অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ূৰ্বেদত নেত্ৰ ৰোগৰ চিকিৎসা :

আয়ূৰ্বেদত নেত্ৰ ৰোগৰ চিকিৎসা :

 

আয়ুৰ্বেদ হৈছে পৃথিৱীৰ ভিতৰতে এটা অতি প্ৰাচীন চিকিৎসা পদ্ধতি যাৰ উৎপত্তি হৈছিল আমাৰ ভাৰতবৰ্ষত। আয়ুৰ্বেদৰ আদি গ্ৰন্থ হৈছে বেদ যাৰ বাবে ইয়াক পন্ষম বেদ বুলিও জনা যায়। মহৰ্ষি সূশ্ৰুত আচাৰ্যক শল্য়্য(surgery) চিকিৎসা আৰু মহৰ্ষি চৰক আচাৰ্যক কায়াচিকিৎসা (medicine) ৰ আদিগুৰু বা জনক বুলিও কোৱা হয়। আয়ুৰ্বেদক প্ৰধানতঃ আঠটা ভাগত বিভক্ত কৰা হৈছে, যাক অষ্টাং‌গ আয়ুৰ্বেদ বুল কোৱা হয়। ইয়াৰ ভিতৰত শালক্য তন্ত্ৰ হৈছে এটা প্ৰধান ভাগ। শালক্য তন্ত্ৰত প্ৰধানতঃ নেত্র বা চকু, কান, নাক, ডিঙি আৰু দাতৰ বিভিন্ন ৰোগৰ বিষয়ে বৰ্ননা কৰা হৈছে।

আয়ুৰ্বেদৰ বিভিন্ন বিভাগ সমূহৰ দৰে নেত্র ৰোগ আৰু ইয়াৰ বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতিৰ বিষয়ে অতি বিষদ আৰু বিগ্য়ানসন্মত ভাৱে বৰ্ণনা কৰা হৈছে।প্ৰায় পাঁচ হাজাৰ বছৰ আগতে আয়ুৰ্বেদৰ আচাৰ্য সকলে বিভিন্ন ধৰণৰ চকুৰ ৰোগৰ বিষয়ে উল্লেখ কৰি গৈছে যিবিলাক আজিও অতি প্ৰাসংগিক হৈ আছে। আচাৰ্য সূশ্ৰুতে ৭৬ বিধ, চৰকে ৯৬ বিধ আৰু ভাগৱত্তই ৯৪ বিধ চকুৰ ৰোগৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰি গৈছে। ইয়াৰ ভিতৰত-

*অভিষ্য়ন্দ (conjunctivitis),

*অধিমন্থ (glaucoma),

*লিংগনাশ (cataract),

*অৰ্ম(pterygium),

*তিমিৰ (myopia, hypermetropia, presbyopia),

*লগন (chalazion),

*স্ৱব্ৰন সুক্ৰ (corneal ulcer),

*নক্তান্ধ (night blindness) ইত্যাদি প্ৰধান।

চকুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ কাৰণে ক্ৰীয়াকল্প নামেৰে অতি বিগ্য়ানসন্মত চিকিৎসা পদ্ধতি কিছুমান আছে যাৰ প্ৰয়োগৰ দ্বাৰা চকুৰ বিভিন্ন দুৰাৰোগ্য ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়। ক্ৰিয়াকল্পৰ অন্তৰ্গত বিভিন্ন চিকিৎসা প্ৰনালীসমুহ তলত উল্লেখ কৰা হ’ল-

১) আষ্য়োতন –

ইয়াত বিভিন্ন ধৰণৰ আয়ূৰ্বেদিক ঔষধ দ্ৰব্য eye drop হিচাপে ব্যৱহাৰ কৰা হয়। জয়বাংলা বা চকু উঠা(conjunctivitis), চকুৰ বিভিন্ন ধৰণৰ এলাৰ্জি জনিত ৰোগ আদিত ই অতি ফলপ্ৰসূ।

২) পৰিষেক –

এই পদ্ধতিত বিভিন্ন আয়ূৰ্বেদিক চূৰ্ণ ঔষধৰ জুলীয়া মিশ্ৰণ বনাই তাক ভালদৰে চেকি লোৱা হয়। ইয়াৰ পিছত মিশ্ৰণ খিনি চকুৰ পৰা প্ৰায় চাৰি আঙুলি ওপৰৰ পৰা ধাৰা হিচাপে চকুত প্ৰয়োগ কৰা হয়।

৩) অঞ্জন (collyrium)-

এই পদ্ধতিত চকুৰ নোমৰ গুৰিত(lid margin) বিভিন্ন ঔষধি দ্ৰৱ্য প্ৰয়োগ কৰা হয়।

4) তৰ্পন –

তৰ্পন হৈছে এবিধ অতি বিশেষ ধৰণৰ পদ্ধতি। ইয়াত ঘীৰ লগত বিভিন্ন ধৰণৰ ঔষধি দ্ৰব্য মিশ্ৰণ কৰি ৰোগীৰ চকুৰ চাৰিওফালে প্ৰায় এঘন্টাৰ কাৰণে ৰখা হয়। ৰেটিনা জনিত বিভিন্ন ৰোগ যেনে diabetic retinopathy, optic atrophy, glaucoma, high myopia আদিত তৰ্পন ব্যৱহাৰ কৰি অতি ভাল ফল পোৱা যায়।

৫) পুটপাক –

এইটো পদ্ধতি তৰ্পনৰ দৰে একে, কেৱল ইয়াত ঔষধি দ্ৰব্য হিচাপে কেচা মাংসৰ ৰস ব্যৱহাৰ কৰা হয়।

৬) বিড়ালক-

ইয়াত বিভিন্ন ঔষধ দ্ৰব্য চকুৰ চাৰিওফালে লেপন হিচাপে ব্যৱহাৰ কৰা হয়।

৭) পিন্ডী –

এইটো পদ্ধতিত ঔষধি দ্ৰব্য পৰিস্কাৰ কাপোৰত পোত্তলী বা পিন্ড হিচাপে ব্যৱহাৰ কৰা হয়।
উপৰোক্ত ক্ৰিয়াকল্প পদ্ধতি সমূহ ঘৰত নিজাকৈ প্ৰয়োগ কৰিব অসুবিধা হয়। গুৱাহাটীৰ জালুকবাৰী স্হিত চৰকাৰী আয়ূৰ্বেদিক মহাবিদ্যালয় ও চিকিৎসালয়ত এই চিকিৎসা পদ্ধতি সমূহ প্ৰদান কৰা হয়। পাঠক সকলৰ বোধগম্য হোৱাত অসুবিধা হব পাৰে, তাৰ বাবে দুখিত।

লেখক: ডাঃ অলকেশ মজুমদাৰ।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৯৪৩৫০১৭৯৬৮



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate