বিৱৰণ

শৰীৰত বলশক্তি নাপায়, দুৰ্বল দুৰ্বল অনুভৱ কৰে, মূৰ ঘুৰায়, ৰক্তহীনতা হয়, হাত-ভৰি জিন্জিনায়, মানসিক উদ্বেগ-উত্তেজনা বৃদ্ধি পায়, কোনো কামতে মনত উদ্যম নাথাকে, অলপ পৰিশ্ৰমতে ভাগৰ লাগে, শৰীৰ অৱশ হয়, টোপনি বেছি হয়, খিংখিঙীয়া স্বভাৱ হয় আৰু স্মৰণ শক্তি হ্ৰাস পায়| দীৰ্ঘদিন ধৰি নানা ৰোগত ভুগিলে, সাধাৰণতে যকৃৎ বা প্লীহাৰ, পুষ্টিহীনতা, অৰুচি, জ্বৰ, মেলেৰিয়া, ৰক্তহীনতা আদি ৰোগৰ ফলত শৰীৰ দুৰ্বল আৰু শক্তিহীন হৈ পৰে|

উপকাৰী খাদ্য:- পুষ্টিকৰ খাদ্য, কল, কণী, মাংস, মাছ, গাখীৰ, আম,

বিলাহী, আপেল, আঙুৰ, ডালিম, মধুৰিআম, অমিতা আদি|

অপকাৰী খাদ্য:- সহজে হজম নোহোৱা, শুকান টান বস্তু, জলা-মছলা, পূৰৈ শাক, মাটিমাহ, গুৰুপাকী খাদ্য|

শক্তিহীনতাত উপযোগী বনদৰৱ

শতমূলৰ ৰস ১০/১২ চামুচ এগিলাচ গাখীৰৰ লগত দিনে দুবাৰকৈ কিছুদিন খালে শৰীৰত বলশক্তি আহে|

ক’লা কচুৰ ঠাৰি সিদ্ধ কৰি কিছুদিন খালে শৰীৰত তেজ বৃদ্ধি হয়| পাতত মেৰিয়াই সিদ্ধ কৰি পিটিকি খালে বেছি উপকাৰ পোৱা যায়|

বুট ২০০ গ্ৰাম এৰাতি তিয়াই ৰাখি সেই পানী আৰু বুত পুৱাই খালী পেটত খালে শৰীৰত শক্তি বাঢ়ে|

আঙুৰৰ ৰস ৩/৪ চামুচ দিনে দুবাৰকৈ খালে শৰীৰত তেজৰ কণিকা বৃদ্ধি হয়|

পুৱা এগিলাচ পানী খোৱাৰ পিছত কেইফোটামান নহৰু অলপ পানীৰ লগত খালে শৰীৰত শক্তিবৰ্ধনৰ লগতে মগজুৰ শক্তিও বাঢ়ে|

শিঙিমাছ বা কুচিয়া মাছ জালুক, নহৰু দি জোল বনাই একেৰাহে কেইদিনমান খালে ৰক্তহীনতা দূৰ কৰি শৰীৰত শক্তি যোগায়|

পিয়াজৰ ৰস ৩ চামুচত মৌ এক চামুচ মিহলাই দিনে দুবাৰকৈ খালে শৰীৰত শক্তি বৃদ্ধি পায়|

আঠিয়া কলৰ লগত গাখীৰ সানি খালে শৰীৰত যথেষ্ট বলশক্তি বৃদ্ধি পায়|

পচতীয়াৰ কুমলীয়া পাত ঘিউৰে ভাজি খালে স্বাস্থ্য ভাল হয়|

পুনৰ্ণৱাৰ পাত ভাজি ভাতৰ লগত কিছুদিন নিয়মীয়াকৈ খালে ৰক্তহীনতা ৰোগ দূৰ হোৱাৰ লগতে শোথ ৰোগতো ভাল উপকাৰ হয়| ইয়াৰ ৰস খালেও একে উপকাৰ হয়|

ডালচেনি আৰু ক’লা তিল সমানে লৈ গুড়ি কৰি এক চামুচত একাপ গাখীৰৰ সৈতে খালে শৰীৰৰ দুৰ্বলতা নাশ হয়|

পটলৰ পাতৰ ৰস ৩ চামুচত মৌ মিহলাই দিনে দুবাৰকৈ খালে শৰীৰৰ দুৰ্বলতা কমে|

নিয়মিত নেমু টেঙাৰ চৰ্বতত চেনি মিহলাই খালে আৰু আপেল, মধুৰিয়াম, মালভোগ কল কিছুদিন খালে শৰীৰৰ দুৰ্বলতা নাশ হয়|

পুৱাই এগিলাচ গাখীৰ, এটা মালভোগ কল, এটা সিজোৱা কণী আৰু ব্ৰেড নিয়মীয়াকৈ কেইদিনমান খালে শৰীৰৰ পুষ্টিসাধন হৈ দুৰ্বলতা নাশ কৰে|

লেখক:- সত্যৰাম নাথ

উৎস:- সম্ভাৰ