শীতকালত জহকালিতকৈ অধিক শ্বাস-প্ৰশ্বাসজনিত ৰোগ হোৱা দেখা যায়। চৰ্দি, নাক বন্ধ হৈ উশাহ-নিশাহত কষ্ট পোৱা, ডিঙিৰ সুৰসুৰণি হোৱা, কাঁহ, ইনফ্লুয়েঞ্জা, শ্বাসতন্ত্ৰৰ ওপৰত অংশৰ সংক্ৰমণ, নিউমোনিয়া, এজমা, ব্ৰংকাইটিছ আৰু এম্ফইচিমা আদি শীতকালত অধিক হোৱা দেখা যায়। হঠাৎ অলপ ঠাণ্ডা লাগিলেই চৰ্দি হয়। চৰ্দিয়ে নাক বন্ধ কৰি উশাহ-নিশাহ লোৱাত কষ্ট দিয়ে। সৰু ল’ৰা-ছোৱালীবোৰৰ এই সময়ত প্ৰায়ে ডিঙিৰ সুৰসুৰণি আৰু শুকান কাঁহ হোৱা দেখা যায়। সকলো বয়সৰ লোকেই ঠাণ্ডা পালেই ইনফ্লুয়েঞ্জা আৰু শ্বাসতন্ত্ৰৰ ওপৰ অংশৰ সংক্ৰমণত ভোগে। কেতিয়াবা নিউমোনিয়াও হোৱা দেখা যায়। এজমা আৰু ব্ৰংকাইটিছত ভোগা লোকৰ শীতকালত কষ্ট অধিক হোৱা দেখা যায়।
শীতকালৰ প্ৰচণ্ড ঠাণ্ডা আৰু ঠাণ্ডা শুকান বতাহৰ বাবে শ্বাস-প্ৰশ্বাস নলী সংকুচিত হয়। এনে হ’লে ব্যক্তিয়ে শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পায় আৰু শ্বাসতন্ত্ৰত ৰক্ত সঞ্চালন কম হয়। ৰক্ত সঞ্চালন কম হ’লেই শ্বাস-তন্ত্ৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমে। এনে অৱস্থাত বতাহত ঘূৰি-ফুৰা বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া আদিয়ে শ্বাসতন্ত্ৰৰ সংক্ৰমণ কৰি ইনফ্লুয়েঞ্জা, নিউমোনিয়া আদিৰ ৰোগৰ সৃষ্টি কৰে। আনকি এইবোৰে টনছিলাইটিছ, ছাইনাছাইটিছ আদি ৰোগো শীতকালত অধিক কৰে। ইয়াৰ পৰাই বীজাণু শ্বাসতন্ত্ৰত সোমাই শ্বাসতন্ত্ৰৰ সংক্ৰমণ কৰিব পাৰে। শীতকালত বায়ুত পানী কমে আৰু বৰষুণ কম হৈ বাবে বতাহত বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া আদি ঘূৰি-ফুৰা সহজ হয়। দিন চুটি হৈ সূৰ্য্যৰ পোহৰ আৰু ৰ’ত কম হয় বাবে এই বীজাণুবোৰ সহজতে নমৰে।
শীতকালত বায়ুত পানী কম থাকে। বৰষুণ কম হয়। ফলত ধূলি-বালি আদিৰ ওজন কমি বেছিকৈ উৰি ফুৰে। বৰষুণ কম হয় বাবে ঘৰ সজা, ৰাস্তা সজা, ফুলনি আৰু ঘৰ-বাৰীত কাম অধিক কৰে বাবে ধূলি বালি বাঢ়ে আৰু আমি এই ধূলি বালিৰ অধিক মুখামুখি হওঁ। ঠাণ্ডাত কাপোৰ বেছিকৈ লোৱা বাবে ধূলি বালি বেছি পাওঁ। সাধাৰণতে শীতকালত ফুল বেছিকৈ ফুলে বাবে ফুলৰ ৰেণু বেছি হয়। সৰু ল’ৰা-ছোৱালীয়ে ঠাণ্ডাৰ বাবে বাহিৰলৈ নগৈ ঘৰৰ ভিতৰতে পুতলা, খেলনা, পোহনীয়া জীৱ-জন্তু আদিৰ লগত খেলি থাকে। এইবোৰত থকা ধূলি-বালি সিহঁতেও পায়। শীতকালত ধান চপোৱা, ৰবি শস্য কৰা, ফুলনি আদি বেছি কৰাৰ বাবে ইয়াৰ ধূলি-বালি আৰু ঠাণ্ডা বতাহ অধিক পোৱা যায়। এই আটাইবোৰেই সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এলাৰ্জী সৃষ্টি কৰি চৰ্দি, ডিঙিৰ সুৰসুৰণি, এলাৰ্জিক শুকান কাঁহ আৰু এজমা আদিৰ সৃষ্টি কৰে। বয়সিয়াল এজমা আৰু ব্ৰংকাইটিছ ৰোগীৰ ৰোগ অধিক শোচনীয় কৰি তোলে। গ্ৰামাঞ্চল আৰু চহৰৰ কিছুমান ঠাইত ঠাণ্ডাৰ বাবে খৰি, খেৰ, কয়লা আদিৰে জুই পুৱায়। এই জুইৰ ধোঁৱা আৰু ধুলিয়েও এনেবোৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। শীতকালত উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদি অধিক হোৱা দেখা যায়। দীপাৱলী, মাঘবিহু, নৱবৰ্ষ আৰু বিবাহ আদিত ফুটোৱা ফটকা, আটছবাজী, মেজিৰ ধোঁৱা, ধূলি আমাৰ শ্বাসতন্ত্ৰৰ এলাৰ্জী সৃষ্টি কৰি এনেবোৰ ৰোগ অধিক কৰিব পাৰে।
শীতকালত এনেবোৰ সমস্যা এৰাই চলিবৰ বাবে শৰীৰটোক ঠাণ্ডাৰ পৰা ৰক্ষা কৰাৰ উপৰি পুষ্টিকৰ খাদ্য খাই আৰু পৰ্য্যাপ্ত শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰি ৰক্ত চলাচল অটুট ৰাখি সুস্বাস্থ্য বৰ্তাই ৰাখিব লাগে। দেহত ঠাণ্ডা লগাব নালাগে আৰু ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰিব লাগে। জৰম কাপোৰ, কঁপাহী মোজা আদি পিন্ধি শৰীৰটোক শীতৰ পৰা বচাব লাগে। ৰূম হিটাৰ ব্যৱহাৰ কৰিলেও কোঠাৰ ভেন্টিলেচন ঠিক থাকিব লাগে। টোপনি ভালদৰে মাৰিব লাগে। মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে। বিচনা পত্ৰ ৰ’দত শুকাই ল’ব লাগে। বতাহত থকা অসংখ্য ধূলি-মাকতি, ধোঁৱা আদি যাতে উশাহৰ লগত নাকৰ ভিতৰলৈ সোমাই নাযায় তাৰ বাবে ধূলি-ধোঁৱা, ঠাণ্ডা আদিৰ পৰা আঁতৰি থাকিব লাগিব। স্কুটাৰ, মটৰ চাইকেল আদি চলাওঁতে নাকত মাস্ক পিন্ধি চলাব লাগে। নিজৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে। যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা-বোৱাত সতৰ্ক হ’ব লাগে। শীতকালত খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে কেঁচা ফল-মূল আৰু সেউজীয়া শাক-পাচলি সন্নিৱিষ্ট কৰিব লাগে। দৈনন্দিন খাদ্য তালিকাত পৰ্য্যাপ্ত পৰিমাণৰ এন্টি অক্সিডেন্টযুক্ত খাদ্য আৰু বিটা কেৰ’টিনযুক্ত খাদ্য সন্নিৱিষ্ট কৰিব লাগে। দৈনন্দিন খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে কেঁচা ফল-মূল আৰু সেউজীয়া শাক-পাচলি সন্নিৱিষ্ট কৰিব লাগে। দৈনন্দিন খাদ্য তালিকাত পৰ্য্যাপ্ত পৰিমাণৰ এন্টি অক্সিডেন্টযুক্ত খাদ্য আৰু বিটা কেৰটিন’যুক্ত খাদ্য সন্নিৱিষ্ট কৰিব লাগে। মূলা, গাজৰ, বিলাহী, সেউজীয়া শাক-পাচলি আৰু সেউজীয়া চাহত বিটা কেৰ’টিন আৰু এন্টি অক্সিডেন্ট যথেষ্ট পৰিমাণে থাকে। কমলা, নেমু আদি টেঙাজাতীয় ফল, আপেল, গাজৰ, সেউজীয়া শাক-পাচলি, ফুলকবি, ব্ৰক’লি, নহৰু, আদা, বিট, মিঠা আলু আদি আমাৰ আহাৰৰ তালিকাত সন্নিৱিষ্ট কৰাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। পানী প্ৰচুৰ পৰিমাণে খাব লাগে। ঠাণ্ডা পানী খাব নোৱাৰিলে গৰম পানী খাব নোৱাৰিলে গৰম পানী অথবা ফলৰ ৰস হ’লেও খাব লাগে। উষ্ণ আৰু বিভিন্ন পুষ্টিকাৰক শাক-পাচলিৰে তৈয়াৰ কৰা চুপ বা সিজোৱা মাংসৰ জোল খোৱা ভাল। ৰোগ অধিক হ’লে চিকিৎসকৰ সহায় ল’ব লাগে।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত