অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰৰ বিষ/আদকপালী(মাইগ্ৰেইন)

মূৰৰ বিষ/আদকপালী(মাইগ্ৰেইন)

মূৰৰ বিষ: প্ৰায় সকলো লোকৰে কম বেছি পৰিমাণে মূৰৰ বিষ হয়। কিছুমান সময়ত এই মূৰৰ বিষে অতি কষ্ট দিয়ে। কিন্তু বেছিভাগ মূৰৰ বিষেই সাময়িক। সাধাৰণতে মূৰৰ বিষ সাময়িক আৰু অলপ সময়ৰ পাছতে নিজে নিজে ঠিক হৈ যায়। কিন্তু যদি খুব বেছিকৈ মূৰৰ বিষ হয়। তেন্তে চিকিত্সকৰ লগত পৰামৰ্শ কৰাটো অতি দৰকাৰ। এই ক্ষেত্ৰত লাজ কৰা উচিত নহয়। জ্বৰৰ সময়ত বা মাজে মাজে মূৰৰ বিষ হ’লেও চিকিত্সকক দেখুৱাটো অতি প্ৰয়োজন।

মূৰৰ বিষ কেতিয়া বিপদজনক হয়?

সকলো মূৰৰ বিষৰ বাবে চিকিত্সাৰ প্ৰয়োজন নহয়। সময়মতে খোৱা-বোৱা নকৰিলে বা পেশীৰ সংকোচনৰ ফলতো কেতিয়াবা মূৰৰ বিষ হয়। এনে ধৰণৰ মূৰৰ বিষ ঘৰতে ঠিক কৰিব পৰা যায়। কিন্তু কিছুমান বিশেষ মূৰৰ বিষৰ বাবে চিকিত্সকক দেখুৱা আৰু চিকিত্সা কৰাৰ প্ৰয়োজন। তলত দিয়া উপসৰ্গবোৰ দেখা দিলে চিকিত্‍সা কৰাৰ প্ৰয়োজন হৈ পৰে:

  • হঠাতে খুব বেছিকৈ মূৰ বিষোৱা। যি অতি যন্ত্ৰণাদায়ক আৰু সহ্যসীমাৰ বাহিৰ হৈ যায়।
  • জ্ঞান লুপ্ত হয়, দৃষ্টিশক্তি কমি যায় আৰু শৰীৰ দূৰ্বল কৰি পেলায়।
  • মূৰৰ লগতে কান্ধ বিষায় আৰু জ্বৰ উঠে।

তলত উল্লেখ কৰা উপসৰ্গবোৰে দেখা দিলে দৰব খাব লাগে:

  • মূৰৰ বিষৰ বাবে টোপনী নোহোৱা।
  • অপ্ৰত্যাশিতভাৱে মূৰৰ বিষৰ ধৰণ আৰু সময় সলনি হোৱা।
  • মূৰৰ বিষৰ প্ৰকৃত কাৰণ আৰু ধৰণ বুজি নাপালে চিকিত্সকৰদ্বাৰা চিকিত্সাৰ ব্যৱস্থা কৰোৱা।
  • মানসিক চাপ, আদকপালী (মাইগ্ৰেইন) আৰু শব্দ প্ৰদূষণৰ ফলতো মূৰৰ বিষ হয়। আদকপালী আৰু শব্দ এই দুয়োটা শিৰা সম্বন্ধিয় মূৰৰ বিষ। শাৰিৰীক অৱসাদে আমাৰ মূৰৰ শিৰাৰ ওপৰত প্ৰভাৱ পেলায়, আৰু বিষৰ সৃষ্টি হয়। মূৰৰ শিৰাবোৰ অস্বাভাৱিকভাৱে সংকোচন আৰু প্ৰসাৰণ হোৱাৰ ফলত মূৰত ধপধপনি বাঢ়ে আৰু মূৰৰ বিষ হয়। শিৰাজনিত মূৰৰ বিষৰ ভিতৰত শব্দৰ বাবে হোৱা মূৰৰ বিষ আমাৰ বাবে অতি পৰিচিত। এইটো এটা সাধাৰণ ধৰণৰ মূৰৰ বিষ।
  • শব্দৰ বাবে হোৱা মূৰৰ বিষ মাজে মাজে হয়। এসপ্তাহ বা এমাহলৈকে ই মাজে মাজে হৈ থাকিব পাৰে। পুৰুষসকলৰ মাজত এই ধৰণৰ মূৰৰ বিষ বেছিকৈ হোৱা দেখা যায়। কেতিয়াবা ই অতি কষ্টদায়ক হৈ উঠিব পাৰে।

মূৰৰ বিষৰ কাৰণ নিৰ্ণয়

বেছিভাগ মূৰৰ বিষ সাধাৰণ কাৰণতেই হয়। ইয়াৰ বাবে সাধাৰণ ঔষধেই যথেষ্ট। আদকপালী বা আন ধৰণৰ মূৰৰ বিষৰ বাবে চিকিত্সকৰ পৰ্য্যবেক্ষণত থাকি ঔষধ খাব লাগে।

মূৰৰ বিষৰ বিষয়ে আৰু কিছু

মানসিক চাপৰ ফলত হোৱা মূৰৰ বিষ

  • এনে মূৰৰ বিষ একেবাৰে সাধাৰণ। মানসিক চাপ বাঢ়িলেই এই ধৰণৰ মূৰৰ বিষ হয় আৰু মানসিক চাপৰ লগতে মূৰৰ বিষো কমে।
  • কেতিয়াবা কঁপালত, কুঁমত আৰু কেতিয়াবা কান্ধত এই বিষ বিয়পি পৰিব পাৰে। এই বিষ একেধৰণেই হৈ থাকে।
  • মূৰত এডাল ফিটা বান্ধি বহুতে এই মূৰৰ বিষ কমোৱাৰ চেষ্টা কৰে।
  • এই ধৰণৰ মূৰৰ বিষ বেছি সময় ধৰি থাকিলেও মানসিক চাপ আঁতৰাৰ লগে লগে এই বিষো নোহোৱা হয়।
  • আদকপালীৰ দৰে এই মূৰৰ বিষৰ কোনো আগতীয়া উপসৰ্গই দেখা নিদিয়ে। সাধাৰণতে হোৱা মূৰৰ বিষৰ ৯০ শতাংশই এই ধৰণৰ মূৰৰ বিষ।

চাইনাছৰ বাবে হোৱা মূৰৰ বিষ

চাইনাছৰ মূৰৰ বিষ সংক্ৰমণ বা এলাৰ্জীৰ বাবে হয়। ঠাণ্ডা লাগি নাকৰ ভিতৰফালে বা ওপৰৰ হাড়ত শেঙুণ জমা হৈ উশাহৰ পথ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত মূৰৰ বিষ হয়। মূৰত চাপ বঢ়াৰ লগে লগে এই বিষো বাঢ়িবলৈ ধৰে। এই বিষ বৰ কষ্টকৰ হয়। ৰাতিপুৱাৰ ভাগত এই বিষ আৰম্ভ হয়। তললৈ হাউলি দিলে এই বিষ বাঢ়ে।

ছাইনাছৰ বাবে হোৱা মূৰৰ বিষৰ সাধাৰণ লক্ষণবোৰ:

  • কঁপাল, ডিঙি, আৰু চকুৰ দুয়োফালে বিষ।
  • দাঁতৰ ওপৰৰ পাৰি বিষোৱা যেন লাগে।
  • ঠাণ্ডা লগা আৰু জ্বৰ উঠা।
  • মুখমণ্ডল ঘাঁমি যোৱা।
  • এনে মূৰৰ বিষত ঠাণ্ডা আৰু গৰম দুয়োটা অৱস্থাতে কষ্ট পোৱা যায়।

আদকপালীৰ বাবে হোৱা মূৰৰ বিষ

আদকপালীৰ মূৰৰ বিষ প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ হ’ব পাৰে৷ সাধাৰণতে মূৰৰ এফালে এই বিষ হয়। কেতিয়াবা দুয়োফালে হ’ব পাৰে৷ মূৰৰ বিষৰ লগতে আন আন উপসৰ্গও দেখা যায়৷ এইবোৰৰ ভিতৰত বমি ভাৱ, পোহৰ সহ্য কৰিব নোৱাৰা, চকুৰে দেখা নোপোৱা, জ্বৰ, টোপনী ভাৱ আদি প্ৰধান৷

মাইগ্ৰেইনৰ সাধাৰণ উপসৰ্গবোৰ:

  • চকু ঘূৰাই আনফালে চালে কষ্ট পোৱা যায়৷
  • মূৰৰ এটা ফালে ধপধপকৈ বিষ হয়৷ এই বিষ কেতিয়াবা অতি কষ্টদায়ক হৈ পৰে৷
  • অৰুচি আৰু বমি।
  • শব্দ আৰু পোহৰ সহ্য কৰিব নোৱাৰা।
  • আদকপালীৰ বিষ বিভিন্ন লোকৰ ক্ষেত্ৰত বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি৷ কিছুসংখ্যক লোকৰ ক্ষেত্ৰত কিছুমান খাদ্যই ক্ৰিয়া কৰা দেখা যায়৷ যেনে, চক’লেট, চিজ, তৈয়াৰ হৈ থকা মাংস, ৱাইন, কেফেইন, মদ আদি৷ মদ আৰু কেফেইনৰ ব্যৱহাৰে এই বিষ কিছু কমায়৷

বিশেষ তথ্য: যদি খুব বেছিকৈ মূৰৰ বিষ হৈ থাকে; তেন্তে মূৰৰ বিষৰ ধৰণ, আৰু ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ কেনেধৰণৰ ব্যৱস্থা লয় সেই তথ্যসহ চিকিত্সাৰ লগত আলোচনা কৰা দৰকাৰ৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate