অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মায়'পিয়া(myopia) বা নিকট দৃষ্টি বা দুৰদৃষ্টি দোষ

মায়'পিয়া(myopia) বা নিকট দৃষ্টি বা দুৰদৃষ্টি দোষ

 

চকুযুৰি হৈছে আমাৰ শৰীৰৰ অতিকে আৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ অংগ। চকুহালৰ জৰিয়তে আমি এই মনোমোহা পৃথিৱী খনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। সেইকাৰণে চকুদুটা সুষ্ঠভাৱে ৰখাটো আমাৰ প্ৰধান কৰ্তব্য।

চকুত বহুতো বেমাৰ হোৱা দেখা যায়। তাৰ ভিতৰত মাওপিয়া বা নিকটদৃষ্টি হৈছে অন্যতম। এই ৰোগত আক্রান্ত হোৱা ৰোগীয়ে ওচৰৰ বস্তুবোৰ ভালদৰে দেখা পাই কিন্তু দুৰৰ বস্তু ভালদৰে দেখা নাপায়। ইয়াৰ ফলত দৈনন্দিন জীৱনত বহুতো অসুবিধাৰ সন্মূখীন হোৱা দেখা যায়।
সাধাৰণতে কোনো এটা বস্তুৰ ওপৰত পোহৰ পৰিলে তাৰ পৰা সেই পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলে আমি সেই বস্তুটো দেখা পাওঁ। যিকোনো বস্তু বা পদাৰ্থৰ পৰা প্ৰতিফলিত হৈ অহা পোহৰৰ ৰশ্মি প্ৰথমতে চকুৰ কৰ্নিয়া(cornea) বা কলা অংশত পৰে । তাৰপৰা ক্ৰমে lens আৰু vitreous ৰ মাজেৰে ৰেটিনা ত পৰি optic nerve ৰ মাধ্যমৰে মাগজুলৈ সংকেত(signal) প্ৰেৰণ কৰে, যাৰ ফলত আমি বস্তু এটা ভালদৰে দেখিবলৈ সক্ষম হওঁ। মায়পিয়া ৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত পোহৰৰ ৰশ্মি সমূহ ৰেটিনাত নপৰি তাৰ কিছু আগত পৰে যাৰ ফলত দুৰৰ বস্তুবোৰ বোধগম্য হোৱাত অসুবিধাৰ সন্মূখীন হয়।

এই ৰোগ বিভিন্ন কাৰণত বা বিভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়। তাৰ ভিতৰত তলত উল্লেখ কৰা প্ৰকাৰ বা ধৰণ সমুহ অন্যতম-

১)জন্মগত(congenital) মায়পিয়া-

এই ধৰণৰ মায়পিয়া জন্মৰ সময়ত দেখা পোৱা যায় যদিও দুই তিনি বছৰ বয়সত হে ধৰা পৰে। বেছিভাগ সময়ত এটা চকুহে আক্ৰান্ত হোৱা দেখা যায় যদিও কেতিয়াবা কেতিয়াবা দুয়োটা চকুও আক্ৰান্ত হয়।ইয়াৰ ফলত কেতিয়াবা শিশুৰ চকু বেঁকা(squint) হোৱাও দেখা যায়। এই ধৰণৰ মায়পিয়াৰ লগত কেতিয়াবা কেতিয়াবা চকুৰ আন বিসংগতি কিছুমাণো হোৱা দেখা যায়, যেনে চকুত চানি পৰা(cataract), চকুৰ আকাৰ সৰু হোৱা(micropthalmos), ডাঙৰ আকাৰৰ কৰ্নিয়া(megalocornea) ইত্যাদি। জন্মগত মায়পিয়াৰ চিকিৎসা অতি সোনকালে কৰাটো জৰুৰ নহলে ই শিশুৰ মানসিক বিকাশত বিৰূপ প্ৰভাৱ পেলায়।

2) simple বা সাধাৰণ মায়পিয়া-

Simple myopia সাধাৰণতে বেছিকে হোৱা দেখা যায়। চকুৰ বিকাশৰ তাৰতম্যৰ ফলত এইবিধ মায়পিয়া হোৱা দেখা যায়। সাধাৰণতে ৮ ৰ পৰা ১৫ বছৰ বয়সৰ শিশু সকল বেছিকে আক্ৰান্ত হয়। সেইকাৰণে ইয়াক school myopia বুলিও কোৱা হয়। প্ৰায় ১৫ ৰ পৰা ২০ শতাংশ শিশু এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। পিতৃ মাতৃ দুয়োজনৰে মায়পিয়া থাকিলে প্ৰায় ২০% শিশু এই ৰোগত ভোগা দেখা যায়। জনবিশ্বাস মতে অত্যাধিক TV, মোবাইল, লেপটপ আদিৰ ব্যৱহাৰ বা অতি ওচৰৰ পৰা সুক্ষ্ম কাম কৰিলে চিম্পল মায়পিয়া হয় বুলি কোৱা হয় যদিও ইয়াৰ কোনো বিজ্ঞান সন্মত বাখ্যা পোৱা নাযায়। এই ৰোগত ভোগা শিশু সকলে প্ৰায়ে চকু দুটা আধা মুদা কৰি ৰাখে (half shutting of the eye) যাতে কিছু পৰিমাণে ভালদৰে দেখিব পাৰে। চিম্পল বা সাধাৰণ মায়পিয়া ৫ ৰ পৰা ১০ বছৰ বয়সত আৰম্ভ হয় আৰু প্ৰায় ১৮ ৰ পৰা ২০ বছৰলৈ বৃদ্ধি হোৱা দেখা যায়।

৩) Pathological বা ক্ষয়জনিত বা বিকাৰজনিত মায়পিয়া –

এইবিধ মায়পিয়াও ঘাইকৈ শিশু সকলৰ মাজত হোৱা দেখা যায় আৰু ইয়াক high myopia বুলিও কোৱা হয় কাৰণ ইয়াত চকুৰ দৃষ্টি শক্তি বহুত বেছি পৰিমাণে ব্যাহত হয়। ই সাধাৰণতে বংশানুক্ৰমিক হয় আৰু ইয়াত চকুৰ degenerative change কিছুমান হোৱা দেখা যায়। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে চকুৰ সমুখত কলা কলা বস্তু (floaters) কিছুমান দেখা পাই। কেতিয়াবা কেতিয়াবা কুকুৰি কণাত (nightblindness) আক্ৰান্ত হোৱাও দেখা যায়। এই ৰোগত চকু আৰু চকুৰ মণি দুটা কিছু পৰিমাণে ডাঙৰ হোৱা দেখা যায়।

আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত মায়পিয়া ৰোগৰ বিষয়ে প্ৰায় চাৰি হাজাৰ বছৰৰ আগতে উল্লেখ কৰা হৈছে। আয়ুৰ্বেদিক চিকিৎসাত ইয়াক তিমিৰ ৰোগ বুলি কোৱা হয়। তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ। অৰ্থাৎ এই ৰোগত আক্রান্ত ব্যক্তিয়ে চৌদিশে আন্ধাৰ আন্ধাৰ দেখা পাই।

চিকিৎসা:
১) সাধাৰণতে মায়পিয়াত মাইনাছ বা কনকেভ লেন্স ব্যৱহাৰ কৰা হয়। মাইনাচ পাৱাৰ যুক্ত ছশমা বা contact lens ব্যৱহাৰ কৰা হয়।

২) LASIK নামৰ শল্য চিকিৎসাৰ দ্বাৰাও মায়পিয়াৰ চিকিৎসা কৰা হয়। ইয়াত Excimer Laser ব্যৱহাৰ কৰি চকুৰ cornea অংশ পাতল কৰি দিয়া হয়। সাধাৰণতে LASIK surgery ২০ বছৰ বয়সৰ পিছত কৰা হয়।

৩) ভিটামিন বা প্ৰটিন যুক্ত খাদ্য ব্যৱহাৰ কৰি ইয়াক কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি।

৪) প্ৰতিৰোধ বা লবলগীয়া সাৱধানতা( prophylaxix) - যিহেতু মায়পিয়া কিছু পৰিমাণে বংশানুক্ৰমিক গতিকে দুজন মায়পিয়া ৰোগীৰ মাজত বিবাহ নহবলৈ পৰামৰ্শ দিয়া হয়। কিবা কাৰণত দুজন এনে ৰোগীৰ মাজত বিবাহ হলেও তেওঁলোকক সন্তান জন্ম নিদিবলৈ পৰামৰ্শ দিয়া হয়।

আয়ুৰ্বেদিক চিকিৎসা-

ছশমাৰ বাহিৰেও আয়ুৰ্বেদিক বিজ্ঞানত মায়পিয়াৰ বহুতো ফলপ্ৰসূ চিকিৎসা আছে। মায়পিয়াত প্ৰধানকৈ তলত উল্লেখ কৰা ঔষধ সমূহ ব্যৱহাৰ কৰা হয়-

সপ্তামৃত লৌহ, অস্বগন্ধা চূৰ্ণ, ত্ৰিফলা ঘৃত, যাদ্যবাদী ঘৃত, মহা ত্ৰিফলা ঘৃত, ইত্যাদি। ইয়াৰ উপৰিও নেত্র তৰ্পন নামৰ এবিধ বিশেষ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ দ্বাৰা high myopia ত বহুত ভাল ফল পোৱা যায়।

লেখক: ডাঃ অলকেশ মজুমদাৰ।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৯৪৩৫০১৭৯৬৮

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate