰহণ কৰিলে কেৱল ওজন কমায় নহয় শাৰিৰীক শক্তিও বৃদ্ধি পাব পৰা যায়। এইসমূহ হ’ল-

কমলা টেঙা

কমলা টেঙাত অধিক পৰিমাণৰ খাদ্যপ্ৰাণ গ আছে। যিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ ফলত ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিব পৰা যায়। ই কিডনিত পাথৰ জমা হোৱাৰ ক্ষেত্ৰতো প্ৰতিৰোধকৰ কাম কৰে। ইয়াত অধিক পৰিমাণৰ কেলছিয়াম থকাৰ বাবে হাৰসমূহ মজবুত কৰি তোলে। কমলা টেঙাৰ আঁহসমূহে খাদ্য হজম হোৱাত সহায়ক হয় আৰু কোষ্ঠকাঠিন্যতা দূৰ কৰে। এই আঁহসমূহে ব্যক্তিৰ তেজত থকা শৰ্কৰাৰ পৰিমাণো নিয়ন্ত্ৰণ কৰে। শীতকালীনত হ’ব পৰা বহুবোৰ ৰোগৰ ক্ষেত্ৰতো কমলা টেঙাই প্ৰতিৰোধকৰ কাম কৰে।

বন্ধাকবি

বন্ধাকবিত প্ৰচুৰ পৰিমাণৰ আঁহযুক্ত খাদ্যপ্ৰাণ ই, ৰিবোফ্ল’ভিন আৰু থায়ামিন থাকে। এইসমূহে কোনো ব্যক্তি বিশেষৰ কেৱল শাৰিৰীক ওজন কমোৱাৰ লগতে সামগ্ৰিক ভাৱে দেহৰ ছালসমূহো ভালে ৰাখে। বন্ধাকবিৰ পাত খাদ্যপ্ৰান চি আৰু কে থাকে, যিয়ে শৰীৰৰ হাৰসমূহ ভালে ৰখাত সহায় কৰে। ৰোগ প্ৰতিৰোধ কৰাৰ  তুলনাত ইয়াত কোনো বিকল্প নাই।

দৈ

প্ৰতিদিনে ৰাতিপুৱাৰ আহাৰত দৈ সন্নিৱিষ্ট কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায়ক হয়। গতিকে ৰাতিপুৱা গ্ৰহণ কৰা যিকোনো আহাৰৰ সৈতে দৈ গ্ৰহণ কৰিলে সু-স্বাস্থ্য বজাই ৰাখিব পাৰি।

নহৰু

নহৰুত কিছুমান এনেকুৱা প্ৰতিজাৰক আছে যিসমূহে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। সেইবাবেই পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবেই বিভিন্ন খাদ্যৰ সৈতে নহৰু গ্ৰহণ কৰাতো অতি স্বাস্থ্যকৰ। নহৰুৱে শৰীৰৰ ৰোগ  প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।

মৌ আৰু চাহ

শীতকালি ই অতি উপকাৰী। গৰম খাদ্যৰ পৰা শ্লেমা আঁতৰ কৰাত ই সহায় কৰে। এনেও মৌজোল ডিঙিৰ কাৰণে অতি উপকাৰী। সেয়েহে চাহৰ লগত চেনীৰ সলনি মৌজোল মিহলাই খালে ওজন কমোৱাৰ লগতে সু-স্বাস্থ্য ৰক্ষাত সহায়ক হয়।

মুৰ্গীৰ চুৰুহা

এই পানীয়য়ো শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। কুঁকুৰাৰ মাংসসাৰে মানৱ দেহৰ কোষসমূহ সঠিকভাৱে ৰখাত সহায় কৰে। এই চুৰুহাই শক্তি বৃদ্ধিৰ লগে লগে শৰীৰৰ ওজনো কমোৱাত সহায় কৰে।

গতিকে আজিৰ পৰাই উল্লেখিতসমূহ গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তুলি ওজন হ্ৰাস কৰাৰ কাম আৰম্ভ কৰক।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate