অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তিহীনতা

বিৱৰণ

শৰীৰত বলশক্তি নাপায়, দুৰ্বল দুৰ্বল অনুভৱ কৰে, মূৰ ঘুৰায়, ৰক্তহীনতা হয়, হাত-ভৰি জিন্‌জিনায়, মানসিক উদ্বেগ-উত্তেজনা বৃদ্ধি পায়, কোনো কামতে মনত উদ্যম নাথাকে, অলপ পৰিশ্ৰমতে ভাগৰ লাগে, শৰীৰ অৱশ হয়, টোপনি বেছি হয়, খিংখিঙীয়া স্বভাৱ হয় আৰু স্মৰণ শক্তি হ্ৰাস পায়| দীৰ্ঘদিন ধৰি নানা ৰোগত ভুগিলে, সাধাৰণতে যকৃৎ বা প্লীহাৰ, পুষ্টিহীনতা, অৰুচি, জ্বৰ, মেলেৰিয়া, ৰক্তহীনতা আদি ৰোগৰ ফলত শৰীৰ দুৰ্বল আৰু শক্তিহীন হৈ পৰে|

উপকাৰী খাদ্য:- পুষ্টিকৰ খাদ্য, কল, কণী, মাংস, মাছ, গাখীৰ, আম,

বিলাহী, আপেল, আঙুৰ, ডালিম, মধুৰিআম, অমিতা আদি|

অপকাৰী খাদ্য:- সহজে হজম নোহোৱা, শুকান টান বস্তু, জলা-মছলা, পূৰৈ শাক, মাটিমাহ, গুৰুপাকী খাদ্য|

শক্তিহীনতাত উপযোগী বনদৰৱ

  • শতমূলৰ ৰস ১০/১২ চামুচ এগিলাচ গাখীৰৰ লগত দিনে দুবাৰকৈ কিছুদিন খালে শৰীৰত বলশক্তি আহে|
  • ক’লা কচুৰ ঠাৰি সিদ্ধ কৰি কিছুদিন খালে শৰীৰত তেজ বৃদ্ধি হয়| পাতত মেৰিয়াই সিদ্ধ কৰি পিটিকি খালে বেছি উপকাৰ পোৱা যায়|
  • বুট ২০০ গ্ৰাম এৰাতি তিয়াই ৰাখি সেই পানী আৰু বুত পুৱাই খালী পেটত খালে শৰীৰত শক্তি বাঢ়ে|
  • আঙুৰৰ ৰস ৩/৪ চামুচ দিনে দুবাৰকৈ খালে শৰীৰত তেজৰ কণিকা বৃদ্ধি হয়|
  • পুৱা এগিলাচ পানী খোৱাৰ পিছত কেইফোটামান নহৰু অলপ পানীৰ লগত খালে শৰীৰত শক্তিবৰ্ধনৰ লগতে মগজুৰ শক্তিও বাঢ়ে|
  • শিঙিমাছ বা কুচিয়া মাছ জালুক, নহৰু দি জোল বনাই একেৰাহে কেইদিনমান খালে ৰক্তহীনতা দূৰ কৰি শৰীৰত শক্তি যোগায়|
  • পিয়াজৰ ৰস ৩ চামুচত মৌ এক চামুচ মিহলাই দিনে দুবাৰকৈ খালে শৰীৰত শক্তি বৃদ্ধি পায়|
  • আঠিয়া কলৰ লগত গাখীৰ সানি খালে শৰীৰত যথেষ্ট বলশক্তি বৃদ্ধি পায়|
  • পচতীয়াৰ কুমলীয়া পাত ঘিউৰে ভাজি খালে স্বাস্থ্য ভাল হয়|
  • পুনৰ্ণৱাৰ পাত ভাজি ভাতৰ লগত কিছুদিন নিয়মীয়াকৈ খালে ৰক্তহীনতা ৰোগ দূৰ হোৱাৰ লগতে শোথ ৰোগতো ভাল উপকাৰ হয়| ইয়াৰ ৰস খালেও একে উপকাৰ হয়|
  • ডালচেনি আৰু ক’লা তিল সমানে লৈ গুড়ি কৰি এক চামুচত একাপ গাখীৰৰ সৈতে খালে শৰীৰৰ দুৰ্বলতা নাশ হয়|
  • পটলৰ পাতৰ ৰস ৩ চামুচত মৌ মিহলাই দিনে দুবাৰকৈ খালে শৰীৰৰ দুৰ্বলতা কমে|
  • নিয়মিত নেমু টেঙাৰ চৰ্বতত চেনি মিহলাই খালে আৰু আপেল, মধুৰিয়াম, মালভোগ কল কিছুদিন খালে শৰীৰৰ দুৰ্বলতা নাশ হয়|
  • পুৱাই এগিলাচ গাখীৰ, এটা মালভোগ কল, এটা সিজোৱা কণী আৰু ব্ৰেড নিয়মীয়াকৈ কেইদিনমান খালে শৰীৰৰ পুষ্টিসাধন হৈ দুৰ্বলতা নাশ কৰে|

 

লেখক:- সত্যৰাম নাথ

উৎস:- সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 7/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate