অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ বাবে

শীতকালৰ অন্ত পৰিল আৰু গ্ৰীষ্মকালৰ আগমণ হ’ল। ঋতু যেনেকুৱাই নহওক লাগে, প্ৰত্যেক ঋতুতে নিজক ৰঙীন কৰি ৰাখিব লাগিব। সেয়ে গৰমৰ আৰম্ভণিৰ পৰাই মুখৰ ছালখন যত্ন কৰি চাওকচোন। গৰমকালি ছালখনৰ আৰ্দ্ৰতা বজাই ৰখাটো অতি জৰুৰী, সেয়ে পানী আৰু ফলৰ ৰস অধিক পৰিমাণে গ্ৰহণ কৰা উচিত। পৰম্পৰাগত গাখীৰৰ চাহৰ সলনি ‘গ্ৰিন টি’ খাবলৈ অভ্যাস কৰিব লাগে। এই ‘গ্ৰিন টি’য়ে আমাৰ শৰীৰত থকা অলাগতিয়াল পদাৰ্থ বিলাক বাহিৰ ওলাই অহাত সহায় কৰে। মৌচম্বী, তৰমুজ, তিঁয়হ, চালাড আৰু সেউজীয়া শাক-পাচলি খাব লাগে। এইবিলাকে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। যদি আপুনি আমিষ খায়, তেতিয়াহ’লে গৰমৰ দিনত মাংসৰ পৰিমাণ খাদ্য তালিকাত কমাই দিব। ৰ’দত যেতিয়া বাহিৰলৈ ওলাই যাব, যোৱাৰ আধাঘণ্টা আগতে মুখত ছানস্ক্ৰিন লগাব। সম্ভৱ হ’লে ছাতি লগত ৰাখিব। ট’নাৰ মুখত লগাব। এই ট’নাৰে ছালৰ নোমৰ গুৰিবিলাক বন্ধ কৰি ৰাখে আৰু ছালখনো ঠাণ্ডা হৈ থাকে। এই ট’নাৰৰ সলনি গোলাপজল ব্যৱহাৰ কৰিব পাৰে; কিয়নো গোলাপজল প্ৰাকৃতিক ট’নাৰ আৰু ঠাণ্ডাও। আপুনি যদি ভাৱে গৰমৰ দিনত মইশ্বাৰাইজাৰ লগাব নালাগে বুলি, তেতিয়াহ’লে এই ধাৰণা সম্পূৰ্ণ ভুল। ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবৰ বাবে মইশ্বাৰাইজাৰৰ প্ৰয়োজন। ‘কলড ড্ৰিংক’ খোৱা কম কৰিব লাগে; কিয়নো ইয়াত থকা পদাৰ্থবিলাক আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়। এই কলড্‌ ড্ৰিংকছৰ সলনি নেমু পানী বা ফলৰ ৰস খালে গৰমৰ পৰা ৰক্ষা পাব পাৰে। ৰাতি শোৱাৰ আগতে মুখৰ মেক-আপ আঁতৰাই লৈ ক্লীনজিং মিল্কেৰে ভালদৰে চাফা কৰিহে শুব।ছান বাৰ্ণ মুখত হ’লে আঁতৰ কৰিবৰ কাৰণে বেচনত নেমু ৰস কেইটোপালমান আৰু দৈ মিহলাই মুখত লগালে উপকাৰ পাব। অমিতাৰ পেক বনাই লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। টেবুল চামুচেৰে ২ চামুচ পিটিকি লোৱা অমিতা, চাহ চামুচৰ ২ চামুচ মৌ আৰু এটা কণীৰ বগা ভাগ ভালদৰে মিহলাই মুখত লগাব। ১৫ মিনিটমানৰ পিছত ধুই পেলাব। ছালখন উজ্জ্বল হ’ব। গৰমকালি ছালখনৰ মৰা কোষ আঁতৰাই পুনৰ্জীৱিত কৰি ৰাখিব লাগে। সেইকাৰণে ঘৰতে তৈয়াৰী স্ক্ৰাবৰ ব্যৱহাৰ কৰিব পাৰে। চাৰি বা পাঁচ চামুচ বেচন, (টেবুল চামুচেৰে) অকণমান হালধি, ৫ বা ৬ টোপালমান গোলাপজল আৰু গাখীৰ বা দৈ। এই সকলোখিনি মিহলাই ডাঠ পেষ্ট বনাই ল’ব আৰু মুখত এই মিশ্ৰণেদি স্ক্ৰাব কৰিব। অলপমান সময় উলিয়াই ব্যায়াম আৰু যোগ কৰিবলৈ ল’ব। এনেকৰিলে আপোনাৰ শৰীৰৰ তেজৰ চলাচল বাঢ়িব আৰু ছালখন উজ্জ্বল হৈ উঠাৰ লগতে মনটোও প্ৰফুল্লিত হৈ উঠিব।

তৈলাক্ত ছালৰ কাৰণে

গৰমৰ দিনত তৈলাক্ত ছাল আৰু তৈলাক্ত চুলিৰ বিশেষ ধৰণে যত্ন ল’ব লাগে; কিয়নো এই ঋতুত তৈল গ্ৰন্থিবোৰ বেছি সক্ৰিয় হৈ উঠে আৰু সেয়ে শালমন বেছিকৈ হোৱা দেখা যায়। প্ৰতিদিনে কমেও দুবাৰ ‘ফেচ ৱাচ’ কৰিব। কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰিলে ভাল। এনে কৰিলে মুখৰ অতিৰিক্ত তেল সহজে ওলাই আহিব। উপযুক্ত ক্লীনজাৰ নিৰ্বাচন কৰিব।মইশ্বাৰাইজাৰ যুক্ত চাবোন আৰু ফেচ ৱাচ ব্যৱহাৰ নকৰিব। ছালখনৰ সুস্থতাৰ কাৰণে স্ক্ৰাবিং কৰিব; কিন্তু এইক্ষেত্ৰত সাৱধান হ’ব যাতে বৰ বেছি স্ক্ৰাবিং নকৰে; কিয়নো অতিমাত্ৰা স্ক্ৰাবিঙৰ ফলত নোমছিদ্ৰবিলাক খুলি যাব আৰু তেলৰ উত্‌পাদনো বেছি হ’বলৈ ধৰিব। আপোনাৰ যদি পিম্পলৰ সমস্যা আছে তেতিয়াহ’লে এণ্টি বেক্টেৰিয়েল চাবোন ব্যৱহাৰ কৰিব। সপ্তাহত ৩ বা ৪ বাৰ গাখীৰৰ সৰেদি মুখখন মালিচ কৰিব। গাখীৰত থকা এচিডে ছালখনৰ লেতেৰা বিলাক উলিয়াই আনি নোমৰ গুৰিবিলাক মজবুত কৰি দিয়ে। মালিচ কৰাৰ পিছত অলপ সময় গাখীৰ খিনি লগাই থৈ লাহে লাহে ধুই দিব। কণীৰ বগা অংশ মাস্ক হিচাপে ব্যৱহাৰ কৰিলেও নোমৰ গুৰিত অতিৰিক্ত তেল উত্‌পাদন হোৱাটো কমি যাব।

শুকান আৰু স্পৰ্শকাতৰ ছাল

অকণমান মৌ লৈ মুখমণ্ডলত ঘঁহিব আৰু দহ মিনিট পিছত ধুই দিব।আমি চকলেট খাবলৈ সকলোৱে ভাল পাওঁ; কিন্তু এই চকলেট যদি খোৱাৰ সলনি ছালখনত লগাব পাৰে তেতিয়া মুখৰ উজ্জ্বলতা বাঢ়িব। বয়স্ক ৰেখা আৰু বগা আঁচ, শোটোৰা-শোটোৰ পৰা আদি নাইকিয়া হ’ব। ইয়াৰ উপৰিও চকলেট প্ৰদূষণ আৰু ৰ’দৰপৰা হোৱা অপকাৰৰ পৰা ছালখনক ৰক্ষা কৰে। টেবুল চামুচেৰে ৫ চামুচ ককো পাউডাৰ, টেবুল চামুচেৰে ৪ চামুচ মৌ, টেবুল চামুচেৰে ২ চামুচ গোমধানৰ আটা ল’ব। এই গোটেইখিনি একেলগ কৰি ভালদৰে মিহলাই লৈ মুখত মালিচ কৰিব। ১৫-২০ মিনিটৰ পিছত কুহুমীয়া পানী দি ধুই দিব। পকা কল ভালদৰে পিহি লৈ মুখত লগাই থ’ব। দহ মিনিট পিছত কুহুমীয়া পানী দি ধুই দিব।নাচপতি পিউৰি বনাই ল’ব। তাত ২ টেবুল চামুচ দৈ আৰু আধা চাহ চামুচ মৌ মিহলাই ল’ব। যদি বিচাৰে, তাতে বিলাহী ২ টাৰ পিউৰি বনাই দি দিব পাৰে। এই আটাইখিনি বস্তু ডাঠ পেষ্ট বনাই ক্ৰিম তৈয়াৰ কৰি ল’ব। এইখিনি দহ মিনিটমান মুখত লগাই থৈ ধুই দিব। এই পেকে ছালখনক পুষ্টি যোগায়।

চুলিৰ বাবে

ঋতু সলনি হোৱাৰ লগে লগে আমাৰ দেহৰ প্ৰতিটো অংগৰ প্ৰতিপালনৰ ওপৰত গুৰুত্ব দিয়া জৰুৰী হৈ পৰে। আপুনি অকল মুখখনৰ ওপৰতে গুৰুত্ব দি যদি বাকী অংগৰ প্ৰতি অন্যমনস্ক হৈ পৰে তেতিয়া ক্ষতি আপোনাৰ নিজৰে হ’ব। দীঘল, ঘন ক’লা আৰু সুন্দৰ চুলি একোছা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। সেয়ে গৰম অহাৰ লগে লগে যাতে চুলিকোছা ৰ’দৰ প্ৰভাৱে নষ্ট কৰিব নোৱাৰে তাৰ বাবে সহজ উপায় কেইটামান সখীসকললৈ বুলি আগবঢ়ালোঁ।

  • গৰমৰ দিনত চুলিকোছা ঘন ঘনকৈ ব্ৰাছ কৰিব নালাগে, কিয়নো এনে কৰিলে চুলিকোছা শুকান হৈ পৰে। সেইকাৰণে কোমল ছেম্পূ ব্যৱহাৰ কৰাটো উচিত। চুলিধোৱাৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। বাহিৰলৈ যোৱাৰ সময়ত চুলিকোছা ছাতি বা স্কাৰ্ফ দি ঢাকি দিব, যাতে ৰ’দৰ চোকা ৰশ্মিয়ে চুলিকোছা নষ্ট কৰিব নোৱাৰে।
  • টেবুল চামুচেৰে ২ চামুচ নাৰিকল তেল তিতি থকা চুলিৰ ওপৰত লগাব আৰু ৰাতি এনেদৰে থৈ পিছদিনা ছেম্পূ দি চুলিকোছা ধুই দিব।
  • এটা কলৰ লগত টেবুল চামুচেৰে ১ চামুচ অলিভ অইল মিহলাই ভালকৈ ফেটি ল’ব। যেতিয়া ভালদৰে মিহলি হৈ যাব তেতিয়া মূৰৰ ছালত আৰু চুলিত ভালকৈ মালিচ কৰিব। ৩০ মিনিট পিছত ছেম্পূৰে ধুই দিব।
  • নেমুৰ ৰসত অলিভ অইল মিহলাই মালিচ কৰিলে শুকান চুলি উজ্জ্বল হৈ পৰে।
  • দৈ লগালে চুলি সৰা বন্ধ হয় আৰু লগতে উফিও নাইকিয়া হয়।
  • কণীৰ হালধীয়া অংশৰ লগত মৌ মিহলাই লগালে চুলিত ডিপ কণ্ডিচনিং হয়।
  • সমান পৰিমাণে নেমু আৰু পিঁয়াজৰ ৰস মিহলাই ছেম্পূ কৰাৰ অলপ সময়ৰ আগতে চুলিৰ গুৰিত মালিচ কৰিব।
  • শুকান আমলখিৰ টুকুৰা নাৰিকলৰ তেলত গৰম কৰি ল’ব। ঠাণ্ডা হ’লে চেকি ল’ব।এই মিশ্ৰণেৰে নিয়মিতভাৱে মূৰত মালিচ কৰিব। ই চুলি সৰা বন্ধ কৰিব আৰু চুলিৰ ‘টনিক’ হিচাবেও কাম কৰিব।
  • আপোনাৰ চুলি যদি বেছি শুকান তেতিয়া এই পেক চুলিত ব্যৱহাৰ কৰিলে উপকাৰ পাব। আধা কাপ মূলতানি মাটিত টেবুল চামুচেৰে ২ চামুচ নাৰিকল তেল আৰু এটা কণীৰ হালধীয়া অংশ মিহলাই ল’ব। এই মিশ্ৰণ মূৰৰ ছালত ভালকৈ লগাব আৰু ২০ মিনিট পাছত ছেম্পূ কৰিব।
  • তৈলাক্ত চুলিৰ বাবে আপুনি এই মাস্ক লগাব পাৰে। ১ কাপ মেহেন্দি পাউডাৰত ১ টেবুল চামুচ নেমুৰ ৰস আৰু এটা কণীৰ হালধীয়া অংশ মিহলাব। যদি কণীৰ গোন্ধ সহ্য কৰিব নোৱাৰে তেতিয়া তাৰ সলনি দৈয়ো ব্যৱহাৰ কৰিব পাৰে।এই মিশ্ৰণ চুলিত লগাব আৰু আধা ঘণ্টাৰ পিছত ছেম্পূৰে ধুই দিব।নাৰিকল তেল গৰম কৰি চুলিত মালিচ কৰিব।
  • নিম পাতৰ পেষ্ট বনাই চুলি ধুব। ই চুলি সৰা বন্ধ কৰিব আৰু ইনফেকচনৰ পৰাও চুলিকোছা ৰক্ষা পৰিব।
  • চুলি সৰা বন্ধ কৰিবৰ কাৰণে ঘৰতে দৰব বনাব পৰা যায়। মিথি গুটি নাৰিকল তেলত ভাজি ল’ব। ঠাণ্ডা হ’লে চেকি অকণমান তেল লৈ চুলিৰ গুৰিত মালিচ কৰিব।
  • অলপমান জেতুকা পাত ৰাইৰ তেলত ভাজি ল’ব। ঠাণ্ডা হ’লে চেকি ল’ব আৰু কেইটোপালমান নাৰিকল তেলৰ লগত মিহলাই থ’ব। এই তেলেৰে নিয়মিতভাৱে চুলিত মালিচ কৰিব।

এই বিলাকৰ উপৰিও দৈ আৰু বেচনৰ পেষ্ট বনায়ো চুলিত লগাব পাৰে।

সূৰ্য্যৰ তাপত নষ্ট হোৱা চুলি ভাল কৰাৰ উপায়—

  • ছালকুঁৱৰীৰ লগত নেমুৰ ৰস মিহলাই চুলিত লগাব। ১৫ মিনিট পাছত ধুই দিব।
  • কণীৰ পেষ্ট সূৰ্য্যৰ তাপত নষ্ট হোৱা চুলিৰ বাবে যথেষ্ট উপকাৰী। তৈলাক্ত চুলিত কণীৰ বগা অংশ, শুকান চুলিত হালধীয়া ভাগ আৰু সাধাৰণ চুলিৰ বাবে কণীৰ দুয়োটা ভাগেই উপকাৰী। চুলিকোছা কিন্তু কুহুমীয়া পানীতহে ধুব।
  • ৩-৪ চামুচ মৌত ১ টেবুল চামুচ অলিভ অইল মিলাব। যদি বিচাৰে তেতিয়া ইয়াত কণীৰ বগা অংশ মিলাই দিব পাৰে।
  • ছেম্পূ কৰাৰ পিছত চুলিকোছা বীয়েৰেদি ধুই পেলাওক। চুলিকোছা উজ্জ্বল হ’ব আৰু ফুলি উঠিব।
  • এটা পকা কল ভালকৈ ফেনেকি ল’ব। ইয়াত ১ টেবুল চামুচ মৌ মিলাব। এই পেষ্ট নষ্ট হোৱা চুলিৰ ওপৰত লগাব।

অন্যান্য টিপছ

  • পানী অধিক পৰিমাণে খাব। ফলৰ ৰস আৰু পুষ্টিকৰ খাদ্য খাব। তৰমুজ আৰু তিঁয়হ আদি পানীৰে ভৰপূৰ হৈ থকা ফল খাব। ইয়াৰ পৰা শৰীৰটোৱে ঠাণ্ডা পায় আৰু ই শৰীৰক পুষ্টিও যোগায়। ফলত চুলি সৰা সমস্যা নাইকিয়া হয়।
  • গৰম তেলেৰে মালিচ কৰিলেও বহুত উপকাৰ পোৱা যায়। এনে কৰিলে চুলিৰ গুৰিবোৰ মজবুত হয়। গৰমত সপ্তাহত এবাৰ এনেদৰে কৰিব আৰু তাৰ পিছত কোমল ছেম্পূ দি চুলি ধুব।
  • এটা তিঁয়হৰ আধা অংশ, টেবুল চামুচেৰে ৩ চামুচ দৈ, ১ চামুচ নেমুৰ ৰস একেলগে মিক্সাৰত ভালকৈ পিহি ল’ব। এই লেপ চুলিৰ গুৰিৰ ছালত ১৫-২০ মিনিটমান লগাই থ’ব। এনে কৰিলে চুলিকোছা পৰিষ্কাৰ হোৱাৰ লগতে উফিও নাইকিয়া হয়।
  • ছুইমিং কৰিবলৈ গ’লে ‘ছাৱাৰ কেপ’ পিন্ধাটো বৰ জৰুৰী, কিয়নো পানীত থকা ক্লৰিণৰ কাৰণে চুলি নষ্ট হোৱাৰ লগতে সৰিবলৈও ধৰিব।
  • ষ্টাইল কৰিবলৈ জেল বা ব্ল’ড্ৰায়াৰ ব্যৱহাৰ নকৰিব। এইবিলাকে চুলিবোৰ শুকান কৰি পেলায় বা নষ্ট কৰি দিয়ে।

মাইলড হেয়াৰ ক্লিনজাৰ

একাপ নাৰিকলৰ গাখীৰৰ লগত ২ টেবুল চামুচ বুটৰ গুড়ি আৰু ১ চাহ চামুচ চিকাকাই পাউডাৰ মিহলাব। এইখিনি চুলি আৰু ছালত মালিচ কৰিব। ৫ মিনিট পাছত ধুই দিব। সপ্তাহত ১ বাৰ এনেকৈ কৰিব।

প্ৰটিনযুক্ত কণ্ডিচনাৰ

১-২ টেবুল চামুচ কেষ্টৰ অইল, গ্লিচাৰিণ, মাইলড হাৰবেল ছেম্পূ, ভিনেগাৰ লৈ ভালদৰে ফেটি ল’ব। এইখিনি মূৰৰ ছালতখনত লগাব। ২০ মিনিট পাছত ধুই দিব।

বিশেষভাৱে কৰা মালিচৰ তেল

নাৰিকল তেলত ১ চাহ চামুচ লেভেণ্ডাৰ অইল মিহলাই লাহে লাহে মালিচ কৰিব। শোৱাৰ আগতে এই তেলেদি মালিচ কৰিব। এনেকৈ সপ্তাহত দুবাৰ কৰিব।

লেখিকা: অজিতা ফুকন, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate