অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালমইনা ৰোধৰ টিপ্‌ছ

শালমইনা ৰোধৰ টিপ্‌ছ

  • চাফা পানীত দুচামুচ নেমুৰ ৰস মিলাই দিনটোত তিনিবাৰ মুখখন ধুব।
  • গা ধোঁৱাৰ আগতে মুখত ভাল মুলটানি মাটি আৰু চন্দন মিহলাই লেপন দি ১০ মিনিটৰ পিছত মুখখন ধুই দিব।
  • গৰু গাখীৰৰ লগত এচামুচ চন্দন, এচামুচ হালধি গুড়ি মিহলাই মুখত প্ৰলেপ লগাই লাহে লাহে মালিচ কৰি শুই থাকক। পুৱা ভালদৰে মুখখন ধুব।
  • যিসকলৰ মুখত শালমইনা পকি থাকে, তেনে লোকে পকা বিলাহীৰ ৰস শালমইনাৰ ওপৰত সানি থ’ব, লাহে লাহে শুকাই যাব।
  • শালমইনাৰ দাগ গুচাবলৈ কেঁচা হালধিৰ ৰস, তুলসীৰ ৰস আৰু মৌ একেলগে মিলাই দাগসমূহৰ ওপৰত লগালে দাগ নাইকিয়া হয়।
  • পকা অমিতাৰ ৰস মুখত সানিলে শালমইনাৰ দাগ নাইকিয়া হয় আৰু মুখৰ ৰং উজ্জ্বল হয়।
  • মহানিমৰ পাতৰ গুড়ি পানীত মিহলাই শালমইনা ধুলে শালমইনা বহি যায়।
  • ছালকুঁৱৰীৰ বীজ শালমইনাত সানিলে ভাল হয়।

কি খাব লাগে

  • ঠাণ্ডা পানী দিনটোত কমেও তিনি লিটাৰ খাব লাগে।
  • ফলৰ ৰস (সতেজ), শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে।
  • আমলখি নিতৌ খাব লাগে।
  • ৰাতি শোৱাৰ আগতে ত্ৰিফলা দুচামুচ এগিলাচ পানীত মিহলাই খাব লাগে।

কি খাব নালাগে

  • তেল, ঘিউ, মাখন, মছলাজাতীয় খাদ্য পৰাপক্ষত খাব নালাগে।
  • চৰ্বিজাতীয় খাদ্য অধিক খাব নালাগে।
  • ছালত যিকোনো ক্ৰীমৰ প্ৰলেপ সানিব নালাগে সেইদৰে বেছি পৰিমাণৰ পাউদাৰ সানিব নালাগে।
  • টোপনি ক্ষতি কৰিব নালাগে।
  • চাহ, কফি, মাদক দ্ৰব্য গ্ৰহণ কৰিব নালাগে।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate