অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চল্লিছোৰ্ধৰ ৰোগ চকুত ছানি পৰা ৰোগ

চল্লিছোৰ্ধৰ ৰোগ চকুত ছানি পৰা ৰোগ

বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ অন্যান্য অংগৰ লগতে চকু দুটাৰো শক্তি বহু পৰিমাণে কমি আহে আৰু দৃষ্টিশক্তি দুৰ্বল হৈ পৰে। গ্লুকোমা বা চকুত ক’লা ছানি পৰা ৰোগ হ’লে চকুৰে নেদেখা হ’ব পাৰে। দুয়োবিধ ৰোগেই শুনাত একে যেন লাগে যদিও দুয়োটা ৰোগেই কিন্তু সম্পূৰ্ণ বেলেগ  আৰু দুয়োটা ৰোগৰে চিকিৎসা ব্যৱস্থাও বেলেগ বেলেগ। চকুত ক’লা ছানি পৰা ৰোগ বা গ্লুকোমাত ভোগা ৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম যদিও বগা ছানি পৰা ৰোগ বা কেটেৰেক্ট হোৱা ৰোগীৰ সংখ্যা আমাৰ ৰাজ্যখনত যথেষ্ট বৃদ্ধি পাইছে। প্ৰকৃততে ক’বলৈ গ’লে আমাৰ ৰাজ্যখনত শতকৰা আশীজন বৃদ্ধ লোকে এই ৰোগত ভোগাৰ আশংকা থাকে। দৃষ্টি শক্তি হেৰুওৱাৰ এক অন্যতম কাৰণ হৈছে গ্লুকোমা। এই ৰোগ হোৱাৰ আৰম্ভণিতে ৰোগী সজাগ হ’লে আৰু উপযুক্ত চিকিৎসা ল’লে চকু দুটা নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। অৱশ্যে এই ৰোগে ইমান গোপনে চকু দুটাক নষ্ট কৰি পেলায় যে আগতীয়াকৈ প্ৰতিকাৰ লোৱাৰ বা সাৱধান হোৱাৰ কোনো সুযোগেই নাথাকে। গ্লুকোমাত ভুগি দৃষ্টি শক্তি ক্ষীণ হৈ অহাৰ পিছতহে ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ যায় আৰু তেতিয়াহে ৰোগটো চিকিৎসকৰ ওচৰলৈ যায় আৰু তেতিয়াহে ৰোগটো ধৰা পৰে। চিকিৎসকে কিন্তু ইয়াক এটা জটিল ৰোগ বুলিয়েই গণ্য কৰে। গ্লুকোমাত ভোগা ৰোগীৰ বাবে পূৰ্বতে আমাৰ দেশত উন্নত চিকিৎসা ব্যৱস্থা নাছিল আৰু এই ৰোগত ভোগা ৰোগীৰ দৃষ্টিশক্তি ঘূৰি নাহে বুলিয়েই ধৰি লোৱা হৈছিল। কিন্তু এতিয়া ক্ৰনিক গ্লুকোমা ৰোগৰ শল্য চিকিৎসাৰ অত্যাধুনিক আৰু ফলপ্ৰসূ ‘একজাইমাৰ লেজাৰ ট্ৰেবিকিউলেক্টমী’ (ই এল টি) পদ্ধতি ভাৰতবৰ্ষৰ প্ৰায় আটাইকেইখন মহানগৰতে প্ৰচলন হৈছে আৰু সৰ্বসাধাৰণ ৰোগীয়েই এই পদ্ধতিৰ সুবিধা গ্ৰহণ কৰিব পৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰায় এক চতুৰ্থাংশ দৃষ্টিহীন লোক ভাৰততে আছে আৰু প্ৰতিবছৰে এই সংখ্যা ২৫ পৰা ৩০ হেজাৰ জনকৈ বৃদ্ধি পাই আহিছে। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত ই এন টি চিকিৎসা সেৱা ‘আউট পেচেণ্ট ট্ৰিটমেণ্ট’ ব্যৱস্থা ৰূপে ৰখা হৈছে। এই অস্ত্ৰোপচাৰ পদ্ধতিত ৰোগীয়ে কোনো ধৰণৰ বিষ অনুভৱ নকৰে। অস্ত্ৰোপচাৰৰ পিছত ৰোগীক কিছুদিনলৈ এণ্টি ইনফ্লেমেটৰী আই ড্ৰপ দিয়া হয় আৰু মাজে সময়ে গ্লুকোমাৰ সাধাৰণ ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া প্ৰতিৰোধ কৰাতো এই পদ্ধতিয়ে কাম দিয়ে।

গ্লুকোমাৰ সাধাৰণ লক্ষণসমূহ

চছমাৰ নম্বৰ সাধাৰণ বৃদ্ধি পোৱা, চকুৰে ধোঁৱা ধোঁৱা দেখা, মূৰৰ বিষ হোৱা, তীব্ৰ পোহৰত বিভিন্ন ৰং দেখা পোৱা আৰু দূৰৰ দৃষ্টি একেবাৰে দুৰ্বল হোৱা আদি। ইয়াৰ উপৰি এংগল ক্লোজাৰ গ্লুকোমা নামৰ ৰোগ হ’লে অন্য কিছুমান লক্ষণে দেখা দিয়ে। যেনে চকুৰ পোৰণি হোৱা, ধোঁৱা ধোঁৱা দেখা আৰু বমি হোৱা, মূৰ ঘূৰোৱা ইত্যাদি। এই ৰোগ ইমানেই ভয়ানক যে প্ৰতি সাতজন ৰোগীৰ ভিতৰত এজনে এটা চকুৰে সম্পূৰ্ণকৈ নেদেখা হোৱাৰ পিছতহে চিকিৎসকৰ ওচৰলৈ আহে। কোনো কোনো দুৰ্ভগীয়া ৰোগীয়ে চিকিৎসা লাভ কৰাৰ আগতেই দুয়োটা চকুৰে দৃষ্টিশক্তি হেৰুৱাই পেলায়। অভিজ্ঞ চিকিৎসক এজনৰ মতে সম্পূৰ্ণ সুস্থ আৰু পৰিপূৰ্ণ দৃষ্টিশক্তিৰ অধিকাৰী এজন লোকেও কেতিয়াবা হঠাৎ এটা চকুৰে একেবাৰে দেখা নোপোৱা বা কমকৈ দেখা পোৱাৰ বিসংগতি লৈ চিকিৎসকৰ ওচৰলৈ আহিব পাৰে। গ্লুকোমাৰ ৰোগটো তেনেকুৱাই। এই ৰোগত আক্ৰান্ত হ’লে সম্পূৰ্ণ সুস্থ আৰু দৃষ্টিশক্তি থকা লোকৰো হঠাৎ দৃষ্টিশক্তি নাইকিয়া কৰি পেলাব পাৰে। এই ৰোগৰ কোনো পূৰ্বলক্ষণ আগতীয়াকৈ প্ৰকাশ নাপায় আৰু ইয়াৰ লক্ষণ প্ৰকাশ পায়গৈ মানে দৃষ্টিশক্তি সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰে আৰু কোনো ধৰণৰ চিকিৎসাৰ যোগেদি হেৰুওৱা দৃষ্টিশক্তি পুনৰুদ্ধাৰ কৰাটো সম্ভৱ নহয়গৈ। গ্লুকোমাত আক্ৰান্ত ব্যক্তিৰ চকুৰ পৰা তৰল পদাৰ্থ ঠিকমতে বাহিৰলৈ ওলাই আহিব নোৱাৰে। ফলত চকুৰ ভিতৰৰ আকাৰ বৃদ্ধি পায় আৰু ৰক্তবাহী নলীবিলাক অপ্তিক নাৰ্ভৰ ফালে বাঢ়ি যায়। স্নায়ু কোষবিলাক লাহে লাহে মৰি আহে আৰু লগে লগে দৃষ্টিশক্তিও হ্ৰাস পাই আহে। এই অৱস্থা হ’লে দৃষ্টিশক্তি সম্পূৰ্ণৰুপে নষ্ট হৈ পৰিব পাৰে। এই অৱস্থা হ’লে কোনো ধৰণৰ চিকিৎসাৰে দৃষ্টিশক্তি ঘূৰাই আনিব নোৱাৰি। সাধাৰণ অৱস্থাৰ ব্যক্তিতকৈ ডায়েবেটিচত ভোগা লোকৰ গ্লুকোমা হোৱাৰ আশংকা আঠ গুণ বেছি। সেয়ে ডায়েবেটিচত ভোগা ৰোগীয়ে মাজে-সময়ে চকু চিকিৎসকৰ হতুৱাই চকু পৰীক্ষা কৰাই থকা উচিত। ডায়েবেটিচ ৰোগীয়ে ৰক্ত পৰীক্ষাৰ দৰে চকু পৰীক্ষাও ৰুটিনভুক্ত কৰি অনিবাৰ্যৰূপে কৰোৱাব লাগে। নহ’লে সামান্য অৱহেলাৰ বাবে অকালতে দুয়োটা চকু হেৰুৱাব লগা হ’ব পাৰে। কোনো কোনো লোকৰ বংশানুক্ৰমিকভাৱে গ্লুকোমা ৰোগ হ’ব পাৰে। পিতৃ-মাতৃ, ভাই-ভনীৰ গ্লুকোমা হোৱা দেখিলে নিজে এই ৰোগৰ প্ৰতি সচেতন হোৱা উচিত। স্পিল গ্লুকোমা বা ‘ওপেল এংগল’ সচৰাচৰ হোৱা এক প্ৰকাৰৰ চকুৰ ৰোগ। চকুৰ পৰা তৰল পদাৰ্থ বাহিৰলৈ বহন কৰি নিয়া নলী শুকাই গৈ ঠেক হৈ পৰিলে এই ৰোগ হয়। এনে অৱস্থা হ’লে তৰল দ্ৰব্য লাহে লাহে বাহিৰলৈ ওলায় পাৰে। ফলত চকুৰ অভ্যন্তৰত দ্ৰবৰ পৰিমাণ বৃদ্ধি পায় আৰু চকুৰ আভ্যন্তৰীণ চাপ বাঢ়ে। যিকোনো ব্যক্তিৰ ৪০ বছৰ ৭০ বছৰ বয়সলৈ এই ৰোগ হোৱাৰ আশংকা থাকে। সাধাৰণতে চল্লিছ বছৰ বয়সতে চকুৰ এই ৰোগৰ আৰম্ভণি হ’ব পাৰে। পুৰুষ আৰু মহিলা উভয়ে সমানে এই ৰোগত ভুগিব পাৰে। বয়স বৃদ্ধিৰ লগে লগে চকুৰ দৃষ্টি ক্ষেত্ৰৰ পৰিসৰ কমি আহে। কিন্তু কেন্দ্ৰীয় দৃষ্টি সম্পূৰ্ণৰূপে শেষলৈকে ঠিক হৈ থাকে। কোনো লোকৰ ক্ষেত্ৰত দৃষ্টিশক্তি দুৰ্বল হৈ অহাৰ সাধাৰণ লক্ষণ প্ৰকাশ পায়। পঢ়াৰ চছমা সঘনাই সলাব লগা হয়। কম পোহৰত দেখা পোৱাত কষ্ট হয়। দৃষ্টিশক্তি কমি অহাৰ লগে লগে ঘূৰা-ফুৰাটো কষ্টকৰ হৈ উঠে। দৃষ্টিশক্তিৰ এই পৰিৱৰ্তনখিনি ঘটিবলৈ কোনো কোনো ৰোগীৰ ক্ষেত্ৰত কেইবাবছৰো লাগিব পাৰে। সেয়ে দৃষ্টিশক্তি কমি অহাৰ উমান পালেই তৎক্ষণাত অভিজ্ঞা চকুৰোগ বিশেষজ্ঞক দেখুওৱা উচিত। লগে লগে সঠিক চিকিৎসা পালে সিমানতে দৃষ্টিশক্তি ৰক্ষা কৰিব পৰা যায়।

ছানি পৰা ৰোগৰ আধুনিক চিকিৎসা

চকুত বগা ছানি পৰা বা কেটেৰেক্ট ৰোগৰ অত্যাধুনিক আৰু ফলপ্ৰসূ চিকিৎসা ‘ফেকোইমালচিফিকেচন’ নামৰ পদ্ধতিটোৰ প্ৰচলন মাত্ৰ কেইবছৰমান আগতেই ভাৰতত আৰম্ভ হৈছে। আজিকালি এই পদ্ধতিটো আৰু বেছি নিখুঁত হৈছে। ‘ফেকোনিট’ নামৰ বিশেষ প্ৰযুক্তিৰ ব্যৱহাৰৰ যোগেদি এই ৰোগৰ চিকিৎসা বহুখিনি সহজসাধ্য হৈ উঠিছে। আগতে য’ত ৩.২ মি:মি: পৰ্যন্ত কাটিব লগা চকুৰ উপৰিভাগ এতিয়া মাত্ৰ ১ মি:মি: কাটিলেই হয়। চকুত পৰা ছানিয়ে সম্পূৰ্ণ চকুটো আৱৰি নোলোৱালৈকে অস্ত্ৰোপচাৰ কৰিব নোৱাৰি বুলি এটা ধাৰণা সকলোৰে আছিল। কিন্তু আজিকালি ছানি পৰাৰ যিকোনো অৱস্থাতে মাত্ৰ ১৫-২০ মিনিট সময়ৰ ভিতৰত অপাৰেচন কৰি চকুৰ দৃষ্টিশক্তি ঘূৰাই আনিব পাৰি। ফেকো চাৰ্জাৰীৰ পিছত পৰিষ্কাৰকৈ দেখা পোৱাৰ বাবে লেন্স ব্যৱহাৰ কৰা হয়। পূৰ্বৰ দৰে কঠিন নহৈ যথেষ্ট কোমল আৰু সহজতে ভাঁজ কৰিব পৰা ধৰণৰ লেন্সহে ব্যৱহাৰ কৰা হয়। প্ৰকৃততে ফেকো ইমালচিফিকেচন পদ্ধতিটো এবিধ অতি আধুনিক মেচিনৰ সহায়ত কৰা হয়। এই পদ্ধতিত টাইটেনিয়ামৰ এটা ক্ষুদ্ৰ ফোঁপোলা বেজীৰে চেকেণ্ডত ৪০ হাজাৰ বাৰ তৰংগ উৎপন্ন কৰি লেন্সখনক ক্ষুদ্ৰ ক্ষুদ্ৰ অণুত পৰিণত কৰি পেলায়। সেই বিভাজিত লেন্সৰ অণুবোৰক অন্য এটা বেজীৰে ভিতৰৰ পৰা টানি উলিয়াই অনা হয়। আজিকালি ৰোগাক্ৰান্ত চকুত মাত্ৰ ১ মি:মি: জোখৰ ছিদ্ৰ এটা কৰা হয়। প্ৰথমে চকুৰ ছানি অৰ্থাৎ ৰোগাক্ৰান্ত বিভাজিত লেন্সখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি উলিয়াই অনা হয়।এই বেজী আল্ট্ৰাচাউণ্ড শক্তি তৰংগৰ সমানে গতিশীল। এই বেজীৰ ভিতৰতে সৰুকৈ ভাঁজ কৰি লেন্সখন পূৰ্বৰ খালীঠাইত স্থাপন কৰা হয়। লেন্সখন সঠিক ঠাইত মেলি বহুৱাই দিয়াৰ পিছত কাটি মুকলি কৰি লোৱা ছিদ্ৰটো বন্ধ কৰি দিয়া হয়। এই ছিদ্ৰটো বন্ধ কৰাৰ বাবে কোনো ধৰণৰ চিলাই আদি কৰাৰ দৰকাৰ নহয়। কাৰণ ছিদ্ৰটো ইমানেই সূক্ষ্ম যে ই নিজে নিজেই প্ৰাকৃতিকভাৱে বন্ধ হৈ পৰে। এই অস্ত্ৰোপচাৰৰ যোগেদি ৰোগীৰ চকুত এখন ক্ষুদ্ৰ লেন্স বহুৱাই দিয়া হয়। এই লেন্সখনক আল্ট্ৰাথিন লেন্স বুলি কোৱা হয়। অদূৰ ভৱিষ্যতে এই লেন্সখনৰ আকাৰ আৰু অধিক ক্ষুদ্ৰ হোৱাৰ সম্ভাৱনা আছে। তেতিয়া হ’লে চকুত সৃষ্টি কৰিব লগা ছিদ্ৰৰ আকাৰ ১ মি:মি:ৰ সলনি ০.৯ মিটাৰহে হ’বগৈ। এই পদ্ধতিটোক ডাক্তৰী ভাষাত বোলড ফেৰো বুলি কোৱা হয়। অস্ত্ৰোপচাৰৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰপাতি সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয়। ফেকো মেচিনবিলাকত আগতে নিৰৱচ্ছিন্ন বৈদ্যুতিক শক্তিৰ প্ৰয়োজন হৈছিল। আজিকালি ‘ফেকোনিট’ নামৰ প্ৰযুক্তি ব্যৱহাৰ হোৱাৰ ফলত যন্ত্ৰটোৱে ৰৈ ৰৈ কাম কৰি থাকে বাবে শীতলীকৰণৰ বাবে সুকীয়া ব্যৱস্থা কৰাৰ প্ৰয়োজন নহয়। গৰমত যাতে চকুৰ আভ্যন্তৰীণ অংশৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নহয়, সেই বাবে শীতলীকৰণ ব্যৱস্থাটোৰ প্ৰয়োজন হয়। ফেকোনিট প্ৰযুক্তিৰ ফলত গৰমৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ আশংকা ৪০ৰ পৰা ৮০ শতাংশলৈ হ্ৰাস পালে। এই প্ৰক্ৰিয়াটো কম্পিউটাৰ ব্যৱস্থাৰ সৈতে সংযুক্ত হৈ থাকে। কম্পিউটাৰত থকা এক বিশেষ চফট্‌ৱেৰৰ সহযোগত এই অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰিত কৰা হয়। এই বিশেষ চফট্‌ৱেৰটোক ‘হোৱাইট ষ্টাৰ’ বুলি কোৱা হয়।

লিখক: ডা° দেৱাশীষ গোহাঁই, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate