অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যকৃতৰ ভাইৰাছজনিত প্ৰদাহ আৰু চকুৰ ৰোগঃ

যকৃতৰ ভাইৰাছজনিত প্ৰদাহ আৰু চকুৰ ৰোগঃ

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছৰ সংক্ৰমণ সাধাৰণতে যকৃতত হয়। এই ভাইৰাছে যকৃতত নানা জটিলতা, আনকি কেঞ্চাৰৰো সৃষ্টি কৰিব পাৰে। সম্প্ৰতি জানিব পৰা গৈছে যে এই দুবিধ ভাইৰাছে চকুৰো সংক্ৰমণ কৰিব পাৰে। চকুত প্ৰৱাহিত তেজত পোনতে সংক্ৰমণ হয়। ইয়াৰ ফলত চকুৰ বিভিন্ন অংশ সংক্ৰমিত হয়। চকুত খজুৱতি হয়, পূঁজৰ সৃষ্টি হয়। ৰেটিনাতো সংক্ৰমণ হয় আৰু দৃষ্টিত ব্যাঘাত জন্মে। যিসকল ৰোগীয়ে হেপাটাইটিছ ‘বি’ অথবা ‘চি’ অথবা দুয়োবিধ ভাইৰাছৰ সংক্ৰমণত ভোগে, তেওঁলোকে চকুৰ সমস্যা হ’লে অৱহেলা নকৰি তত্কালে চকু বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। চকুৰ চিকিত্সকেও জৰুৰীভাৱে চিকিত্সা আৰম্ভ কৰিব লাগে। দৰাচলতে চকুৰ সমস্যা হ’লে ৰোগ নিৰ্ণয় কৰাত অসুবিধা হ’লে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ৰ বাবে তেজৰ বিভিন্ন পৰীক্ষা কৰিব লাগে। হেপাটাইটিছ ভাইৰাছৰ সংক্ৰমণ হ’লে পৰাপক্ষত তত্কালেই চকুৰো পৰীক্ষাসমূহ কৰা উচিত।

চিকিত্সককে ধৰি চিকিত্সা ব্যৱস্থাত জড়িত সকলোৱেই হেপাটাইটিছ ‘বি’ আৰু ‘চি’ৰ বিৰুদ্ধে প্ৰতিষেধক ছিটা ল’ব লাগে। এই দুবিধ ভাইৰাছ বিশেষকৈ সংক্ৰমিত তেজৰ দ্বাৰা বিস্তাৰিত হয়। গতিকে সংক্ৰমিত ব্যক্তিৰ তেজ যাতে কোনো প্ৰকাৰে চিকিত্সা ব্যৱস্থাত জড়িত কোনো ব্যক্তিৰেই দেহলৈ বিস্তাৰিত নহয়, তাৰ বাবে ব্যৱস্থা ল’ব লাগে।

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ৰ ফলপ্ৰসূ চিকিত্সা উপলব্ধ। অৱশ্যে দীৰ্ঘম্যাদী আৰু ব্যয়বহুল। এই দুবিধ ভাইৰাছৰ সংক্ৰমণৰ অন্য লক্ষণ দেখা নিদিলেও, মাথোন চকুৰ অসুখ ধৰা পৰিলেও ভাইৰাছ দুবিধৰ বিৰুদ্ধে চিকিত্সা আৰম্ভ কৰা উচিত।

চকু বিশেষজ্ঞ চিকিত্সকে হেপাটাইটিছ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা থকা যেন দেখিলে, ভাইৰাছ দুবিধৰ চিনাক্তকৰণৰ পৰামৰ্শ দিয়া উচিত। মনত ৰাখিব, যকৃতৰ প্ৰদাহ হৈ থাকিলেও কোনো ধৰণৰ লক্ষণ দেখা নাযাব পাৰে, কিন্তু তত্স্বত্ত্বেও চকুৰ অসুখ হ’ব পাৰে। গতিকে চকুৰ পৰীক্ষা কৰোঁতে হেপাটাইটিছৰ পৰীক্ষা কৰা প্ৰয়োজনীয়।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate