ডিঙিৰ, গলধনৰ ছালৰ যত্ন লওক
ডিঙি আৰু গলধনৰ ছাল বৰ কোমল, অতি সহজেই কোঁচ খায় আৰু বলিৰেখা পৰে। ইয়াৰ যত্ন তলত দিয়া ধৰণে কৰিব পাৰি-
- নিয়মিতভাৱে ক্ৰীম ব্যৱহাৰ কৰক।
- ডিঙি আৰু গলধন ধোওঁতে বৰ জোৰেৰে নঘঁহিব, তাৰ পৰিৱৰ্তে ভাল কোম্পানীৰ ক্লিনজিং মিল্ক ব্যৱহাৰ কৰিব পাৰে।
- ডিঙি আৰু গলধন শুৱনিকৈ ৰাখিবলৈ হ’লে কান্ধটো চিধা ৰাখি ডিঙিটো এবাৰ আগফালে, এবাৰ সোঁফালে, এবাৰ বাওঁফালে, এবাৰ পাছফালে এনেদৰে হলাই ৬/৭ বাৰমান কৰিব।
- সকলো সময়তে ডিঙি চিধাকৈ ৰাখি খোজ কাঢ়িব। ডিঙি তললৈ হলাই খোজকঢ়া অভ্যাস থাকিলে সোনকালে ডিঙি আৰু গলধনত বলিৰেখা পৰিব।
- ৰাতি শোৱাৰ আগতে প্ৰত্যেকদিন ‘বেবি অইল’ ডিঙি আৰু গলধনত মালিচ কৰিব। ই ডিঙি মিহি, কোমল আৰু উজ্জ্বল কৰে।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 5/23/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.