অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আচিনাই- জানিবলগীয়া কথাবোৰঃ

আচিনাই- জানিবলগীয়া কথাবোৰ কি কি-

 

 

ইংৰাজী Wart শব্দৰ অসমীয়া প্ৰতিশব্দ ডট অৰ্গ অনলাইন অভিধানত বিচাৰোঁতে এইদৰে পালোঁ- Wart- ছালত হোৱা এবিধ টান টেমুনা, ফোঁহা- কাঠ আচিনাই, আচিনাই, আঁজনি, আজিনাই। আকৌ চন্দ্ৰকান্ত অভিধানৰ মতে- আজিনাই- চকুৰ পিৰিকটিত হোৱা এবিধ সৰু ফোঁহা (a sty on the eye-lid)। সি যি কি নহওক, সকলো লোকে এই আচিনাইৰ বিষয়ে জানিবলগীয়া অনেক কথা আছে। ইতিমধ্যে কেইবাজনো পাঠকে আচিনাইৰ বিষয়ে লিখিবলৈ মোক অনুৰোধ জনাইছে। এই লেখাৰ মাধ্যমেৰে পাঠকসকলৰ উৎসুকতা নিবাৰণৰ প্ৰয়াস কৰিম।

আচিনাই হ’ল সাধাৰণতে মানুহৰ ছালৰ ওপৰত দেখা দিয়া কিছুমান সৰু সৰু টেমুনা। যাৰ আকাৰ এক মিলিমিটাৰৰ পৰা ১০ মিলিমিটাৰ পৰ্যন্ত হ’ব পাৰে। এজন ব্যক্তিৰ শৰীৰত তেনে টেমুনা এটা বা কেইবাটাও, শৰীৰৰ এটা অংশত নাইবা কেইবাঠাইতো থাকিব পাৰে। সাধাৰণতে টেমুনাৰ ওপৰখন খহটা হয়। কাষৰ ছালৰ তুলনাত এই টেমুনা ডাঠ নাইবা পাতল ৰঙৰ হোৱা দেখা যায়। টেমুনাৰ মধ্যভাগত তেনেই ক্ষুদ্ৰ ক’লা দাগ এটা থাকিব পাৰে- সেয়া তেজৰ শুকান চেঁকুৰা (Thrombosed capillary blood)।

আচিনাইৰ উৎপত্তি কিয় হয়-

 

আচিনাই- জানিবলগীয়া কথাবোৰঃহিউমেন পেপিলমা ভাইৰাছ (HPV) নামৰ ডি এন এ ভাইৰাছে আক্ৰমণ কৰিলে এজন ব্যক্তিৰ শৰীৰৰ ছালৰ কোনো অংশত আচিনাই উঠিব পাৰে। হিউমেন পেপিলমা ভাইৰাছৰ কমেও ১৩০টা প্ৰজাতি আছে। প্ৰজাতি অনুসৰি শৰীৰত দেখা দিয়া লক্ষণসমূহৰ কিছু তাৰতম্য হ’ব পাৰে। শৰীৰত প্ৰৱেশৰ পিছত এই ভাইৰাছ ছালত ক্ষিপ্ৰতাৰে বাঢ়িব ধৰে। সাধাৰণতে ছালত সামান্য জখম থাকিলে নতুবা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকিলে ভাইৰাছৰ প্ৰৱেশ সুচল হয়। আকৌ শৰীৰৰ এঠাইত আচিনাই ৰূপে খোপনি পোতাৰ পিছত তাক চিকুটি-বাকুটি-আঁচুৰি শৰীৰৰ আন ঠাইত খজুৱালে-মোহাৰিলে সেই অংশত ভাইৰাছে নতুনকৈ কলনী পাতিবলৈ সক্ষম হয়। এই প্ৰক্ৰিয়াক Autoinoculation বোলে। দাঢ়ি খুৰাওঁতে আচিনাই এখন গালৰ পৰা আনখন গাললৈ বিয়পিব পাৰে।

পুৰুষ-মহিলা, শিশু যিকোনো বয়সৰ লোকৰে আচিনাই হ’ব পাৰে। সাধাৰণতে কম বয়সীয়া লোকৰ আচিনাই বেছিকৈ হয়। যিকোনো কাৰণতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা লোকৰ, কৰ্কট আৰু এইচ আই ভিত আক্ৰান্ত লোকৰ, অংগ প্ৰত্যাপন (অৰ্গেন ট্ৰান্সপ্লাণ্ট) কৰা লোকৰ আচিনাই হোৱাৰ সম্ভাৱনা বেছি। এনে লোকৰ আচিনাইৰ চিকিৎসাৰ সুফল মুঠেই আশা কৰিব নোৱাৰি।

সংখ্যাগত দিশৰ পৰা গালত দেখা দিয়া শালমইনাৰ পিছতেই আচিনাইৰ প্ৰাদুৰ্ভাৱ দেখা যায়। প্ৰতি চাৰিজনৰ ভিতৰত তিনিজন ব্যক্তিৰ জীৱনকালৰ কোনো এটা সময়ত আচিনাইত আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ কোনো কোনোজনৰ আচিনাই নিজে নিজে নোহোৱা হোৱাও দেখা যায়।

কিছুমান আচিনাইত খজুৱতি হয় আৰু কিছুমান আচিনাইৰ পৰা সহজে তেজ বিৰিঙে।

আচিনাইৰ প্ৰকাৰ-

 

সাধাৰণতে হাতৰ বা ভৰিৰ আঙুলি আৰু আঁঠুৰ ওপৰত আচিনাই বেছিকৈ হোৱা দেখা যায়। কিন্তু শৰীৰৰ আন আন অংশ যেনে- জননাংগ, মুখৰ ভিতৰৰ কোমল ছাল (মিউকাছ মেমব্ৰেন), লেৰিংগাছ (বাকযন্ত্ৰ) আদিতো টেমুনা হ’ব পাৰে।

(১) ভেৰুকা ভালগাৰিছ হ’ল আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা আচিনাই। বহুতে ইয়াক কাঠ আচিনাই আখ্যা দিয়ে। ইয়াৰ বিশেষত্ব হ’ল- ই ছালৰ পৰা উঠা, আকৃতি ঘূৰণীয়া বা ডিম্বাকৃতিৰ, ছাইজ ১ৰ পৰা ১০ মিলিমিটাৰ, চুবলৈ কঠিন আৰু খহটা, ওপৰখন ফুলকবি সদৃশ্য, সাধাৰণতে হাত-ভৰিৰ আঙুলি নহ’লে আঁঠুৰ গাঁঠিত বেছিকৈ হোৱা দেখা যায়।

(২) ভৰিৰ তলুৱাত হোৱা Planter warts/Verrucasৰ বিশেষত্ব হ’ল ছালত চেপেটা হৈ থাকে, মধ্য অংশত মৰা তেজৰ ক’লা দাগ দেখা যায়, শৰীৰৰ ভৰ পৰে বাবে এইবিলাকত সাধাৰণতে বিষ হয়। ভৰিত সামান্য জখম বা ছিদ্ৰ থাকিলে ৰাজহুৱা স্নানাগাৰ বা ছুইমিং পুলৰ পৰা ভাইৰাছে ব্যক্তিজনক আক্ৰমণ কৰে।

(৩) মুখমণ্ডল বা ডিঙিত হোৱা Filiform warts/Verruca filiformisৰ বিশেষত্ব হ’ল- ই পাতল দীঘলীয়া ওলমি থকা আচিনাই।

(৪) হাতৰ বা ভৰিৰ নখৰ লগত সংলগ্ন Periungual Wartৰ বিশেষত্ব হ’ল- ই নখৰ আকৃতি বিকৃত কৰে, ওখ আৰু খহটা, বিষযুক্ত।

(৫) Plane wart/Verruca planaৰ বিশেষত্ব হ’ল- ই হালধীয়া বা মাংসৰ বৰণৰ, মিহি চেপেটা, ২ৰ পৰা ৪ মিলিমিটাৰ ছাইজৰ, মুখমণ্ডল-হাত-ভৰিত বেছিকৈ হয়। শিশু আৰু মহিলা বেছিকৈ আক্ৰান্ত হয়।

(৬) Mosaic wartৰ বিশেষত্ব হ’ল- ই জাক পাতি থাকে, সাধাৰণতে হাত আৰু ভৰিৰ তলুৱাত হোৱা দেখা যায়।

(৭) Genital wart হ’ল পুৰুষ আৰু মহিলা উভয়ৰে জননাংগত হোৱা অতি গুৰুত্বপূৰ্ণ বিসংগতি। এনে আচিনাই শৌচদ্বাৰটো দেখা দিব পাৰে। বিশেষকৈ শিশুৰ এনে ঠাইত আচিনাই দেখিলে শিশু বা কিশোৰজন অপ্ৰাকৃতিক যৌনক্ৰিয়াত ভুক্তভোগী হোৱাৰ ফলত হ’ব পাৰে। প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাৰ যৌনাংগত হোৱা আচিনাই সংগমৰ যোগেদি বিয়পে। আক্ৰান্ত মহিলাৰ একাধিকবাৰ পেপ স্মিয়েৰ কৰি জৰায়ুৰ কৰ্কট ৰোগ নোহোৱাটো নিশ্চিত কৰিব লাগে। আজিকালি গাৰ্ডাচিল নামৰ ভেকচিন দি মহিলাসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াটো সম্ভৱপৰ হৈ উঠিছে।

আচিনাইৰ চিনাক্তকৰণ-

 

বায়’প্সিৰ দ্বাৰা চিনাক্তকৰণ নিশ্চিত কৰিব পাৰি। মনত ৰাখিবলগীয়া একে সাদৃশ্য থকা ৰোগ আন দুটা হ’ল- চেবৰিক কেৰাইটিছ আৰু চৰ্মৰ কেঞ্চাৰ।

আচিনাই কোনো কোনোজন ব্যক্তিয়ে কাচিৎ পৰিয়ালৰ পৰা জন্মসূত্ৰেও আহৰণ কৰিব পাৰে। মুখমণ্ডল আৰু কণ্ঠৰ, যৌনাংগৰ, শৌচদ্বাৰৰ আচিনাই কদাচিৎ কৰ্কট ৰোগলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ যদি ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম আৰু তাত কিছু পৰিমাণে জেনেটিক কাৰক যুক্ত থাকিলে।

আচিনাইৰ চিকিৎসা-

 

লগোৱা (ট’পিকেল), ছাৰ্জিকেল, ক্ৰায়োছাৰ্জাৰী, লেজাৰ, ডাক্ট টেপ থেৰাপী আদি ভাগত ভগাব পাৰি। নিৰ্দিষ্ট কেছ অনুসৰি চিকিৎসকে চিকিৎসা পদ্ধতি বাছি লয়। প্ৰতিজন ৰোগীয়েই যে চিকিৎসা ল’ব লাগিব তেনে নহয়। আকৌ বহু চেষ্টা কৰিও কেতিয়াবা চিকিৎসকে এশ শতাংশ নিৰ্মূল কৰিব নোৱাৰে। বহুতৰ চিকিৎসাৰ পিছতো আচিনাই পুনৰ উক দি উঠে। কিছুমানৰ নিজে নিজেও আচিনাই কমি যায়। ঘাইকৈ কছমেটিক কাৰণত অৰ্থাৎ দেহৰ উন্মুক্ত অংশত থকা আচিনাই আঁতৰ কৰিবৰ বাবে ৰোগীয়ে চিকিৎসকৰ কাষ চাপে। ইয়াৰ পিছত আহি পৰে চিকিৎসকৰ দায়িত্ব আৰু কৰণীয়।

ট’পিকেল চিকিৎসাৰ বাবে উপলব্ধ ঔষধসমূহ হ’ল- চেলিচাইলিক এচিড, ৰেটিনয়ড, পডোফাইলিন, ফ্লুৰইডৰাচিল, ব্লিঅ’মাইচিন, ইমিক্কিমোড, ডাইমিথাইল ইথাৰ-প্ৰপেন স্প্ৰে’ আদি।

কেমিকেল বাৰ্ন কৰিবলৈ উপলব্ধ ঔষধিসমূহ হ’ল- ফৰমেলডিহাইড, গ্লুটেলডিহাইড, ছিলভাৰ নাইট্ৰেট আদি।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ভূপেন শইকীয়া)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate