অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ শৰীৰৰ ছালখন আৰু ইয়াৰ যতনৰ বিষয়ে দুআষাৰ

আমাৰ শৰীৰৰ ছালখন আৰু ইয়াৰ যতনৰ বিষয়ে দুআষাৰ

ছালখন আমাৰ শৰীৰৰ আছাদন। মাতৃগৰ্ভত ভ্ৰণৰ স্থিতি লাভ কৰাৰ প্ৰথম কেই সপ্তাহৰ ভিতৰতে ছালৰ সৃষ্টি হয় ও ই লাহে লাহে প্ৰসাৰিত হৈ ক্ৰমে ক্ৰমবৰ্দ্ধিত ভ্ৰ্ণৰ সম্পূৰ্ণ আৱৰণ হৈ পৰে। এনেদৰেই ছাল খনে ভ্ৰ্ণৰ পৰা ক্ৰমবৰ্দ্ধিত শিশুটিৰ অভ্যন্তৰ ভাগক বৰ্হি ভাগৰ পৰা পৃথক কৰে।

ছালখনৰ প্ৰধান কাম সমূহ হ’ল তলত দিয়া ধৰণৰ :

(ক) ছালৰ কাম

(১) ই শৰীৰৰ আৱৰণ অৰু ই বাহিৰৰ সকলো আঘাতৰ পৰা বিশেষকৈ অপকাৰী জীৱাণুৰ আক্ৰমণৰ পৰা শৰীৰৰ আভ্যন্তৰ ভাগক ৰক্ষা কৰে।

(২) শৰীৰৰ আভ্যন্তৰ ভাগৰ জলীয় ও লোণ সমূহৰ সমতা নিৰ্ণয় কৰাত সহায় কৰে আৰু এনেদৰে জীৱন ৰক্ষা কৰাত সহায় কৰে। লগতে শৰীৰৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে।

(৩) শৰীৰৰ অলাগতীয়াল কিছু দূষিত পদাৰ্থ ছালৰ ৰন্ধ্ৰইদি ঘামৰ লগত নিৰ্গত হয়, এনেদৰে তেজৰ শোধনত সহায় কৰে।

(৪) হাড় ও মাংসপেশীৰ ওপৰত আৱৰণ হৈ শৰীৰৰ আকৃতিক সম্পূৰ্ণ ৰূপ দান কৰে।

(৫) ছালৰ বৰণ, মূৰৰ চুলি, গাৰ নোম, দাড়ি গোফ আদিৰ দ্বাৰাই লিংগ অনুযায়ী মানৱ দেহৰ সৌন্দৰ্য নিৰ্দ্ধাৰণ কৰে। বিভিন্ন জাতি ও শ্ৰেণী অনুযায়ী ছালৰ গঠন আৱৰণ পৃথক পৃথক।

(৬) মনৰ ভাৱ ভঙ্গীৰ প্ৰকাশৰ প্ৰতিফলন ছালৰ ওপৰত হয়।

(৭) বয়স ও পাৰিপাৰ্শ্বিক অৱস্থাৰ সলনিৰ লগতো ছালৰ সৌষ্ঠৱৰ পৰিৱৰ্তন হয়।

(৮) গাৰ বৰণ নিৰ্দ্ধাৰণ কৰা মেলানিন নামৰ যি পদাৰ্থ ছালত আছে সি সূৰ্য্যৰ অপকাৰী ৰশ্মিৰ (Ultraviolet Ray) প্ৰভাৱৰ পৰাও দেহক ৰক্ষা কৰে।

(৯) সকলোতকৈ মানুহে বুজিব ও জানিব পৰাকৈ ছালৰ যি বিশেষ কাম সি হ’ল ছাল আমাৰ শৰীৰৰ স্পৰ্শ কেন্দ্ৰীয়। চুলে টান পোৱা, বিশালে, পুৰিলে, গৰম বা ঠাণ্ডা অনুভৱ আদি অনুভূতি মানৱ দেহৰো এটি ভগৱানৰ দিয়া ডাঙৰ অৱদান।

ইয়াৰ দ্বাৰাই ছালখনে শৰীৰৰ অভ্যন্তৰ ভাগক ডাঙৰ আঘাটৰ পৰা ৰক্ষা কৰে। এই অনুভূতিৰ পৰাই মস্তিষ্কৰ আন আন প্ৰক্ৰিয়াৰ আৰম্ভণি হয়।

ছালৰ প্ৰতি অৱলম্বন কৰিব লগা সাৱধানতা

(১) ছাল শৰীৰৰ আভ্যন্তৰৰ স্বাস্থ্যৰ আইনা স্বৰুপ আকৌ বহিঃ জগতৰ তাপ, বায়ুৰ জলীয় ভাপ, জলবায়ু আদিৰ তাৰতম্য, বতাহত উৰি ফুৰা উদ্ভিদৰ ফল-মূল আদিৰ অংশ, বিভিন্ন শিল্প উদ্যোগ, মটৰ গাড়ী আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা হোৱা প্ৰদূষণ ইত্যাদি সকলোবোৰৰ প্ৰভাৱ আমাৰ শৰীৰৰ ছালৰ ওপৰত পৰে আৰু তাৰ পৰা বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ হ্য’ব পাৰে। এইবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পৰিষ্কাৰ অৱলম্বন অৰ্থাৎ নিতৌ গা ধোৱা, কাপোৰ সলোৱা ও সঘনাই মুখ-হাত ভৰি ধুই থকা অভ্যাস কৰা, উপযুক্ত পোছাক পৰিধান কৰা আদি দ্বাৰা কৰিব পাৰি। কিন্ত প্ৰয়োজন মতে চৰ্ম্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়।

(২) আমাৰ দেশত সেমেকা জলবায়ুৰ প্ৰভাৱত বিশেষকৈ কিছুমান ছালৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি, যেনে ভেকুৰ (Fungal infection) ও জীৱাণুৰ দ্বাৰাই সংক্ৰমিত হোৱা ৰোগ- এই অসুখবোৰ আকৌ যিবিলাক মানুহে বোকা-পানীত বেছিকৈ কাম কৰে যেনে, খেতিয়ক ইত্যাদি তেওঁলোকৰ বেছিকৈ হয়। কাম কৰাৰ লগে লগে চাবোনেৰে ভৰি হাত পৰিষ্কাৰ কৈ ধুই পৰিষ্কাৰ কাপোৰেৰে মচি তেল জাতীয় বস্তু সানিলে এনেবোৰ অসুখ কমকৈ হয়। অসুখ হ’লে অৱশ্যে বিশেষজ্ঞৰ পৰামৰ্শ মতে সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

(৩) আকৌ আমাৰ দেশত ম’হ, পোক, পৰুৱা আদিৰ প্ৰাদুৰ্ভাৱ বেছ। এই বিলাকৰ কামোৰৰ পৰাও ছালৰ ৰোগ দেখা যায়। সেই বাবে শৰীৰৰ সাধাৰণতে অনাবৃত অংশবোৰ ঢকা কাপোৰ পিন্ধিব লাগে, আঠুৱা ব্যৱহাৰ কৰিব লাগে।

(৪) আকৌ মানুহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জ্ঞান ও সচেতনতা নথকাৰ বাবে কিছুমান ছালৰ অসুখ হয়- তাৰ ভিতৰত মূৰৰ ও গাৰ ছালত ওকনি, খৰ খজুৱতি ইত্যাদি।

(৫) প্ৰখৰ ৰ’দত ছাতি ব্যৱহাৰ নকৰিলে বিস্তৰ ক্ষতি সাধন হয়। যেনে-

(ক) সূৰ্য্যৰ ৰাশ্মিয়ে ছালৰ ওপৰত আঘাত কৰে,

(খ) অকালত চুলি পকে,

(গ) নখ ফাটে অৰ্থাৎ অকাল বাৰ্ধক্যৰ চিহ্ন সমূহে দেখা দিয়ে।

(৬) আকৌ ছালৰ কিছুমান অসুখ হ’লে সোনকালে বিশেষজ্ঞ চিকিৎসক সকলৰ ওচৰত পৰামৰ্শ ল’বলৈ নাহি বেজ জ্ঞানী ইত্যাদি সকলৰ দ্বাৰা জৰা ফুকা কৰি বহুতো মূল্যবান সময় পাৰ কৰা দেখা যায়, যেতিয়া লৈকে ছালৰ অসুখটো কমক ছাৰি বেছি হৈ আনকি ৰোগী মৃত্যু মুখতো পৰিব পাৰে।

এই সন্দৰ্ভত ছালৰ তথা শৰীৰৰ কেইটামান অসুখৰ বিষয়ে উল্লেখ কৰিব পাৰি, যেনে-

(ক) Pamphigous আৰু ইয়াৰ নিচিনাই আৰু কেইটা মান অসুখত ছালৰ ঠায়ে ঠায়ে ওখহি পানী জোলা বান্ধে যাক লোকে আই সকলে দেখা দিয়া বুলি সহজে ডাঙৰ তথা বিশেষজ্ঞ পৰামৰ্শ নলয়। কিন্ত এইবিধ অসুখে উপযুক্ত চিকিৎসাৰ অবিহনে ভয়ানক ৰুপ ধাৰণ কৰে, আনকি ৰোগী মৃত্যু মুখতো পৰিব পাৰে।

(খ) সৰু আই, মাজু আই আদিৰো বৰ্তমানে ডাক্তৰি চিকিৎসা আছে। কিন্ত এই অসুখক লৈ মানুহৰ মনত বহুতো কুসংস্কাৰ আছে, আনকি আমাৰ মাজৰ শিক্ষিত লোক সকলো ইয়াৰ পৰা মুক্ত নহয়, এই অসুখ ভাইৰাচৰ দ্বাৰা আক্ৰমণ হোৱা অসুখ আৰু ইয়াৰ চিকিৎসা আছে, কিন্ত তাকে নকৰি লোকে বেজ জ্ঞানীৰ দ্বাৰা জৰা ফুকা কৰাই সময় পাৰ কৰে, কেতিয়াবা অসুখ বৰ টান ৰুপত হৈ ৰোগী মৃত্যু মুখত পৰিব পাৰে।

(গ) ছালৰ আৰু এটা ৰোগ যাক Vitiligo বা ধবল কুষ্ঠ বুলি কোৱা হয়, বহুতে এনে অসুখ হোৱা লোকক এঘৰীয়া কৰে। কিন্ত ই কোনো সোচঁৰা ৰোগ নহয় বা ই কুষ্ঠৰোগো নহয় আৰু সোনকালে চৰ্ম্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ মতে চিকিৎসা কৰিলে সম্পূৰ্ণ ৰুপে আৰোগ্য লাভ কৰাৰ সম্ভাৱনা আছে।

(ঘ) ছালৰ খৰ খজুৱতি ঘা আদিত চিকিৎসক বিশেষকৈ চৰ্ম্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ নলি বজাৰত ওলোৱা বিভিন্ন মলম আদি ব্যৱহাৰ কৰি ৰোগটো কমক ছাৰি বেছি হোৱাহে দেখা যায়।

(ঙ) প্ৰসাধন সামগ্ৰী হিচাপে বজাৰত পোৱা মলম ব্যৱহাৰ কৰি ছালৰ ক্ষতি সাধন কৰা উদাহৰণো কম পোৱা নাযায়।

ওপৰত উল্লেখ কৰা বিষয় সমূহৰ ওপৰত গুৰুত্ব দি সাৱধানতা অৱলম্বন কৰিলে সচৰাচৰ ছালৰ উপযুক্ত যত্ন লব পাৰি। কিন্ত তলত উল্লেখ কাৰা লক্ষণ সমূহ হলে তৎক্ষণাত চৰ্ম্ম ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো একান্ত প্ৰয়োজন।

১) ছালৰ খজুৱতি, গাত চকলা চকল হৈ ওখহি যোৱা বা বিছাই ডকা নিচিনা হলে

২) গাৰ ছাল উঠি বা ফাটি ফাটি যোৱা

৩) গাৰ বৰণ সলনি হোৱা বগা দাগ বা ধবল কৃষ্ট কলা দাগ

৪) গাৰ বৰণ পাতল হৈ চেতনাহীনতা, ছাল ওখহা এই আটাইবোৰ উপসৰ্গ একেলগে হলে কুষ্ঠ ৰোগৰ হব পাৰে- কুষ্ঠ ৰোগ হলে বা হোৱা বুলি ভাবিলে নুলুকুৱাব বা পৰিয়ালৰ কাৰোবাৰ হলে নিঘিনাব – তৎক্ষণাত চৰ্ম্মৰোগ বিশেষজ্ঞ বা ওচৰৰ হস্পিতালত দেখুৱাব কাৰণ কুষ্ঠৰোগ চিকিৎসা সম্পূৰ্ণ ৰুপে আৰোগ্য হয় আৰু সোনকালে চিকিৎসা কৰিলে বিকলাঙ্গ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে। মনত ৰাখিব এই ৰোগ কোনো বিধাতাৰ অভিশাপ নহয়, ই এবিধ বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা এবিধ ৰোগহে। যাক উপযুক্ত চিকিৎসাৰ দ্বাৰাই নিৰ্ম্মূল কৰিব পাৰি ।

৫) ছাল শুকান হলে, মূৰৰ ওফি, ওকনি হলে

৬) গাত ওখহি ছালৰ ঠায়ে ঠায়ে পানী জোলা বান্ধে

৭) পানীয়ে খোৱা হলে

৮) ঘা হলে

৯) চুলি সৰিলে, নখ চুকীয়া হলে

১০) মুখত ও শৰীৰত ব্ৰুণ হলে- সোনকালেঞ্চিকিৎসা লব লাগে, কাৰণ ইয়াৰ ফলস্বৰুপে মুখত যি ক’লা দাগ পৰে সি বিশেষকৈ যুৱক যুৱতীৰ শৰীৰৰ (বিশেষকৈ মুখৰ) সৌন্দৰ্য্যত ব্যাঘাত জন্মায়।

১১) কেতিয়াবা ছালত হোৱা কিছুমান অসুখ শৰীৰৰ ভিতৰুৱা আন কিছু ৰোগৰ উপসৰ্গ হিচাপেও দেখা দিব পাৰে।

ছালৰ যিকোনো ৰোগৰ লগত এজন ব্যক্তিৰ মানসিক স্বাস্থ্য ওতঃপ্ৰোত ভাৱে জড়িত। সেইবাবে চৰ্ম্মৰোগ হলে এই ৰোগৰ চিকিৎসাৰ লগতে বুঅক্তি জনৰ মানসিক স্বাস্থ্যৰ দিশটোও লক্ষ্য ৰাখিব লাগে। অৱশ্যে ইয়াৰ বাবে চিকিৎসকৰ চিকিৎসাৰ উপৰিও পৰিয়াল ও আপোন জনৰ মৰম-চেনেহ, সমবেদনা, উৎসাহ আদিয়ে ৰোগীৰ ৰোগ নিৰাময় কৰাত যথেষ্ট অৰিহনা যোগায়।

মনত ৰাখিব, শৰীৰৰ ছালেই স্বাস্থ্য ব্যৱস্থাৰ আৰ্চী স্বৰুপ। ছালৰ যত্নৰ দ্বাৰা মানুহৰ ব্যক্তিত্ব প্ৰকট হয়। সেয়ে ছালৰ উপযুক্ত যত্ন লোৱাটো অতি প্ৰয়োজন।

লেখক: ডাঃ মহঃ মুঈদুল হুদা, স্বাস্থ্য চৰ্চা

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate