অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেঁৰা চকুৰো চিকিৎসা আছে :

কেঁৰা চকুৰো চিকিৎসা আছে :

 

সাধাৰণতে যিকোনো এটা বস্ত চালে, দুয়োটা চকুৱে সমানে দৃষ্টি নিক্ষেপ কৰে। কিন্তু কেঁৰা চকুৰ ক্ষেত্ৰত এনে হোৱা দেখা নাযায়। কেঁৰা চকুৰ যেতিয়া একেটা দিশত, একে সময়তে, একে পৰিমাণে কাম নকৰে, তেতিয়া দুই চকুৰ লৰচৰ কৰাৰ এই অসামঞ্জস্যতাকে আমি কেঁৰা চকু বোলো। ইংৰাজীত কোৱা হয় squint  ।কেঁৰা চকু বিভিন্ন কাৰণত হ’ব পাৰে। কিন্তু এই চকুৰো শিশু অৱস্থাতেই চিকিৎসা কৰিব পাৰি। তেতিয়াহে ইয়াৰ সুফল পোৱা যায়। চিকিৎসাৰ প্ৰধান উদ্দেশ্য হ’ল দৃষ্টিশক্তি অটুট ৰখা। চশমা বা কণ্টেক্ট লেন্স ব্যৱহাৰ কৰি চকুৰ পাৱাৰৰ সমস্যা দুৰ কৰিব পাৰি। চকুৰ মাংসপেশীবিলাকৰ সমতুল কৰি চকুযুৰি চিধা কৰিবৰ বাবে squint surgery  কৰিব লাগে। যিটো চকু অকামিলা বুলি চিনাক্ত কৰা হয়, সেইটো চকু মেচিনৰ সহায়ত বিভিন্ন ধৰণৰ ব্যায়াম কৰিব পাৰি।

সেয়ে শিশুটি লাহে লাহে ডাঙৰ-দীঘল হৈ আহিলে চকুযুৰি লৈ পুৰামাত্ৰা নজৰ ৰাখিব লাগে- দুৰৰ বস্তু ঠিকমতে দেখা পায় নে জোৰ কৰি চাব লাগে, সেই কথা জানি ল’ব লাগে। কোনো বস্তুৰ ফালে এফলীয়াকৈ চোৱাৰ অভ্যাস কৰিছে নেকি অথবা জুমি জুমি পঢ়িব বিচাৰিছে নেকি? সেইবোৰ লক্ষ্য ৰাখিব লাগে। কিছুমান মানুহৰ অন্ধবিশ্বাস আছে যে কেঁৰা চকুৰ মানুহ সৌভাগ্যৰ লক্ষণ। অভিভাৱকৰ সুক্ষ্ম অসুবিধাবিলাক চকুত পৰাৰ লগে লগে চকু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কাৰণ সঠিক সময়ত চিকিৎসা কৰিলে দৃষ্টিশক্তিৰ লগতে কেঁৰা চকু পোন কৰি মুখমণ্ডলৰ সৌন্দৰ্য অটুট ৰাখিব পাৰি।

উৎস: জি এনআৰচি স্বাস্থ্য



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate