অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এলাৰ্জি

এলাৰ্জি

মানুহৰ শৰীৰত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউন ছিষ্টেমে শৰীৰক অধিক নিৰোগী কৰি ৰাখে। কোনো কাৰণত এই ইমিউন ছিষ্টেমৰ সমস্যাই দেখা দিলে এলাৰ্জিৰ বহিঃপ্রকাশ ঘটে। কেতিয়াবা আমাৰ শৰীৰে অক্ষতিকাৰক বহু বস্তুক ক্ষতিকাৰক বুলি ভাবি প্ৰতিৰোধৰ চেষ্টা কৰে। সাধাৰণতে ক্ষতিকাৰক নোহোৱা এনে বস্তুৰ প্রতি শৰীৰৰ অস্বাভাৱিক প্রতিক্রিয়াই এলাৰ্জি। এলাৰ্জি আমাৰ দেশৰ সৰহ সংখ্যক লোকৰ বাবে এক অসহকৰ সমস্যাৰ নাম। এলার্জিত হাঁচিওৱাৰ পৰা আৰম্ভ কৰি খাদ্য বা ঔষধৰ দ্বাৰা ভীষণ প্রতিক্রিয়া হৈ উশাহ-নিশাহ লোৱাতো কষ্ট অনুভৱ কৰিব পাৰে। কাৰোবাৰ ক্ষেত্ৰত এলার্জিয়ে সামান্য অসুবিধা সৃষ্টি কৰিব পাৰে আৰু কাৰোবাৰ আকৌ জীৱন দুর্বিসহ কৰি তোলে এলাৰ্জিয়ে। ঘৰৰ ধুলিবালি, ফুলৰ গোন্ধ, গো মাংস, ইলিচ বা মিছা মাছ, গৰুৰ গাখীৰ আদিৰ পৰা সাধাৰণতে শৰীৰত খজুৱতি হৈ ছাল ৰঙা পৰি চকলা-চকলকৈ ওখহি উঠিলে বুজিব লাগিব যে আপোনাৰ শৰীৰত এলাৰ্জি আছে।

বহুল প্রচলিত শব্দ ‘এলাৰ্জি’ সম্পর্কে আমাৰ বহুতৰে এতিয়াও কিন্তু সঠিক ধাৰণা নাই। শ্বাস কষ্ট, এগ্‌জিমা আদি বহু ছালৰ ৰোগৰ কাৰণ হৈছে এলার্জি। বিভিন্ন কাৰণত এলাৰ্জি হ’ব পাৰে। ঘৰত জমা হোৱা ধূলি হাপানিজনিত এলাৰ্জিৰ মূল কাৰণ। ঘৰৰ ধূলিত ‘মাইট’ নামৰ এক বিশেষ ধৰণৰ ক্ষুদ্ৰ জীৱাণু থাকে যি শতকৰা প্ৰায় ৬০ শতাংশ এলার্জি সৃষ্টিৰ বাবে দায়ী। সেয়ে যিসকলে হাপানিজনিত এলার্জিত আক্রান্তু তেওঁলোকে সকলো সময়তে ঘৰৰ ধূলিৰ পৰা বাচি চলিব লাগিব। বিশেষকৈ ঘৰ ঝাড়ু মৰাৰ সময়ত। ঘৰৰ কম্বল, পর্দা, তুলি, গাৰ, আচবাব-পত্ৰ আদিত যিবোৰ ধূলি জমা হৈ থাকে সেইবোৰ চাফা কৰাৰ সময়তো আঁতৰত থাকিব লাগে।

প্রদূষিত বতাহ, ঘৰৰ ধূলি, ফুলৰ গোন্ধ, ধোঁৱা, সতেজ ৰঙৰ গোন্ধ, পুৰণি ফাইল বা কিতাপৰ ধূলি ইত্যাদিয়ে শৰীৰত এলার্জিক বিক্রিয়া ঘটাই হাঁপানি ৰোগ সৃষ্টি কৰাত সহায় কৰে। হাপানী আৰু এলাৰ্জিৰ সম্পৰ্ক গভীৰ। সেয়ে যিসকল লোক হাপানীত আক্ৰান্ত তেওঁলোকে এইবোৰৰ পৰা সতকাই আঁতৰত থকাটো অতি প্ৰয়োজনীয়। তদুপৰি ছত্রাকে দেহত এলাৰ্জি তথা হাপানি সৃষ্টি কৰে। ছত্রাক এটি অতি ক্ষুদ্র তথা সৰল উদ্ভিদ। কিছুমান খাদ্য ছত্রাকৰ দ্বাৰা দূষিত হয়। তদুপৰি কিছুমান খাদ্য যেনেঃ পনীৰ, ব্ৰেড তথা কেক্‌ আদি প্ৰস্তুত কৰোতে ছত্রাক ব্যৱহাৰ হয়। এই ছত্ৰাক আকৌ এলার্জি তথা হাপানি সৃষ্টিৰ এটি অন্যতম কাৰণ।

সৰু সুৰা ফোহা, ছর্দি, কাহ, মূৰৰ বিষ, জ্বৰ, গাৰ বিষ আদিত আমি চিকিৎসকৰ পৰামৰ্শ অবিহনে কিছুমান ঔষধ সেৱন কৰো। এছপেৰিনযুক্ত এই ঔষধে শৰীৰত এলাৰ্জির্জনিত খজুৱতি সৃষ্টি কৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ঔষধ সেৱন কৰা অনুচিত।

কিছুমান খাদ্যতো আকৌ এলাৰ্জিৰ প্ৰচুৰ সম্ভাৱনা থাকে। যেনে— গৰুৰ গাখীৰ। শিশুৰ ক্ষেত্ৰত এই গাখীৰে এলার্জি সৃষ্টি কৰি পাৰে। তদুপৰি মাছ, বাদাম, কল, আপেল, আঙুৰ, কাঠফুলা, গম, কণী, তৰমুজ, পিঁয়াজ, নহৰু, চকলেট আনকি ঠাণ্ডা পানীৰ দ্বাৰাও বহু লোকৰ এলাৰ্জি হ’ব পাৰে।

শিশুক টিকা বা ভেক্‌চিন দিয়াৰ সময়ত খজুৱতি বা ঠাণ্ডাজনিত কোনো সমস্যা হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

মহ, মাখি, মৌ আদি অন্যান্য পোক-পৰুৱাই কামুৰিলেও গাত খজুৱতি হয় বা পোক কামোৰা স্থান টুকুৰা উখহি যায়। ঘৰত পোহনীয়া কুকুৰ, মেকুৰী বা চৰাই আদিৰ পৰাও এলার্জি হোৱাৰ সম্ভাৱনা থাকে। তদুপৰি, আৰ্টিকোৰিয়া বা আমবাত নামৰ এটি চৰ্মৰোগত ছাল চকলা-চকলকৈ উখহি উঠে আৰু ছালত খুবেই খজুৱতি হয়। বহু সংখ্যক লোকৰ জীৱনৰ যিকোনো বয়সত এই ৰোগ হোৱা পৰিলক্ষিত হয়। এই আৰ্টিকোৰিয়া শৰীৰৰ যিকোনো নির্দিষ্ট অংশত সীমাবদ্ধ থাকে বা সমস্ত শৰীৰত বিয়পি পৰিব পাৰে। এই ধৰণৰ এলাৰ্জিত প্রচণ্ড খজুৱতি হয়। আৰু ছালখন ৰঙা পৰি বিভিন্ন আকাৰত ওখহি যায়। বিভিন্ন কাৰণত এই ৰোগ হোৱাৰ সম্ভাৱনাৰ কথা চিকিৎসকে ব্যক্ত কৰে। যেনে: খাদ্যৰ পৰা বা পোক-পৰুৱাই কামুৰিলেও এই ৰোগ হ’ব পাৰে।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate