অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভৰিৰ যতন

ভৰিৰ যতন

আমি মুখৰ যিমান যত্ন লওঁ সিমান ভৰিৰ যত্ন লোৱা নহয়। এলাহৰ বাবে বুলি ক’লেও ভুল নহ’ব। ভৰিৰ লেতেৰা আৰু ভাগৰৰ বাবে আমাৰ মুখৰ উজ্বলতা নাথাকে। সেইবাবে ৰাতি সদায় শোৱাৰ আগতে ভৰি দুখন মালিচ কৰি শুব লাগে। মালিচৰ দ্বাৰা ছালৰ মসৃণতা বাঢ়ে। ৰাতি টোপনি ভাল হয়।


ভৰিৰ বাবে এৰ’মা অইল

ভৰিত আমি এৰ’মা অইলৰ দ্বাৰা মালিচ কৰি ভৰিৰ বিভিন্ন সমস্যা দূৰ কৰিব পাৰো। বাদামৰ তেলত যদি নিম অইল আৰু লংতেল মিহলাই লগাওঁ তেন্তে ভৰিৰ বিষ আৰু ভাগৰ নাইকিয়া হৈ পৰে।

ভৰিৰ বিষ আঁতৰাবলৈ

দিনৰ দিনটো থিয় হৈ কাম কৰাৰ পিছত বৰ ভাগৰ লাগে। ৰাতি কেতিয়াবা ভৰিৰ বিষত টোপনিয়েই নাহে। এনেক্ষেত্ৰত কুহুমীয়া নিমখ পানীত ভৰি তিওৱাৰ পিচত ভৰি দুখন গৰম পানীত তিওৱা টাৱেলৰ দ্বাৰা মচিব। পিচত ঘেঁহুৰ আটাৰ লগত হোৱাইট ৱাইন, প্ৰয়োজন অনুসৰি এচামুচ হালধি পাউদাৰ মিহলাই ভৰিত লগাব। ২০ মিনিটমান ৰাখিব।

ফটা ভৰিৰ বাবে

প্ৰথমে স্ক্ৰাবৰ দ্বাৰা ঘঁহি ভৰিৰ ফটাৰ মাজত থকা লেতেৰাসমূহ পৰিষ্কাৰ কৰি ল’ব। পিচত নিমখ, নেমুৰ ৰস, গোলাপ জল আৰু যি সমানে মিহলাই ভৰিত লগাই থ’ব। পিচত মালিচ কৰি ধুই দিব। নাৰিকল এফাল ৰুকি পকা অমিতা মিহলাই পিটিকি ল’ব। ইয়াৰ লগত মাখন মিহলাই মালিচ কৰিব।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate