অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেলিক'বেক্টৰ পাইল'ৰি

আজিৰ স্বাস্থ্য বিষয়ৰ আলোচনাত পাঠকসকলক এটি সঘনাই ভূগি থকা ৰোগৰ বিষয়ে কিছু লাগতিয়াল কথা অৱগত কৰাব খুজিছোঁ৷আপোনালোকৰ বহুতৰে পেটৰ বিষ, ভোক নলগা, পেট ফুলা, ওকালি অহা,বমি হোৱা,বুকু জ্বলা-পোৰা কৰা, টেঙাপানীৰ উগাৰ অহা আদিৰ অনুভৱ নিশ্চয় হৈছে৷এইবিলাকৰ ওপৰিও

কোনোজনৰ ওজন হ্ৰাস হোৱা,শৰীৰ দূৰ্বল হোৱা, ভাগৰ লগা, ক'লাবৰণৰ পাইখানা হোৱা আদি লক্ষণো থাকিব পাৰে৷কিন্তু এইবিলাকৰ কাৰণ হয়তো আপুনি নাজানিবও পাৰে৷দুই চাৰিটা পিল খাই অসুখটো হয়তো কমাই থয় নাইবা মনতে ভাবি লয় বিশেষ চিন্তনীয় ৰোগ নহয়, সাধাৰণ "গেষ্ট্ৰিক" ৰোগহে হৈছে৷

dr_bhupendra_saikia.jpg

১৯৮২ চনত মানুহৰ পাকস্থলীত থকা এবিধ গ্ৰাম নিগেটিভ বেক্টেৰিয়া চিনাক্ত কৰে অস্ট্ৰেলিয়াৰ পাৰ্থৰ ডা০ বেৰী মাৰ্শেল আৰু ডা০ ৰবীন ৱাৰেনে৷ সেইবিধ বেক্টেৰিয়াৰ নামাকৰণ হয় - কেম্পাইল'বেক্টৰ  পাইলৰি৷ পাচলৈ ইয়াক হেলিক'বেক্টৰ পাইল'ৰি নাম দিয়া হয় (চমুকৈ এইচ. পাইলৰি বোলা হয়)৷গ্ৰীক শব্দ হেলিক'ৰ অৰ্থ হ'ল দুৱাৰখীয়া৷

পাক  প্ৰণালীৰ দুৱাৰমুখত ইয়াৰ অৱস্থান বাবেই বোধহয় নতুন নামটো দিয়া হ'ল৷এই বিধ বেক্টিৰিয়াই মানুহৰ শৰীৰত আগতে উল্লেখ কৰা লক্ষণসমূহ  উৎপন্ন কৰিব পাৰে৷পাকস্থলীত  ইনফ্লেমেচন (গেষ্ট্ৰাইটিচ ),ঘা (গষ্ট্ৰিক আলচাৰ) আৰু পাকস্থলীৰ কেঞ্চাৰৰ কাৰক হব পাৰে এই বিধ  বেক্টেৰিয়া৷ এই উল্লেখনীয় আবিস্কাৰৰ বাবে  চিকিৎসকদ্বয়ক ২০০৫চনত মেডিচিনৰ ন'বেল বঁটা প্ৰদান কৰা হয়৷এসময়ত ভবা হৈছিল যে পাকস্থলীৰ  অৱস্থা গাড়ীৰ বেটেৰিৰ নিচিনা এচিডিক আৰু তেনে অৱস্থাত কোনো বেক্টেৰিয়া  তিষ্ঠিব নোৱাৰে৷কিন্তু এই ধাৰণাক ভুল প্ৰতিপন্ন কৰি হেলিক'বেক্টৰ পাইলৰিয়ে নিজৰ অস্তিত্ব প্ৰমাণিত কৰিলে৷ এইবিধ বেক্টেৰিয়াই  পাকস্থলীৰ কোমল মিউকাচ মেমব্ৰেনৰ ভিতৰত প্ৰবেশ কৰি পাকস্থলীৰ সুৰক্ষা ব্যৱস্থাক বিঘ্নিত কৰে৷যাৰ ফলত গেষ্ট্ৰিক এচিডে ইনফ্লেমেচন কৰি গেষ্ট্ৰাইটিচ আৰু পৰবৰ্তী পৰ্য্যায়ত ঘা বা আলচাৰ আৰু কিছুমানৰ ক্ষেত্ৰত পাকস্থলীৰ কেঞ্চাৰ কৰিব পাৰে৷

আপোনালোকে জানি আচৰিত হব বিশ্বৰ জনসংখ্যাৰ ৫০শতাংশৰ পৰা ৭৫শতাংশ লোকৰ  পাকস্থলীত হেলিক'বেক্টৰ পাইলৰি উপস্থিত থাকে৷আকৌ আক্ৰান্ত হলেও ৮০শতাংশ লোকৰ ৰোগৰ একো  লক্ষণ দেখা নাযায়৷ ৫০শতাংশ গেষ্ট্ৰিক কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত হেলিক'বেক্টৰ পাইলৰি উপস্থিতি ধৰা পৰিছে৷ পশ্চিমৰ উন্নত দেশসমূহৰ তুলনাত উন্নয়নশীল দেশসমূহত হেলিক'বেক্টৰ পাইলৰি আক্ৰান্তলোকৰ সংখ্যা বেচি৷ইয়াৰ কাৰণ ঘন জন-বসতি, পেয় জলৰ অব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু হেলিক'বেক্টৰ  পাইলৰিৰ দ্বাৰা আক্ৰান্তলোকৰ সৈতে সহ অৱস্থান৷

অনুমান কৰা মতে প্ৰদূষিত পানী আৰু খাদ্যৰ জৰিয়তে ল'ৰালি কালতেই মানুহৰ দেহত  হেলিক'বেক্টৰ পাইলৰিৰ প্ৰবেশ ঘটে৷কিন্তু ৰোগৰ লক্ষণ সমূহ প্ৰাপ্তবয়স্ক হলেহে দেখা যায়৷আকৌ  হেলিক'বেক্টৰ পাইলৰি থকা সত্বেও কিছুমানৰ শৰীৰত ৰোগৰ লক্ষণ কিয় দেখা নাযায় - সেই বিষয়ে বিজ্ঞানীসকলে কাৰণ বিচাৰি পোৱা  নাই৷

ৰোগ চিনাক্ত কেনেকৈ কৰিব ?

১) গেষ্ট্ৰিক আলচাৰ বেৰিয়াম মিল এস্কৰেৰ দ্বাৰা চিনাক্ত কৰিব পাৰি৷

২) এণ্ডোস্কোপি আৰু বায়প্সিৰ দ্বাৰা৷

৩) তেজ পৰীক্ষাৰ দ্বাৰা - তেজত থকা এইচ পাইল'ৰি এন্টিবডিৰ যোগেদি৷

৪) শৌচত থকা এইচ পাইল'ৰি এন্টিজেনৰ  দ্বাৰা৷

৫) য়ুৰিয়া ব্ৰেথ টেষ্ট - ৰেডিঅ'এক্টিভ কাৰ্বন আইচোটপ খাবলৈ দি পেটৰ পৰা ওলোৱা গেছৰ পৰিমান জুখি এই পৰীক্ষা কৰা হয়৷পেটত থকা এইচ পাইল'ৰিৰ পৰা 'ইউৰেজ' এনজাইম ওলায় যি ভাঙিলে এমনিয়া আৰু  কাৰ্বন ডাই অস্কাইড নিৰ্গত হয়৷

চিকিৎসা কেনেকৈ কৰা হয় ?

তিনিবিধ বা চাৰিবিধ ঔষধ সাধাৰণতে একেলগে ১০ৰ পৰা ১৪দিনলৈ দিয়া হয়৷ব্যৱহৃত এন্টিবায়িক সমূহ হ'ল -এমস্কিচিলিন, ক্লেৰিথ্ৰমাইচিন, টেট্ৰাইক্লিন আৰু মেট্ৰনিডাজল৷ব্যৱহৃত প্ৰটন পাম্প ইনহিবিটৰ সমূহ হ'ল - অমিপ্ৰাজল,লেন্সপ্ৰাজল, ডেস্কলেন্সপ্ৰাজল, ইচমোপ্ৰাজল, ৰেবিপ্ৰাজল আদি৷আকৌ কিছুমানক বিচমাথ চাবচেলিচাইলেট দিও চিকিৎসা কৰা হয়৷বিচমাথৰ পাৰ্শ্বক্ৰিয়া হ'ল- ইয়াৰ ৰঙ দাঁতত ধৰে আৰু শৌচ কচা কৰে৷ক্লেৰিথ্ৰমাইচিন আৰু মেট্ৰনিডাজলৰ পাৰ্শ্বক্ৰিয়া হ'ল মুখত মেটেলিক স্বাদ অনুভৱ কৰা৷কিছুমান ৰোগীয়ে সামান্য পাৰ্শ্বক্ৰিয়া হলেই ঔষধ বন্ধ কৰি দিয়ে৷তেওঁবিলাকে নিজৰ চিকিৎসকৰ কাষ চাপিলে

বিকল্প ব্যৱস্থা কৰা হয়৷আকৌ ড্ৰাগ ৰেজিচটেন্স কিছুমান ৰোগীৰ ক্ষেত্ৰত সমস্যা হৈ দেখা দিয়ে৷২০শতাংশ ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে এবাৰ দৰব খালেই ৰোগ নিৰাময় নহয়৷তেনে ৰোগীক ঔষধ সালসলনি কৰি পুনৰ দ্বিতীয় পালি খাবলৈ দিয়া হয়৷ শৌচ পৰীক্ষা নহলে ব্ৰিথ টেষ্টৰ দ্বাৰা ৰোগ নিৰাময়ৰ পৰীক্ষা কৰা হয়৷ তেজত  এন্টিবডি ৰোগ নিৰ্মূল হোৱাৰ পিছতো বহু মাহলৈ থকিব পাৰে  বাবে ফলো আপত তেজ পৰীক্ষা কৰা নহয়৷ঔষধ ব্যৱহাৰৰ সময়ত মদ্যপান আৰু ধুম্ৰপান অৱশ্য বৰ্জনীয়৷এই দুবিধৰ আসক্তিয়ে এইচ পাইল'ৰিয়ে আলচাৰ কৰাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে৷

মোখনিত কম যে আমি সাধাৰণ বুলি গণ্য কৰা ৰোগৰ পৰাই এইবিলাক জটিলতাই দেখা দিব পাৰে : গেষ্ট্ৰাইটিচ্, ডিঅ'ডিনাইটিচ, গেষ্ট্ৰিক আলচাৰ,  পাকস্থলীৰ ৰক্তক্ষৰণৰ ফলত হেমাটইমেচিচ-মেলিনা, শৰীৰ শুকাই ক্ষীণাই যোৱা আৰু পাকস্থলীৰ কেঞ্চাৰ আদি জটিল ৰোগ হব পাৰে৷ আনহাতে  হেলিক'বেক্টৰ পাইল'ৰিৰ চিনাক্তকৰন আৰু চিকিৎসা বেচ সহজ আৰু ফলপ্ৰসু৷পৰিস্কাৰ পৰিচ্ছন্নতাকে ধৰি  স্বাস্থ্য ৰক্ষাৰ সাধাৰণ বিধিসমূহ মানি চলক আৰু বিশুদ্ধ খোৱা পানী আৰু সুখাদ্য ব্যৱহাৰ কৰক, ৰাগিয়াল দ্ৰব্যৰ সংগ ত্যাগ কৰক- সমাজত স্বাস্থ্যবানলোকৰ সংখ্যা নিশ্চয় বৃদ্ধি পাব৷

ডা০ ভূপেন শইকীয়া

ড'হা কাটাৰৰ পৰা : ফোন ০৯৭৪-৩৩৭৩৮৭২২

ৰচনা কাল - জুন ২০১৩

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate