অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নখৰ সৌন্দৰ্য অটুট ৰখাৰ উপায়

নখৰ সৌন্দৰ্য অটুট ৰখাৰ উপায়

প্ৰাকৃতিক নিয়ম অনুযায়ী নখ স্বাভাৱিকভাৱে বাঢ়ে। কিন্তু এই নখ দীঘল কৰাৰ ইচ্ছা থাকিলেও বহুতৰে আকৌ সেই আশা পূৰ্ণ নহয়। দেখা যায় অধিকাংশ মানুহৰে নখ খুব ঠুনুকা। খুব সহজেই নখ ভাগে। আচলতে এই নখ ভগাটো এটা সাধাৰণ সমস্যা যদিও বহুতেই আকৌ এই সমস্যাক লৈ যথেষ্ট চিন্তিত হৈ পৰে। ৰ’ব চিন্তা নকৰিব। ঘৰতে কিছু যতন লৈ চাওকচোন। নখ ভগাৰ পৰা কিছু সকাহ পাব।

  • প্ৰত্যেক নিশা ডাঠ কাপোৰেৰে নখকেইটাত কিছু গৰম ভাৱ দিয়াৰ লগতে ভাল ময়শ্বাৰাইজাৰেৰে নখ আৰু ছাল মালিচ কৰা প্ৰয়োজন। তেজ চলাচল কৰাৰ লগতে নখসমূহ হাইড্ৰেটেট কৰি ৰাখিব আৰু শুকান হোৱাৰ পৰা নখসমূহ ৰক্ষা পৰিব।
  • দুই চামুচ আলমণ্ড আৰু দুই চামুচ নাৰিকল তেল একেলগে মিহলাই সেই মিশ্ৰণটোত নখকেইটা ডুবাই ৰাখিব। সপ্তাহত এবাৰকৈ এনেদৰে কৰিলে নখ হাইড্ৰেট হৈ থকাৰ লগতে নখকেইটা শক্তিশালী কৰি তুলিব।
  • খাদ্য তালিকাখনতো গুৰুত্ব দিব। সেউজীয়া শাক-পাচলি, যেনে-পালেং, বন্ধাকবি ইত্যাদি খাব। তদুপৰি ভিটামিন চিযুক্ত খাদ্য খোৱা উচিত।

সুন্দৰ গঢ়ৰ নখ পাব কেনেকৈ

নখৰ সুন্দৰ গঢ়ৰ বাবে সপ্তাহত এবাৰকৈ হাতৰ নখৰ বাবে মেনিকিওৰ আৰু মাহেকত দুবাৰকৈ ভৰিৰ নখৰ বাবে পেডিকিওৰ কৰা একান্ত আৱশ্যক। ইয়াৰ বাহিৰেও সপ্তাহত এবাৰ তিনি চামুচ অলিভ অইল সামান্য গৰম কৰি হাতৰ পাবত আৰু হাত-ভৰিৰ আঙুলিত ভালদৰে ঘঁহি ২০ মিনিট ৰৈ ধুই পেলাব। এনে কৰিলে হাতৰ পাবৰ খৰখৰীয়া ভাব নাইকিয়া হৈ নখ বেছি ধৰণে চকচকীয়া আৰু টান হ’ব। প্ৰতিদিনে ‘হেণ্ড এণ্ড বডি’ লোচন অলিভ অইল, ক্ৰীম বা কিউটিকুল ছফ্‌নাৰ-এইকেইটাৰ যিকোনো এটি সামান্য পৰিমাণে নখত লগাই কপাহেৰে কিউটিকুল চেপি নখৰ গুৰিত সমানে লগাই দিব। এনে কৰিলে নখ বহুদিন ভালে থাকিব। নিৰ্দিষ্ট আকৃতিৰে নখ কটাৰ কাৰণে ব্লেড ব্যৱহাৰ নকৰাই ভাল। কাৰণ এনে কৰিলে নখ ভগাৰ সম্ভাৱনা থাকে। বহুতৰে আকৌ দাঁতেৰে নখ কামুৰি থকাটো এক অভ্যাস। এই অভ্যাস দূৰ কৰিব। নখ কটাৰ বাবে ‘নেইল কাটাৰ’ ব্যৱহাৰ কৰিব।

সাৱধানতা

নখৰ কাৰণে খুব বেছি গৰম, ঠাণ্ডা, খাৰজাতীয় পদাৰ্থ বা অতিৰিক্ত পানী ক্ষতিকৰ। প্ৰতিদিনে দুবাৰকৈ কোমল গা ধোৱা চাবোন আৰু পানীৰে হাতৰ পৰা আঙুলি পৰ্য্যন্ত আৰু নখসহ ভৰিৰ পতা ধোৱা আৱশ্যক। ধোৱাৰ পিচত হাত আৰু ভৰি শুকান টাৱেল বা গামোচাৰে মচি ভালদৰে শুকাবলৈ দিব লাগে আৰু সামান্য ক্ৰীম বা লোচন অথবা গাত সনা তেল সানিব লাগে।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate