অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাপানী নিয়ন্ত্ৰণৰ বাবে সঠিক আহাৰ ব্যায়াম

হাপানী নিয়ন্ত্ৰণৰ বাবে সঠিক আহাৰ ব্যায়াম

আহাৰ

হাপানী ৰোগীয়ে সদায় সহজতে হজম যাব পৰা খাদ্য গ্ৰহণ কৰিব লাগে। কেতিয়াও পেট ভৰাই আহাৰ খাব নালাগে। টেঙা, তেতেলী, ভেণ্ডি, কল, উৰহী, ৰহৰ দাইল আদি হাপানীৰ বাবে অপকাৰী। হাপানী ৰোগীয়ে ঠাণ্ডা বস্তু আৰু ৰাগিয়াল বস্তু খাব নালাগে। গৰম পানী খাব লাগে। গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা মিঠাই আদি খাব নালাগে। পুৱাৰ ভাগত অন্য জলপানৰ লগত গাখীৰ খাব লাগে। নহৰু, পিঁয়াজ আদি খাব লাগে। কাৰণ এনেকুৱা খাদ্যই হাওঁফাওঁৰ ভিতৰত সোমাই থকা জুলীয়া পদাৰ্থবোৰ বাহিৰ কৰি অনাত সহায় কৰে।

ব্যায়াম

অষ্টাংগ যোগ হাপানী ৰোগ নিৰাময় বিশেষকৈ প্ৰতিৰোধ কৰাত সহায়ক বুলি প্ৰমাণ হৈছে। হাপানী ৰোগীয়ে ব্যায়াম কৰা নিতান্তই প্ৰয়োজন। প্ৰাণায়ামৰ অভ্যাসে হাপানী ৰোগ নিৰাময় আৰু প্ৰতিহত কৰাত সহায়ক বুলি প্ৰমাণ হৈছে। হাপানী ৰোগীয়ে ঔষধ সেৱন আৰু সাৱধানতা অৱলম্বন কৰাৰ উপৰি যৌগিক ক্ৰিয়াদি কৰিলে এই ৰোগ আৰোগ্য হোৱাত যথেষ্ট সহায়ক হয়। হাপানী ৰোগীয়ে বিছনাৰ পৰা উঠি প্ৰাত:ক্ৰিয়াদি কৰি খালী পেটত পানী দুগিলাচমান খাই কেইটামান ব্যায়াম কৰিলে ৰোগী ৰোগমুক্ত হোৱাৰ সম্ভাৱনা অধিক হোৱা দেখা যায়। তদুপৰি যোগমুদ্ৰা, পৱনমুক্তাসন, অগ্নিসাৰ ধৌতি, বমন ধৌতি, সহজ প্ৰাণায়াম, নাড়ীশুদ্ধি প্ৰাণায়াম, শৱাসন প্ৰণালী আদি প্ৰতিদিনে দুবাৰকৈ কৰিলে বহুখিনি উপকাৰ পোৱা যায়। হাপানী ৰোগীয়ে মাজে-সময়ে উপবাসে থাকিব লাগে। ভাত খোৱাৰ পিচত বজ্ৰাসন কৰিব লাগে। তদুপৰি উপযুক্ত যোগাচাৰ্যৰ তত্ত্বাৱধানত আসনৰ শিক্ষা গ্ৰহণ কৰিব লাগে। প্ৰতিদিনে পুৱা আৰু সন্ধিয়া সময়ত প্ৰাণায়াম কৰিলে ৰোগ নিৰাময় আৰু প্ৰতিহত কৰিব পাৰে। কপালভাটি, অনুলোম-বিলোম আদি প্ৰাণায়ামক এই ক্ষেত্ৰত অতিশয় ফলপ্ৰসূ ব্যায়াম বুলি কোৱা হৈছে। হাপানী ৰোগীয়ে কোনোদিন মন দুৰ্বল কৰিব নালাগে। যিহেতু এই ৰোগত মৃত্যুৰ সংখ্যা তেনেই নগণ্য, তেনে ক্ষেত্ৰত ভয় কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। মাত্ৰ নিয়মানুৱৰ্তিতাটোহে আটাইতকৈ ডাঙৰ কথা। খোৱা, শোৱা, ফুৰা সকলো ক্ষেত্ৰতে সজাগতা থাকিলে হাপানী ৰোগ আৰু এজন সাধাৰণ মানুহৰ মাজত কোনো ক্ষেত্ৰতে পাৰ্থক্য নাথাকে।

লিখক: ডা: প্ৰাণকান্ত ভট্টাচাৰ্য, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate