অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেহৰ পৰিচৰ্য্যা

দেহৰ পৰিচৰ্য্যা

বিহুটি আহিল বুলি সুন্দৰ সুঠাম শৰীৰৰ গঢ় দিবলৈ কিছু দিহা-পৰামৰ্শ আগবঢ়ালোঁ। দেহৰ পৰিচৰ্য্যাৰ বাবে অতি কম সময়ত ঘৰুৱা সামগ্ৰীৰে আপুনি নিজে তৈয়াৰ কৰি দেহৰ, ছালৰ যত্ন লওক ।

  • কেঁচা হালধি আৰু তুলসী পাত মিহিকৈ বটি তাত এচামুচ মৌ দি মিশ্ৰণখিনি আপুনি দিনে ১০ মিনিট মুখত লগাওক। দৈনিক ব্যৱহাৰ কৰিলে ছালত ক’লা পৰা দাগ, শেঁতা পৰা, আদিৰ পৰা ৰক্ষা পাব।
  • পকা অমিতা পিটিকি লৈ মৌৰে মুখত লগাওক ১০-২০ মিনিট। পাছত পৰিষ্কাৰ পানীৰে ধুই দিব। দেখিব মুখৰ উজ্জ্বলতা দুগুণ বাঢ়িছে।
  • কুমলীয়া নাৰিকল ৰোকা বা ৰসৰ লগত অলপ গ্লিচাৰিণ, অলপ নেমুৰ ৰস মিহলাই মুখত প্ৰতিদিনে সানিলে ছানবাৰ্ণৰ পৰা ৰক্ষা পাব।
  • আপোনাৰ যদি শালমইনা আছে তেন্তে নিমপাত অলপ পিহি লৈ কেঁচা হালধিৰ লগত প্ৰতিদিনে ১/২ বাৰকৈ লগালে আপুনি শালমইনাৰ পৰা মুক্তি পাব। এটা কথা সদায় মনত ৰাখিব, শালমইনাত নখ নলগাব। নখ লগালে বিপদত পৰা সম্ভাৱনা অতি প্ৰচুৰ।
  • আপোনাৰ হাত দুখন যদি অতি শুকান আৰু খৰখৰীয়া, তেন্তে আপুনি অলপ নেমু টেঙাৰ ৰসৰ লগত অলপ গ্লিচাৰিণ বা মিঠাতেল লৈ হাত দুখন মোহাৰি পৰিষ্কাৰ পানীৰে ধুই দিব। এই কামটো আপুনি দিনত দুই –তিনিবাৰকৈ কৰিব পাৰে।
  • আপোনাৰ ভৰিৰ গোৰোহা যদি ফটা তেন্তে আপুনি ভৰি দুখন কুহুমীয়া পানীত ১০ মিনিটমান জুবুৰিয়াই ব্ৰাছেৰে ধুনীয়াকৈ ধুই অলপ গ্লিচাৰিণৰ লগত সামান্য পানী লৈ হাতেৰে মোহাৰি মোহাৰি শুকুৱাই পেলাব। এই কামটো আপুনি প্ৰতিনিশা শুবলৈ যোৱাৰ আগতে সাতদিন কৰক। যথেষ্ট উপকৃত হ’ব।
  • হাত আৰু ভৰিত হোৱা ঘাৰ দাগবোৰ নাইকিয়া কৰিবলৈ হ’লে সদায় চেপা নেমুৰ বাকলিত অলপ নিমখ দি ঘঁহিব। সুফল পাব।
  • চকুকেইটা হ’ল মানুহৰ মুখমণ্ডলৰ দাপোণ। সেয়ে চকুৰ যতন লোৱাটো অতি দৰকাৰ।
  • তিয়ঁহ ভালকৈ চকলিয়াই গাখীৰত ডুবাই চকুৰ ওপৰত থৈ দিব। প্ৰতিদিনে দুবাৰকৈ কৰকচোন। আলু চকলিয়াইয়ো লগাব পাৰে। ভাল পাব।
  • চকুৰ তলৰ পৰা ক’লা দাগ আঁতৰাবলৈ চকুৰ চাৰিওফালে নাৰিকল তেলেৰে লাহে লাহে সামান্য জোৰ দি মালিচ কৰক বা মোহাৰি দিয়ক, চাব ভাল ফল পাব।
  • চকু উখহা বা ফুলা নোহোৱা কৰিবৰ বাবে আলু পিহি লৈ গজ কাপোৰৰ ওপৰত লৈ চকুৰ ওপৰত ২০ মিনিটমান ৰাখিব। পাছত পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই দিব।
  • মাজে মাজে পৰিষ্কাৰ পানীত সামান্য নিমখ মিহলাই চকুযুৰি ধুব।
  • শৰীৰৰ আৰু এটা আপুৰুগীয়া অংগ হ’ল ওঁঠযুৰি। ওঁঠৰ বাবে আমি কমেও দুটা নীতি মানি চলিব পাৰোঁ।
  • ওঁঠযুৰিৰ ক’লা ৰং দূৰ কৰিবলৈ দৈনিক নেমু ৰসৰ লগত মৌ লগাওক।
  • ওঁঠযুৰি সদায় সতেজ আৰু নিমজ কৰি ৰাখিবলৈ হ’লে, আপুনি সদায় শুবৰ সময়ত মিঠাতেল লগোৱাৰ অভ্যাস কৰক।

লেখিকা: অপৰ্ণা শইকীয়া, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate