অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফল, শাক-পাচলিয়ে দূৰ কৰে ছালৰ ভাঁজ পৰা সমস্যা

ফল, শাক-পাচলিয়ে দূৰ কৰে ছালৰ ভাঁজ পৰা সমস্যা

 

আপোনাৰ মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংশৰ ছালত ভাঁজ পৰিলে খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে কেঁচা ফল-মূল আৰু সেউজীয়া শাক-পাচলি সন্নিৱিষ্ট কৰক। এই পৰামৰ্শ আগবঢ়াইছে বাৰ্লিনৰ স্বাস্থ্য গবেষকে। বাৰ্লিন চেৰিটি হাস্পতালৰ গৱেষকে চলোৱা এটি সমীক্ষা মতে, বয়সজনিত কাৰণত ছালত পৰা ভাঁজ আৰু বলিৰেখা দূৰ কৰাৰ ক্ষেত্ৰত সতেজ ফল-মূল আৰু শাক-পাচলিয়ে যথেষ্ট সহায় কৰে। গৱেষকৰ দলটোৱে প্ৰকাশ কৰা মতে, বহু লোক কম বয়সতে ছালত ভাঁজ পৰা সমস্যাত আক্ৰান্ত হয় আৰু ইয়াৰ কাৰণটো হৈছে কেতবোৰ প্ৰয়োজনীয় ভিটামিন আৰু এন্টি অক্সিডেন্টৰ অভাৱ। এইসকল পুৰুষ-মহিলাই নিয়মীয়াভাৱে কেঁচা ফল-মূল আৰু সেউজীয়া শাক-পাচলি খোৱাৰ অভ্যাস গঢ়ি তুলিলে ছালত ভাঁজ পৰা সমস্যা বহুখিনি নিয়ন্ত্ৰণ হ’ব বুলি গৱেষককেইগৰাকীয়ে জানিবলৈ দিছে। ভিটামিন ‘এ’, ‘চি’, ‘ডি’ আৰু ‘ই’ যুক্ত আহাৰ অধিক পৰিমাণে খালে শৰীৰত পৰ্য্যাপ্ত পৰিমাণৰ এন্টি-অক্সিডেন্টৰ সৃষ্টি হয় আৰু এই এন্টি-অক্সিডেন্টে ছালখনক মসৃণ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে, লগতে ছালক ভাঁজ পৰা সমস্যাৰ পৰাও মুক্তি দিয়ে। ছালৰ ভাঁজ পৰা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় আন এক দ্ৰব্য হৈছে বিটা কেৰ’টিন। মূলা, গাজৰ, বিলাহী আৰু সেউজীয়া চাহত বিটা কেৰ’টিন আৰু এন্টি-অক্সিডেন্ট যথেষ্ট পৰিমাণে থাকে। তদুপৰি কমলা, নেমু, আঙুৰ, আম, আপেল আদি ফলত ছালৰ বাবে উপকাৰী প্ৰায়বোৰ ভিটামিন লাভ কৰিব পাৰে। সেউজীয়া শাকত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থকা হেতুকে শাকাহাৰী ব্যক্তিসকলৰ ছালৰ উজ্জ্বলতা আৰু মসৃণতা অধিক হয়। বাৰ্লিন চেৰেটি হাস্পতালৰ গৱেষককেইগৰাকীয়ে লগতে কয়, যিসকল ব্যক্তিয়ে দৈনন্দিন খাদ্য তালিকাত পৰ্য্যাপ্ত পৰিমাণৰ এন্টি অক্সিডেন্টযুক্ত খাদ্য সন্নিৱিষ্ট কৰে তেনে ব্যক্তি বয়সতকৈ অধিক ডেকা যেন দেখি। মাংসহাৰী ব্যক্তিৰ তুলনাত ফল-মূল আৰু শাল্ক-পাচলি মূল খাদ্য হিচাপে গ্ৰহণ কৰা ব্যক্তিসকলৰ ছালখন অধিক উজ্জ্বল আৰু স্বাস্থ্যৱান হয়।

লিখক: দিব্যজ্যোতি ভূঞা

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate