অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ "চকু" !

আমাৰ "চকু" ! শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত এটা । বৰ্তমান আপুনি সহজভাৱেই ফেচবুক চলাই আছে আৰু মোৰ এই পোষ্টটো পঢ়ি আছে কিন্তু ইয়াৰ পিছত আপোনাৰ মগজু আৰু চকু দুটাই Experience দিবলৈ কি কি কৰি আছে হয়টো আপুনি নাজানে । আপুনি জানেনে ? যে বাতাবৰণ পৰিস্কাৰ হ'লে ৰাতিৰ আন্ধাৰত মানুহৰ চকুৱে বাইশ (২২) কিলোমিটাৰ দূৰৈত অৱস্থিত জ্বলন্ত মমৰ শিখা এডাল স্পষ্টকৈ দেখা পাই।

এই লিখনিটোত মানুহৰ চকুৰ গঠন আৰু কাৰ্য্যপ্ৰণালীৰ বিষয়ে কিছু ৰোমাঞ্চকৰ তথ্য দিবলৈ যত্ন কৰিছোঁ .........

Working of the Eye :-

প্ৰকৃতিয়ে আমাৰ চকু কেইটা এনেকুৱাকৈ বনাইছে যে যিকোনো সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হ'লে যেনে:-"চকুৰ মণিত ৰঙা দাগ পৰা আদি" সেইয়া চকুৰ কাৰ্নিয়াই (Cornea) দুদিনৰ ভিতৰত নিজেই ঠিক কৰি ল'ব পাৰে !
চকুৱে পোহৰক নিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেটলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেটৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেটৰ বিশ্লেষণ হয় আৰু জীৱই দেখা পাবলৈ সক্ষম হয়।
আমাৰ চকুৱে যেতিয়া বাহিৰৰ পৃথিৱীখন চাই তেতিয়া চকুৰ ৰেটিনাত দৃশ্যবোৰে ওলোটাকৈ অৰ্থাৎ upside down হৈ ধৰা দিয়ে আৰু আমাৰ মগজুৱে চিধাকৈ Entertained কৰাই । কিন্তু আপুনি এইটো নাভাৱিব যে ওলোটা দৃশ্যটো চিধা কৰি দেখা ব্ৰেইনৰ এই কলাটো আমি জন্মৰ পৰাই পাওঁ । কিয়নো আমি যেতিয়া জন্ম হৈছিলো তেতিয়া সকলো বস্তু ওলোটাকৈয়ে দেখা পাইছিলোঁ । আপুনি চাব পাৰে , যেতিয়া কোনো নৱজাত শিশুৰ সন্মুখত আপুনি হাঁহিব তেতিয়া সি আপোনালৈ এক অদ্ভুত চাৱনি দিব , কাৰণ সেই সময়ত সি সকলো বস্তু ওলোটাকৈয়ে দেখে আপোনাৰ চেহেৰাটোও ওলোটাকৈ দেখিব ।
নৱজাত শিশুৰ কথা উলাইছে যেতিয়া এই বিষয়ে আৰু দুটামান আচৰিত আৰু আমোদজনক কথা উনুকিয়াই থোৱা ভাল হ'ব ।
নৱজাত শিশু এটাই যেতিয়া কান্দে চকু পানী নোলাই, জন্মৰ পাঁচ-ছয় সপ্তাহৰ পিছতহে চকু পানী উলিয়াই কান্দে । আৰু এটা Amazing Fact হ'ল শিশু এটাই জন্মৰ সময়ত সকলো বস্তু black and white দৰেই দেখে ।তেওঁলোকৰ বাবে তেতিয়া গোটেই পৃথিৱীখনেই Black and white নিচিনা লাগে ।

Amazing properties of the Eye :-

 

মানৱ দেহৰ চকুৰ কাৰ্নিয়াই এনে এক অংগ য'ত কোনো ৰক্ত বাহিকা সিৰা নাই আৰু সেইয়ে কাৰ্নিয়াক অক্সিজেনৰ প্ৰয়োজন নাই । মানুহ আৰু চাৰ্কৰ চকুৰ কাৰ্নিয়া একেই ধৰণে গঠিত বাবে চাৰ্জাৰীৰ দ্বাৰা চাৰ্কৰ কাৰ্নিয়া মানুহৰ কাৰ্নিয়াৰ লগত সলনি কৰিব পাৰি ।
মেৰুদণ্ডী আৰু অন্য কিছুমান জীৱৰ চকুত ৰেটিনা নামৰ একতৰপ স্নায়ু কোষেৰে গঠিত এখন পোহৰ-সংবেদী পৰ্দা থাকে। ৰেটিনাত শংকু কোষ (ৰঙৰ বাবে) আৰু দণ্ড কোষ (কম পোহৰৰ বাবে) নামৰ দুই প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰে ৰেটিনাত আপতিত পোহৰক নিউৰেল সংকেটলৈ ৰূপান্তৰ কৰে। এই সংকেট অপটিক স্নায়ুৰ মাধ্যমেদি মগজুত প্ৰৱেশ কৰে। এনে চকুবোৰ কিছু গোলাকৃতি আৰু গোলকটো ভিট্ৰিয়াছ হিউমাৰ নামৰ এবিধ জেলী-সদৃশ স্বচ্ছ তৰলেৰে পূৰ্ণ হৈ থাকে। পোহৰৰ প্ৰৱেশ পথত (পিউপিল) এখন লেন্স থাকে আৰু লেন্সখন আইৰিছ নামৰ এবিধ পেশীয়ে ধৰি ৰাখে। আইৰিছৰ চাৰিওকাষৰ পেশীৰ সংকুচন-প্ৰসাৰণৰ বাবে পিউপিলৰ আকাৰ সৰু-ডাঙৰ হব পাৰে, ফলত চকুত প্ৰৱেশ কৰা পোহৰৰ মাত্ৰা নিয়ন্ৰিত হৈ থাকে,আৰু অত্যাধিক পোহৰত দিক্ ভ্ৰান্ত হোৱাৰ অনুপাতো হ্ৰাস কৰে।
আমি বাহিৰৰ পৃথিৱীখনক চাই যি স্মৃতি স্মৰণ কৰোঁ তাৰে আশী শতাংশই আমাৰ চকু দুটিৰ দ্বাৰা সম্ভৱ হয় ।দেখিবলৈটো ই মাত্ৰ আঠ গ্ৰামৰ গোটা মাৰ্বলটোৰ দৰে । কিন্তু আমাৰ চকুটো প্ৰায় দুই মিলিয়ন parts ৰে সৃষ্টি হৈছে । যদি আপুনি আপোনাৰ চকুটো magnified কৰি চাই তেন্তে প্ৰায় 20 lakh parts দেখা পাব । এই সকলোখিনিয়েই মিলি কাম কৰি আছে আমাক দৃষ্টি দিবলৈ । ব্ৰেইনৰ পিছতে চকুটোকেই আমাৰ শৰীৰৰ আটাইতকৈ জটিল অংগ বুলি মানি লোৱা হয় ।
ই পৃথিৱীৰ যিকোনো কেমেৰাটকৈ অধিক বেছি শক্তিশালী যদি Magapixel ৰ কথা কোৱা হয় তেন্তে 576 magepixels. মানুহৰ চকুৰ আকাৰ (Size)জন্মৰ পৰা বৃদ্ধাৱস্থা লৈকে একেই থাকে কিন্তু সময়ৰ লগে লগে চল্লিশ বছৰ বয়সৰ পিছত আমাৰ চকুৰ লেন্স শকত হৈ আহে আৰু সেইবাবেই চছমা ল'ব লগা হয় ।

Blinking :-

 

মানুহে এবাৰত প্ৰায় ০.৪ ৰ পৰা ০.৫ চেকেণ্ড সময় লৈকে চকু টিপ মাৰে । যেতিয়া আপুনি চকু টিপ মাৰে অৰ্থাৎ blink কৰে তেতিয়া আন্ধাৰত থকা হয় কিন্তু ই ইমান কম সময়লৈ হয় যে সেইয়া আমি গমকে নাপাওঁ । এতিয়া আপুনি এই পোষ্টটো পঢ়ি থকাৰ মাজতে যেতিয়া blink কৰিছে তাৰ দ্বাৰা ০.৩ চেকেণ্ড লৈকে আপোনাক আন্ধাৰ দেখা দিছে । এবাৰ আপুনি নিজেই ভালকৈ মন কৰক ! যেতিয়া আমি এই ক্ষন্তেকীয়া মুহূৰ্ত বোৰ জোৰা দিওঁ তেন্তে ৰিজাল্ট পাওঁ যে দিনটোৰ প্ৰায় ত্ৰিশ মিনিট সময় আমি আন্ধাৰত থাকোঁ মানে আমাৰ গোটেই জীৱন কালত প্ৰায় পাঁচ বছৰ সময় blinkingৰ জৰিয়তে আন্ধাৰত থাকোঁ ।আৰু যদি আমি নম্বৰৰ কথা কওঁ তেন্তে এদিনত আমি প্ৰায়
আঠাইশ হাজাৰ বাৰ চকু টিপ মাৰো ।


Colour Ditection :-

 

মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে আমাৰ পৃথিৱীত কিমান বিধ ৰং আছে ?
সৰুতে আমি যেতিয়া ৰং পেন্সিল ব্যৱহাৰ কৰিছিলোঁ তেতিয়া মাত্ৰ বাৰ বা চৌবিশ বিধ ৰং পাইছিলোঁ কিন্তু প্ৰকৃততে এই পৃথিৱীত গণিব নোৱাৰাকৈ অসংখ্য ৰং আছে । এই অগণন ৰং-ৰ ভিতৰত আমাৰ চকুৱে দহ মিলিয়ন অৰ্থাৎ এক কোটি ৰং চিনিব পাৰে । এই অগণন ৰংৰ ভিতৰত কিছুমান এনেকুৱা ৰংও আছে যি আমাৰ চকুৱে ধৰিব নোৱাৰে ।

Eye Colours :-

 

পৃথিৱীৰ সৰহ সংখ্যক জনসংখ্যাৰেই black & brown ৰং ৰ চকু দেখিবলৈ পোৱা যায় । Blue Eye থকা লোকৰ সংখ্যাও যথেষ্ট ।
কেতিয়াবা এনেকুৱা মানুহো দেখা পোৱা যায় যাৰ চকুৰ বৰণ Gray , green আৰু Red আনকি violet ৰংৰ চকুও আছে । কিন্তু আপুনি জানেনে ! আজিৰ পৰা দহ হাজাৰ বছৰৰ আগতে সকলো মানুহৰে চকুৰ ৰং ব্ৰাউন আছিল , অৰ্থাৎ পিতল বৰণীয়া চকু (Brown Eye) য়েই হ'ল Original Eye Colour . যাৰ চকুৰ ৰং নীলা তেওঁলোকে আন ব্যক্তিতকৈ বেছি পৰিমাণে মাদক দ্ৰব্য সেৱন কৰিব পাৰে বুলি জানিব পোৱা যায় ।
সঁচাকৈয়ে আমাৰ চকু দুটি প্ৰকৃতিৰ এক মহান সৃষ্টি নহয়নে বাৰু ? !!
(লিখাটো প্ৰস্তুত কৰোঁতে ইন্টাৰনেটৰ সহায় লোৱা হৈছে , পাঠক উপকৃত হোৱা বুলি জানিলে লিখকৰ শ্ৰম সাৰ্থক হ'ব )_ ধন্যবাদ ।

 

লিখক-ৰঞ্জন ভূঞা,অসমীয়াত কথা বতৰা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate