অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেইনড্ৰপ ইনলে

ৰেইনড্ৰপ ইনলে

বয়োবৃদ্ধ লোকৰ বাবে এক সুখৰ খবৰ। বিশেষকৈ দৃষ্টিশক্তিৰ অসুবিধাত ভুগি থকাসকলৰ বাবে এতিয়া ‘ৰিডিং গ্লাছ’ বা লিখা-পঢ়া কৰিবলৈ চশমা লৈ ফুৰাৰ প্ৰয়োজন নহ’ব। চকুৰ কৰ্ণিয়া বা চকুৰ মণিৰ ওপৰত থকা ডাঠ-স্বচ্ছ ত্বকৰ আৱৰণত বেজিৰ আগৰ সমান ক্ষুদ্ৰ সংস্থাপন কৰি এয়া সম্ভৱ কৰি তোলা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে মানুহৰ বয়স বাঢ়ি যোৱাৰ লগে লগে ওচৰৰ আৰু আঁতৰ বস্তুৰ ওপৰত ফ’কাছ কৰাৰ ক্ষমতা কমি আহে। যাক বোলা হয় প্ৰিছবায়পিয়া। যিয়ে গভীৰতাৰ অনুভূতি বিভ্ৰান্ত কৰাৰ লগতে কম পোহৰত লিখা-পঢ়া কৰাটো অসম্ভৱ কৰি তোলে। সম্প্ৰ্তি বিজ্ঞানীসকলে এটা অতি ক্ষুদ্ৰ সংস্থাপন বিকশিত কৰিছে যাক কৰ্ণিয়াৰ ভিতৰত স্থাপন কৰা হয়।

চকুক পুনৰ ফ’কাছ কৰাত সহায় কৰিবলৈ ইয়াৰ বক্ৰতা সামান্যভাৱে বৃদ্ধি কৰা হয়। ‘ৰেইনড্ৰপ কৰ্ণিয়েল ইন্‌লে’ নামৰ এই কৌশল বিকশিত কৰিছে কেলিফৰ্ণিয়াৰ ৰে-ভিছন অপ্টিক্‌ছৰ বিজ্ঞানীৰ এটা দলে। অৱশ্যে প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে ৱাৰউইকশ্বায়াৰৰ লিমিংটন স্পা নামৰ ক্লিনিকখনত। ‘দ্য টেলিগ্ৰাফত’ত এই তথ্য প্ৰকাশ কৰা হৈছে। এই ইন্‌লে বা খাঁজ কাটি সুমুৱাই লগোৱা কৌশলক ৰেইনড্ৰ্প বা পানীৰ টোপাল বুলি এইবাবেই কোৱা হয়, কিয়নো ইয়াৰ আকাৰ পানীৰ এটা টোপালৰ দৰে। ইয়াক হাইড্ৰজেল নামৰ পদাৰ্থবিধেৰে তৈয়াৰ কৰা হয়।

উল্লেখ্য, কণ্টেক্ট লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় হাইড্ৰ্জেল। এই হাইড্ৰজেল পদাৰ্থত আশী শতাংশই পানী থকাৰ বাবে আন কৰ্ণিয়েল ইমপ্লান্টৰ তুলনাত ই সহজে চকুৰ সৈতে মিলি যাব পাৰে। ইয়াৰ আগলৈকে প্ৰিছবায়পিয়াৰ দীৰ্ঘকালীন চিকিৎসা হিচাপে লেজাৰ অস্ত্ৰোপচাৰ কৰি অহা হৈছিল। কিন্তু ৰোগীসকলে এই অস্ত্ৰোপচাৰৰ পিছতো অতি পোহৰত লিখা-পঢ়া কৰিবলৈ ৰিডিং গ্লাছ ব্যৱহাৰ কৰিব লগা হৈছিল। তদুপৰি লেজাৰ চিকিৎসা স্থায়ী নহয়। কিয়নো লেজাৰ চিকিৎসাত পুনৰ আকাৰ দিবলৈ কৰ্ণিয়াৰ এটা অংশ আঁতৰাই দিয়া হয়। গতিকে লেন্সখন পুনৰ সমাধৰাতেল হৈ পৰিলে দৃষ্টিশক্তিৰ অসুবিধা পুনৰ হ’ব পাৰে। নতুন চিকিৎসা কৌশলটোত ব্যয় হয় ২,৪৯৫ পাউণ্ড অৰ্থাৎ আঢ়ৈ লাখ টকা। এই চিকিৎসা সম্পন্ন কৰিবলৈ সময় লাগে মাত্ৰ দহ মিনিট। ইয়াৰ বিপৰীতে লেজাৰ অস্ত্ৰোপচাৰত প্ৰয়োজন হয় প্ৰায় এঘণ্টা।

লিখকঃ অমৰজ্যোতি ভূঞা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate