অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মায়’পিয়া

 

চকুযুৰি হৈছে আমাৰ শৰীৰৰ অতিকে আৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ অংগ । চকুহালৰ জৰিয়তে আমি এই মনোমোহা পৃথিৱীখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ । সেই কাৰণে চকু দুটা সুস্থভাৱে ৰখাটো আমাৰ প্ৰধান কৰ্তব্য । চকুত বহু বেমাৰ হোৱা দেখা যায় । তাৰ ভিতৰত মায়’পিয়া (myopia) বা নিকটদৃষ্টি হৈছে অন্যতম । এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে ওচৰৰ বস্তুবোৰ ভালদৰে দেখা পাই কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায় । ইয়াৰ ফলত দৈনন্দিন জীৱনত বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় ।

সাধাৰণতে কোনো এটা বস্তুৰ ওপৰত পোহৰ পৰিলে তাৰ পৰা সেই পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলে আমি সেই বস্তুটো দেখা পাওঁ। যিকোনো বস্তু বা পদাৰ্থৰ পৰা প্ৰতিফলিত হৈ অহা পোহৰৰ ৰশ্মি প্ৰথমতে চকুৰ কৰ্ণিয়া বা ক’লা অংশত পৰে । তাৰ পৰা  ক্ৰমে lens আৰু vitreous-ৰ মাজেৰে ৰেটিনাত পৰি অপ্টিক নাৰ্ভৰ মাধ্যমেৰে মগজুলৈ সংকেত প্ৰেৰণ কৰে, যাৰ ফলত আমি বস্তু এটা ভালদৰে দেখা পাওঁ । মায়’পিয়া ৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত পোহৰৰ ৰশ্মিসমূহ ৰেটিনাত নপৰি তাৰ কিছু আগত পৰে যাৰ ফলত দূৰৰ বস্তুবোৰ বোধগম্য হোৱাত অসুবিধাৰ সন্মুখীন হয় ।

এই ৰোগ বিভিন্ন কাৰণত বা বিভিন্ন প্ৰকাৰৰ হোৱা দেখা যায় । তাৰ ভিতৰত তলত উল্লেখ কৰা প্ৰকাৰ বা ধৰণসমূহ অন্যতম-

জন্মগত মায়’পিয়া -

জন্মগত মায়’পিয়া (congenital) জন্মৰ সময়ত দেখা পোৱা যায় যদিও দুই তিনি বছৰ বয়সতহে ধৰা পৰে । বেছি ভাগ সময়ত এটা চকুহে আক্ৰান্ত হোৱা দেখা যায় যদিও কেতিয়াবা কেতিয়াবা দুয়োটা চকুও অক্ৰান্ত হয় । ইয়াৰ ফলত কেতিয়াবা শিশুৰ চকু বেঁকা হোৱাও দেখা যায় । এইধৰণৰ মায়’পিয়াৰ লগত কেতিয়াবা কেতিয়াবা চকুৰ আন বিসংগতি কিছুমানো হোৱা দেখা যায় , যেনে- চকুত ছানি পৰা (cataract), চকুৰ আকাৰ সৰু হোৱা (microphthalmia), ডাঙৰ আকাৰৰ কৰ্ণিয়া (megalocornea) ইত্যাদি জন্মগত মায়’পিয়াৰ চিকিৎসা অতি সোনকালে কৰাটো জৰুৰী । নহ’লে ই শিশুৰ মানসিক বিকাশত বিৰুপ প্ৰভাৱ পেলায় ।

সাধাৰণ মায়’পিয়া -

সাধাৰণ মায়’পিয়া (simple myopia) সাধাৰণতে বেছিকৈ হোৱা দেখা যায় । চকুৰ বিকাশৰ তাৰতম্যৰ ফলত এইবিধ মায়’পিয়া হোৱা দেখা যায় । সাধাৰণতে ৮- ৰ পৰা ১৫ বয়সৰ শিশুসকল বেছিকৈ আক্ৰান্ত হয় । সেইকাৰণে ইয়াক scholl myopia  বুলিও কোৱা হয়। প্ৰায় ১৫ ৰ পৰা ২০ শতাংশ শিশু এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় । পিতৃ-মাতৃ দুয়োজনৰে মায়’পিয়া থাকিলে প্ৰায় ২০% শিশু এই ৰোগত ভোগা দেখা যায় । জনবিশ্বাস মতে অত্যধিক টি-ভি, ম’বাইল, লেপটপ আদিৰ ব্যৱহাৰ বা অতি ওচৰৰ পৰা সূক্ষ্ম কাম কৰিলে সাধাৰণ মায়’পিয়া হয় বুলি কোৱা হয় যদিও ইয়াৰ কোনো বিজ্ঞানসন্মত ব্যাখ্যা পোৱা নাযায় । এই ৰোগত ভোগা শিশুসকলে প্ৰায় চকু দুটা আধা মুদা কৰি ৰাখে, যাতে কিছু পৰিমাণে ভালদৰে দেখিব পাৰে । সাধাৰণ মায়’পিয়া ৫ – ৰ পৰা ১০ বছৰ বয়সত আৰম্ভ হয় আৰু প্ৰায় ১৮- ৰ পৰা ২০ বছৰলৈ বৃদ্ধি হোৱা দেখা যায় ।

ক্ষয়জনিত বা বিকাৰজনিত মায়’পিয়া (Pathological)-

এইবিধ মায়’পিয়াও ঘাইকৈ শিশুসকলৰ মাজত হোৱা দেখা যায় আৰু ইয়াক high myopia  বুলিও কোৱা হয় কাৰণ ইয়াত চকুৰ দৃষ্টিশক্তি বহুত বেছি পৰিমাণে ব্যাহত হয় । ই সাধাৰণতে বংশানুক্ৰমিক হয় আৰু ইয়াত চকুৰ degenerative change কিছুমান হোৱা দেখা যায় । এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে চকুৰ সন্মুখত ক’লা ক’লা বস্তু কিছুমান দেখা পায় । কেতিয়াবা কেতিয়াবা কুকুৰীকণাত (nightblindness) আক্ৰান্ত হোৱাও দেখা যায় । এই ৰোগত চকু আৰু চকুৰ মণি দুটা কিছু পৰিমাণে৩ ডাঙৰ হোৱা দেখা যায় ।

আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত মায়’পিয়া ৰোগৰ বিষয়ে প্ৰায় চাৰি হাজাৰ বছৰৰ আগতে উল্লেখ কৰা হৈছে । আয়ুৰ্বেদিক চিকিৎসাত ইয়াক তিমিৰ ৰোগ বুলি কোৱা হয় । তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ । অৰ্থাৎ এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে চৌদিশে আন্ধাৰ আন্ধাৰ দেখা পায় ।

চিকিৎসা -

১)সাধাৰণতে মায়’পিয়াত মাইনাছ বা কনকেভ লেন্স ব্যৱহাৰ কৰা হয় । মাইনাছ পাৱাৰযুক্ত চছমা (contact lens) ব্যৱহাৰ কৰা হয় ।

২)লেজিক (Lasik) নামৰ শল্য চিকিৎসাৰ দ্বাৰাও মায়’পিয়াৰ চিকিৎসা কৰা হয় । ইয়াত Excimer laser   ব্যৱহাৰ কৰি চকুৰ কৰ্নিয়া অংশ পাতল কৰি দিয়া হয় । সাধাৰণতে লেজিক ছাৰ্জাৰি ২০ বছৰ বয়সৰ পাছত কৰা হয় ।

৩) ভিটামিন বা প্ৰটিনযুক্ত খাদ্য ব্যৱহাৰ কৰি ইয়াক কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি ।

৪) প্ৰতিৰোধ বা ল’বলগীয়া সাৱধানতা (prophylaxis) : যিহেতু মায়’পিয়া কিছু পৰিমাণে বংশানুক্ৰমিক, গতিকে দুজন মায়’পিয়া ৰোগীৰ মাজত নহ’বলৈ পৰামৰ্শ দিয়া হয় । কিবা কাৰণত দুজন এনে ৰোগীৰ মাজত বিবাহ হ’লেও তেওঁলোকক সন্তান জন্ম নিদিবলৈ পৰামৰ্শ দিয়া হয় ।

আয়ুৰ্বেদিক চিকিৎসা -

চছমাৰ বাহিৰেও আয়ুৰ্বেদিক বিজ্ঞানত মায়’পিয়াৰ বহু ফলপ্ৰসূ চিকিৎসা আছে । মায়’পিয়াত প্ৰধানকৈ তলত উল্লেখ কৰা ঔষধমূহ ব্যৱহাৰ কৰা হয়- সপ্তামৃত লৌহ, অশ্বগন্ধা চূৰ্ণ, ত্ৰিফলা ঘৃত, যাদ্যবাদী ঘৃত, মহা ত্ৰিফলা ঘৃত ইত্যাদি ইয়াৰ উপৰি নেত্ৰ তৰ্পণ নামৰ এবিধ বিশেষ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ দ্বাৰা high myopia ত বহুত ভাল ফল পোৱা যায় ।

লেখক: ডা: অলকেশ মজুমদাৰ

উৎস: দৈনিক জনমভুমি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate