অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বানপানীজনিত চৰ্মৰোগ

বানপানী এক প্ৰাকৃতিক দুৰ্যোগ। বানপানীয়ে খাদ্য আৰু বিশুদ্ধ পানীৰ নাটনি সৃষ্টি কৰাৰ লগতে নানা প্ৰকাৰৰ ৰোগ সৃষ্টি কৰি মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।এনে স্বাস্থ্যগত সমস্যাবোৰ বানপানী হৈ থকা অৱস্থাত অথবা পানী শুকুৱাৰ পিছতো বহুদিনলৈ হৈ থকা দেখা যায়।বানপানীৰ বাবে নানা সোঁচৰা ৰোগ, জীৱ-জ্বন্তুৰ মৃতদেহে বিয়পোৱা ৰোগ,আঘাতজনিত সমস্যা,চকুৰ ৰোগ (যেনে-কনজাংটিভাইটিছ),ডিঙি,কাণ,নাক আদিৰ স্ংক্ৰমন আৰু নানা চৰ্মৰোগ হোৱা দেখা যায়। বাহকজনিত সোঁচৰা ৰোগ (যেনে-মেলেৰিয়া, ডেংগু, এনকেফেলাইটিছ ইত্যাদি), জলজনিত সোঁচৰা ৰোগ (যেনে-টাইফইড, কলেৰা লেপ্টোস্পাৰোছিছ, জণ্ডিচ, হেপাটাইটিছ ‘এ’ ইত্যাদি)আৰু জীৱ-জন্তুৰ মৃতদেহে বিয়পোৱা ৰোগ আদিয়ে মহামাৰীৰ ৰুপো ধাৰণ কৰিব পাৰে।জনসাধৰণো এনেবোৰ ৰোহৰ প্ৰতি সজাগ। কিন্তু বানপানীজনিত চৰ্মৰোগৰ বিষয়ে মানুহ অলপ কম সজাগ হোৱা দেখা যায়।বাৰিষা কাল আহিল। অসমৰ প্ৰায় সকলো ঠাইতে বানপানী হোৱাৰ অশ্ংকা আছে। সেয়েহে বানপানীজনিত চৰ্মৰোগবোৰ কি, তাৰ প্ৰতিকাৰ আৰু ইয়াৰপৰা কেনেকৈ নিজকে বচাই ৰাখিব পাৰি তাক আগতিয়কৈ চমুকৈ আলোচনা কৰা হ’ল।

কপোৰ-কানিত বিভিন্ন প্ৰজাতিৰ ভেঁকুৰ আৰু পৰজিৱীয়ে আক্ৰমণ কৰে।এনেবোৰ কাপোৰ ব্যৱহাৰ কৰিলে নান ধৰণৰ ফাংগেল চৰ্মৰোগ হ’ব পাৰে।খৰ,খজুৱতি আদি নানা ৰোগে দেখা দিব পাৰে।এনে কাপোৰবোৰ ব্যৱহাৰ কৰৰ বাবে ছালৰ এলাৰ্জীজনিত সমস্যা (বিশেষকৈ একজিমা)আৰু নানা বেক্টেৰিয়েল,ফাংগেল আৰু ভেঁকুৰজনিত চৰ্মৰোগ হ’ব পাৰে।বহু সময়ত বানপানীৰ সময়ত মানুহক তিতা কাপোৰো ব্যৱহাৰ কৰা দেখা যায়।তিতা কাপোৰে ছালৰ অনিষ্ট কৰাৰ উপৰি ছালৰ ৰক্ত চলাচল কমাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট কৰি Trichphyton mentagrophytes(ringworm)ৰ স্ংক্ৰমণ ঘটাই খৰ,খহু আদি চৰ্মৰোগ কৰিব পাৰে।অনবৰতে পানী গচকি থাকিলে,পানীৰ তলত বহু সময় একেৰাহে ডুব গৈ থক ছালবোৰৰ অনিষ্ট হৈ ডুবাওন চৰ্মৰোগ(Immersion Skin Disease)হ’ব পাৰে।আঘাতপ্ৰাপ্ত হৈ ছাল কাটিলে অথবা ঘা হ’লে,ঘাৰ স্ংক্ৰমণ হৈ চেলুলাইটিছ অথব টিটেনাছ ৰোগো হ’ব পাৰে।ছালৰ ঘাৰে অথবা কেতিয়াবা সুস্থ ছালৰ মাজেৰেও নানাবিধ বীজাণু প্ৰৱেশ কৰি ছালৰ গ্ৰেনুলোমা আদি কৰাৰ উপৰি  নানা ৰোগৰ লগতে তাৰ্ চৰ্ম উপসৰ্গবোৰে চৰ্মৰোগ হিচাপে দেখা দিয়ে।জোকৰ কামোৰ আৰু শামুক আদিয়েও নানাবিধ চৰ্মৰোগ কৰিব পাৰে। আনহাতে কিছুমান বানপানীজনিত জ্বৰ আৰু গাত চকল বান্ধি হোৱা ছালৰ বেমাৰ (Fever and Rash) যেনে-লেপ্টোস্পাইৰোছিছ, ডেংগু হিমোৰেজিক জ্বৰ, টাইফইড জ্বৰ(Rose spot of Typhoid), মেনিংগোকোকেল মেনিঞ্জাইটিছ(Menangococcal meningitis)আৰু নানাবিধ ভাইৰেল হিমোৰেজিক জ্বৰৰ বাবেও ছালৰ ৰোগ হোৱা দেখা যায়।

ডুবায়ন চৰ্মৰোগ

বহু সময় ধৰি পানী ব বোকাত ডুব গৈ থাকিলে ভৰিত যি চৰ্মৰোগ হয় তাক ডুবাওন চৰ্মৰোগ(Immersion Foot Syndrome)  বুলি কোৱা হয়। ঠাণ্ডা পনীত (১৫ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ কম) ট্ৰেন্‌চ ফুট,ইমাৰচন ফুট আৰু গৰম পানীত(২২-৩২ ডিগ্ৰী চেন্টিগ্ৰেড) ট্ৰপিকেল ইমাৰচন ফুট আৰু Warm water Immersion Foot হয়।বহু সময় ধৰি ২২ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ উচ্চ পানী বা বোকাত ডুবি থাকিলে Ankle আৰু ভৰিৰ ওপৰ অংশত ট্ৰঐকেল ইমাৰচন ফুট বা paddy foot হ’ব পাৰে।জোতা খোলৰ লগে লগে বগা শেতা দেখা গ’লেও কিছু সময় পিছত ৰঙচুৱা হয়।দুই-তিনি দিন মান গৰম পানীত মাজে মাজে খোজ দি থাকিলে গোৰোহা,ভৰিৰ পতা আদি কোমল,ডাঠ আৰু কোচযুক্ত হৈ Warm water বা Immersion Foot ‘moon-boot syndrome হয়। ই ভৰিৰ কাষৰ পিনে যাব পাৰে কিন্তু ভৰিৰ ওপৰলৈ নাযায়। গোৰোহা, ভৰিৰ পতাৰ ছাল এৰা দিব পাৰে আৰু ফাটিব পাৰে।ফাটবোৰত ছেকেণ্ডাৰী বেক্টেৰিয়েল স্ংক্ৰমণ হৈ ঘা হ’ব পাৰে।ট্ৰেন্স ফুট স্কীণ ডিজিছত (Trench foot Skin Disease)আঙূলিৰ ফাকবোৰ কোমল হয় আৰু ছেকেণ্ডাৰী বেক্টেৰিয়েল স্ংক্ৰমণ হৈ ঘা হ’ব পাৰে।২০০৬ চনৰ চেপ্টেম্বৰ মাহত থাইলেণ্ডত হোৱা বানত প্ৰায় ৩.১ নিযুত ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছিল।

বানপানীজনিত জ্বৰ আৰু গাত চকলা বান্ধি হোৱা ছালৰ বেমাৰ

লেপ্টস্পাইৰোছিছ, ডেংগী হিমোৰেজিক জ্বৰ, টাইফইড জ্বৰ (Rose spot of Typhoid),মেনিংগোকোকেল মেনিনজাইটিছ(Meningococcal meningitis)আৰু নানাবিধ ভাইৰেল হিমোৰেজিক জ্বৰ বানপানীৰ সময়ত হোৱা দেখা যায়।এই হিমোৰেজিক জ্বৰবোৰত চকলা বান্ধি হোৱা ছালত দাগ হয়।

লেপ্টোস্পাইৰোছিছ এন্দুৰৰ প্ৰসাৱৰ দ্বাৰা বিয়পা লেপ্টোস্পাইৰ নামৰ বেক্টেৰি্যাৰ দ্বাৰা হোৱা এক মহামাৰী সৃষ্টি কৰিব পৰা ৰোগ। এই বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰসাৱ মিহলি পানী খালে বা ছাল আৰু মিউকাচেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এই ৰোগবিধ হয়।বানপানীৰ সময়ত মুক্ত ছালৰ ঘা অথবা অন্য প্ৰকাৰে ই স্ংক্ৰমিত হ’ব পাৰে।জ্বৰৰ উপৰি প্ৰাৰম্ভিক অৱস্থাত(Acute or septicemic phase)ছালৰ উপসৰ্গ হিচাপে ক’লা চকলা চকল দাগ,প্ৰুৰাইটিক ছাল, এৰিথেমা নোদুচাম আনকি Kawasaki syndrome ও সৃষ্টি কৰিব পাৰে। সাধাৰণতে পেটত macules,papules,urticaria আৰু petechiae হয়।ছাল গৰম আৰু ঘামি থাকে। পিছলৈ জ্বৰ এৰি জণ্ডিচ আৰু ৰক্তক্ষৰণৰ বাবে ছালত ক’লা দাগ হ’ব পাৰে।

ডেংগু হিমোৰেজিক জ্বৰ  নামৰ মহবিধে চাৰি প্ৰকাৰৰ ডেংগু ভাইঅৰাছৰ দ্বাৰা কৰে। অন্যান্য ভাইৰাছজনিত  জ্বৰৰ দৰে দেখুওৱালক্ষণৰ লগত ছালৰ উপসৰ্গ হিচপেক’লা চকলা চকল দাগ দেখা দিয়ে।সাধাৰণতে বহুৰ ভিতৰ পিনে,বুকুত প্ৰথমে এনে দাগ দেখা দিয়ে।পিছলৈ মুখ,হাত,পেট অদিলৈ বিয়পে।ৰক্তক্ষৰণৰ বাবে ছালত ক’লা দাগ পৰে। ভাইৰাছ Isolation আৰু ELISA অকৰি এই ৰোগ ঠিৰাং কৰিব পাৰি।Supportive আৰু Complicationৰ চিকিতসা দিব পাৰি।

বানপানীৰ সময়ত মেনিংগোকোকেল মেনিঞ্জাইটিছ হৈও জ্বৰ আৰু ছালত দাগ পৰিব পাৰে।হাত-ভৰি আৰু পেটত বেছিকৈ দাগ হোৱা দেখা যায়।টাইফইড জ্বৰত পিংক বৰণৰ, সামান্যভাৱে উখহা অৰু হেচি দিলে অলপ বহি যোৱা দাগ(Rose Spot) ছালত হ’ব পাৰে। তদুপৰি Arenaviridae,Bunyavfiridae,Filovirdae আৰু Flaviviridae য়ে কৰা ভাইৰেল হিমোৰেজিক জ্বৰত ছালত ৰক্তক্ষৰণৰ ফলত ক’লা ক’লা দাগ পৰিব পাৰে। চেপ্টিচেমিক প্লেগ হ’লে purpuric ছাল আৰু পিছলৈ ছালৰ গ্ৰেংগ্ৰিণ হ’ব পাৰে।

লিখক: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate