অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰে সম্পন্ন হোৱা কাৰ্য

চকুৰে সম্পন্ন হোৱা কাৰ্য

চকুৰ প্ৰাথমিক আৰু প্ৰধান কাৰ্য হ’ল দৃষ্টিৰ অনুভূতি প্ৰদান। ইয়াৰ অন্তৰ্ভুক্ত কাৰ্যসমূহ হ’ল-

(ক) পোহৰৰ ধাৰণা জন্মোৱা আৰু ইয়াৰ সহায়ত দৃষ্টিৰ সূক্ষ্মতা প্ৰদান।

(খ) বিভিন্ন ৰঙৰ ধাৰণা জন্মোৱা।

(গ) ত্ৰিমাত্ৰিক আকাৰৰ ধাৰণা জন্মোৱা।

(ঘ) আন্ধাৰ-পোহৰৰ মাত্ৰা সাপেক্ষে নিজকে ৰজিতা খুৱাই ল’ব পৰাৰ ক্ষমতা।

(ঙ) চকুৰ পৰা দৃশ্যমান বস্তুটোৰ দূৰত্বৰ ধাৰণা প্ৰদান।

(ছ) দৃষ্টিত ধৰি ৰখা মূল স্থানৰ উপৰি দৃষতিৰ পৰিসৰৰ ভিতৰত পাৰ্শ্বীয় স্থানতো চলাচলৰ ধাৰণাৰ সুবিধা প্ৰদান।

(১) মুখমণ্ডলৰ সামঞ্জস্যতা ৰক্ষাত চকুৰ বিশিষ্ট অৱদান আছে।

(২)দৃষ্টিৰ দ্বাৰা দূৰৰ পৰাই বিপদৰ জাননী দিয়া চকুৱে আত্মৰক্ষাতো সহায় কৰে।

(৩) দৈহিক ভাৰসাম্যতা ৰক্ষাত সহায়।

(৪) খ্ং, ৰাগ, দয়া-মৰম, সাহানুভূতি, বন্ধুত্বৰ ভাব, ক্ষমা, হৰ্ষ-বিষাদ, উত্তেজনা, ভয়, হতাশা, শাৰীৰিক যন্ত্ৰণা, লোভ-মোহ, লাম্পট্য, বিশ্বাস-অবিশ্বাস, কামনা-বাসনা, পৰিস্তিতিৰ ওচৰত আত্মসমৰ্পন, নিৰ্লিপ্ততা, উতসাহ, আত্মনিয়ন্ত্ৰণহীনতা, ভাগৰ বা টোপনি আদি অলেখ মানৱীয় অনুভূতিৰ প্ৰতিফলক এই চকু। সেয়ে চকু দেখিয়েই ব্যক্তি এজনৰ বিষয়ে বহুখিনি ধাৰণা কৰিব পাৰি।

(৫) অন্য শাৰীৰিক অসুখ-বিসুখৰ সঠিক মূল্যায়ন আৰু ৰোগৰ নিৰুপণৰ ক্ষেত্ৰতো চকুৱে যথেষ্ট সহায় কৰে। যেনে- বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ, থাইৰয়ড গ্ৰন্থিৰ বিকাৰ, ব্ৰেইন টিউমাৰ, ৰক্তহীনতা, টিবি, কিছুমান হৃদপিণ্ডৰ অসুখ, কিছুমান কৰ্কট ৰোগ, মগজুৰ ৰক্তক্ষৰণ, কিছুমান স্নায়বিক আৰু মাংসপেশীয় বিকাৰ কুকুৰীকণা ৰোগ, কিছুমান বিষক্ৰিয়া ইত্যাদি। মস্তিস্কৰ ভিতৰৰ বহু কথাই চকুৰ মণিৰ মাজেৰে চকুৰ ভিতৰলৈ চাই বুজা যায় বাবে চকুকু ‘মস্তিস্কৰ খিৰিকী’ বুলিও কোৱা হয়।

 

(৬) মৃত্যুৰ পিছতো দান কৰা দুটি চকুৰে দুজন অন্ধই দৃষ্টি ঘুৰাই পাব পাৰে। ইও চকুৰ এক অতুলনীয় অৱদান।

(৭) বহু লেখক, কবি, গীতিকাৰ, চিত্ৰকৰ, ভাস্কৰ, শিল্পী তথা প্ৰেমিক-প্ৰেমিকাৰ প্ৰেৰণা আৰু সৃষ্টিৰ উতস এই চকুযুৰিয়েই।

অশ্ৰু প্ৰৱাহ প্ৰণালী

চকুৰ সুস্বস্থ্য আৰু সক্ষমতাৰ বাবে চকুপৃষ্ঠৰ সমুখতে থকা চকুপানীৰ তৰপটোৰ বিশেষ গুৰুত্ব আছে। চকুৰ ওপৰ পতাৰ গভীৰত চকুৰ বাহিৰ কাষলৈ একোটাকৈ মুখ্য অশ্ৰুগ্ৰন্থি থাকে। ইয়াৰুপৰি সৰু সৰু অশ্ৰুগ্ৰন্থি কিছুমান নেত্ৰযোজকত্বকত সিঁচৰিত হৈও থাকে। এইবোৰৰ পৰা অহৰহ নি:সৰিত চকুপানীয়েই চকুৰ সমুখৰ চকুপানীৰ তৰপটিৰ সৃষ্টি কৰে। চকুপানীৰ নি:সৰণ অনবৰতে হৈ থাকে বাবে পুৰণি চকুপানীখিনি চকুৰ পৰা আ°তৰি গৈ নতুনকৈ আহি থকা তৰপটোৰ পৰাপ্ৰায় ১০ শতাংশ পানী চকুৰ টিপৰ মাজে মাজে হোৱা বাস্পীভৱনৰ বাবে আঁতৰি যায় আৰু ৯০ শতাংশই এক বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে চকুৰ পৰা নাকৰ ফাললৈ গতি কৰে। ইয়াকে অশ্ৰু প্ৰৱাহ প্ৰণালী বোলে। ইয়াৰ বিভিন্ন অংশসমূহ চকুৰ ফালৰ পৰানাকৰ ফাললৈ ক্ৰমে

(১) অশ্ৰুছিদ্ৰ,

(২) কেনেলিকুলাছ,

(৩) একত্ৰিত কেনেলিকুলাৰ নলিকা,

(৪) ছাইনাছ অৱ মেয়াৰ,

(৫) অশ্ৰুমোনা,

(৬) নাকমুখী অশ্ৰু নলিক,

(৭) নাকৰ নিম্ন মিয়েটাছ অংশত থকা একেবাৰে তলৰ অশ্ৰু নিৰ্গমনৰ ছিদ্ৰটি। এই পথেৰেই চকুপানীখিনিৰ সিংহভাগেই নাকলৈকে আহি ইয়াৰ পৰা বাস্পীভূত হৈ আঁতৰি যায়। দৈনিক সাধাৰণভাৱে নি:সৰিত চকুপানীৰ পৰিমাণ অতি কম বাবে এই ঘটনা আমাৰ দৃষ্টিগোচৰ নহয়।

কিন্তু বেমাৰ-আজাৰত এই প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হৈ চকুৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ধৰণৰ ৰোগবোৰৰ ভিতৰত আটাইতকৈ লেখত ল’বলগীয়া ৰোগটো (অশ্ৰু প্ৰৱাহ প্ৰণালীৰ) হৈছে অশ্ৰুমোনা বা লোতক পুটী প্ৰদাহ।

লোতক পুটী প্ৰদাহ

এই ৰোগত নেমু গুটি আকৃতিৰ (ইয়াৰ জোঙা অংশটো তলমুৱাকৈ থাকে) অশ্ৰুমোনাখন বীজাণু স্ংক্ৰমণজনিত প্ৰদাহৰ দ্বাৰা আক্ৰান্ত হয়।

এই লোতক পুটী প্ৰদাহে নানাধৰণে আত্মপ্ৰকাশ কৰিব পাৰে। যেনে-

(১) জন্মগত,

(২) দীৰ্ঘস্থায়ী,

(৩) তীব্ৰ আৰু

(৪) দীৰ্ঘস্থায়ী ৰোগৰ মাজত হোৱা আকস্মিক তীব্ৰ লোতক পুটী প্ৰদাহ

(১) জন্মগতভাৱে হোৱা লোতক পুটী প্ৰদাহ: মাকৰ গৰ্ভতে চকুপানী নাকৰ দিশলৈ বৈও যোৱা পথটিৰ নিৰ্মাণৰ ওপৰৰ পৰা তললৈ হয়, সাধাৰণতে শিশুটিৰ জন্মৰ পিছতো কিছুদিনলৈ ই চলি থাকে। কেতিয়াবা কিন্তু ই সম্পূৰ্ণ হৈ নুঠেগৈ আৰু তেতিয়া অশ্ৰু প্ৰৱাহ প্ৰনালীৰ একেবাৰে নিম্নাংশত, নাকৰ নিম্ন মিয়েটাছ অংশত এই প্ৰৱাহ প্ৰণালীৰ ছিদ্ৰটি সম্পূৰ্ণ নহৈ এটি বাধা থাকি যায়। ফলত চকুপানীৰ স্বাভাৱিক প্ৰৱাহ ব্যাহত হয় আৰু বন্ধ চকুপানীত বীজাণুৰ স্ংক্ৰমণ আৰম্ভ হয়। এইদৰেই জন্মগত লোতক পুটী প্ৰদাহ ৰোগ আৰম্ভ হয়।

এই ৰোগত চকুপানীৰ স্বাভাৱিক প্ৰৱাহ ব্যাহত হয় ববে শিশুটিৰ চকুৰ পৰা ক্ৰমে চকুপানী ওলাবলৈ ধৰে। কিন্তু প্ৰথম ২-৩ সপ্তাহি ভালদৰে দৃষ্টিগোচৰ নহয়, কাৰণ প্ৰথম ২-৩ সপ্তাহমানলৈ চকুপানীৰ নি:সৰণেই ভলকৈ নহয়। কেতিয়াবা অলপ বেছিকৈ ফেচকুৰি ওলোৱাও দেখা যাব পাৰে। কিন্তু সাধাৰণতেই এই ৰোগত চকু ৰঙা নহয়, চকুৰ পতা উখহি নুঠে, চকুৰ আকৃতিৰ পৰিৱৰ্তন নহয় আৰু উজ্জ্বল পোহৰত শিশুটিয়ে অসুবিধা নাপায়। এই ৰোগত বন্ধ চকুপানীখিনিত বীজাণু স্ংক্ৰমিত হ্য বাবে যিকোনো সময়তে চকুৰ স্বচ্ছ মণ্ডলত বীজাণুৰ স্ংক্ৰমণ হৈ ঘাৰ সৃষ্টি কৰি জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

এই ৰোগৰ চিকিৎসা প্ৰথমতে উপযুক্ত ঔষদ্গ(সকলো ধৰণৰ ঔষধ শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে) আৰু অশ্ৰুমোনাৰ ওপৰত দিয়া বিশেষ মলিচৰ ব্যৱস্থা কৰা হয়। আৰোগ্য নহ’লে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। অৱশ্যে বেছিভাগ শিশুৱেই আৰোগ্য হয়। কিন্তু কেতিয়াও আসুৰিক চিকিৎসা আৰু অন্যান্য দ্ৰব্য প্ৰয়োগৰ(গছ বা ফুলৰ ৰস, মাক আৰু জন্তুৰ গাখীৰ, কমলা বাকলিৰ ৰস, নেমু ৰস, প্ৰস্ৰাৱ, নিয়ৰৰ পানী, জৰা ফুকা কৰোৱা পানী আদি)আশ্ৰয় ল’ব নালাগে। ইয়াৰ ফলত অনাহকতে শিশুটি চিৰদিনলৈ অন্ধ হৈ যাব পাৰে।

(২) দীৰ্ঘস্থায়ী লোতক পুটী প্ৰদাহ: এইক্ষেত্ৰত অশ্ৰুমোনাৰ স্ংক্ৰমণ আৰু প্ৰদাহ তীভ্ৰ নহ’লেও দীঘলীয়াকৈ চলি থাকে। অহৰহ চকুপানী ওলাই থকাটোৱেই এই ৰোগৰ প্ৰধান লক্ষণ। অলপ ফেচকুৰিও দেখা যাব পাৰে। বিষ নাথাকে। চকুত পানী জমা হৈ নাথাকিলে দেখাতো অসুবিধ নহয়। এই ৰোগত চকুপানী নাকলৈ বৈ যোৱা পথটিত বাধাৰ সৃষ্টি হয়। চকুপানীত বেমাৰৰ বীজাণু থাকে। এইবোৰে স্বচ্ছমণ্ডলত ঘাৰ সৃষ্টি কৰি অন্ধতা পৰ্যন্ত সৃষ্টি কৰিব পাৰে। মধ্যবয়সীয়া আৰু মহিলাৰ এই ৰোগ বেছিকৈ হয়।

প্ৰথমে বীজাণুনাশক ঔষধৰ দ্বাৰাই চিকিতৎসা কৰা হয়, কিন্তু প্ৰায়েই সুফল পোৱা নাযায়। অস্ত্ৰোপচাৰৰ দ্বাৰা সম্পুৰ্ণকৈ ৰোগ নিৰাময় কৰিব পাৰি। যিকোনো ধৰণৰ লোতক পুটী প্ৰদাহহ’লেও ছানি, ধূসৰ মন্থ আৰু স্বচ্ছ মণ্ডলৰ অস্ত্ৰোপচাৰ কৰা নহয়, নহ’লে অস্ত্ৰোপচাৰৰ পিছত বীজাণু স্ংক্ৰমণ হৈ অস্ত্ৰোপচাৰ কৰা চকু নষ্ট হৈ যাব পাৰে।

(3) তীব্ৰ লোতক পুটী প্ৰ্দাহ: এই ৰোগত অশ্ৰুমোনাৰ বীজাণু স্ংক্ৰমণ আৰু প্ৰদাহ হঠাৎ আৰু তীব্ৰভাৱে হয়। ফলত অশ্ৰুমোনা থকা অংশটো, অৰ্থাৎ নাকৰ গুৰি আৰু চকুৰ মাজৰ অংশটো ফুলি উঠে, ৰঙা পৰে, অংশটো গৰম হৈ উঠে, অত্যন্ত বিষায় আৰু চকুপানী আৰু ফেচকুৰি বেছিকৈ ওলাবলৈ ধৰে। ৰোগীৰ জ্বৰো উঠিব পাৰে। সফলভাৱে আৰু সোনকালে চিকিৎসা কৰিব নোৱাৰিলে অশ্ৰুমোনাত পূঁজ জমা হয়, কেতিয়াবা অশ্ৰুমোনা ছালৰ মাজেৰে ফুটি গৈ পূঁজবোৰ ওলাই আহে। ৰোগীয়ে কিন্তু কেতিয়াও নিজে চেপি বা ফুটাই পূঁজবোৰ বাহিৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। অনে কৰিলে বীজাণু স্ংক্ৰমণ মস্তiস্কৰ দিশলৈ বিয়পিব পাৰে আৰু জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

বীজাণুনাশক আৰু প্ৰদাহ তথা বিষ কমোৱা ঔষধৰ দ্বাৰা চিকিৎসা আৰম্ভ কৰা হয়। পূঁজ জমা হ’লে অস্ত্ৰোপচাৰৰ সহায়ত সেইবোৰ সাৱধানে বাহিৰ কৰা হয়। স্ংক্ৰমণ আৰু প্ৰদাহৰ তীব্ৰতাকমি যোৱাৰ পিছত ২-৩ সপ্তহৰ ব্যৱধানত প্ৰয়োজন হ’লে সম্পূৰ্ণ ৰোগ নিৰাময়ৰ বাবে অস্ত্ৰোপচাৰ কৰা হয়। অন্যথা ই স্বচ্ছমণ্ডল আৰু দৃষ্টিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে।

(৪) দীৰ্ঘস্থায়ী লোতক পুটী প্ৰদাহৰ মাজত্ৰ হোৱা আকস্মিক তীব্ৰ লোতক পুটী প্ৰদাহ: দীৰ্ঘস্থায়ীলোতক পুটী প্ৰদাহ চলি থকাৰ মাজতে কেতিয়াবা অশ্ৰুমোনাৰ বীজানু স্ংক্ৰমণ আৰু প্ৰদাহে তীব্ৰ ৰুপ ল’ব পাৰে। তেতিয়া ওপৰত উল্লেখ কৰি অহা তীব্ৰ লোতক পুটী প্ৰদাহৰ দৰেই ইয়াৰ লক্ষনসমূহ প্ৰকাশ পায়। ইয়াৰ চিকিৎসাও তীব্ৰ লোতক পুটী প্ৰদাহৰ দৰেই কৰা হয়। স্ংক্ৰমণ আৰু প্ৰদাহ কমি গ’লে পিছত অস্ত্ৰোপচাৰ কৰি ৰোগ সম্পূৰ্ণ নিৰাময় কৰা হয়।

ডা: সৌৰভ কুমাৰ ভূঞা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate