অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খজুৱতি

খজুৱতি

চাৰকপটিচ স্কেবিঅই (Sacroptes Scabei) নামৰ পৰজীৱি (Parasite) এই ৰোগটোৰ কাৰণ। শৰীৰৰ বিভিন্ন ভাঁজত এই পৰজীৱিটোৱে আশ্ৰয় লয় যেনে – আঙুলিৰ ফাঁক, হাতৰ তলত, কঁকালৰ তলত ইত্যাদি। ছালৰ তলত ফুটা কৰি স্ত্ৰী পৰজীৱিটোৱে ছাল ফুটা কৰি বাহিৰত আহে আৰু শৰীৰৰ বিভিন্ন স্থানত বিয়পি পৰে।

অতিপাত সোঁচৰা ৰোগ। শিশুবোৰৰ বেছি হয়। যি ঠাইত বহু মানুহে একেলগে বাস কৰে, উদাহৰণস্বৰুপে শৰণাৰ্থী শিবিৰ, ছাত্ৰবাস, সেনা চাউনী ইত্যাদি স্থানত বেছি হয়। এই ৰোগটোৰ প্ৰধান লক্ষণ খজুৱতি। পাছত আক্ৰান্ত স্থানত জূৱাণুৰ সংক্ৰমণ হয়।

চিকিৎসা

জীৱাণুৰ সংক্ৰমণ হ’লে জীৱাণুনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে। ১% গামাবেনজিন হেক্সাক্লোৰাইড বা ১৫% বেনজাইল বেনজেয়ট লোছন স্থানীয়ভাৱে প্ৰয়োগ কৰিব লাগে।

এই ৰোগত ভালদৰে শোধন কৰা গন্ধক প্ৰয়োগ কৰা হয়। গন্ধক শুদ্ধ কৰিবৰ কাৰণে প্ৰায় ২ গ্ৰাম কেঁচা গন্ধক এখন ডাঙৰ চামুচত ল’ব লাগে। এই চামুচ খনত সিমান খিনি মাত্ৰত গৰুৰ ঘি ল’বলৈ লাগে, যাতে ঘিত গন্ধত পাউডাৰ খিনি ডুবি যায়। চামুচ খন জুইৰ ওপৰত লৈ গৰম কৰিব লাগে। জুইৰ উত্তাপত যেতিয়া ঘি খিনি গলিবলৈ ধৰিব, তেতিয়া লগে লগে গন্ধক খিনিও গলিবলৈ আৰম্ভ কৰিব আৰু ঘিৰ লগত মিহলি হ’ব। এখন বেলেগ থালত গৰুৰ গাখীৰ লৈ থাল খনত মুখ খন পাতল কাপোৰেৰে ঢাকি লোৱা হয়। এই কাপোৰ খনৰ ওপৰত ঘিমিশ্ৰিত গন্ধক খিনি গৰমে গৰমে ঢালি দিব লাগে। এনেকৈ ঢালি দিলে গন্ধক খিনি গাখীৰৰ লগত মিহলি হৈ যায়। গাখীৰৰ সম্পৰ্কত অহাৰ লগে লগে গলি যোৱা গন্ধক খিনি এটা টুকুৰাত পৰিণত হয়। এই টুকুৰাটোক বাহিৰ কৰি আনি গৰম পানীৰে ধুই ল’ব লাগে। এই প্ৰক্ৰিয়াটো সাত বাৰ কৰিব লাগে। পাছত এই গন্ধক খিনি চূৰ্ণ কৰি শুকান বটলত সুৰক্ষিত অৱস্থাত ৰাখিবলৈ লাগে। এইদৰে শোধন কৰিলে গন্ধকৰ সকলো ধৰণৰ বিষাক্ত গুণ নোহোৱা হৈ যায়। ইয়াৰ সেৱন ২০০ মিলিগ্ৰাম পৰিমাণৰ মাত্ৰাত লৈ, শহদ মিহলাই, দিনত দুবাৰ খালী পেটত সেৱন কৰোৱা হয়। এইদৰে শোধন কৰা গন্ধক শিশুৰ কাৰণেও উপকাৰী তথা সিহঁতৰ কোনো ধৰণৰ অপকাৰ নহয়। যিখিনি গাখীৰত গলি যোৱা গন্ধক খিনি ঢালি দিয়া হয়, সেই গাখীৰ খিনিৰ পৰা ঘি খিনি বাহিৰ কৰি খজুৱতি হোৱা স্থানত প্ৰয়োগ কৰিব লাগে। ইয়াৰ দ্বাৰা বহুত উপকাৰ পোৱা যায়। নিমপাত পানীত উতলাই সেই পানীৰে খজুৱতি হোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিব লাগে। নিম গছৰ তেলেৰে বনোৱা চাবোনৰ প্ৰয়োগ এই ৰোগত লাভ জনক। নিম গছৰ পাত চোবাই খাবলৈ দিব লাগে। নিম গছৰ পাতৰ কোমলৰ্পাত, যিবোৰ অধিক তিতা নহয়, সেইবোৰ পিচি এটা মটৰৰ আকাৰত বনাই শুকুৱাই লৈ দিনত দুবাৰকৈ সেৱন কৰিব লাগে।

লেখক: ডাঃ শ্বাহিৰ আনোৱাৰ, স্বাস্থ্য চৰ্চা

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate