অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কেইটিমান টিপ্‌চ

বাহিৰত প্ৰচণ্ড ৰ’দ, অনিয়ন্ত্রিত জীৱনশৈলী, বৰ্দ্ধিত প্ৰদূষণ, অত্যধিক পৰিমাণৰ তেলজাতীয় সামগ্ৰীৰ ব্যৱহাৰ কৰাৰ ফলত মুখমণ্ডলত বিভিন্ন ধৰণৰ দাগ পৰাৰ লগতে গৃহিণী তথা যুৱতীসকলে নিজৰ স্বাভাৱিক সৌন্দর্য হেৰুৱায়। লগতে শৰীৰৰ ছালখনো ক্ৰমে ক’লা পৰিবলৈ ধৰে। আনকি মুখমণ্ডলৰ সৌন্দর্য বৃদ্ধিৰ বাবে গৃহিণী তথা যুৱতীসকলে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্রব্যযুক্ত সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়। এনেবিলাক প্ৰসাধন সামগ্ৰীয়ে নানা বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এই ৰসায়নযুক্ত সামগ্ৰীসমূহে উজ্জ্বলতা বৃদ্ধি কৰাৰ পৰিৱৰ্তে ছালৰ উজ্জ্বলতা আৰু মসৃণতা নষ্ট কৰাহে দেখা যায়।

সেয়েহে গৃহিণী তথা যুৱতীসকলক সৌন্দর্য বৃদ্ধিৰ বাবে কম সময়ৰ ভিতৰতে ঘৰুৱা সামগ্ৰীৰে প্রস্তুত কৰা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ কেইটিমান টিপ্‌চ বা কৌশল আগবঢ়োৱা হ’ল-

গাখীৰ আৰু কল

গাখীৰৰ সৈতে পকা কল মিহলাই মিশ্রণ এটা তৈয়াৰ কৰক। এই মিশ্রণবিধ মুখমণ্ডলৰ লগতে শৰীৰৰ উন্মুক্ত হৈ থকা অংশত লগাওক। বিশ মিনিটৰ পিছত ইয়াক ধুই পেলাওক। এনে কৰিলে মুখমণ্ডলৰ লগতে শৰীৰৰ অন্য অংশৰ উজ্জ্বলতা বৃদ্ধি হয়। এই মিশ্রণ সপ্তাহত তিনিদিন ব্যৱহাৰ কৰিব পাৰে।

সূৰুযমুখী ফুলৰ বীজ

অকণমান সুৰুযমুখী ফুলৰ গুটি গাখীৰত এৰাতি তিয়াই ৰাখক। পুৱা ইয়াত কেঁচা হালধি আধা ইঞ্চি আৰু ইলাচিৰ গুটি কেইটামান দি একেলগে বটি ইয়াতে এটা মিশ্রণ তৈয়াৰ কৰক। এই মিশ্রণ ১৫ মিনিট সময়ৰ বাবে লগাই ৰাখক। কমদিনৰ ভিতৰতে আপোনাৰ ছালখন উজ্জ্বল হোৱাৰ লগতে বগা হৈ পৰিব।

বেকিং ছ’ডা

বেকিং ছ’ডা আৰু পানী মিহলাই এটা পেষ্ট তৈয়াৰ কৰক। মুখমণ্ডলত ১৫ মিনিট সময় লগাওক। মুখমণ্ডলত লগোৱাৰ পূৰ্বে সুন্দৰ আৰু পৰিষ্কাৰকৈ মুখখন ধুই ল’ব। ইয়াৰ ফলত শৰীৰৰ ছালত এই সামগ্ৰীয়ে বেছি ভাল কাম কৰে। ই এক ক্লিনজাৰৰ দৰে কাম কৰে আৰু মুখমণ্ডল তথা শৰীৰত থকা দাগ নাইকিয়া কৰে। ইয়াৰ প্রয়োগে প্রতিদিনে কৰিব পৰা যায়।

গোলাপজল

গাখীৰৰ সৈতে গোলাপজল মিহলাই এক মিশ্রণ তৈয়াৰ কৰি লওক। মুখমণ্ডলৰ বাবে উত্তম। নিশা শোৱাৰ পূৰ্বে এই মিশ্রণ লগাবা। ই ছাল পৰিষ্কাৰ কৰাৰ লগতে মুখমণ্ডলৰ সৌন্দর্যও বৃদ্ধি কৰে।

মৌ

কেইটোপালমান মৌ, নেমু আৰু দৈৰ সৈতে মিহলাই লাহে লাহে মোহাৰি দিয়ক। ইয়াৰ ফলত মুখমণ্ডলৰ মৃত ছাল আঁতৰি যায় আৰু ছালখন পৰিষ্কাৰ হৈ উঠে।

এলোভেৰা জেল

এলোভেৰা জেলে শৰীৰৰ ছাল বগা, পৰিষ্কাৰ আৰু কোমল কৰাত সহায় কৰে। মুখমণ্ডল, ডিঙি আৰু শৰীৰৰ বিভিন্ন অংশত লগাব পাৰে। ইয়াৰ ফলত ছালৰ দাগ নাইকীয়া হয়।

আমৰ বাকলি

দহ গ্রাম পকা আমৰ বাকলি গাখীৰৰ সৈতে পিহি মিশ্রণ প্রস্তুত কৰক। পিছত ইয়াক মুখমণ্ডল আৰু ডিঙিত ১৫ মিনিট সময় লগাই ৰাখি পানীৰে ভালদৰে ধুই পেলাওক। ৰ’দে পোৰা দাগ নাইকীয়া হোৱাৰ লগতে মুখমণ্ডল বগা হোৱাৰ লগতে শৰীৰৰ দাগ পৰিষ্কাৰ কৰে আৰু ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে।

নাৰিকলৰ পানী

দিনত দুবাৰকৈ নাৰিকলৰ পানী মুখৰ লগতে শৰীৰৰ অন্য অংশত লগাওক। ইয়াৰ ফলত শৰীৰৰ দাগ নাইকীয়া হয় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। নাৰিকলৰ পানী সেৱন কৰিলে ছালৰ সৌন্দর্য বৃদ্ধি হয়।

অধিক পানী খাওক

পানীয়ে শৰীৰৰ অপৰিষ্কাৰ বস্তুবোৰ বাহিৰলৈ উলিয়াই পঠোৱাত সহায় কৰে। তদুপৰি অধিক মাত্ৰাত পানী সেৱন কৰি থাকিলে ছালখনৰ শিথিলতা দূৰ হয় আৰু কোঁচ খোৱা দূৰ হয়। প্রতিদিনে কমেও আঠঘণ্টা শোৱা প্রয়োজন। ইয়াৰ ফলত আপোনাৰ চকুৰ গুৰিত পৰা ঘূৰণীয়া ক’লা দাগ আঁতৰিব। ইয়াৰ উপৰিও শৰীৰলৈ স্বাভাৱিক উজ্জ্বলতা আহিব আৰু ছালখন ক্ৰমে বগা হৈ পৰিব। অত্যধিক পানী সেৱন কৰিলে শৰীৰ ৰোগমুক্ত হৈ থাকে।

ওপৰত উল্লিখিত পদ্ধতিসমূহ মানি চলিলে আপোনাৰ ছালখনলৈ যৌৱনসুলভ কমনীয়তা আহিব। লগতে আপোনাৰ ব্যক্তিত্বও আকর্ষণীয় হৈ উঠিব।

লেখিকা: ৰঞ্জুশ্ৰী বর্মন।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate