অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

“জণ্ডিচ” সম্বন্ধে জানিব লগীয়া লাগতিয়াল কথা

“জণ্ডিচ” সম্বন্ধে জানিব লগীয়া লাগতিয়াল কথা

এদিন বন্ধু মহন্তৰ চিন্তাক্লিষ্ট মাত টেলিফোনত ভাঁহি আহিল - ১২ বছৰীয়া ল'ৰা অম্লানৰ চিৰিয়াচ অসুখ৷ওচৰৰ ডাক্তৰক দেখুৱাই ভাল পোৱা নাই৷ ইফালে দুসপ্তাহৰ পিছত সৰ্বভাৰতীয় ডবা খেলৰ প্ৰতিযোগিতাত ভাগ লবলৈ চেন্নাইলৈ যাব লাগে৷ মোক লগ পাব খোজে৷ মই তেতিয়া দুসপ্তাহৰ ছুটীত গুৱাহাটীৰ ঘৰত৷ পিছদিনা পুৱা অম্লানক চালোঁ৷ ল'ৰাজনৰ অসুখৰ বিবৰণ এনেকৱা- এসপ্তাহমানৰ পৰা ভোক নলগা হৈছে, ওকালি আহি থাকে, বলপূৰ্বক কিবা খালে বমি হয়, শৰীৰ দূৰ্বল, গাত সাধাৰণ জ্বৰ, প্ৰসাৱৰ ৰঙ হালধীয়া৷ শৰীৰটো পৰীক্ষা কৰি দেখিলোঁ চকুকেইটা অলপ হালধীয়া পৰিছে; পেটত লিভাৰটো কিছু বাঢ়িছে৷  ৰোগ "ভাইৰেল হেপাটাইটিচ- এ" বুলি অনুমান কৰিলোঁ৷ প্ৰয়োজনীয় লেবৰেটৰী পৰীক্ষাখিনি কৰিব দি চিকিৎসা আৰম্ভ কৰিলো৷আবেলিলৈ মোৰ অনুমান সত্য প্ৰমাণিত হ'ল৷ এসপ্তাহ বেজী, ড্ৰিপ আৰু ঔষধ-পথ্যৰ ব্যৱহাৰ কৰি ৮০  ভাগ আৰোগ্য হ'ল আৰু সময়মতে ডবা খেলত ভাগলৈ পু্ৰস্কাৰ জিকি আহিল৷ এমাহৰ পিছত মোলৈ ই-মেইল আহিল - অম্লানৰ তেজৰ ৰিপৰ্ট এতিয়া সম্পূৰ্ণ স্বাভাবিক৷ গাত দেখা দিয়া "জণ্ডিচ" এতিয়া নোহোৱা হ'ল৷

এনেকুৱা ৰোগী সকলো ডাক্তৰে প্ৰায় পায়েই থাকে৷ সাধাৰণতে মানুহে কোৱা "জণ্ডিচ" এবিধ বেমাৰ নহয় - ৰোগৰ লক্ষণহে৷ জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী "জৌনে" শব্দৰ পৰা - যাৰ অৰ্থ হ'ল হালধীয়া ৷চকুৰ বগা অংশ, শৰীৰৰ ছালৰ বৰণ হালধীয়া হলে; প্ৰসাবৰ ৰঙ হালধীয়া হলে সাধাৰণতে জণ্ডিচ হোৱা বুজায়৷ লিভাৰৰ, পিত্তথলীৰ(গলব্লাডাৰ) বা পেনক্ৰিয়াচৰ অসুখ হলে মানুহৰ জণ্ডিচে দেখা দিয়ে৷ ঠিক যি দৰে জ্বৰ এবিধ ৰোগ নহয় - ৰোগৰ লক্ষণহে৷ মেলেৰিয়া,টাইফয়েড,টিবি, নিউমোনিয়া,খহু বা অইন যি কোনো বেমাৰৰ এটা লক্ষণ জ্বৰ হব পাৰে৷জণ্ডিচ লিভাৰৰ ভাইৰেল হেপাটাইটিচ (তাৰো আকৌ এ,বি,চি আৰু বেলেগ কেইবাবিধো আছে), এলকহলিক লিভাৰৰ অসুখ, চিৰচিচ, লিভাৰৰ টিউমাৰ আদি হলে দেখা দিব পাৰে৷ পেনক্ৰিয়াচৰ অসুখ পেনক্ৰিয়াটাইটিচ নাইবা পেনক্ৰিয়াচত টিউমাৰ হলে জণ্ডিচ এটা লক্ষণ হব পাৰে৷ পিত্তথলীৰ বিভিন্ন অসুখ যেনে পিত্তত পাথৰ বা টিউমাৰ হলে জণ্ডিচ হব পাৰে৷গতিকে জণ্ডিচৰ কাৰণ জানিবলৈ আৰু ৰোগৰ গভীৰতা বুজিবলৈ ন্যুনতম কৰিবলগীয়া পৰীক্ষা সমূহ হ'ল- প্ৰসাবৰ পৰীক্ষা, তেজৰ তেজৰ ৰুটিন পৰীক্ষা , বিলিৰুবিন, এচ জি অ'টি, এচ জি পিটি, , এলকেলাইন ফচফেটেজ, চেৰাম ইলেকট্ৰলাইট, এমাইলেজ, লাইপেজ , হেপাটাইটিচ-বি আৰু হেপাটাইটিচ-চিৰ কাৰ্ড টেষ্ট; বুকুৰ এক্সৰে আৰু  পেটৰ আলট্ৰচাউণ্ড কৰোৱাটো অতি লাগতিয়াল৷ এই পৰীক্ষা সমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা হয় আৰু ৰোগৰ গভীৰতা ঠাৱৰ কৰা হয়৷  সচৰাচৰ কৰা এই পৰীক্ষাখিনিৰ বাহিৰেও পিত্তনলীৰ আৰু পেনক্ৰিয়াচৰ  ৰোগৰ সবিশেষ জানিবলৈ চিটি স্কেন, এম আৰ আই স্কেন আৰু এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড ক'লেঞ্জিঅ' পেনক্ৰিয়াটগ্ৰাফি আদি উন্নত পৰীক্ষাৰ সহায় লবলগীয়া হয়৷ লিভাৰৰ কেঞ্চাৰ সন্দেহ হলে লিভাৰৰ বায়প্সি কৰিলগীয়া হ'ব পাৰে৷

এইখিনিতে কেৰোটিনেমিয়া  নামৰ এক অৱস্থাৰ বিষয়ে পাঠকক অৱগত কৰাব খুজিছো৷গোটা খাদ্য খাবলৈ  আৰম্ভ কৰা কিছুমান শিশুৰ এনে অৱস্থা দেখা দিব পাৰে৷ তেওঁবিলাকৰ ছালৰ বৰণ হালধীয়া হৈ পৰে, বিশেষকৈ হাতৰ আৰু ভৰিৰ তলুৱাৰ৷ কিন্তু চকুৰ পতা আৰু মুখৰ ভিতৰৰ ছাল কেতিয়াও হালধীয়া নহয়৷ ই এক বিপদজনক অৱস্থা নহয়৷অধিক বিটা-কেৰটিনযুক্ত খাদ্য খাদ্য খুউৱাৰ ফলত  কেৰোটিনেমিয়া হয়৷ গাজৰ,ৰঙালাউ, মিঠা আলু, ব্ৰুকলি আৰু বিভিন্ন সেউজীয়া শাক-পাচলিত  বিটা-কেৰটিন থাকে৷ বিটা-কেৰটিন হ'ল ভিটামিন-এৰ উৎস আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে এক অতি লাগতিয়াল তত্ব৷কিন্তু অনিয়ন্ত্ৰিত ব্যৱহাৰো  যে শৰীৰৰ  উপযোগী নহয় ইয়েই প্ৰমাণ কৰে৷

মানুহৰ তেজৰ ৰক্ত কণিকাৰ উৎপত্তি হাড়ৰ মজ্জাত  হয়৷ আমাৰ শৰীৰৰ বৃক্কই এৰিথ্ৰপয়েটিন নামৰ হৰমনৰ যোগান ধৰি হাড়ৰ মজ্জাক ৰক্ত কণিকা সৃষ্টিত অৰিহনা যোগায়৷ ৰক্ত কণিকাৰ আয়ুস ১২০ দিন৷

ৰক্ত কণিকাই শৰীৰৰ বিভিন্ন কোষক অক্সিজেনৰ যোগান ধৰে৷ ৰক্ত কণিকা লিভাৰ আৰু প্লীহাত  ভাঙিলে তাৰ  'হীম' বা লৌহ অংশৰ পৰা পৰা 'বিলিৰুবিন'  নামৰ হালধীয়া পদাৰ্থ বিধ বাহিৰ হয়৷ বিলিৰুবিন লিভাৰৰ পৰা নিৰ্গত হোৱা বাইল ৰসৰ লগত ওলাই গৈ আমাৰ পাক-প্ৰণালীত পৰি শৌচৰ যোগেদি বাহিৰ হয়৷ বাইল ৰসে আমাৰ খাদ্যক হজম হোৱাত সহায় কৰে৷  লিভাৰৰ পৰা বিলিৰুবিন ওলোৱা বাধা প্ৰাপ্ত হলে শৰীৰৰ কোষত  বিলিৰুবিন জমা হয়৷ তেজত সাধৰনতে ০.২  ৰ পৰা ০.৮ মিলিগ্ৰাম %  বিলিৰুবিন থাকে৷ তেজত ১.৫ মিলিগ্ৰাম %ৰ ওপৰৰ পৰিমাণৰ  বিলিৰুবিন  হলে জণ্ডিচে দেখা দিয়ে৷  জণ্ডিচৰ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহক সাধাৰণতে  এনেকুৱা -

১) ৰক্ত কণিকাৰ অতি মাত্ৰা ভংগুৰণ হলে যেনে মেলেৰিয়া, কে্ঞ্চাৰ, ঔষধৰ বিষক্ৰিয়াৰ ফলত৷

২) লিভাৰ ভাইৰাচ ৰোগত আক্ৰান্ত হলে৷

৩) পিত্তত পাথৰ বা কেঞ্চাৰ  হ'লে৷ পিত্তনলীত পেলু জাতীয় পৰাশ্ৰয়ী জীৱই প্ৰৱেশ কৰি বাইলৰ প্ৰবাহ বন্ধ কৰিলে, কোনো ৰোগৰ ফলত পিত্তনলী শুকাই সংকুচিত হলে৷

৪) পেনক্ৰিয়াচৰ  অসুখ বা টিউমাৰ হলে ৷ এইবিলাকৰ ওপৰিও কেতিয়াবা গৰ্ভৱস্থাত মহিলা গৰাকীৰ জণ্ডিচে দেখা দিব পাৰে৷ তেতিয়া চিকিৎসক কাষ চপাটো অত্যন্ত আৱশ্যকীয়, কিয়নো ই সদায় সাধাৰণ নহৈ কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷ আনহাতে নৱজাতকৰ জণ্ডিচ সাধাৰণতে দুসপ্তাহৰ ভিতৰত নাইকীয়া হব লাগে৷ নৱজাতকৰ জণ্ডিচত কেতিয়াবা ফটো-থেৰাপি দিবলগীয়া হয়৷এটা কথা মনত ৰাখিবলগীয়া - মাতৃ আৰু সন্তানৰ তেজৰ আৰ এইচ ফেক্টৰৰ অমিল হলে নৱজাতকৰ গুৰতৰ জণ্ডিচ হয়৷কিছুমান বংশগত বা জন্মগত  এনিমিয়া ৰোগতো জণ্ডিচে দেখা দিয়ে৷ এইবিলাকৰ ভিতৰত থেলাচেমিয়া, চিকল চেলএনিমিয়া, জি৬পিডিৰ অভাৱ আদি হ'ল প্ৰমুখ৷

জণ্ডিচৰ লগত যুক্তহৈ পৰিব পৰা জটিলতাবিলাকৰ এক চমু আভাস ডাঙি ধৰিব খুজিছো - সেইবিলাক হ'ল : হেপাটিক এনকেফাল'পেথি - অৰ্থাত অতিমাত্ৰা বিলিৰুবিনৰ ফলত মস্তিষ্ক বিকল হোৱা ; হেপাট'- ৰেনেল চিনড্ৰম -অতিমাত্ৰা বিলিৰুবিনৰ ফলত কিডনি বিকল হোৱা; এচাইটিচ- অৰ্থাত উদৰত পানী জমা হোৱা; হেমাটমেচিচ আৰু মেলিনা - তেজ বমি আৰু কলা পাইখানা হোৱা৷

এজন  জণ্ডিচত  ভোগা ৰোগীৰ লক্ষণসমূহ আৰম্ভণীতেই উল্লেখ কৰা হৈছে৷ লগত দুটামান কথা আৰু যোগ দিব খুজিছো৷ খোৱাৰ আভোক বা অৰুচি এনে এটা পৰ্য্যায় পাবগৈ পাৰে যে এজন ধূম্ৰপায়ী ব্যক্তিৰ  চিগাৰেটৰ প্ৰতীও অনীহা ওপজে৷ তেজত বিলিৰুবিন বঢ়াত বহুতো ৰোগীৰ শৰীৰত খজুৱতিৰ অনুভৱ হয়৷

জণ্ডিচৰ চিকিৎসা

জণ্ডিচত ভোগাৰোগীৰ চিকিৎসাত খাদ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ তেল,ঘিউ,মাখন,গাখীৰ,পনীৰ,মাংস,কণী সম্পূৰ্ণ বৰ্জিত কৰা ভাল৷ গ্লুক'জ, মিচিৰি, ফল-মূল, শাক পাচলি, কুহিয়াৰৰ ৰস, ডাবৰ পানী আদি হ'ল উপকাৰী খাদ্য৷ গ্লুকোজৰ ড্ৰিপ আৰু কিছু লাগতিয়াল ঔষধ চিকিৎসকে ৰোগীৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে৷

আগতেই কোৱা হৈছে "জণ্ডিচ" এবিধ ৰোগ নহয়, ৰোগৰ লক্ষণহে৷ গতিকে জণ্ডিচৰ চিকিৎসা বুলিলে পোনতেই লাগতিয়াল কথাটো হ'ল - জণ্ডিচৰ কাৰণটো অনুসন্ধান কৰি ওলিওৱা আৰু তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা৷লগতে যদি ৰোগৰ কিবা জটিলতাই দেখা দিছে, তাৰো উপযুক্ত চিকিৎসা দিয়া৷ তথাপিও প্ৰত্যেকজন জণ্ডিচত ভোগা ৰোগীৰ বাবে নিম্নলিখিত কথাখিনি প্ৰযোজ্য :

১) বিশ্ৰাম - শৰীৰৰ দুৰ্বলতাক কমোৱাত বিশ্ৰাম হয় সহায়ক৷

২) সম্পূৰ্ণৰূপে মদ খোৱা বাৰণ কৰা৷

৩) চিকিৎসকৰ অজ্ঞাতে একো ঔষধ সেৱন নকৰা৷

৪) শৰীৰৰ আদ্ৰতা  ঠিকে ৰাখিবলৈ ৰোগীয়ে উপযুক্ত পৰিমাণৰ জুলীয়া খাদ্য গ্ৰহণ কৰা৷প্ৰয়োজন হলে ড্ৰিপ বা চেলাইন লোৱা৷

৫) খাদ্য - অধিক কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰা৷ গ্লুক'জ, মিচিৰি, কুঁহিয়াৰৰ ৰস, ডাবৰ পানী,ফল-মূল হ'ল উপযোগী খাদ্য৷ সহজে হজম হোৱা পাচলি যেনে অমিতা,লাউ, বিলাহী,গাজৰ,কাচকল,আলু,কবি সিদ্ধ কৰি ৰোগীক খোৱাব লাগে৷

অসমীয়া বনৌষধি শাক পদীনা, পালেং, পুননৌৱা, মানিমুনি, তেঙেচি, খুতৰা, মাটিকান্দুৰি, নৰসিংহ, ভেদাইলতা, কলমৌ আদি জণ্ডিচৰ পৰম উপকাৰী পথ্য৷ পকা কৰ্দৈৰ ৰসো ভাল৷ চিকিৎসকে পেটত বেচি অম্ল বা এচিডিটি নহবৰ বাবেহে অধিক কৰ্দৈ খোৱাবলৈ হাক দিয়ে৷

ফল-মূলৰ ভিতৰত ৰসাল ফলসমূহ যেনে: আঙুৰ, মৌচম্বী, কমলা, আনাৰচ, তৰমুজ, ডালিম, আপেল, কল, নাচপতি আদি সকলোৱেই উপকাৰী৷

মাংস, কণী, তেল থকা মাছ, গাখীৰ, ঘিউ, মাখন, পনীৰ খোৱাটো অপকাৰী৷

এতিয়া চমুকৈ ৰোগৰ কাৰণ অনুসৰি চিকিৎসাৰ বিষয়ে দুআষাৰ: - যেনে মেলেৰিয়া হলে সেই ৰোগৰ উপযুক্ত ঔষধ প্ৰয়োগ কৰা৷পিত্তত পাথৰ হলে অপাৰেচনৰ দ্বাৰা তাৰ নিৰাময় কৰা৷ পেনক্ৰিয়াটাইটিচ হ'লে এন্টিবায়টিক আৰু অন্য উপযুক্ত দৰবেৰে তাৰ চিকিৎসা কৰা৷ভাইৰেল হেপাটাইটিচ- এ হ'লে ভিটামিন,লিভাৰৰ সহায়কাৰী ঔষধ আৰু গ্লুক'জ ড্ৰিপৰে চিকিৎসা কৰা৷ সময়ত বমি বা ওকালি বন্ধ কৰা ঔষধ দিবলগীয়া হয়৷কাচিৎত ৰোগ গুৰুতৰ হলে চিকিৎসকে কেতিয়াবা ষ্টেৰইডো প্ৰয়োগ কৰিব লগীয়া হয়৷ভাইৰেল হেপাটাইটিচ- বি বা ভাইৰেল হেপাটাইটিচ-চি ৰোগ হলে উপযুক্ত

এন্টিভাইৰেল দৰব প্ৰয়োগ কৰিবলগীয়া হয়৷নবজাতকৰ গুৰুতৰ জণ্ডিচ হলে ফটোথেৰাপি দিবলগীয়া হয়, অন্যথাই মস্তিষ্কৰ বিকৃতি ঘটাৰ সম্ভাৱনা থাকে৷ চিৰচিচ হলে পেটৰ পৰা পানী ওলিয়াবলগীয়া হব পাৰে৷ মেলিনা (কলা পাইখানা) বা  তেজ বমি হলে ৰোগীক ৰক্ত  দিয়াৰ প্ৰয়োজন হব পাৰে৷

ডা০ ভূপেন শইকীয়া



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate