লিম্ বাইপাছ চার্জাৰীৰ বাবে ৰোগীৰ ৰক্ত শর্কৰা (blood surger) নিয়ন্ত্ৰণত ৰখাটো অতি প্রয়োজনীয়। তদুপৰি অস্ত্ৰোপচাৰৰ পিচতো ৰোগীৰ দৈনিক খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখিব লাগে। তদুপৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগীয়ে দৈনিক কম হাৰত খোজকঢ়াৰ উপৰি ভৰিৰ কিছু ব্যায়াম কৰাটো প্রয়োজনীয়।
হৃদযন্ত্রৰ দৰে মানুহৰ হাত আৰু ভৰিও সময়ে সময়ে “এটেক’ৰ সন্মুখীন হয়। সময় থাকোতেই এই সম্পৰ্কীয় চিকিৎসা নকৰালে এনে এটেকে মানুহৰ শৰীৰ জীৱনটোৰ বাবে অক্ষম কৰি পেলাব পাবে অথবা মানুহৰ মৃত্যুপর্যন্ত হ’ব পাৰে। যদিহে হৃদযন্ত্রৰ দেৱালে (Wall) তেজৰ সঞ্চাৰণ লাভ নকৰে, তেনে অৱস্থাই হাৰ্ট এটেকৰ সম্ভাৱনীয়তা তীব্ৰ কৰি তোলে। সেই একেই চর্ত লিম্ অর্থাৎ জীৱদেহৰ বাহ্যিক অংগসমূহৰ ক্ষেত্ৰতো প্রযোজ্য হয়। এনে অংগসমূহলৈও ৰক্ত সঞ্চালন নহ'লে অংগসমূহ এটেকৰ সন্মুখীন হ’ব পাৰে। তদুপৰি এটেক গুৰুতৰ হ’লে ৰোগীৰ মৃত্যুও হ’ব পাৰে। সেয়েহে নির্দিষ্ট সময়ত এনে এটেকৰ চিকিৎসা কৰোৱাটো অতি জৰুৰী। হৃদযন্ত্ৰৰ দৰে লিমো্ এন্জাইনা(Angina)ৰ সন্মুখীন হয়। শৰীৰৰ পেশীৰ সংকোচনৰ লগতে তীব্র যাতনাৰ অনুভূতি হোৱাকে এনজাইনা বোলে। এই এনজাইনা ৰক্ত সঞ্চালনৰ স্বল্পতাৰ বাবে হয়। বুকু আৰু লিম্ৰ এনজাইনাৰ সময় থাকোতেই চিকিৎসা নকৰালেই এক স্থায়ী এটেকৰ মৃতপ্রায় হৈ পৰে। লিম্ৰ এনে স্থিতিক 'গেংগ্ৰীন' (Gangreme) বোলা হয়। অর্থাৎ ৰক্ত সঞ্চালনৰ অভাৱত দেহকোষৰ পচন হোৱা। যেতিয়া গেংগ্ৰীন হৈ পৰা লিম্ক শৰীৰৰ পৰা উলিয়াই পেলোৱাটো অধিক জৰুৰী হৈ পৰে। অন্যথা ৰোগীৰ অৱস্থা সংকটজনক হোৱাৰ উপৰি কোনো কোনো ৰোগীৰ মৃত্যুও হ’ব পাৰে।
যিদৰে হৃদযন্ত্ৰৰ দেৱালে (Wall) ৰক্ত সঞ্চালন লাভ নকৰিলে হার্ট এটেক হ’ব পাৰে, তেনেদৰেই লিম্ এটেকো শৰীৰৰ সিৰা আৰু ধমনীত ৰক্ত অৱৰোধৰ ফলত ৰক্ত সঞ্চালন ভালদৰে নহ’লে হয়। ধমনীত ৰক্ত অৱৰোধ হ’লে ৰক্ত সঞ্চালনৰ জৰিয়তে লাভ কৰিবলগীয়া পর্যাপ্ত অক্সিজেন শৰীৰৰ নির্দিষ্ট অংগসমূহে নিন্ন হাৰত লাভ কৰে। ইয়াৰ ফলত ব্যক্তিৰ খোজকঢ়াৰ সময়ত বুকু অথবা লিম্ৰ বিষ হয়।ৰক্ত সঞ্চালনৰ অভাৱত অক্সিজেনৰ মাত্ৰা নিম্ন হাৰত লাভ কৰাৰ ফলত বিষ হোৱা অৱস্থাকে ‘এনজাইনা’ বোলা হয়। যদিহে এনে বিষ বুকুত হয়, তেনে অৱস্থাক ‘চেষ্ট এন্জাইনা’ বোলা হয়। যদিহে এনে বিষ হাতত হয়, তাক ‘হেণ্ড এন্জাইনা’ আৰু ভৰিত হ’লে ‘লেগ এনজাইনা’ বোলা হয়।
লিম্ এনজাইনা অথবা সহজ অৰ্থত ধমনীত ৰক্ত অৱৰোধ মূলতঃ শৰীৰত জমা হোৱা মেদৰ (Fat) বাবে হয়। ই ধমনীত ৰক্ত পৰিবহণ হোৱাত বাধা প্রদান কৰে। যদিহে কোনো ৰোগীৰ মধুমেহ বা ডায়েবেটিছ থাকে, তেনেক্ষেত্ৰত তেওঁৰ ‘হেণ্ড এনজাইনা’ আৰু ‘লেগ এনজাইনা’ আৰু ‘লেগ এন্জাইনা’ হ’লে পুনৰ সুস্থ হোৱাৰ সম্ভাৱনা কিছু ক্ষীণ হয়। দৰাচলতে তেনে ৰোগীৰ অন্য ৰোগীৰ (অর্থাৎ মধুমেহ ৰোগ নথকা) তুলনাত শৰীৰত জমা হোৱা মেদৰ পৰিমাণ বেছি হোৱাৰ বিপৰীতে ধমনীলৈ ৰক্ত পৰিবহণৰ মাত্রা কম হয়। তদুপৰি ধূমপান কৰা ব্যক্তি আৰু ধঁপাতজাতীয় দ্রব্য সেৱন কৰা ব্যক্তিৰ লিম্ এনজাইনা হোৱাৰ সম্ভাৱনা অধিক হয়। কিয়নো চিগাৰেট, বিড়ি তথা অন্য ধঁপাত জাতীয় সামগ্ৰীত থকা ‘নিক'টিনে’ ধমনীৰ দেৱাল (Wall) সংকুচিত কৰি পেলায়। যাৰ ফলত হাত, ভৰিলৈ ৰক্ত সঞ্চালনৰ মাত্ৰা নিম্নগামী হৈ পৰে। আৰু তাৰবাবেই হাত অথবা ভৰিৰ বিষ হ’বলৈ ধৰে। সেইবাবেই বিশেষকৈ মধুমেহ ৰোগী তথা চিগাৰেট, ধঁপাত সেৱনকাৰী ব্যক্তি সূচনা হয়, তৎক্ষণাৎ চিকিৎসাৰ বাবে (কাৰ্ডিঅ' ভাচকুলাৰ) Cardio vascular অথবা Vascular বিশেষজ্ঞৰ ওচৰ চপাটো নিতান্তই প্ৰয়োজনীয়।
যদিহে কোনো লোক হাত অথবা ভৰিৰ এন্জাইনাত আক্ৰান্ত হয়, তেওঁ অনতিপলমে এগৰাকী কাৰ্ডিঅ' ভাচ্কুলাৰ অথবা ভাচ্কুলাৰ (হৃদ আৰু ধমনী) বিশেষজ্ঞক এনে ৰোগৰ বাবে এগৰাকী সাধাৰণ চিকিৎসক বা অস্থি বিশেষজ্ঞৰ কাষ চপাটো উচিত নহয়। তাৰ পৰিবর্তে ‘কাৰ্ডিঅ’ভাচকুলাৰ’ বা ‘ভাচ্কুলাৰ’ বিশেষজ্ঞক দেখুৱাই প্রাথমিক পর্যায়ৰ চিকিৎসা কৰাব লাগে। নহ’লে ৰোগীয়ে হাত অথবা ভৰি হেৰুৱাৰো সম্ভাৱনা থাকে। এনে ৰোগৰ ক্ষেত্ৰত এনে চিকিৎসালয়লৈ যোৱা উচিত য’ত ড’পলাৰ (Doppler) পৰীক্ষা, ইক’কাৰ্ডিঅ'গ্ৰাম (Echocardiogram) আৰু এনজিঅ’গ্রাফী (Angiography) কৰোৱাৰ ব্যৱস্থা থাকে। তদুপৰি এই কথাও নিশ্চিত কৰা উচিত যে, সেই চিকিৎসালয়খনত সকলো সময়তে এজন ‘কাৰ্ডিঅ’ভাচ্কুলাৰ’ বা ‘ভাচ্কুলাৰ’ বিশেষজ্ঞ উপস্থিত থাকে যেন।
উপযুক্ত পৰীক্ষাসমূহৰ পৰা নিশ্চিত হ’ব পাৰি যে ৰোগীগৰাকী হাত নে ভৰিৰ এনজাইনাত আক্রান্ত হৈছে, কোন অংশত ৰক্ত সঞ্চালন হোৱা নাই ইত্যাদি। ইয়াৰ উপৰি ৰক্ত অৱৰোধ কিমান শতাংশ হোৱা নাই এই সম্পর্কেও এই পৰীক্ষাসমূহে নিশ্চিত কৰে। এই পৰীক্ষাসমূহৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী চিকিৎসা প্রক্রিয়া আৰম্ভ কৰিব পাৰি।
ৰোগীৰ ধমনীৰ কি অৱস্থিতিত আছে, এন্জাইনা কিমান বৃদ্ধি পাইছে ইত্যাদিৰ ওপৰত ভিত্তি কৰিয়ে শেহতীয়া অত্যাধুনিক পদ্ধতিৰে লিম্ এন্জাইনাৰ বাইপাছ চাৰ্জাৰী কৰাটো সম্ভৱ হৈ উঠিছে। দৰাচলতে এনে বাইপাচ চাৰ্জাৰীয়েই হৈছে লিম্ এন্জাইনাৰ উপযুক্ত চিকিৎসা। এই অস্ত্ৰোপচাৰৰ বাবে কৃত্ৰিম নলীৰ প্ৰয়োজন যিসমূহ আমেৰিকা আৰু ইউৰোপৰ পৰা অনা হয়। শৰীৰৰ অংগসমূহ অক্সিজেনৰ পুনৰ-সংবহণৰ বাবে ৰক্ত পৰিবহণ সুচাৰুৰূপে কৰাটো প্রয়োজনীয়। বাইপাছ চাৰ্জাৰীৰ দ্বাৰা এনে কৃত্ৰিম নলী সংস্থাপন কৰা হয়, যিয়ে ৰক্ত ভালদৰে পৰিবহণ কৰাত সহায় কৰে। কোনো কোনো ক্ষেত্ৰত কৃত্ৰিম নলীৰ ব্যৱহাৰৰ বিপৰীতে ৰোগীৰ নিজৰে ভৰিৰ সিৰাও বাইপাছ চাৰ্জাৰীৰ বাবে ব্যৱহাৰ কৰা হয়।
লিম্ বাইপাছ চাৰ্জাৰীৰ বাবে ৰোগীৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰখাটো অতি প্রয়োজনীয়। তদুপৰি অস্ত্ৰোপচাৰৰ পিচতো ৰোগীৰ দৈনিক খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখিব লাগে। তদুপৰি চিকিৎসকৰ পৰামর্শ অনুসৰি ৰোগীয়ে দৈনিক কম হাৰত খোজকঢ়াৰ উপৰি ভৰিৰ কিছু ব্যায়াম কৰাটো প্রয়োজনীয়। অস্ত্ৰোপচাৰৰ পিচত ধূমপান কৰা আৰু ধপাত সেৱন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। যদিহে অথবা ৰোগীৰ নিজৰ সিৰাই পুনৰবাৰ অৱৰুদ্ধ হোৱাৰ আশংকা থাকে। এই কৃত্ৰিম নলী বা ৰোগীৰ নিজৰ সিৰাই পৰৱৰ্তী সময়ত তেওঁৰ জীৱনৰেখাৰ দৰে হৈ পৰে, এই ৰেখাও অৱৰুদ্ধ হৈ পৰিলে ৰোগী জীৱনৰ প্ৰতিও ভাবুকি অহাটো নিশ্চিত।
লিখক: ডা° কে কে পাণ্ডে, সাদিন।
শেহতীয়া উন্নীতকৰণ: : 8/31/2023