অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালখন উজ্বল কৰি তোলাৰ কেইটিমান পৰামৰ্শ

চুলি, মুখ, হাতৰ আঙুলি আদিৰ যত্ন লোৱাৰ লগতে ছালখনৰো যত্ন লোৱা অতি প্ৰয়োজন। ছালখন উজ্জ্বল আৰু স্বাস্থ্যবান কৰি তুলিবলৈ হ’লে কেইটিমান পৰামৰ্শ মানি চলিব লাগে। বিউটি পাৰ্লাৰলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে ছালখনৰ পৰিচৰ্যা কৰিব পাৰে। তলত কেইটিমান অতি সহজ পৰামৰ্শ আগবঢ়োৱা হ’ল। নিয়মীয়াকৈ এই পৰামৰ্শ বোৰ মানি চলিব পাৰিলে দেখিব কেইদিনমানতে ছালখন উজ্জ্বল হৈ পৰে।

ৱাটাৰ থেৰাপি

গ্ৰীস্ম কালত দিনে ৮-১০ গিলাছ পানী খোৱা অতিকে প্ৰয়োজন। এই পৰিমাণৰ পানীয়ে আপোনাৰ ছালখনৰ প্ৰয়োজনীয় আৰ্দ্ৰতা ৰক্ষা কৰিব। এইদৰে প্ৰচুৰ পানী খালে দেহটোৱে প্ৰাকৃতিকভাৱেই কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, আয়োদিন, তাম আৰু লৌহ দ্ৰব্য আদি লাভ কৰে। আৰু এই বোৰে দেহটোৰ পৰা টক্সিন বাহিৰ কৰি দিয়ে। ফলত ছলখন উজ্জ্বল হয়।

নিয়মিত ব্যায়াম

ব্যায়াম কৰিলে ছালখনৰো উপকাৰ পোৱা যায়। ব্যায়াম কৰিলে শৰীৰত তেজৰ চলাচল বৃদ্ধি পোৱাৰ লগতে ছালখনে অধিক পৰিমণে অক্সিজেন লাভ কৰে। ইয়াৰ ফলত ছালখন স্বাস্থ্যবান হয়। ব্যায়ামে মানসিক চাপৰ পৰিমাণো কমাই ৰাখে।মানসিক চাপত ভুগি থাকিলে ছালখনৰ ওপৰত তাৰ প্ৰভাৱ পৰে, ছালখন শুকান হয়। ইয়াৰ উপৰি নিয়মিত্ৰ ব্যায়াম কৰিলে ছালখনত প্ৰাকৃতিক তেল উতপাদন হয় আৰু এই তেলে ছালখন মিহি আৰু স্বাস্থ্যবান কৰি তোলে। ব্যায়াম কৰিলে ঘামৰ সৈতে টক্সিনবোৰ ওলাই যায়।

মৃতকোষ নিস্কাষণ

ছালখন স্বাস্থ্যবান কৰি ৰাখিবলি নিয়মিয়ভাৱে ছালখনৰ ওপৰত চামনি বন্ধা মৃত কোষবোৰ এৰুৱাৰ ব্যৱস্থা কৰিব কৰিব। কিয়নো প্ৰতি মিনিটত আমাৰ দেহটোৱে মৃত কোষবোৰ ছালখনৰ একেবাৰে ওপৰত একোটা চামনিৰ দৰে আঁতৰাই পেলায়। এই মৃতকোষবোৰ নিয়মীয়াকৈ পৰিস্কাৰ কৰি নেৰাখিলে ছলখন শুকান আৰু নিস্প্ৰাণ হয়। মৃতকোষবোৰ আঁতৰাৱৰ বাবে সেয়ে ছালখন ভালকৈ ঘঁহিব। ভঁহিবৰ বাবে পৰাপক্ষত ‘স্ক্ৰাব’ ব্যৱহাৰ কৰিব। মুখ আৰু ডিঙিৰ বাবে সুকীয়া স্ক্ৰাব ল’ব। সপ্তাহত দুই-তিনিবাৰ এইদৰে ঘঁহি ঘঁহি গা ধুলে ছালখন উজ্জ্বল আৰু কমনীয় হৈ উঠে।

ৰাসায়নিক খাদ্য নাখাব

প্ৰছেচড ফুড অতিৰিক্ত মঠা, চৰ্বিযুক্ত ব তৈলাক্ত আহাৰ নাখাব। কাৰণ এনেবোৰ খাদ্যত ৰাসায়নিক দ্ৰব্য থাকে আৰু এনে খাদ্য ছালখনৰ বাবে ক্ষতিকাৰক। ইয়াৰ্ সলনি সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল খাব। এনেবোৰ খাদ্যত যথেষ্ট পৰিমাণে আঁহ, ভিটামিন আৰু খনইজ পদাৰ্থ থাকে। এই উপাদানবোৰে দেহৰ পৰা টক্সিন উলিয়াই দিয়াত সহয় কৰে। দেহৰ পৰা টক্সিন ওলাই নগ’লে ব্ৰ্ণ, ফোঁহা আদি বিভিন্ন সমস্যাই দেখা দিয়ে।

টোপনি ক্ষতি নকৰিব

দিনে কমেও ৮ ঘণ্টাকৈ শুব। টোপনি ক্ষতি হৈ থাকিলে ছলখনত আগতীয়াকৈ বয়সৰ চাপ পৰে। টোপনিৰ সময়খিনিতে দেহটোৱে দিনৰ ভাগত হোৱা দেহৰ ক্ষতিবোৰ মেৰীমতি কৰি লয়। সেয়ে শোৱাৰ নিৰ্দিষ্ট সময়খিনিক ‘সৌন্দৰ্য নিদ্ৰা’ বুলি কোৱা হয়।

ময়শ্বাৰাইজ

ময়শ্বাৰাইজ ব্যৱহাৰ কৰিলে ছালখনৰ আৰ্দ্ৰতা অটুট থাকে আৰু প্ৰাকৃতিকভাবে থকা ছালৰ সজীৱতা ৰক্ষা পৰে। গা-ধুই বা মুখখন ধুই অহাৰ লগে লগে ছালখন সেমেকি থকাৰ সময়ত ময়শ্বাৰাইজাৰ লগালে ভালদৰে ছালখনে শুহি ল’ব পাৰে। ময়শ্বাৰাইজাৰ লগালে ভালদৰে ছালখনে শুহি ল’ব পাৰে। ময়শ্বাৰাইজাৰে ছালখনৰ কমনীয়তা আৰু স্থিতিস্থাপকতা ৰক্ষা কৰে অৰ্থাত ছালখন ঢিলা হৈ ওলমি যোৱাৰ পৰা ৰক্ষা পৰে। ময়শ্বাৰাইজাৰৰ ব্যৱহাৰ আপোনাৰ ছালখনৰ কাৰণে অপৰিহাৰ্য প্ৰসাধন সামগ্ৰী।

ছানস্ক্ৰীণ ব্যৱহাৰ কৰক

সূৰ্যৰ ৰশ্মিয়ে ছালখন পুৰি তাম বৰণীয়া কৰি পেলায়। বেছিকৈ ৰ’দে পুৰিলে ছালখনত বলি ৰেখা আৰু ক’লা দাগ পৰে। ফলত ছলখনৰ উজ্জ্বলতা নাইকীয়া হৈ শুকান হৈও পৰে। সেয়ে সদায় ১৫ ৰ পৰা ৩০ এছ পি এফ যুক্ত উত্তম ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব। তেতিয়াহে ছালখন স্বাস্থ্যবান আৰু উজ্জ্বল হৈ থাকিব।

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate