বানপানীজনিত চৰ্মৰোগবোৰ ছালৰ সংক্ৰমণ, ছালৰ আঘাতজনিত সমস্যা, পানীত বহু সময় ধৰি ডুব গৈ থকা বাবে হোৱা ছালৰ অনিষ্ট আৰু অন্যান্য বানপানীজনিত ৰোগৰ চৰ্ম উপসৰ্গ হ’ব পাৰে। বানপানীৰ সময়ত দীৰ্ঘদিনীয়া সেমেকা, পৰিৱেশত পিন্ধা সাজ-পোছাক, বিছনা কাপোৰ্, অন্যান্য নিতৌ ব্যৱহাৰ্য কাপোৰ-কানিত বিভিন্ন প্ৰজাতিৰ ভেঁকুৰ আৰু পৰজীৱিয়ে আক্ৰমণ কৰে। এনেবোৰ কাপোৰ ব্যৱহাৰ কৰিলে নানা ধৰণৰ ফাংগেল চৰ্মৰোগ হ’ব পাৰে। খৰ, খজুৱতি আদি নানা ৰোগে দেখা দিব পাৰে।এনে কাপোৰবোৰ ব্যৱহাৰ কৰাৰ বাবে ছালৰ এলাৰ্জিজনিত সমস্যা (বিশেষকৈ একজিমা) আৰু নানা বেক্টেৰিয়েল, ফাংগেল আৰু ভেঁকুৰজনিত চৰ্মৰোগ হ’ব পাৰে। বহু সময়ত বানপানীৰ সময়ত মানুহে তিতা কাপোৰো ব্যৱহাৰ কৰা দেখা যায়। তিতা কাপোৰে ছালৰ অনিষ্ট কৰাৰ উপৰি ছালৰ ৰক্ত চলাচল কমাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট কৰি Trichphyton mentagrophytes ৰ সংক্ৰমণ হ’ব দি খৰ, খহু আদি চৰ্মৰোগ কৰিব পাৰে। অনবৰতে পানী গচকি থাকিলে, পানীৰ তলত বহুসময় একেৰাহে ডুব গৈ থকা ছালবোৰৰ অনিষ্ট হৈ ডুবায়ন চৰ্মৰোগ হ’ব পাৰে। তদুপৰি আঘাতপ্ৰাপ্ত হৈ ছাল কাটিলে অথবা ঘা হ’লে, ঘাৰ আক্ৰমণ হৈ চেলুলাইটিছ অথবা টিটেনাছ ৰোগো হ’ব পাৰে। ছালৰ ঘাৰে অথবা কেতিয়াবা সুস্থ ছালৰ মাজেৰেও নানাবিধ বীজাণু প্ৰ্ৱেশ কৰি ছালৰ গ্ৰেণুলোমা আদি কৰাৰ উপৰি নানা ৰোগ কৰাৰ লগতে তাৰ চৰ্ম উপসৰ্গবোৰে চৰ্মৰোগ হিচাপে দেখা দিয়ে। জোকৰ কামোৰেও নানাবিধ চৰ্মৰোগ কৰিব পাৰে।
বানপানীৰ সময়ত পানীৰ তলৰ নেদেখাকৈ থকা বস্তুৰ দ্বাৰা ছালৰ আঘাত হ’ব পাৰে। আঘাত Clostridium tetani নামৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈ টিটেনাছ হ’ব পাৰে। এই সময়ত ঘৰৰ ভিতৰত থকা এন্দুৰবোৰ বাহিৰ ওলায় আৰু এনে এন্দুৰে কামুৰিলে কামোৰা ঠাইত Spirillum minus আৰু Streptobacillus moniliformis সংক্ৰমণ কৰি Urticariabacterial folliculitis নামৰ এক খজুৱতি থকা সৰু সৰু ফোঁহাজাতীয় চৰ্মৰোগ হয়। জোকে ছাল কামুৰি তেজ খাওঁতে হিৰদিন নামৰ এবিধ তেজ গোট নমৰা আৰু এবিধ Anesthetics নিৰ্গত কৰি মানুহৰ ছালৰ ৰোগ কৰে। তদুপৰি শামুকৰ দ্বাৰা Trichobilhazia আৰু Schistosoma Spindale নামৰ দুবিধ Blood fluke ৰ দ্বাৰা ছাল আঘাতপ্ৰাপ্ত কৰি ছালৰ হাইপাৰছেনছিটিভিটি কৰি Cercarial Dermatitis নামৰ এবিধ ৰঙচুৱা দাগ সৃষ্টি কৰা চৰ্মৰোগ কৰে। তদুপৰি Mycobacterium marinum নামৰ এবিধ Atupical Mycobacterium এ ছালত গ্ৰেনুলোমা কৰিব পাৰে।
লেপ্টেস্পাইৰোছিছ, ডেংগি হিমোৰেজিক জ্বৰ, টাইফয়দ জ্বৰ, মেনিংগোকোকেল মেনিনজাইটিছ আৰু নানাবিধ ভাইৰেল হিমোৰেজিক জ্বৰ বানপানীৰ সময়ত হোৱা দেখা যায়। এই হিমোৰেজিক জ্বৰবোৰত চকলা বান্ধি হোৱা ছালত দাগ হয়। লেপ্টাস্পাইৰিছছ এন্দুৰৰ প্ৰস্ৰাৱৰ দ্বাৰা বিয়পা লেপ্টোস্পাইৰ নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক মহামাৰী সৃষ্টি কৰিব পৰা Zoonotic ৰোগ। এই বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানী খালে বা ছাল আৰু মিউকোছাৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এই ৰোগবিধ হয়। বানপানীৰ সময়ত মুক্ত ছালৰ ঘা অথবা অন্য প্ৰকাৰে ই সংক্ৰমিত হ’ব পাৰে। জ্বৰৰ উপৰি প্ৰাৰম্ভিক অৱস্থাত ছালৰ উপসৰ্গ হিচাপে ক’লা চকলা চকল দাগ, প্ৰৰাইটিক ছাল, এৰিথেমা নোদুচাম আনকি Kawasaki syndrome ও সৃষ্টি কৰিব পাৰে।
বানপানীৰ দ্বাৰা হোৱা ক্ৰনিক ইৰিতেছনত আঙুলিৰ ফাঁকবোৰ কোমল হয় আৰু কেতিয়াবা আঁঠুৱ পিচফালে, কিলাকুটিৰ ভাঁজত, মণিবন্ধ, ডিঙি, গোৰোহা, ভৰি আদিতো একজিমা হোৱা দেখা যায়। অতি বেছি খজুৱতি হয়। বহু সময় দূষিত পানীৰ সস্পৰ্শত থকা পানীৰ সৈতে হোৱা ঘৰ্ষণ, অতি উচ্চ আৰ্দ্ৰতা আৰু অপৰিষ্কাৰ পৰিৱেশৰ বাবে বানপানীৰ সময়ত ছালৰ সংক্ৰমণ বেছি হোৱা দেখা যায়। সাধাৰণতে এই পৰিৱেশৰ বাবে ছালৰ অখণ্ডতা নষ্ট হ’লে ষ্টেফাইলোকোকাছ আৰু ষ্ট্ৰেপ্টোকোকাছ, কৰ্নিবেক্টেৰিয়াম আদি বেক্টেৰিয়েল সংক্ৰমণ কৰি ছালৰ ঘা কৰাৰ উপৰি চেলুলাইটিছ আদি কৰে। পৰিষ্কাৰ পানীত Graam Negative বেচিলাছ, এৰোমোনাছ, প্লেচিঅ’মোনাছ আৰু চিউডোমোনাছ আদিয়ে সংক্ৰমণ কৰি ছালৰ ৰোগ কৰিব পাৰে। তদুপৰি ছালৰ Trichphyton metagrophytes Candida আদিয়ে ছালৰ ফাংগেল সংক্ৰমণ কৰি ছালৰ খহু, খজুৱতি ছাল খহটা হোৱা, ছালৰ বৰণ সলনি হোৱা, ছাল চকলা-চকল হোৱা আৰু ছাল উখহি চাৰিওপিনে পাৰ বান্ধি উঠা আদি নানাবিধ চৰ্মৰোগ কৰিব পাৰে। স্কেবিজৰ ফলত পানীজোলা আৰু উখহি উঠাৰ দৰে ঘাৰ সৃষ্টি হয়। এইবোৰ আঙুলিৰ ফাঁক, মণিবন্ধ, কিলাকুটিৰ ভাঁজ, কৰঙন আৰু আঁঠুত হোৱা দেখা যায়। দিন বঢ়াৰ লগে লগে খজুৱতিও বাঢ়ি যায়।
বহু সময় ধৰি ভৰি পানী বা বোকাত ডুব গৈ থাকিলে যি চৰ্মৰোগ হয়, তাক ডুবায়ন চৰ্মৰোগ বুলি কোৱা হয়। ঠাণ্ডা পানীত (<১৫ চেন্টিগ্ৰেড) ট্ৰেন্স ফুট, ইমাৰছন ফুট আৰু গৰম পানীত (২২-৩২ চেন্টিগ্ৰেড) ট্ৰপিকেল ইমাৰছন ফুট আৰু Warm water immersion foot হয়। বহু সময় ভৰি ২২ চেন্টিগ্ৰেডতকৈ উচ্চপানী বা বোকাত ডুবি থাকিলে Ankle আৰু ভৰিৰ ওপৰ অংশত ট্ৰপিকেল ইমাৰাছন ফুট বা Paddy foot হ’ব পাৰে। জোতা খোলাৰ লগে লগে বগা-শেতা দেখা গ’লেও কিছু সময় পিছত ৰঙচুৱা হয়। দুই-তিনিদিনমান গৰম পানীত মাজে মাজে খোজ দি থাকিলে গোৰোহা, ভৰিৰ পতা আদি কোমল, ডাঠ আৰু কোঁচযুক্ত হৈ Warm water immersion foot বা ‘moon-boot syndrome’ হয়।
তিতা আৰু সেমেকা কাপোৰ পিন্ধিব নালাগে আৰু অন্য কামতো ব্যৱহাৰ কৰিব নালাগে আৰু অন্য কামতো ব্যৱহাৰ কৰিব নালাগে। বানপানী যোৱাৰ পিছত কাপোৰবোৰ ভালদৰে ধুই, ৰ’দত শুকুৱাই ব্যৱহাৰ কৰিব লাগে। যিবোৰ ধুব নোৱাৰি (তুলী, গাৰু আদি) ভালদৰে দুদিনমান ৰ’দত শুকুৱাই ব্ৰাছ মাৰি ব্যৱহাৰ কৰিব লাগে। বেছি সময় পানী, বোকা আদি গচকি থাকিব নালাগে। গচকিলেও জোতা পিন্ধি আৰু ভৰিত গ্ৰীজ বা পেৰাফিন আদি লগাই গচকিব লাগে। পানী, বোকা আদি গচকাৰ পিচত ভালদৰে পৰিষ্কাৰ পানীৰে ধুই, শুকান কাপোৰৰ মচি শুকুৱাব লাগে আৰু এন্টিচেপটিক মলম লগাব লাগে। খালী ভৰিৰে পানীত খোজ কাঢ়িব নালাগে। জোতা বা চেণ্ডেল ব্যৱহাৰ কৰিব লাগে। বিশুদ্ধ পানী খাব লাগে। খোৱাৰ আগতে হাত ধুই ল’ব লাগে।
লিখক: ধৰ্মকান্ত কুম্ভকাৰ, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 6/26/2020