অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা বা অতি বেছি শকত হোৱা

মেদবহুলতা বা অতি বেছি শকত হোৱা

শৰীৰৰ এডিপ’চ টিছুত অতিৰিক্ত চৰ্বি জমা হৈ শৰীৰৰ ওজন স্বাভাৱিকতকৈ ২০ শতাংশ বৃদ্ধি কৰিলে মেদবহুলতা বোলা হয়।

মেদবহুলতাৰ বাবে শৰীৰত বহুতো ক্ষতিকাৰক প্ৰভাৱ পৰাৰ উপৰিও কম বয়সতে মৃত্যুও হব পাৰে।

মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, উচ্চ ৰক্ত কলেষ্ট্ৰল, হূদয়ৰ ৰোগ, মধুমেহ, গ’ল ব্লাডাৰ পাথৰ আৰু কিছুমান ধৰণৰ কেঞ্চাৰ হব পাৰে।

অতি বেছি খাদ্য খোৱা আৰু সেই অনুপাতে কায়িক শ্ৰম নকৰাৰ বাবেও মেদবহুলতা হয়। বংশগত ভাৱেও মেদবহুলতা হব পাৰে।

মেদবহুলতাৰ কাৰণ

  • শৰীৰে শক্তি গ্ৰহণ আৰু শক্তি খৰছ কৰাৰ মাজত দীৰ্ঘদিনীয়া অসমতাৰ বাবে মেদবহুলতা বা ওজন বৃদ্ধি হয়।
  • খাদ্যৰ লগত বেছিকৈ চৰ্বি গ্ৰহণ কৰাৰ ফলত মেদবহুলতা হয়।
  • কমকৈ কায়িক শ্ৰম কৰা আৰু অলস-অৱস জীৱনশৈলীও মেদবহুলতাৰ এটা কাৰণ।
  • জটিল ভাব-ভংগী আৰু মানসিক অৱস্থাৰ বাবেও বেছিকৈ খাদ্য গ্ৰহণৰ ফলত মেদবহুলতা হব পাৰে।
  • শৰীৰৰ শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত মেটাবলিক বিসংগতি থকাৰ বাবে চৰ্বি জমা হৈ মেদবহুলতা হব পাৰে।
  • শিশু আৰু বয়সন্ধি অৱস্থাত হোৱা মেদবহুলতাৰ বাবেও প্ৰাপ্তবয়স্কত এই সমস্যা হবগৈ পাৰে।
  •  

    শৰীৰৰ আদৰ্শ ওজন

    প্ৰাপ্তবয়স্কলোকৰ শৰীৰৰ ওজন উচ্চতাৰে হৰণ কৰি জোখা হয়। সাধাৰণতে এই জোখ বডি মাছ ইণ্ডেস্ক ওজনৰ (কিল’গ্ৰামক) ব্যক্তিজনৰ উচ্চতাৰ স্কোৱাৰেৰে হৰণ কৰি জোখা হয়।

    ওজন (কিল’গ্ৰাম)÷ উচ্চতা(মিটাৰ)

    যদি বি এম আই ১৮.৫তকৈ কম হয় তেন্তে প্ৰয়োজনকৈ কম ওজন

    ২৫  তকৈ বেছি হয় তেন্তে প্ৰয়োজনকৈ বেছি ওজন

    ৩০  তকৈ বেছি হয় তেন্তে মেদবহুলতা

    ওজন কেনেকৈ কমাব পাৰি?

  • ভজা বস্তু কমকৈ খাব লাগে।
  • ফল-মূল আৰু শাক-পাছলি বেছিকৈ খাব লাগে। আঁহযুক্ত খাদ্য যেনে দাইল, বুট আদি বেছিকৈ খাব লাগে। দৈনিক ব্যায়াম কৰি শৰীৰৰ ওজন স্বাভাৱিক ৰাখিব লাগে।
  • লাহে লাহে ওজন কমাব লাগে।
  • অতি বেছিকৈ উপবাস কৰিলে স্বাস্থ্যহানি হব পাৰে।
  • শাৰিৰীক শ্ৰম অনুপাতে বিভিন্ন ধৰণৰ ভাল পোৱা খাদ্য ভাৰসাম্য ৰাখি খাব লাগে।
  • কমকৈ অধিকবাৰ নিয়মিয়াকৈ আহাৰ খাব লাগে।
  • চেনী, চৰ্বি জাতীয় আহাৰ, এলক’হল কমাই খাব লাগে।
  • কম চৰ্বিযুক্ত গাখীৰ খাব লাগে।
  • প্ৰটিন সমৃদ্ধ খাদ্য, কম পৰিমাণৰ কাৰ্বহাইড্ৰেট আৰু চৰ্বি থকা খাদ্য গ্ৰহণে ওজন কমায়।
  • উৎস: আইএনডিজি দল।


    © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate