অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ এটি আচহুৱা ৰোগ – কিলইড

ছালৰ এটি আচহুৱা ৰোগ – কিলইড

আপোনালোকৰ চকুত কিলইডৰ ৰোগী নিশ্চয় নপৰাকৈ থকা নাই৷ ভগবানে নকৰক কোনো আত্মীয় এই ৰোগত আক্ৰান্ত হওক৷ ৰোগৰ বৰ্ণনাটো কলেই ছবিখন আপোনাৰ চকুৰ আগত ভাঁহি উঠিব৷ ৰোগাক্ৰান্ত ব্যক্তিৰ শৰীৰৰ যি কোনো অংশৰ ছাল বাধাহীনভাবে বাঢ়িব ধৰে৷ অংশটো জিলিকি থাকে, উখহি থাকে,সাধাৰণতে ৰঙচুৱা বৰণৰ হয় আৰু এখন ঢাকনিৰ আকৃতিৰ হয়৷ কিলইড হোৱা অংশত বিষ,খজুৱতি বা দুয়োতাই হব পাৰে৷ ইয়াৰ উৎপত্তি  সাধাৰণ আঘাটৰ দ্বাৰা (যেনে কাণ বা নাক ফুটোৱা,  টেটু কৰা বা আচিনাইক চিকুটি-বাকুটিলেও) কিলইড হব পাৰে৷ জুইয়ে পোৰা ঠাইত, অপাৰেচনৰ কটা অংশত, কীট-পতংগই কামোৰা ঠাইত, কোনো দূৰ্ঘটনাৰ ফলত, যি কোনো ৰাসায়নিক দ্ৰব্যই অহিত কৰাৰ ফলতো কিলইডৰ সৃষ্টি হব পাৰে৷ পিঠিত চাবুকৰ কোব খালে চাবুকৰ কোব পৰা ঠাইত কিলইড হব পাৰে৷ ছিতা বা বেজী লোৱা ঠাইত নতুবা আঁচোৰ বা খজুৱতিৰ ঠাইত কিলইডৰ উৎপত্তি হব পাৰে ৷

কিয় এনে হয় প্ৰকৃত কাৰণ এতিয়ালকে চিকিৎসা বিজ্ঞানীসকলে ঠাঁৱৰ কৰিব পৰা নাই৷

কিলইড হ’ল এক প্ৰকাৰৰ টিউমাৰ য’ত অস্বাভাবিক ফাইব্ৰব্লাষ্ট কোষ জমা হৈ গৈ থাকে৷

বৰ্দ্ধিত ছাল (Hypertrophied scar ) আৰু কিলইড দুয়োবিধ পৃথক পৃথক অৱস্হা৷ প্ৰথম বিধ অৱস্হাত ছালে আঘাত পোৱা অঞ্চলৰ সীমা চেৰাই নাযায় ৷ কিন্তু কিলইডৰ কোনো সীমা নাথাকে৷

পুৰুষৰ তুলনাত মহিলাৰ এই ৰোগ সামান্য বেচিকৈ হোৱা দেখা যায়৷ একেটা পৰিয়ালৰ কেইবাজনকো ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ ক’লা বৰণৰ ছালৰ মাজত ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷

কিলইডৰ চিকিৎসা এতিয়াও চিকিৎসকসকলৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ হৈ আছে৷ অপাৰেচন কৰি ইয়াক

আতৰ কৰাৰ প্ৰয়াস কেতিয়াবা বুমেৰাং হব পাৰে৷ সেয়ে কেতিয়াবা অপাৰেচন কৰিলে লগত ৰেডিয়েচন

থিৰাপী নাইবা ষ্টেৰইডৰ ড্ৰেচিং কৰাটো বাঞ্চনীয়৷

সাধাৰণতে ট্ৰায়ামচিনলন নামৰ ষ্টেৰইডৰ বেজী কিলইডৰ ওপৰত এমাহ বা ২৷৩সপ্তাহৰ ব্যৱধানত দিলে

কিলইড সংকুচিত হৈ আহে৷

ক্ৰায়োথিৰাপি আৰু লেজাৰৰ দ্বাৰাও কিছু ৰোগীক চিকিৎসা দিয়া যায়৷ এনে চিকিৎসা হ’ল ব্যয়বহুল৷

ইন্টাৰফেৰন বেজীৰ দ্বাৰা চিকিৎসা কৰিও কিছু সুফল পোৱা গৈছে৷

“অগ্নিজিৎ” নামৰ আয়ুৰ্বেদিক মলমবিধে কিলইড আৰোগ্যৰ পথলৈ আনিব পাৰে বুলি এটা চামে দাবী কৰে৷

কিলইডৰ প্ৰতিৰোধৰ কোনো উপায় জ্ঞাত নহয়৷ সেয়ে ইয়াক নোহোৱাকৈ ৰখাটো বাঞ্চনীয়৷ টেটু কৰা, অযথা চখ কৰিবলৈ শৰীৰৰ বিভিন্ন ঠাইত ছিদ্ৰ কৰা আদিৰ পৰা বিৰত থকাই মংগলজনক৷ কেনেবাকৈ কিলইড সৃষ্টি হোৱাৰ সামান্য আভাস পালেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লব লাগে৷

লিখক: ডা: ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate