অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা (Obesity):

 

পৃথিৱীৰ ডেৰকৌটিতকৈও অধিক লোক মাত্ৰাধিক ওজনৰ (overweight) আৰু কমেও ৫০০ মিলিয়ন লোক মাত্ৰাধিক শকত(obes)। তথ্য অনুসৰি ভাৰতবৰ্ষত বৰ্তমান প্ৰায় ৮০ মিলিয়ন লোক মাত্ৰাধিক শকত হৈ পৰিছে। Overweight আৰু Obesity হলে মানুহৰ type 2ডায়েবেটিজ, হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু stroke তদুপৰি কৰ্কট (cancer) হোৱাৰ সম্ভাৱনা অধিক হয়।
সাধাৰণতে নৱজাতক এজনে ৫ - ৬ লাখ চৰ্বি কোষ দেহত লৈ জন্ম হয়। আৰু এজন সাধাৰণ মধ্যবয়সীয়া লোকৰ দেহত ৩৫- ৪০ লাখ চৰ্বিকোষ থাকে। প্ৰতিটো চৰ্বিকোষৰ ওজন প্ৰায় 04-06 mgm (মাইক্ৰগ্ৰাম) ।মানুহে যিমানেই চৰ্বিযুক্ত বা শক্তিশালী খাদ্য গ্ৰহণ নকৰক কিয়, প্ৰথমতে চৰ্বিকোষৰ ভিতৰত তাৰ শক্তি, ওজন বা ইয়াৰ আকাৰৰ কোনো পৰিবৰ্তন নহয়, কিন্তু ব্যক্তিজনৰ শৰীৰত ইয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। লাহে লাহে মানুহজনৰ খাদ্যত চৰ্বিযুক্ত খাদ্য যোগ হৈ থাকিলে শৰীৰৰ ভিতৰত চৰ্বিকোষৰ পৰিমাণ আৰু আকাৰ দুয়োটা বাঢ়িব ধৰে, আৰু মানুহজন শকত হব ধৰে। থিক তেনেদৰে শৰীৰৰ ওজন আৰু চৰ্বি কমিব ধৰিলেও চৰ্বিকোষৰ আকাৰহে কমিব ধৰে সংখ্যা নহয়। সেইবাবে বিভিন্ন উপায়েৰে ওজন কমিব ধৰা মানুহৰ পুনৰ চৰ্বি হব ধৰা দেখা যায়।
অত্যাধিক ওজন আৰু মেদবহুলতা দীৰ্ঘ দিনৰ শক্তি অসমতা (energy imbalance) ৰ পৰিনাম। শক্তি অসমতাৰ কাৰণ ব্যক্তিবিশেষে বিভিন্ন হয়।


শক্তি অসমতা -

ই এক তুলাচনীৰ নিচিনা। যেতিয়া কেলৰি গ্ৰহণ কৰাটো, কেলৰি খৰছ কৰাতকৈ বেছি হয়, তেতিয়া শৰীৰৰ ওজন বৃদ্ধি হয়।
মেদবহুলতা তলত দিয়া কাৰণ বোৰৰ বাবে হব পাৰে


বংশগত -

৭০ শতাংশ মেদবহুল দম্পতীৰ লৰা ছোৱালী শকত হোৱা দেখা যায়। দম্পতীৰ এজন মেদবহুল হলে ৪০ শতাংশ লৰা ছোৱালী মেদবহুল হয়, আৰু পিতৃ মাতৃৰ এজনো মাত্ৰাধিক শকত নহলে ১০ শতাংশ লৰা ছোৱালী মেদবহুল হয়।

খাদ্যাভাস -

নিৰ্দিষ্ট কিছুমান খাদ্যাভাস কাৰণে মেদবহুলতা হয়।
খাদ্য ভালদৰে চোবাই নোখোৱাটো মেদবহুলতাৰ অন্যতম কাৰণ। কিছুমান মানুহে সময়ৰ অভাৱতেই হওক বা আন কাৰণতেই হওক খাদ্য ভালদৰে নচবোৱাকৈ বা খৰখেদাকৈ খোৱাৰ বাবে তেনেকুৱা ব্যক্তিয়ে অধিক খাদ্য খাই দিয়ে।
মানসিক অৱসাদত ভোগা মানুহে খাদ্য বেছিকৈ খাই আৰু মেদবহুল হৈ পৰে। কিছুমান মানুহে খাদ্য বস্তু ৰৈ গলে পেলাই দিবলৈ বেয়া পায় আৰু খাই থয়, যাৰ ফলত শৰীৰত মেদ জমা হয়।

Hypothyroidism, Hypogonadism, Cushing's syndrome নামৰ ৰোগ থাকিলে মেদবহুলতা হয়।
মগজুৰ আঘাত হৈ Hypothalamus ৰুগীয়া হলে খাদ্য ভালদৰে হজম কৰিব নোৱাৰা হয় আৰু ফলত মেদবহুলতা হব ধৰে।
যিবিলাক লোক বিলাসিতাৰ মাজত জীৱন নিৰ্বাহ কৰে আৰু শাৰিৰীক ব্যায়াম আদিৰ প্ৰতি উদাসীন তেওঁলোক মেদবহুলতাৰ চিকাৰ হয়।
গৰ্ভাৱস্থাত ধূমপান কৰা মহিলাৰ সন্তান জন্মৰ সময়ত থিক থাকিলেও বয়সত বঢ়াৰ লগে লগে মেদবহুল হয়।
জন্মৰ পিছত শিশুক কমেও ৬ মাহলৈ অকল মাতৃদুগ্ধ পান কৰাব লাগে। কিন্তু ৩ মাহতকৈ কম মাতৃদুগ্ধ পান কৰা শিশু স্কুল যোৱা বয়স মানৰ পৰা মেদবহুল হব ধৰে।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী , ফোন নং- 9864242002

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate