অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালমইনাৰ কাৰণ আৰু প্ৰতিকাৰ

ছালৰ গঠন

আমাৰ দেহৰ ছালত প্ৰধানত: দুটা তৰপ থাকে। ইয়াৰে বাহিৰৰ তৰপটোৰ নাম হৈছে ইপিডাৰ্মিচ। ইপিডাৰ্মিচত আকৌ পাঁচটা উপ-তৰপ থাকে। ইপিডাৰ্মিচৰ গভীৰতা শৰীৰৰ অংশ বিশেষ কম বেছি হয়। যেনে হাত আৰু ভৰিৰ তলুৱাত আটাইতকৈ ডাঠ আৰু ওঁঠত আটাইতকৈ পাতল। ছালৰ এই তৰপত কোনো ৰক্তবাহী ধমনী, শিৰা, স্নায়ুতন্ত্ৰ আদি নাথাকে। ছালৰ এই তৰপৰ কোষবোৰ অনবৰত ঘঁহনি খোৱাৰ ফলত মৰি যায় আৰু তলৰ পৰা ক্ৰমান্বয়ে নতুন কোষ জন্ম হৈ শূণ্য স্থান পূৰণ কৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা ইপিডাৰ্মিচ সম্পূৰ্ণ ক্ষয় হৈ নতুন তৰপ সৃষ্টি হওঁতে প্ৰায় ৪০ দিন সময় লাগে।

ছালখন জুইত পুৰিলে জোলাবন্ধা দেখা যায়। জোলাবান্ধিলে ছালৰ তৰপ দুটা পৃথক হৈ যায় আৰু মাজয় কিছু পনীয়া বস্তু জমা হয়। গতিকে ইয়াৰ দ্বাৰা আমি কোনো যন্ত্ৰ-পাতিৰ সহায় নোলোৱাকৈয়ে ছালৰ তৰপ দুটাৰ বিষয়ে ধাৰণা কৰিব পাৰো।

মানুহৰ গাৰ বৰণ আৰু উজ্জ্বলতা ছালৰ ইপিডাৰ্মিচে প্ৰতিফলিত কৰে। ই প্ৰধানকৈ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে-

প্ৰথমতে: মানুহৰ ছালৰ ই ইপিডাৰ্মিচত মেলানিন নামৰ এবিধ কলা পিগমেন্ট থাকে। এই মেলানিন পিগমেন্ট বেছিকৈ থাকিলে ছালৰ বৰণ ক’লা হয়। এই পিগমেন্টৰ পৰিমাণ সাধাৰণতে মানুহৰ জিনৰ দ্বাৰা নিৰ্ধাৰিত হয়। এই মেলানিন পিগমেন্টবোৰ ছালৰ ইপিডাৰ্মিচৰ তলত থকা মেলান’চাইট নামৰ কোষবোৰে উৎপাদন কৰে। এজন প্ৰাপ্তবয়স্ক মানুহৰ গাত মেলান’চাইটৰ সংখ্যা প্ৰায় একে থাকে। গতিকে ছালৰ ৰং মেলান’চাইট কোষবোৰে উৎপন্ন কৰা মেলানিনৰ ওপৰত নিৰ্ভৰ কৰে। মেলানিন পিগমেন্টবোৰ ছালৰ ইপিডাৰ্মিচত থকা ইপিথেলিয়েল কোষবোৰে শোষণ কৰি লয়। মেলানিনে ছালক সূৰ্য্যৰ ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে। সেই কাৰণে ৰ’দত থাকিলে আমাৰ ছালত থকা মেলান’চাইট কোষবোৰে বেছিকৈ মেলানিন উৎপন্ন কৰে। ফলত ৰ’দত কাম কৰা বা বিষুৱ ৰেখাৰ ওচৰত বসবাস কৰা মানুহৰ গাৰ বৰণ সাধাৰণতে ক’লা হয়।

দ্বিতীয়তে: ছালৰ বৰণ ছালৰ ৰক্তবাহী শিৰা-ধমনীবোৰৰ তেজৰ পৰিমাণ, তেজত থকা হিম’গ্লবিনৰ পৰিমাণ আৰু হিম’গ্লবিনৰ অক্সিজেন বহন ক্ষমতাৰ ওপৰতো নিৰ্ভৰ কৰে। এই ঘটকবোৰ কম পৰিমাণে থাকিলে ছালখন শেঁতা আৰু অধিক পৰিমাণত থাকিলে ছালখন উজ্জ্বল আৰু গোলপীয়া হয়।

তৃতীয়তে: তেজত থকা বাইল পিগমেন্ট আৰু ছালৰ চৰ্বিত থকা কেৰটিনে ছালখনক হালধীয়া বৰণ দিয়ে।

ছালৰ ভিতৰৰ তৰপটো হৈছে ডাৰ্মিচ। এই তৰপৰ ছালত বহুতো অত্যাৱশ্যকীয় অংগসমূহ থাকে। যেনে-

  • শিৰা-উপসিৰা আৰু ধমনীসমূহ।
  • লিম্ফবাহিনী সমূহ।
  • সংবেদী স্নায়ুতন্ত্ৰৰ অগ্ৰভাগ।
  • ঘৰ্মগ্ৰন্থী।
  • নোমৰ বিভিন্ন অংশসমূহ।
  • এৰেকটৰ পিলি মাংসপেশী।
  • ছেবাছিয়াচ গ্ৰন্থি আদি।

শালমইনাৰ কাৰণ

শালমইনা ছালৰ ভিতৰৰ তৰপ ডাৰ্মিচত থকা তৈল গ্ৰন্থি (ছেবাছিয়াছ গ্ৰন্থি) ৰ বেমাৰ। ই সাধাৰণতে বয়:সন্ধিৰ সময়ৰ পৰা আৰম্ভ হয় আৰু ২৫/৩০ বছৰ বয়সত নাইকিয়া হয়। এইখিনি সময়ত তৈল গ্ৰন্থিবোৰ বৰ সক্ৰিয় হৈ থাকে। এই গ্ৰন্থিবোৰে Sebum নামৰ এবিধ তেলেতীয়া বস্তু নি:সৰণ কৰে। এই গ্ৰন্থিবোৰ গোটেই গাতে যদিও মুখমণ্ডল, বক্ষস্থল আৰু পিঠিৰ ওপৰভাগত বেছিকৈ থাকে। এই গ্ৰন্থিবোৰ নোমৰ গুৰিত থাকে আৰু ই নি:সৰণ কৰা তৈল পদাৰ্থ নোমৰ গুৰিৰ বিন্ধাইদি ছালৰ বাহিৰলৈ ওলাই আহে।

এই তৈল পদাৰ্থবোৰে নোমবোৰ নৰম আৰু নমনীয় কৰি ৰাখে লগতে ইয়াক চিকমিকিয়া কৰি ৰাখে। আনহাতে তৈল পদাৰ্থই গাৰ ছালক কিছু পৰিমাণে পানী সৰকিব নোৱাৰা কৰি ৰাখে। ই লগতে ছালখনত শুকাই যোৱা বা ফাটি যোৱাৰ পৰা ৰক্ষা কৰে, বিশেষকৈ যেতিয়া ছালখন ৰ’দ তাপ আদিৰ দ্বাৰা আক্ৰান্ত হয়। তৈল পদাৰ্থই ছালৰ সংস্পৰ্শলৈ অহা বেক্টেৰীয়া আৰু ভেঁকুৰবোৰক নিধন কৰে। গতিকে ছালখন সহজে বেক্টেৰীয়া আৰু ভেঁকুৰজনিত ৰোগৰ দ্বাৰা আক্ৰান্ত নহয়।

তৈল গ্ৰন্থিবোৰ যদিও জন্মতে নিষ্ক্ৰিয় হৈ থাকে, বয়:সন্ধিৰ লগে লগে যৌন হৰ’মনৰ প্ৰভাৱত এইবোৰ সক্ৰিয় হৈ উঠে। এইবোৰ আকৃতিত ডাঙৰ হৈ আহে আৰু বেছিকৈ তৈল পদাৰ্থ নি:সৰণ কৰিবলৈ ধৰে। এই তৈল পদাৰ্থবোৰ ছালখন বেছিকৈ তেলেতীয়া কৰি পেলায়। আনহাতে আমাৰ ছালত বিভিন্ন ধৰণৰ বেক্টেৰীয়া থাকে। এই বেক্টেৰীয়াবোৰে, বিশেষকৈ Propionebacterium acnes নামৰ এবিধ বেক্টেৰীয়াই লাইপেজ জাতীয় কেতবোৰ এনজাইম উৎপন্ন কৰি তৈল পদাৰ্থত থকা তেল বোৰক হজম কৰি যথেষ্ট পৰিমাণে মুক্ত স্নেহ অম্ল উৎপন্ন কৰে। এই মুক্ত স্নেহ অম্লই, তৈল পদাৰ্থৰ অন্যান্য উপাদান আৰু বেক্টেৰীয়াবোৰৰ লগ হৈ শালমইনাৰ সৃষ্টি কৰে।

আনহাতে, শালমইনা অত্যাধিক পৰিমাণে হ’ব পাৰে যদি-

  • মুখত আৰু মূৰত তেল ঘঁহা হয় বা তেলযুক্ত প্ৰসাধন ব্যৱহাৰ কৰা হয়।
  • কিছুমান ঔষধ Corticosteroids, Bromides, Lithium, Isoniazid আদি খালে।
  • অত্যাধিক আবেগ বা মানসিক চাপত ভুগিলে।
  • অত্যাধিক গৰম আৰু বৰষুণৰ বতৰত ওলালে।
  • অনবৰত শালমইনাবোৰ নখেৰে খুচৰি থাকিলে।

শালমইনাত ল’বলগীয়া যতন

১) সঘনাই মুখ চাবোন আৰু বিশুদ্ধ পানীৰে ধুব লাগে। সদায় লক্ষ্য ৰাখিব লাগে যে যাতে মুখখন তেলেতীয়া হৈ নাথাকে। যদি তেনে হয়, লগে লগে চাবোন আৰু পানীৰে মুখ ধুব লাগে। অতি কমেও দিনত কামৰ পৰা অহাৰ পিছত, ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা শুই উঠি মুখখন চাবোনেৰে ধুব লাগে। তেল আৰু গ্লিচাৰিন থকা চাবোন ব্যৱহাৰ কৰিব নালাগে। পাৰিলে চাবোনৰ সলনি বেচন ব্যৱহাৰ কৰা ভাল। বিশুদ্ধ, জীৱাণুমুক্ত পানীহে মুখ ধোৱা বা গা ধোৱাত ব্যৱহাৰ কৰিব লাগে।

২) মুখ ধোৱাৰ পিছত সদায় পৰিষ্কাৰ টাৱেল বা তেনে ধৰণৰ কোমল কাপোৰৰ দ্বাৰা মুখ মচিব লাগে।

৩) মুখত কেতিয়াও তেল বা গ্লিচাৰিনযুক্ত প্ৰসাধন লগাব নালাগে।

৪) মূৰ আৰু চুলিবোৰ কমেও সপ্তাহত দুবাৰকৈ শ্বেম্পু নতুবা ৰিঠা আৰু বিশুদ্ধ পানীৰে ধুব লাগে।

৫) শালমইনা হ’লে মূৰত বা চুলিত তেল সানিব নালাগে।

৬) শালমইনাবোৰ হাতেৰে খুচৰি থাকিব নালাগে। কিয়নো হাতৰ আঙুলি আৰু নখবোৰ অনুজীৱৰ প্ৰধান উৎস। হাত মাজে মাজে চাবোন আৰু পৰিষ্কাৰ পানীৰ দ্বাৰা চফা কৰিব লাগে আৰু পৰিষ্কাৰ কাপোৰৰ দ্বাৰাহে মচিব লাগে।

৭) চাফ-চিকুণতাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। ৰাতি শোৱা বিছনা, পিন্ধা কাপোৰ, থকা কোঠালী, পঢ়া, টেবুল, কাম কৰা ঠাই আদি পৰিষ্কাৰ-পৰিচন্ন হ’ব লাগে।

৮) খাদ্য নিৰ্ভেজাল আৰু প্ৰাকৃতিক হব লাগে। ভাতৰ লগত যথেষ্ট পৰিমাণে সতেজ সেউজীয়া শাক-পাচলি খাব লাগে। প্ৰচুৰ পানী আৰু ফল-মুল খাব লাগে। এইবোৰ খাদ্যৰ দ্বাৰা মানুহৰ শৌচ, পেচাব নিয়মীয়া আৰু খোলোচা হয়। ফলত অযথা অস্বস্তি দূৰ হয়।

৯) যিকোনো ধৰণৰ মানসিক চাপ, উৎকন্ঠা, আবেগ আদি এৰাই চলিব লাগে।

শালমইনাৰ ঔষধ

শালমইনাৰ চিকিৎসা অভিজ্ঞ ডাক্তৰৰ দ্বাৰা কৰাব লাগে। তলত দিয়া ঔষধবোৰে যথেষ্ট সুফল দিয়ে।

১) 5% lactic acid যিকোনো উপযুক্ত আধাৰত মিহলি কৰি দিনত দুই-তিনিবাৰ মুখত লগাব লাগে।

২) 2% Erythromycin বা 1% Clindamycin cream মুখত লগাব লাগে।

৩) 10%sulphur, Calamine lotion ৰ লগত ব্যৱহাৰ কৰিব পাৰি।

৪) দৰ্কাৰ হ’লে 0.5% Retinoic acid cream ব্যৱহাৰ কৰিব পাৰে।

৫) কেতিয়াবা প্ৰয়োজন বশত: Tetracycline 500 mg. দুই সপ্তাহলৈ একে ৰাহে খাব লাগে।

লিখক: আব্দুল কালাম আজাদ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate