অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূল কৰাৰ উপায়

চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূল কৰাৰ উপায়

চকুৰ গুৰিত পৰা ক’লা দাগে যথেষ্ট সমস্যাত পেলায়। এনে ক’লা দাগ আঁতৰাবলৈ প্ৰাকৃতিকভাৱে ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে কিছু উপকৰণ-

বিলাহী

চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূলত বিলাহীও যথেষ্ট উপকাৰী। এচামুচ সতেজ বিলাহীৰ ৰস এক চামুচ নেমুৰ ৰসৰ লগত মিশ্ৰণ কৰি ল’ব। এই মিশ্ৰণ চকুৰ গুৰিৰ ক’লা দাগ পৰা ঠাইত লগাব। দহ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ধুই পেলাব।

তিয়হ

মুখৰ ছাল আৰু চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত তিয়ঁহ যথেষ্ট উপকাৰী। তিয়ঁহে ছালৰ ক্ষেত্ৰত এষ্টিনজেন্ট হিচাপে কাম কৰে। এটা সতেজ তিয়ঁহ পাতলকৈ শ্লাইজ কৰি কাটি ল’ব আৰু পাৰিলে অলপ সময় ফ্ৰিজত ৰাখিব। আধা ঘন্টামানৰ পিচত ফ্ৰিজৰ পৰা উলিয়াই এই তিয়ঁহৰ টুকুৰা বন্ধ চকুৰ ওপৰত ১০-১৫ মিনিটৰ বাবে ৰাখিব। পিচত পানীৰে চকুযুৰি ধুই পেলাব।

আলমণ্ড অইল

চকুৰ গুৰিৰ দুয়োকাষে আলমণ্ড অইল লাহে লাহে মালিচ কৰিলেও যথেষ্ট সুফল পোৱা যায়। নিশা শোৱাৰ আগতে এই যতন ল’ব।

গোলাপ জল

এটা কপাহৰ বলত গোলাপ জল লৈ সেই কপাহৰ টুকুৰা চকুৰ পতাত ৰাখিব। দহ মিনিটৰ পিচত আঁতৰাই পেলাব।

আলু

প্ৰথমে আলুৰ বাকলি গুচাই ল’ব। ঘূৰণীয়াকৈ পাতলকৈ কাটি লোৱা আৰু আলু চকুৰ পতাত ১৫-২০ মিনিটৰ বাবে ৰাখিব। পিচত ঠাণ্ডা পানীৰে ধুই পেলাব।

পদিনা

এই ক্ষেত্ৰত পদিনাও যথেষ্ট উপকাৰী। ৬-৭ খিলা পদিনাৰ পাত পিহি লৈ সেয়া চকুৰ দুয়োকাষে লগাব। ১০-১৫ মিনিটৰ পিচত ঠাণ্ডাপানীৰে সেই ঠাইখিনি ধুই পেলাব।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate