এতিয়া শীতকাল। এই সময়ত দিনবোৰ চুটি হয় আৰু উষ্ণতা কমি থাকে। গছৰ পাত সেউজীয়াৰপৰা হালধীয়া হয় আৰু সৰিবলৈ ধৰে। প্ৰকৃতিৰ শোভাই বেলেগ ৰূপ ধাৰণ কৰে। প্ৰকৃতিৰ সেউজীয়া ৰঙে কৰা আমাৰ মনৰ বিৰক্তি ৰুধিবৰ বাবেই যেন ই ৰং সলায়- সেউজীয়াৰপৰা হালধীয়া আৰু ঈষৎ ৰঙচুৱা হৈ পৰে। পুৱা সূৰ্য্যৰ কোমল উত্তাপত বহি থকা আমেজ সুকীয়া এই আমেজ উপভোগ কৰোতে কেতিয়াবা শীতকালৰ বৰষুণ আৰু আমাৰ দেশৰ উত্তৰ ভাগত পশ্চিমৰপৰা পূবলৈ বলা ঠাণ্ডা বতাহে ঠেঁটুৱৈ ধৰা জাৰ লাগে। শীতক বাধা দিবলৈ বিভিন্ন গৰম কাপোৰৰ আৱৰণেৰে যেনে চুৱেটাৰ, ব্লেজাৰ, ক’ট, ঊলৰ শ্বাল আদিৰে আমি নিজৰ শৰীৰটোক সজাও।
জাৰকালি ছাল ৰুক্ষ হৈ পৰে। কেতিয়াবা এনে পৰ্যায় পায়গৈ যে ছাল চটা-চটে এৰায়, ফাটে বা খজুৱতি হৈ ছাল উখহি যায়। এনেবোৰ সমস্যা সমাধানৰ বাবে নিতৌ কুহুমীয়া পানীৰে স্নান কৰিব লাগে- বেছি গৰম পানীয়ে ছালৰ চৰ্বি থকা আৱৰণ নষ্ট কৰে। ছালক জীপাল কৰি ৰাখিবলৈ স্নানৰ পিছত মইচাৰাইজাৰ সানিব পাৰি। ক্ৰিম বা ল’শ্বনতকৈ তেলযুক্ত মইছাৰাইজাৰ ল’ব লাগে- এই তেলে ছালৰ ওপৰত এক ৰক্ষাকাৰী তৰপ সৃষ্টি কৰি সিক্ততা ধৰি ৰাখে। ওঁঠ ফটাৰ বাবে পেট্ৰোলিয়াম জেলি আৰু ভৰিৰ গোৰোহাৰ বাবে গ্লিচাৰিণ বা ক্ৰিম ব্যৱহাৰ কৰিব পাৰি। ঠেৰেঙালগা জাৰ আৰু ৰূমৰ ভিতৰত উষ্ণতা বঢ়োৱা সঁজুলীয়ে বতাহ শুকান কৰাৰ বাবে চুলিৰ আৰ্দ্ৰতা নাইকিয়া হৈ চুলি শুকান, খহটা আৰু কোছা বান্ধে।
কিছু পৰিমাণে জীপ দিব পৰা চেম্পু আৰু কণ্ডিচনাৰৰ দ্বাৰা চুলিৰ যত্ন ল’ব পাৰি। জাৰকালিৰ অন্য এটা সমস্যা উফি। ত্বক শুকায়, ছাল চটা- চটে এৰায় আৰু খজুৱতি হয়।
ৰূমৰ ভিতৰৰ বন্ধ পৰিবেশ, শুকান বতাহ আৰু ঊলৰ বস্ত্ৰ পৰিধানে উদ্ফাই (এজ্মা) ৰোগত ভোগা মানুহৰ এনে অসুখ বেছি কৰে। বন্ধ কোঠাত থাকোতে উদ্ফাইৰ কাৰকসমূহ যেনে- ধূলি, ঘুণপোক পোহনীয়া কুকুৰ বা মেকুৰীৰপৰা আঁতৰি থকা উচিত। বিচনাচাদৰ, গাৰুৰ গিলিপ পৰিষ্কাৰ কৰি ৰাখিব লাগে। সাধাৰণ পানীলগা, ফ্লু আদি শীতকালত হ’লে ই উদ্ফাই ৰোগ বৃদ্ধিত ইন্ধন যোগায়। হাত পৰিষ্কাৰ কৈ ধুই ৰাখিলেভাইৰাছৰ দ্বাৰা চকু, মুখ, নাক আদি সংক্ৰমিত নহয়। কোনো ব্যক্তি পানীলগা, ফ্লু আদিত ভুগিলে তেওঁৰপৰা আঁতৰি থকা ভাল। শীতকালত সাধাৰণতে আমি কিছু দুৰ্বল হওঁ আৰু কেতিয়াবা ৰোগাক্ৰান্ত হৈ পৰো। এই সাধাৰণ ৰোগসমূহৰপৰা আঁতৰি থাকিবলৈ কিছু সতৰ্কতা প্ৰয়োজন। জাৰকালি আমাৰ সৰহকৈ খোৱাৰ প্ৰৱণতা জাগে আৰু শাৰীৰিক পৰিশ্ৰম কৰাৰ বাবে আলস্য আহে। ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ কিছু সমস্যা আহে। যদিও গোটেই বছৰ ধৰি শৰীৰৰ যত্ন ল’ব লাগে শীতকালত ইয়াৰ প্ৰয়োজনীয়তা বেছি।
পুষ্টিকৰ আহাৰ, ৭-৮ ঘণ্টা টোপনি আৰু এলাহ পৰিত্যাগ কৰি আমাৰ শৰীৰৰ ৰোগ নিবাৰণ কৰিবপৰা পদ্ধতিবোৰ সক্ৰিয় কৰি ৰাখিব লাগে। সাধাৰণতে শীতত উষ্ণ খাদ্য সৰহকৈ খোৱাৰ প্ৰৱণতা বাঢ়ে। এনে খাদ্যত সৰহীয়া চৰ্বি, নিমখ নতুবা শৰ্কৰা থাকিব পাৰে। ইয়াৰ পৰিৱৰ্তে উষ্ণ আৰু বিভিন্ন পুষ্টিকাৰক শাক-পাচলিৰ তৈয়াৰ কৰা চুপ বা সিজোৱা মাংসৰ জোল খোৱা ভাল। জাৰকালি বিভিন্ন প্ৰকাৰৰ প্ৰচুৰ ফল-মূল প্ৰকৃতিয়ে আমাক অৱদান দিছে। ভিটামিনযুক্ত কমলা, নেমু আদি টেঙাজাতীয় ফল, আপেল, গাজৰ, সেউজীয়া শাক-পাচলি, ফুলকবি, ব্ৰক’লি, নহৰু, আদা, বিট, মিঠা আলু আদি আমাৰ আহাৰৰ তালিকাত সন্নিবিষ্ট কৰাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শীতকালত খোৱাৰ পৰিমাণ অলপ বেছি আৰু সেই অনুপাতে শাৰীৰিক পৰিশ্ৰম কম হোৱাৰ বাবে শৰীৰৰ ওজন বাঢ়ে। সুষম আহাৰ আৰু নিয়মীয়া পৰিশ্ৰমৰ দ্বাৰা ইয়াক কমাব পাৰি।
কিছুমান শীতকালৰ খেল যেনে বেডমিণ্টন, ভলীবল আদি খেলত ৰাপ থকা লোকে অংশ ল’ব পাৰে। মজলীয়া নিয়মীয়া ব্যায়াম, মানসিক চাপ পৰিহাৰ কৰি নিৰ্দ্ধাৰিত সময়ত শোৱা ভাল। নিদ্ৰা যোৱাত বাধা প্ৰদান কৰা কাৰক যেনে- চাহ, কফি, চিগাৰেট আদি ত্যাগ কৰা বা কমাই ব্যৱহাৰ কৰিব লাগে। মদখোৱা লোকসকলেও ইয়াৰ পৰিমাণ হ্ৰাস কৰিব লাগে। নিতৌ ৭-৮ ঘণ্টা শয়ন কৰিলে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা অটুট থাকে।
লেখিকাঃ জয়া হাজৰিকা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 10/6/2018