অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চোৰিয়াছিছ

চোৰিয়াছিছ এবিধ ছালৰ জটিল ৰোগ| ই সংক্ৰমক নহয়| এজনৰ গাৰ পৰা আন এজনলৈ বিয়পি নাযায়| বৰ্তমান এই ৰোগ ব্যাপক ভাৱে দেখা যায়| সমীক্ষা মতে প্ৰতি ৫০ জন লোকৰ এজন এই ৰোগত আক্ৰান্ত| মহিলা-পুৰুষ সমভাগেই এই ৰোগত আক্ৰান্ত| সাধাৰণতে ১০ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত এই ৰোগৰ আৱিৰ্ভাৱ হ’ব পাৰে| কিছুমানৰ ইয়াৰ লগতে গলত আক্ৰান্ত হোৱাও দেখা যায়| ছালৰ দুটা প্ৰধান স্তৰ হ’ল-এপিডাৰমিছ বা বহি:ত্বক আৰু ডাৰমিছ বা অন্ত:ত্বক| এপিডাৰমিছৰ একেবাৰে ওপৰৰ অংশত কেৰাটিন নামৰ মৃত কোষ থাকে| আমি গম নোপোৱাকৈয়ে এই মৃত কোষ বোৰ খহি পৰে আৰু তলৰ ফালে থকা সজীৱ কোষ বোৰ ওপৰলৈ উঠি আহে| এনেদৰে মৃত কোষ খহি আৰু সজীৱ কোষ উঠি অহা কাৰ্যক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় এপিডাৰমিছ টাৰ্ণঅ’ভাৰ| এই প্ৰক্ৰিয়া নিৰন্তৰ-নিৰৱচ্ছিন্ন ভাৱে চলি থাকে| কিন্তু কিবা কাৰণত এই অৱস্থাৰ সামান্য হেৰফেৰ হ’লেই চোৰিয়াছিছ হয়| এজন সুস্থ মানুহৰ প্ৰক্ৰিয়া অৰ্থাৎ এপিডাৰমিছ টাৰ্ণঅ’ভাৰ হ’বলৈ সময় লাগে ৮০০ দিন অৰ্থাৎ ২ বছৰ ২ মাহ ২০ দিন| আৰু সহজ ভাষাত কবলৈ হ’লে এই সময়ছোৱাত আমাৰ বহি:ত্বক সলনি হৈ যায়| এই ধাৰাৰ ব্যতিক্ৰম হ’বলৈ আৰম্ভ হৈ এই সময় কমি গৈ থাকে| শেষত এনে অৱস্থা হৈ যে ৩ ৰ পৰা ৫ দিনৰ ভিতৰত এপিডাৰমিছ টাৰ্ণঅ’ভাৰ হ’বলৈ ধৰে, ফলত ত্বকে সকলো সময়তে খোলচ এৰিবলৈ ধৰে- এই সমস্যাকে কোৱা হয় চোৰিয়াছিছ|

চোৰিয়াছিছ কিয় হয়?

বৰ্তমান বিজ্ঞানী-চিকিৎসক-গৱেষকে ইয়াৰ কাৰণ জানিব পৰা নাই| সেয়েহে ইয়াৰ কোনো পোনপটীয়া ঔষধ আৱিস্কাৰ কৰিব পৰা নাই| সেইবুলি ইয়াৰ চিকিৎসা নাই বুলি হাত সাবটি বহি নাথাকি ডাৰ্মাটোলজিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰক| বৰ্তমান আৱিস্কৃত কেইটামান বায়োলজিকেল ঔষধ ব্যৱহাৰ কৰি ৰোগক দমাই ৰাখিব পাৰি অতি সহজে|

কেনেকৈ জানিব?

চোৰিয়াছিছ ৰোগৰ আৰম্ভণিতে বুকু-পিঠি হাত আদিত ৰঙা বৰণৰ গুটি সদৃশ কিছুমান চিহ্ন দেখা যায়| লাহে লাহে এইবোৰৰ পৰা ত্বকৰ খোলচ উথিবলৈ ধৰে| এনে অৱস্থা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা কৰিলে ৰোগটো নিয়ন্ত্ৰণলৈ আহিব| যদি কোনো চিকিৎসা কৰা নহয়, ই সম্পুৰ্ণ শৰীৰলৈ বিয়পি পৰিব পাৰে| মূৰৰ চুলিত কিছুমানৰ অতি ভয়ানক ভাৱে উফি হয়, যাক মেডিকেটেড ছেম্পু ব্যৱহাৰ নকৰাকৈয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰি| এয়া চোৰিয়াছিছ বাবেও হ’ব পাৰে| শীতকালত চোৰিয়াছিছৰ প্ৰকোপ বেছি হয়, কাৰণ শীত কালত ত্বক শুকাই যায়| সেয়েহে আমি এনে সময়ত ত্বক পৰিস্কাৰকৈ ৰখাৰ উপৰি ইমিলিয়েণ্ট জাতীয় লোচন ব্যৱহাৰ কৰি ত্বকৰ আৰ্দ্ৰতা বজাই ৰখা অত্যন্ত জৰুৰী| ষ্ট্ৰেচ-টেনচন-মদ্যপান-ৰ’দৰ পৰা নিজকে ৰক্ষা কৰা ইত্যাদিয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব|

চিকিৎসা

অভিজ্ঞ চৰ্মৰোগ বিশেষজ্ঞৰ দ্বাৰাই ৰোগটোৰ বিষয়ে জানিব পাৰে| লগতে পাৰিবাৰিক ইতিহাস আৰু অন্যান্য উপসৰ্গবোৰ ভালদৰে নিৰীক্ষণ ৰোগ নিৰ্ণয় কৰি চিকিৎসাৰ ব্যৱস্থা কৰে| মাথোঁ সময় মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক|

লিখক: ড° সনাতন ডেকা।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate