অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কনজাংটিভাইটিছ

কনজাংটিভাইটিছ

চকুৰ ৰোগবোৰৰ ভিতৰত কনজাংটিভাইটিছ এক অন্যতম ৰোগ। যিকোনো বয়সৰ লোকৰ বছৰৰ যিকোনো সময়তে এই ৰোগে গা কৰি উঠিব পাৰে। তথাপি তুলনামুলকভাৱে গ্ৰীষ্মকালত সৰু সৰু ল’ৰা-ছোৱালী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সৰু ল’ৰা-ছোৱালীৰ যত্ন লোৱা ব্যক্তিসকলৰ মাজত ই অধিক হোৱা দেখা যায়। বাংলাদেশৰ পৰা বিয়পি এই ৰোগ অসম পাইছেহি বাবে আজিও অসমত এই ৰোগৰ এক জনপ্ৰিয় নাম ‘জয় বাংলা’। অন্যহাতে মাদ্ৰাজ চহৰৰ (বৰ্তমানৰ চেন্নাই) চকু চিকিৎসক ডা: ক্ৰিক পেট্ৰিকে পোন প্ৰথমবাৰৰ বাবে এবিধ এডিনো ভাইৰাছে এই ৰোগ সৃষ্টি কৰিব পাৰে বুলি আৱিষ্কাৰ কৰা বাবে এই ৰোগক ‘মাদ্ৰাছ আই’ বুলিও কোৱা হয়। বহু লোকৰ মাজত ই ‘পিংক আই’ নামেও জনাজাত।

কনজাংটিভাই কি?

আমাৰ চকু দুটাৰ বগা অংশ আৰু চকুৰ পতাৰ ভিতৰ ভাগ আৱৰি থকা স্বচ্ছ আৱৰণখনক কনজাংটিভা বুলি কোৱা হয়। চকু দুটাৰ বগা অংশক আৱৰি থকা অংশখিনিক বালবাৰ কনজাংটিভা আৰু চকুৰ পতাৰ ভিতৰ ভাগ আৱৰি থকা অংশক পালপেব্ৰেল কনজাংটিভা বুলি কোৱা হয়। এই দুই অংশক সংলগ্ন কৰি ৰখা অংশক ফোৰনিক্স বুলি কোৱা হয়। কনজাংটিভাত ৰক্ত যোগান প্ৰচুৰ হয়। সেয়েহে ৰক্তৰ ৰোগ ৰক্তহীনতা চাবলৈ চিকিৎসকসকলে পালপেব্ৰেল কনজাংটিভাখন পৰীক্ষা কৰি চাঁও।

কনজাংটিভাইটিছ কি?

কনজাংটিভাৰ সংক্ৰমণ আৰু প্ৰদাহ হৈ কনজাংটিভাখন ৰঙা হৈ চকুৰ পৰা অতিমাত্ৰা পানী বা আঠা জাতীয় পদাৰ্থ নিৰ্গত হ’লে আমি কনজাংটিভাইটিছ হোৱা বুলি কওঁ। ই একিউট আৰু ক্ৰনিক দুই ধৰণৰ হ’ব পাৰে। ইয়াৰে কিছুমান সোঁচৰা প্ৰকৃতিৰ হোৱা বাবে একোটা পৰিয়ালতে বহুতৰে হ’ব পাৰে। সোঁচৰ প্ৰকৃতিৰ কনজাংটিভাইটিছ প্ৰথমে এটা চকুত আৰম্ভ হৈ দুই-তিনি দিনমান পিছত আনটো চকুলৈ বিয়পে। সৰু সৰু ল’ৰা-ছোৱালীৰ দুয়োটা চকুতে একেলগে হোৱা দেখা যায়। কেতিয়াবা কনজাংটিভা আৰু চকুৰ পতাৰ প্ৰদাহ একেলগে হয়, তেতিয়া তাক ব্লেফেৰাইটিছ বুলি কোৱা হয়। কৰ্ণিয়া আৰু কনজাংটিভাৰ প্ৰদাহ একেলগে হ’লে কেৰাটো কনজাংটিভাইটিছ বুলি কোৱা হয়।

কনজাংটিভাইটিছৰ সাধাৰণ লক্ষণ

  • চকু ৰঙা পৰা আৰু খজুৱতি হোৱা।
  • চকুৰ খোচখোচনি হোৱা।
  • চকুৰ পোৰণি আৰু বিষ আৰম্ভ হোৱা।
  • চকু ফুলি উঠা।
  • চকুৰ পৰা অতিমাত্ৰা পানী ওলাই থকা
  • চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিব নোৱাৰা হোৱা বাবে পোহৰত চকু মেলিব নোৱাৰা হোৱা।
  • চকুৰ পৰা ফেচকুৰি আৰু আঠাজাতীয় পদাৰ্থ নিৰ্গত হোৱা বাবে শুই উঠাৰ পিছত চকু বান্ধি থয়।
  • চকুৰ পৰা পূজ জাতীয় পদাৰ্থও ওলাব পাৰে।
  • জ্বৰ, মূৰৰ বিষ আদিও হ’ব পাৰে।

কনজাংটিভাইটিছ হোৱাৰ কাৰণ আৰু প্ৰকাৰ

কনজাংটিভাইটিছ হোৱাৰ কাৰণ বহুতো। কাৰণ অনুযায়ী কনজাংটিভাইটিছক বিভিন্ন প্ৰকাৰে নামাকৰণ কৰা হয়। কাৰণবোৰৰ ভিতৰত মুখ্য কাৰণ হ’ল-সংক্ৰমণ, এলাৰ্জী, চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়া, নৱজাতকৰ জন্মগত আৰু অন্যান্য কাৰণ। সংক্ৰমণজনিত কাৰণ বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণ দুয়োবিধে হ’ব পাৰে।

বেক্টেৰিয়েল কনজাংটিভাইটিছ

বেক্টেৰিয়েল কনজাংটিভাইটিছ মুখ্যত গোনোককাছ, ককচ্‌-ওৱেলচি বেচিলাচ, নিউমোকোকাছ, ষ্টেফাইলোকোকাছ, ষ্ট্ৰেপ্টোকোকাছ, হিমোফিলাচ ইনফ্লুৱেঞ্জা, টি বি বেচিলাছ আৰু ক্লেমাইডিয়া বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয়। ই প্ৰথমে এটা চকুত আৰম্ভ হৈ পিছলৈ আনটো চকুলৈ বিয়পে। কনজাংটিভাইটিছৰ সাধাৰণ লক্ষণবোৰৰ উপৰি এইবিধ কনজাংটিভাইটিছত চকু ৰঙা পৰাৰ তীব্ৰতা অধিক হয় আৰু চকুৰ পৰা বগা বা হালধীয়া পূজ জাতীয় পদাৰ্থ নিৰ্গত হয়। ই সোঁচৰা প্ৰকৃতিৰ। সাধাৰণতে গনৰীয়া ৰোগত ভোগা ব্যক্তিয়ে সোঁহাতেৰে ইউৰেথ্ৰেল ডিছজাৰ্চ লাৰি সোঁ চকুতে চোৱে বাবে, এনে বিধৰ কনজাংটিভাইটিছ সোঁ চকুত বেছিকৈ হয়।

ভাইৰেল কনজাংটিভাইটিছ

ভাইৰাছৰ ভিতৰৰ মুখ্যত: এডিনো ভাইৰাছ দায়ী। এইবিধ কনজাংটিভাইটিছত সাধাৰণ লক্ষণবোৰৰ উপৰি জ্বৰ, মূৰৰ বিষ আদি হ’ব পাৰে। নাকেৰেও পানী ওলায়। ই সোঁচৰা প্ৰকৃতিৰ।

এলাৰ্জিক কনজাংটিভাইটিছ

ৰাস্তাৰ ধূলি-বালি, কল-কাৰখানাৰ ধোঁৱা, ফল-মূল আৰু কিছুমান খাদ্যৰ বাবে শৰীৰৰ অন্যান্য অংগৰ লগতে চকুৰ কনজাংটিভাৰ প্ৰদাহ হৈ কনজাংটিভাইটিছ হ’ব পাৰে। কনজাংটিভাইটিছৰ সাধাৰণ লক্ষণবোৰৰ উপৰি এইবিধত চকুৰ খজুৱতি বেছি হয়। ই সোঁচৰা নহয়। ৰাইনাইটিছৰ স’তে একেলগে হ’লে ইয়াক ৰাইনো-কনজাংটিভাইটিছ বুলি কোৱা হয়।

ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়া জনিত কনজাংটিভাইটিছ

চকুত ক্ষাৰ বা এচিড পৰিলে কনজাংটিভাইটিছ হ’ব পাৰে। এচিডতকৈ ক্ষাৰ বেছি অপকাৰী। ই কৰ্ণিয়াৰ ঘা পৰ্য্যন্ত কৰিব পাৰে। ইয়াৰ উপৰি ছেম্পু, চাবোন, পানীৰ ক্ল’ৰিণ আদি চকুত পৰিও কনজাংটিভাইটিছ হ’ব পাৰে। ই সোঁচৰা প্ৰকৃতিৰ নহয়। এইবিধ কনজাংটিভাইটিছ সাধাৰণতে দুয়োটা চকুতে একেলগে হয়।

নৱজাতকৰ কনজাংটিভাইটিছ

মাতৃৰ যদি গনৰীয়া বা আন সোঁচৰা যৌন ৰোগ থাকে, তেন্তে জন্মৰ সময়ত কেঁচুৱাৰ চকুলৈ ই বিয়পি কনজাংটিভাইটিছ কৰিব পাৰে। ইংৰাজীত ইয়াক Opthalmia Neonatorum বুলি কোৱা হয়। উপযুক্ত এন্টিবায়টিক দি নৱজাতকৰ চকুৰ চিকিৎসা নকৰিলে, কেঁচুৱাই সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাব পাৰে। কেতিয়াবা কেঁচুৱাৰ চকুৰ পানী নাকেৰে ওলাই যোৱা নলী বন্ধ হৈ থাকিলেও কেঁচুৱাৰ কনজাংটিভাইটিছ হ’ব পাৰে।

অন্যান্য কাৰণজনিত কনজাংটিভাইটিছ

কিছুমান ৰোগৰ আনুষংগিক হিচাপে কনজাংটিভাইটিছ হ’ব পাৰে। ৰেইটাৰ ছীণ্ড্ৰ’মত অটোইমুন ৰোগ, গাঠিৰ বিষ আৰু কনজাংটিভাইটিছ একেলগে হয়। চকুৰ পাৱাৰৰ তাৰতম্য থাকিলেও ক্ৰনিক কনজাংটিভাইটিছ হ’ব পাৰে। একিউট কনজাংটিভাইটিছৰ সম্পূৰ্ণ চিকিৎসা নহ’লেও ক্ৰনিক কনজাংটিভাইটিছ হ’ব পাৰে। তদুপৰি বেয়া পৰিৱেশ, ধোঁৱাজনিত পৰিৱেশ দূষিত পানী আদিও ক্ৰনিক কনজাংটিভাইটিছৰ কাৰণ।

কনজাংটিভাইটিছ চিনাক্তকৰণ

কনজাংটিভাইটিছৰ চিনাক্তকৰণ অতি সহজ। ইয়াৰ বিশিষ্ট লক্ষণেই তাৰ পৰিচয়। লিটমাছ ব্যৱহাৰ কৰি চকুত পৰা ৰাসায়নিক দ্ৰব্য এচিড নে ক্ষাৰ থিৰাং কৰিব পাৰি। চকুৰ পৰা নিৰ্গত পানী আৰু পদাৰ্থ কালচাৰ কৰি সংক্ৰমণৰ কাৰক উলিয়াব পাৰি। Patch test কৰি এলাৰ্জী নিৰূপণ কৰিব পাৰি।

কনজাংটিভাইটিছৰ জটিলতা

সাধাৰণতে কনজাংটিভাইটিছত চকুৰ দৃষ্টিশক্তিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। কেৰাটো কনজাংটিভাইটিছত কেতিয়াবা কৰ্ণিয়াখন অস্বচ্ছ হ’ব পাৰে আৰু তেতিয়া দৃষ্টিশক্তি বাধাগ্ৰস্ত হয়। কেতিয়াবা এনে অৱস্থাত কৰ্ণিয়াৰ ঘা হৈ চকুৰ দৃষ্টিশক্তি হেৰাই যাব পাৰে।

কনজাংটিভাইটিছৰ চিকিৎসা

সাধাৰণতে ৬৫ শতাংশ কনজাংটিভাইটিছ এনেয়ে ভাল হয়। বাকী অংশক চিকিৎসা লাগে। চিকিৎসকৰ পৰামৰ্শ মতে পানীৰে চকু সঘনাই ধুই থাকিব লাগে। কাৰণ অনুযায়ী চিকিৎসকে চকুৰ দৰব দিয়ে। বেক্টেৰিয়েল কনজাংটিভাইটিছত এন্টিবায়েটিক চকুৰ ড্ৰপ বা মলম দিয়া হয়। ভাইৰেল কনজাংটিভাইটিছত এন্টিভাইৰেল চকুৰ ড্ৰপ বা মলম দিয়া হয়। ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা হোৱাত চকু সঘনাই ধুই থাকিব লাগে আৰু কৰ্ণিয়াৰ ক্ষতি হ’লে চিকিৎসা কৰিব লাগে। এলাৰ্জিক কনজাংটিভাইটিছত  কেতিয়াবা ষ্টেৰইড চকুৰ দৰব দিয়া হয়। আনহাতে নৱজাতকৰ জন্মগত কনজাংটিভাইটিছত এন্টিবায়টিক চকুৰ ড্ৰ্প দিয়া হয়।

কনজাংটিভাইটিছ হ’লে কি কৰিব

  • লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব।
  • চকু সঘনাই পানী বা ছেলাইনেৰে ধুই থাকিব।
  • ক’লা ছচমা ব্যৱহাৰ কৰিব।
  • গাৰুৰ কভাৰ, বিচনা চাদৰ, মুখ ধোৱা গামোচা আদি নতুন ব্যৱহাৰ কৰিব।
  • এটা চকু আক্ৰান্ত হ’লে, আক্ৰান্ত হোৱা চকুটোৰ পিনে কাতি হৈ শুব।
  • চকু লাৰি চোৱা বা চকুত দৰব দিয়াৰ আগতে হাত ধুই ল’ব।
  • নতুন কছমেটিক ব্যৱহাৰ কৰিব।
  • নতুন চছমা, কন্টেক্ট লেন্স ব্যৱহাৰ কৰিব।
  • সাৱধানে চলিব।
  • অইন সুস্থ ব্যক্তিৰ পৰা আঁতৰত থাকিব।
  • প্ৰচুৰ পানী আৰু পুষ্টিকৰ আহাৰ খাব।
  • প্ৰচুৰ জিৰণি ল’ব।

কনজাংটিভাইটিছ হ’লে কি নকৰিব

  • আক্ৰান্ত চকুটো চুই, আন ভাল চকুটো নুচুব।
  • আক্ৰান্ত চকুত দিয়া দৰব, ভাল চকুটোত নিদিব।
  • অইন সুস্থ মানুহৰ কাপোৰ, চছমা, কন্টেক্ট লেন্স, বিচনাৰ কাপোৰ আৰু খোৱা বাচন-বৰ্তন ব্যৱহাৰ নকৰিব।
  • পুৰণা কছমেটিক আৰু চছমা ব্যৱহাৰ নকৰিব।
  • ছুইমিং পুল ব্যৱহাৰ নকৰিব।
  • আক্ৰান্ত ল’ৰা-ছোৱালীক স্কুললৈ নপঠাব।
  • আক্ৰান্ত ব্যক্তি ৰাজহুৱা স্থান, কাৰ্য্যালয়লৈ নাযাব।
  • আক্ৰান্ত চকুটোৰ বিপৰীত পিনে কাতি হৈ নুশুব।
  • আক্ৰান্ত চকুটো মোহাৰি নাথাকিব।
  • আক্ৰান্ত চকু লাৰি অইন বস্তু নুচুব।
  • ভুলতো চকুত বন দৰৱ নিদিব। এনে কৰিলে সম্পূৰ্ণ দৃষ্টিশক্তি হেৰাব পাৰে।

কনজাংটিভাইটিছ প্ৰতিৰোধ কৰাৰ উপায়

  • চকুৰ স্বাস্থ্যৰ বাবে ভাল পৰিৱেশ ৰচনা কৰক। ধূলি-বালি আৰু ধোঁৱাহীন পৰিৱেশত থাকিব। যৌন ৰোগৰ উপযুক্ত চিকিৎসা কৰাব।
  • চকু মোহাৰি থকা স্বভাৱ এৰক।
  • চকুৰ অসুখ হ’লে আৰু পাৱাৰ সলাবৰ হ’লে, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি কাৰ্য্যকৰী কৰক।
  • আনৰ স’তে মুখ মোচা, গামোচা, গগলছ, চছমা, কন্টেক্ট লেন্স আৰু শোৱা কাপোৰ ভগাই নল’ব।
  • ছুইমিং কৰোঁতে গগলছ্‌ ব্যৱহাৰ কৰক।
  • গা ধোৱা বা ছুইমিঙত কন্টেক্ট লেন্স খুলি ল’ব।
  • ৰাজহুৱা স্থানত সঘনাই হাত ধুব।
  • যিমান পাৰি ৰাজহুৱা স্থানত কম বস্তু চুব আৰু চুলেও হাত ধুব।
  • টয়লেটৰ কভাৰ, ফোন আদি সঘনাই চুব লগা বস্তু সঘনাই পৰিষ্কাৰ কৰিব।
  • হিমোলিফাছ ইনফ্লুৱেঞ্জা আৰু বি চি জি টিকাকৰণ কৰি এইবোৰে সৃষ্টি কৰা কনজাংটিভাইটিছ প্ৰতিৰোধ কৰিব পাৰি।

লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate