অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতত ছাল চুলিৰ যতন

মসৃণ ছালৰ অধিকাৰীহ’বলৈ সকলোৱে বিচাৰে। সেয়েহে প্ৰসাধনৰ নামত আজিকালি বহুতেই অৰ্থ ব্যয় কৰিবলৈ সংকোচ নকৰে। কিন্তু অধিকাংশই এই বিষয়ে অজ্ঞ যে ঘৰুৱা কিছু উপায়েৰে ছাললৈ উজ্জ্বলতা আনিব পাৰি। ইয়াৰ বাবে আমি প্ৰাকৃতিক গুণেৰে ভৰপূৰ ফলৰ সহায় ল’ব নোৱাৰোনে? আমি খোৱা কলৰ দ্বাৰা পেক, স্ক্ৰাব আদি প্ৰস্তুত কৰি ছালত ব্যৱহাৰ কৰিলে কিদৰে উপশম পাব পাৰি তাৰেই আলোকপাত।

ধৰালৈ পুনৰ নামি আহিল শীত। এই শীতৰ আগমনৰ লগে লগে মানুহৰ ছাল-ছুলিৰ যতন লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ এই সময়ছোৱাত ছালখনৰ যতনৰ ক্ষেত্ৰত যথেষ্ট সাৱধান লোৱা উচিত।

  • শীতৰ সময়ছোৱাত অধিক গৰম পানীৰে গা নুধুব। কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব।
  • শীতকালত ছালত অধিক চাবোন  ব্যৱহাৰে ছাল ৰুক্ষ কৰি তোলে। সেয়েহে পৰাপক্ষত ছালত নামমাত্ৰ চাবোনহে ব্যৱহাৰ কৰিব। চাবোনৰ বিকল্পৰূপে ময়শ্বাৰাইজিং ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে।
  • শীতকালত স্ক্ৰাব ব্যৱহাৰ নকৰিব।

শুকান ছাল

শুকান ছাল কোমল কৰি তোলাৰ বাবে সপ্তাহত দুবাৰকৈ কল আৰু মৌৰ মিশ্ৰণ পেক ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে এটা পাত্ৰত পকা কল পিটিকি লৈ তাত অলপ মৌ ঢালি ল’ব। এই মিশ্ৰণ আপুনি মুখ আৰু ডিঙিত ঘঁহিব। ২০-২৫ মিনিটমানৰ পিছত কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাব।

উজ্জ্বল ছাল

ছাললৈ উজ্জ্বলতা আনিবলৈ এটা পকা কলৰ লগত দুই চাহ চামুচ নেমু টেঙাৰ ৰস ঢালি এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগে। এই মিশ্ৰণটি এতিয়া মুখ আৰু ডিঙিত সমানে লগাব। ২০ মিনিটৰ পিছত মুখখন কুহুমীয়া পানীৰে ধুই দিব।

প্ৰাকৃতিক স্ক্ৰাব

কল স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰে। এটা পকা কলৰ সৈতে অলপ চেনি মিহলাই এটা পেক প্ৰস্তুত কৰি ল’ব। এই মিশ্ৰণ ছালত লগাই হাতেৰে ঘূৰাই ঘূৰাই মুখখন পৰিষ্কাৰ কৰিব। এই প্ৰাকৃতিক স্ক্ৰাবৰ দ্বাৰা আপোনাৰ ছালৰ পৰা মৃত কোষসমূহ দূৰ হ’ব।।

চকু ফুলা

চকু ফুলাৰ দূৰ কৰাতো কলৰ বহু গুণাগুণ আছে। সাধাৰণতে যাৰ চকু ফুলে তেওঁলোকে ফুলা ঠাইখিনিত কলৰ পেক ব্যৱহাৰ কৰিলে যথেষ্ট উপশম পাব। ১৫ মিনিটমান পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকুযুৰি ধুব।

বয়সৰ ছাপ পৰিলে

মুখৰ ছালত বয়সৰ ছাপ পৰিলেও পকা কলৰ মিশ্ৰণ ব্যৱহাৰ কৰিলে ছাল সুন্দৰ আৰু মসৃণ হৈ উঠে। কলৰ সৈতে এভ’কেডৰ মিশ্ৰণ প্ৰস্তুত কৰি এই পেক ছালত ব্যৱহাৰ কৰিব।

উফি সমস্যা সমাধানৰ উপায়

বহু লোকৰে চুলিত উফি সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। সম্প্ৰতি এই উফিৰ সমস্যা সাধাৰণ সমস্যাত পৰিণত হৈছে। সাধাৰণতে এই সমস্যাত ভোগাসকলে অধিকাংশই ঘৰতে পৰিচৰ্য্যা কৰে। চুলিত এই উফি স্পষ্ট ৰূপত চকুত পৰাৰ পিছত বহুতেই ঘৰতে উফি দূৰ হোৱা শ্বেম্পুৰে চুলি ধোৱে। চুলিত তেল লগায় ইত্যাদি ইত্যাদি। আচলতে এনে উপায়েৰে চুলিৰ পৰা সম্পূৰ্ণৰূপে উফি দূৰ হয়নে? আচলতে উফি সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগীয়া কথা নাই। কেইটামান পদ্ধতি আপুনি নিয়মমাফিক কৰিলেই হ’ল। উফি সমস্যা  দুৰ কৰিবলৈ হ’লে পৰিষ্কাৰ-পৰিচন্নতাই প্ৰধান উপায়। দৈনিক চুলি ধোৱাৰ লগতে চুলি পৰিষ্কাৰকৈ ৰাখিলে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ চুলিৰ পৰা উফি নিৰ্মূল হ’ব। আচলতে বহু লোকে চুলিৰ পৰা উফি নাইকিয়া কৰিবৰ বাবে তেল ব্যৱহাৰ কৰাটো এক ভুল ধাৰণা। যদি আপোনাৰ চুলিত উফিৰ সৃষ্টি হৈছে, তেন্তে অত্যাধিক তেল ব্যৱহাৰ নকৰিব। বিশেষকৈ বজাৰত উপলব্ধ উফি মুক্ত ফেন্সি তেল ব্যৱহাৰ কৰাৰ পৰা আঁতৰত থাকিব। চুলি ধোৱাৰ আগত সামান্য পৰিমাণৰ তেল ব্যৱহাৰ কৰক। তেল লগোৱাৰ ২০ মিনিটমানৰ পিচত শ্বেম্পুৰে চুলিখিনি ভালদৰে ধুব। এনেদৰে কিছুদিন কৰি চাওকচোন। সুফল লাভ কৰিব। মূলত: চুলিৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত চুলি ধোৱাৰ আগত নিয়মিত তেল ব্যৱহাৰ কৰাটো অতি জৰুৰী। বিশেষকৈ নাৰিকল তেল, মিঠাতেল চুলিৰ বাবে উপকাৰী। এনেদৰে সঠিক পদ্ধতিৰে চুলিকোছাৰ যতন ল’লে চুলি স্বাস্থ্যৱান হোৱাৰ লগতে উফি সমস্যাও দূৰ হ’ব।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate