অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছানস্ক্ৰীনৰ প্ৰয়োজনীয়তা

গ্ৰীষ্মৰ আগমনৰ লগে লগে ছানস্ক্ৰীনৰ প্ৰয়োজনীয়তা আহি পৰে। সূৰ্য্যৰ পৰা নিৰ্গত ইউ ভি এ ৰশ্মিক প্ৰতিৰোধ কৰাত এই ছানস্ক্ৰীনে বিশেষ অৰিহণা যোগায়।

ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰিব পৰা ছানস্ক্ৰীন লোচন

  • ৰ’দে পোৰাৰ পিছত নিয়মিত ওটমিল আৰু পাউদাৰ গাখীৰ সমানে মিহলাই বিলাহীৰ ৰসৰ লগত মিহলাই ২০ মিনিটমান থৈ দিব। পিছত উক্ত মিশ্ৰণটি মুখত, ডিঙিত আৰু হাতত বিশ মিনিটমান লগাই ধুই দিব।
  • তেলেতীয়া ছাল ৰ’দে পোৰাৰ পিছত শীতল কৰি, ছালত পানীৰ যোগান ধৰাৰ বাবে দুই ইঞ্চিৰ তিয়ঁহৰ টুকুৰাৰ লগত ৫ টা মান পদিনাৰ পাত, ৫০ মি:লি গাখীৰ মিহলাই ছালত প্ৰলেপ হিচাপে লগাব। ১৫ মিনিটৰ পিছত ধুই দিব।
  • পদিনা হৈছে বীজাণুনাশক। ভাগৰুৱা মুখ আৰু ভৰিৰ বাবে উপকাৰী। পদিনাৰ পাত এমুঠি বটি, তাৰ ৰস উলিয়াই হাতেৰে পিটিকি ল’ব। সমানে মিলাই ২০ মিনিট থৈ দিয়াৰ পিছত লগাব। পদিনাই ছালৰ পৰা মৃত কোষসমূহ আঁতৰোৱাত সহায় কৰে আৰু ভিটামিন ‘এ’ আৰু ‘টি’ ৰ যোগান ধৰে।

ঘৰুৱাভাৱে আমি ৰ’দে পোৰাৰ দাগ আঁতৰাবলৈ বিভিন্ন ধৰণেৰে চেষ্টা চলাওঁ। কাৰণ সূৰ্য্যৰ ৰশ্মিয়ে আমাৰ ছালৰ তলৰ কানেকটিং টিছু নষ্ট কৰি দিয়ে। খুব বেছি সময় ৰ’দত থাকিলে অতি বেঙুনীয়া ৰশ্মি ছালৰ গভীৰলৈ যায় আৰু বয়সৰ ছাপ পৰাত সহায় কৰে। প্ৰকৃত ছানস্ক্ৰীন ব্যৱহাৰ কৰাৰ ফলত কম সময়তেই বয়সৰ ছাপ পৰাৰ চিন্তা আহিব নোৱাৰে। মনত ৰাখিব প্ৰত্যেক বছৰেই আমি নতুনকৈ ছানস্ক্ৰীন কিনাৰ প্ৰয়োজন। ছানস্ক্ৰীন ব্যৱহাৰ কৰাৰ ফলত ৰ’দে ছালখন পুৰিব নোৱাৰে। খজুৱতি হৈ ঘা হোৱাৰ ভয় নাথাকে। ইপিনে ছানস্ক্ৰীন ব্যৱহাৰৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। কিছুমান ছানস্ক্ৰীন ব্যৱহাৰৰ ফলত ফটোকট্ৰেক ড্ৰামাটাইটিছ মিলিয়েৰিয়া আদিও হ’ব পাৰে। যিবোৰ ছানস্ক্ৰীনত সুগন্ধি আৰু সংৰক্ষণৰ সামগ্ৰী থাকে, তেনে ছানস্ক্ৰীনৰ পৰা এনেবোৰ সমস্যা হ’ব পাৰে। হাইড্ৰ’কুইনন থকা ছানস্ক্ৰীনে ছালত বগা দাগ, জ্বলন আৰু খজুৱতি হোৱাত সহায় কৰে। সেইবাবে সুগন্ধি নথকা আৰু বগা বৰণৰ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। ছানস্ক্ৰীন কিছুদিন ব্যৱহাৰ কৰাৰ পিছত যদি ছানস্ক্ৰীনৰ ৰং সলনি হৈছে, তেন্তে তেনেধৰণৰ ছানস্ক্ৰীন ব্যৱহাৰ নকৰিব। যদি আমি হাইড্ৰাটিং ছানস্ক্ৰীন ব্যৱহাৰ কৰো, তেন্তে ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। যদি আমি এছ পি এফযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰো, তেন্তে ছালৰ জ্বলন, খজুৱতি আদি হোৱাৰ সম্ভাৱনা নাথাকে। প্ৰকৃততে ছানস্ক্ৰীনত এছ পি এফ ১৫১ লগত এভ’বেনজন, টিটানিয়াম, ড্ৰাইটাঅইড আৰু Zine অ-আইড থকাটো প্ৰয়োজন, ই ছালক ৰ’দৰ পৰা ঢাকি থয়। ৰাসায়নিক ছানস্ক্ৰীনে ৰ’দৰ অতি বেঙুনীয়া ৰশ্মি ছালৰ পৰা শুহি ল’ব নোৱাৰে। সাধাৰণতে কিছুমান ৰাসায়নিক ছানস্ক্ৰীনত Memory1, Avobenzone, Oxybenzone থাকে। এনে সামগ্ৰীয়ে ছালত খজুৱতি সৃষ্টি কৰে। তদুপৰি এলাৰ্জী হোৱাও দেখা যায়। উল্লেখ্য যে ছানস্ক্ৰীন ব্যৱহাৰ কৰাৰ ফলত যদি ছাল ক’লা পৰে আৰু জোলা উঠি যায়, তেতিয়া তৎক্ষণাত কেলামাইন ব্যৱহাৰ কৰিব লাগে। য’ত পিপাৰমিন্ট থাকে। ছানস্ক্ৰীন ব্যৱহাৰ কৰিলে সদায় মুখত, ডিঙিত আৰু হাতত লগাব লাগে। ৰ’দলৈ ওলোৱাৰ আধা ঘন্টাৰ আগতেই লগাব লাগে। ছানস্ক্ৰীন তিনি ঘন্টাৰ মূৰে মূৰে পুনৰ লগাই থাকিব লাগে। যিসকলৰ ছাল তেলেতীয়া হয়, তেওঁলোকে সদায় জেলযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণভাৱে নন কম্যজেনিক আৰু গ্ৰেজী। যিসকলৰ সচেতন ছাল, তেওঁলোকে বেছি তেলেতীয়া নতুনা আঠালেতীয়া ছানস্ক্ৰীন ব্যৱহাৰ কৰিব নালাগে। ছানস্ক্ৰীন লগালেও কেতিয়াবা ছাল ৰ’দে পোৰে আৰু ফোঁহা হ’ব পাৰে। সেইবাবে ছানস্ক্ৰীন কিনাৰ আগতেই ছানস্ক্ৰীন তৈয়াৰ কৰা তালিকাখন পঢ়ি চাইহে কিনিব।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate